গোলকীকৰণ
Lesson 15

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) এটা উৎপাদন কেন্দ্ৰ বা উদ্যোগৰ উদাহৰণ দিয়া।
উঃ এটা উৎপাদন কেন্দ্ৰ বা উদ্য়োগৰ উদাহৰণ হ'ল চাহ উদ্য়োগ।

(খ) WTO ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উঃ WTO ৰ সম্পূৰ্ণ ৰূপটো হ'ল World Trade Organization।

(গ) গোলকীকৰণ মানে কি?
উঃ বিশ্বৰ দেশবোৰৰ মাজত বৃদ্ধি পোৱা পাৰস্পৰিক সম্পৰ্ক, নিৰ্ভৰশীলতা আৰু এখন দেশে আনখন দেশৰ সৈতে সংযুক্ত হৈ পৰা প্ৰক্ৰিয়াটোৱে হৈছে বিশ্বায়ন বা গোলকীকৰণ। 

(ঘ) এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ উদাহৰণ দিয়া।
উঃ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ উদাহৰণ হ'ল ৰাষ্ট্ৰসংঘ।

২. উৎপাদনৰ উপাদান কেইটা আৰু কি কি?
উঃ উৎপাদনৰ উপাদান চাৰিটা। সেইকেটা হৈছে- ভূমি, শ্ৰম, মূলধন আৰু সংগঠন।

৩. আমদানি আৰু ৰপ্তানি কাক বোলে? উদাহৰণসহ লিখা।
উঃ দেশ এখনে আন আন দেশৰপৰা দ্ৰব্য় বা সামগ্ৰী ক্ৰয় কৰা প্ৰক্ৰিয়াক আমদানি বোলে। যেনে- ইলেক্ট্ৰনিক সা-সৰঞ্জাম আু যন্ত্ৰ-পাতি, ৰাসায়নিক পদাৰ্থ, প্লাষ্টিক ইত্য়াদি।

    দেশ এখনে আন আন দেশক দ্ৰব্য় বা সামগ্ৰী বিক্ৰী কৰা প্ৰক্ৰিয়াক ৰপ্তানি বোলা হয়। যেনে- পেট্ৰ'লিয়ামজাত সামগ্ৰী, ঔষধ, মচলা, চাহপাত আদি।

অনুশীলনী - ২

১. তলৰ দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) বহুজাতিক প্রতিষ্ঠান মানে কি?
উঃ বিশ্বৰ দেশবোৰত সামগ্ৰীৰ উৎপাদন আৰু বিতৰণত বহুতো ব্য়ৱসায়িক প্ৰতিষ্ঠানে আগভাগ লয়। এই প্ৰতিষ্ঠানবোৰৰ মুখ্য় কাৰ্যালয় সাধাৰণতে নিজ দেশত থাকে আৰু তাৰপৰাই ব্য়াৱসায়িক কাম-কাজ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। এনে ধৰণৰ প্ৰতিষ্ঠানবোৰকে বহুজাতিক প্ৰতিষ্ঠান বোলে।

(খ) কৃত্রিম বুদ্ধিমত্তা মানে কি?
উঃ কৃত্ৰিম বুদ্ধিমত্তা মানে হৈছে ই এনে এক উন্নত প্ৰযুক্তি যিয়ে যন্ত্ৰক মানুহৰ দৰে চিন্তা কৰা সমস্য়া সমাধান কৰা কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে।

(গ) বহনক্ষম উন্নয়নৰ লক্ষ্য কেইটা?
উঃ বহনক্ষম উন্নয়নৰ লক্ষ্য় তিনিট, সেইকেইটা হৈছে- অৰ্থনৈতিক, পৰিৱেশগত আৰু সামাজিক উন্নয়নৰ সুষম ব্য়ৱস্থা কৰা।

(ঘ) গোলকীকৰণৰ ফলত তুমি লাভ কৰা কেইটামান সুবিধাৰ বিষয়ে উল্লেখ কৰা।
উঃ গোলকীকৰণৰ ফলত লাভ কৰা কেইটামান সুবিধাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-
(i) গোলকীকৰণৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত খাদ্য়াভ্য়াস, পিন্ধন-উৰণ,                 আচাৰ-ব্য়ৱহাৰ, ধ্য়ান-ধাৰণা আদিৰ আদান-প্ৰদান অধিক সূচল হৈছে।
(ii) বিদেশৰ শিক্ষা ব্যৱস্থা, অনলাইন ক্লাছ, নতুন জ্ঞান সহজে লাভ কৰিব পাৰি।

২. স্থানীয় উৎপাদনকাৰীসকল বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে কিদৰে লাভান্বিত হয়?
উঃ স্থানীয় উৎপাদনকাৰীসকল বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে বিভিন্ন ধৰণে লাভান্বিত হয়। প্ৰথমতে, বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে যৌথ সহযোগত উৎপাদন কাৰ্য গঢ়ি তোলাৰ ফলত স্থানীয় প্ৰতিষ্ঠানসমূহে ব্যৱসায়িক মুনাফা লাভ কৰে। দ্বিতীয়তে, এই প্ৰতিষ্ঠানবোৰৰ বিশ্বৰ বিভিন্ন ঠাইত শাখা থকাৰ বাবে স্থানীয় উৎপাদনকাৰীয়ে নিজৰ সামগ্ৰী বৃহৎ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰাৰ সুযোগ পায়। ইয়াৰ ফলত তেওঁলোকৰ বজাৰ বিস্তাৰ হয় আৰু বিক্ৰী বৃদ্ধি পায়। বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে স্থানীয় উৎপাদনকাৰীয়ে অধিক মুনাফা আৰু ডাঙৰ বজাৰৰ সুবিধা লাভ কৰে।


৩. কেনেধৰণৰ কাম-কাজ কৰিলে বহনক্ষম উন্নয়ন হৈছে বুলি ক'ব পাৰি? উদাহৰণসহ লিখা।
উঃ যিবোৰ কাম-কাজে বৰ্তমান মানুহৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনো সুৰক্ষিত ৰাখে আৰু প্ৰকৃতিৰ ওপৰত ক্ষতি নকৰে, তেনে কাম-কাজক বহনক্ষম উন্নয়ন বুলি ক’ব পাৰি। বহনক্ষম উন্নয়ন হোৱা কাম-কাজসমূহ হ’ল—
  • প্ৰাকৃতিক সম্পদ সীমিত আৰু সঠিকভাৱে ব্যৱহাৰ কৰা
  • সম্পদৰ অপচয় নকৰা আৰু সংৰক্ষণ কৰা
  • উদ্যোগত উৎপাদনৰ সময়ত প্ৰদূষণ কম কৰা
  • নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰা (যেনে সূৰ্যৰ পোহৰ, পানী)
  • প্ৰযুক্তি আৰু জ্ঞান ব্যৱহাৰ কৰি পৰিৱেশ-বান্ধৱ উন্নয়ন কৰা

উদাহৰণ—

  • বন উজাৰ কৰাৰ সলনি নতুন গছ ৰোপণ কৰা
  • বিদ্যুৎ উৎপাদনত কয়লা ব্যৱহাৰৰ সলনি সূৰ্য শক্তি বা বায়ু শক্তি ব্যৱহাৰ কৰা
  • কাৰখানাত ধোঁৱা আৰু অপদ্ৰৱ্য কম কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা ব্যৱহাৰ কৰা

৪. বর্তমান যুগটোক কিয় গোলকীকৰণ বা বিশ্বায়নৰ যুগ বুলি কোৱা হয়?
উঃ বৰ্তমান কালত উন্নত পৰিবহণ, যোগাযোগ আৰু প্ৰযুক্তিৰ ফলত দেশবোৰৰ মাজত দ্রব্য-সেৱাৰ উপৰি তথ্যৰ আদান-প্রদান সহজ হৈ পৰিছে। লগতে কর্মসংস্থাপন আৰু শিক্ষাগ্রহণৰ বাবে বা অন্য যিকোনো কাৰণতেই দেশবোৰলৈ মানুহ সহজে অহা-যোৱা কৰিব পৰা হৈছে। দেশ এখনৰ প্ৰাকৃতিক পৰিৱেশ উপভোগৰ বাবে অথবা দেশখনৰ সাংস্কৃতিক, ঐতিহাসিক স্থান দৰ্শন কৰিবৰ বাবে বেলেগ বেলেগ দেশৰপৰা পৰ্যটক আহিবলৈও সুবিধা হৈছে। গোলকীকৰণে বৃহৎ পৃথিৱীখনক এখন গাঁৱত পৰিণত কৰিছে। বৰ্তমান আমি এই বিশ্বখনৰ ইখন দেশৰপৰা সিখন দেশলৈ খবৰ-বাতৰি, দ্রব্য-সেৱা আদি অতি সহজে আদান-প্রদান কৰিব পাৰোঁ। সেয়েহে, বৰ্তমান যুগকটোক বিশ্বায়নৰ যুগ বা গোলকীকৰণৰ যুগ বুলি কোৱা হয়।


৫. তুমি ভৱিষ্যতে কোন দেশ বা ৰাজ্যত পঢ়িবলৈ অথবা কৰ্ম সংস্থাপনৰ বাবে যাবলৈ বিচাৰিবা আৰু কিয়?
উঃ ছাত্ৰ-ছাত্ৰীসকলে নিজে কৰিবা।

Type By: Bikash Bora