বতৰ, জলবায়ু আৰু ঋতু
Lesson 2

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা।
উঃ  (iবতৰ হ'ল কোনো নিৰ্দিষ্ট স্থানৰ কোনো এক বিশেষ সময়ৰ বায়ুমণ্ডলৰ অৱস্থা। 
        আনহাতে, জলবায়ু হ'ল কোনো অঞ্চলৰ দীৰ্ঘদিনীয়া বতৰৰ গড় অৱস্থা।
(ii) বতৰ প্ৰায়ে সলনি হ'ব পাৰে, যেনে- পুৱা ৰ’দ দি দুপৰীয়া বৰষুণ হ’ব পাৰে। 
        কিন্তু জলবায়ু সহজে সলনি নহয়।

(খ) বতাহ কেনেকৈ এটা অঞ্চলৰপৰা আন এটা অঞ্চললৈ প্রবাহিত হয়?
উঃ গতিশীল বা চলাচল কৰা বায়ুকে বতাহ বোলে। বতাহ উচ্চ চাপ অঞ্চলৰপৰা নিম্নচাপ অঞ্চললৈ বলে। 

(গ) বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি?
উঃ বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হল- সূৰ্য।

(ঘ) আর্দ্রতা বুলিলে কি বুজা?
উঃ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলা হয়। 

(চ) বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি?
উঃ বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল- বেৰ'মিটাৰ।

(ছ) বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি?
উঃ বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হ'ল- অক্ষাংশ, সমুদ্ৰপৃষ্ঠৰপৰা উচ্চতা, সাগৰৰ সান্নিধ্য়, সাগৰীয় সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি আদি।

২. বৰষুণৰ সৃষ্টি কেনেকৈ হয়?
উঃ জলীয় বাষ্পই ডাৱৰ, বৰষুণ, কুঁৱলী আদিৰ সৃষ্টি কৰে। সূৰ্যৰ তাপৰ ফলত পানী বাষ্প হৈ ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ পৰাই বৰষুণ হয়। জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে। এনেদৰে শীতল হৈ জলীয় বাষ্পবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। ইয়াকে ঘনীভৱন বোলে। বায়ুমণ্ডলত ঘনীভূত হোৱা পানীৰ কণিকাবোৰ ইটো সিটোৰ লগ লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। এনেদৰে বৰষুণৰ সৃষ্টি হয়।


৩. বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে চমুকৈ লিখা।
উঃ  বতৰ হ'ল কোনো নিৰ্দিষ্ট স্থানৰ কোনো এক বিশেষ সময়ৰ বায়ুমণ্ডলৰ অৱস্থা। বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে তলত আলোচনা কৰা হল।

(ক) বায়ুৰ উষ্ণতাঃ বায়ুমণ্ডলৰ গৰম বা ঠাণ্ডাৰ পৰিমাপকে আমি উষ্ণতা বুলি কওঁ। বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূর্য। সূৰ্যৰ ৰশ্মি যেতিয়া আহি ভূপৃষ্ঠত পৰে, তাক আতপন (Insolation) বোলা হয়। আতপনৰ ফলত শিল, বালি, মাটি আদি উত্তপ্ত হৈ পৰে। সূৰ্যৰ ৰশ্মিৰ তাপত ভূপৃষ্ঠ উত্তপ্ত হয়। ভূপৃষ্ঠৰ উত্তাপ বঢ়াৰ লগে-লগে বায়ুৰ উষ্ণতাও বাঢ়ে। পৃথিৱীপৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটোত ধূলিকণা, জলীয় বাষ্প আদি বেছি পৰিমাণে থাকে। এই পদাৰ্থবোৰে সূৰ্যৰ উত্তাপ ধৰি ৰাখিব পাৰে। সেয়েহে, এই স্তৰটোত বায়ুমণ্ডলৰ উষ্ণতা বেছি।

(খ) বায়ুৰ চাপঃ বায়ু গেছীয় পদাৰ্থৰ সমষ্টি। বায়ুৰ আকাৰ নাথাকে যদিও ওজন আৰু আয়তন থাকে। বায়ুত বিভিন্ন প্ৰকাৰৰ গেছৰ লগতে জলীয়বাষ্প, ধূলিকণা আদিও থাকে। তোমালোকে জানা যে মহাকর্ষণ শক্তিৰ ফলত পৃথিৱীয়ে ভূপৃষ্ঠৰ আৰু ইয়াৰ ওপৰত থকা যিকোনো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে। মহাকর্ষণ শক্তিৰ ফলত বায়ুমণ্ডলত এক ভূপৃষ্ঠমুখী চাপ (Pressure) ৰ সৃষ্টি হয়। এই চাপকে বায়ুৰ চাপ বুলি কোৱা হয়। বায়ুৰ চাপ জুখিবলৈ বেৰ'মিটাৰ নামৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। বায়ুৰ ঘনত্ব আৰু উষ্ণতাৰ ভিত্তিত ভূপৃষ্ঠত বায়ুৰ চাপৰ তাৰতম্য ঘটে।

(গ) জলীয় বাষ্পঃ  জলীয় বাষ্প বায়ুমণ্ডলৰ এক স্বাভাৱিক উপাদান। সূৰ্যৰ তাপৰ ফলত ভূপৃষ্ঠৰ জলাশয় আৰু মাটিত থকা পানীভাগ বাষ্পীভূত হৈ বায়ুৰ লগত মিলি যায়। বায়ুমণ্ডলত থকা এনে জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আর্দ্রতা (Humidity) বোলা হয়। আর্দ্রতা বেছি থাকিলে বতৰ সেমেকা হয়। জলীয় বাষ্পই ডাৱৰ, বৰষুণ, কুঁৱলী আদিৰ সৃষ্টি কৰে। সূৰ্যৰ তাপৰ ফলত পানী বাষ্প হৈ ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ পৰাই বৰষুণ হয়। জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে। এনেদৰে শীতল হৈ জলীয় বাষ্পবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। ইয়াকে ঘনীভৱন (Condensa-tion) বোলে। বায়ুমণ্ডলত ঘনীভূত হোৱা পানীৰ কণিকাবোৰ ইটো সিটোৰ লগ লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে।

অনুশীলনী - ২

১. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়?
উঃ ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়।

(খ) তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়?
উঃ তামিলনাডুৰ উপকূল অঞ্চলত খৰালি বৰষুণ হয় কিয়নো সেই অঞ্চলত গড়ে ৫০ ৰ পৰা ১০০ চেণ্টিমিটাৰ বৰষুণ হয়। সেয়েহে ইয়াৰ জলবায়ু শুকান।

(গ) কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে?
উঃ ফাগুণ ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে।

(ঘ) ঋতু বিভাজনৰ ভিত্তি কি?
উঃ

(ঙ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে?

উঃ দক্ষিণ-পশ্চিম মৌচুমা বতাহ ভাৰতলৈ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে।

২. ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা।
উঃ ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

ভাৰত এখন বিশাল দেশ, সেয়ে ইয়াত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়। সাধাৰণতে ভাৰতৰ জলবায়ুক উষ্ণ মৌচুমী জলবায়ু বুলি কোৱা হয়। এই জলবায়ুৰ মূল বৈশিষ্ট্য হৈছে ঋতু অনুসৰি বতাহৰ দিশ সলনি হোৱা।

ভাৰতত মূলত চাৰিটা ঋতু দেখা যায়—
১) শীতকাল (ডিচেম্বৰ–ফেব্ৰুৱাৰী)
২) গ্ৰীষ্মকাল (মাৰ্চ–মে)
৩) বৰষুণকাল (জুন–ছেপ্টেম্বৰ)
৪) শৰৎকাল (অক্টোবৰ–নভেম্বৰ)

মৌচুমী বতাহৰ প্ৰভাৱ ভাৰতৰ জলবায়ুত আটাইতকৈ গুৰুত্বপূর্ণ। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে সমুদ্ৰৰ পৰা আর্দ্ৰতা কঢ়িয়াই আনি বৰষুণ দিয়ে। আনহাতে, শীতকালত উত্তৰ-পূৰ্ব মৌচুমী বতাহ বয়, যিয়ে ঠাণ্ডা আৰু শুকান বতাহ আনে।


৩. ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া।
উঃ ভাৰতত মৌচুমী জলবায়ুএ বিৰাজ কৰে। সেয়েহে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। মৌচুমী বতাহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়- দক্ষিণ-পশ্চিম মৌচুমী আৰু উত্তৰ-পূব মৌচুমী।

(ক) দক্ষিণ-পশ্চিম মৌচুমী বতাহঃ  ভাৰত মহাসাগৰত সৃষ্টি হৈ দক্ষিণ-পশ্চিম দিশৰপৰা গ্ৰীষ্মকালত অহা জলীয়বাষ্পবাহী বতাহকে দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। এই মৌচুমী বতাহে সচৰাচৰ জুনৰ প্ৰথম সপ্তাহত কেৰালা উপকৃলৰে ভাৰতত প্ৰৱেশ কৰে আৰু জুলাই মাহৰ মাজভাগৰ ভিতৰত সমগ্ৰ ভাৰততে বিয়পি পৰে।

(খ) উত্তৰ-পূব মৌচুমী বতাহঃ ছেপ্তেম্বৰ মাহৰ শেষৰপৰা উত্তৰ ভাৰতত গ্ৰীষ্মকালৰ অন্ত পৰে। ফলত সেই অঞ্চলত গ্ৰীষ্মকালত উদ্ভৱ হোৱা নিম্নচাপ বলয়টো ক্ৰমে উচ্চ চাপ বলয়লৈ পৰিৱৰ্তিত হয়। ইয়াৰ ফলস্বৰুপে সেই সময়ত বংগোপসাগৰত পানীভাগ আপেক্ষিকভাৱে উত্তপ্ত হৈ থকাৰ ফলত তাতে নিম্নচাপৰ সৃষ্টি হয়। বতাহ বংগোপসাগৰৰ ফালে বলিবলৈ আৰম্ভ কৰে। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বিপৰীত দিশে এই বতাহ প্রবাহিত হয়। এই বতাহকে উত্তৰ-পূব মৌচুমী বতাহ বুলি জনা যায়। কাষৰ চিত্ৰখনলৈ চালে ভালদৰে বুজি পাবা। এই বতাহত জলীয়বাষ্প কম পৰিমাণে থাকে। কিন্তু বংগোপসাগৰৰ ওপৰেদি আহোঁতে ই কিছু পৰিমাণে জলীয়বাষ্প শোষণ কৰে আৰু তাৰ ফলত বিশেষকৈ তামিলনাডুৰ উপকূলীয় অঞ্চলত অলপ বৰষুণ হয়।


৪. ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা।

উঃ ভাৰতৰ দৰে বিশাল দেশ এখনত বৃষ্টিপাতৰ তাৰতম্য থকাটো স্বাভাৱিক। ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হ'ল ১১৮ চেন্টিমিটাৰ। চিত্ৰ ২.১২ ত ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ মানচিত্র দেখুওৱা হৈছে। বছৰটোৰ ভিতৰত ঋতু আৰু অঞ্চল অনুসৰি বৃষ্টিপাতৰ পাৰ্থক্য ঘটে। এই পার্থক্যক ভিত্তি কৰি দেশখনত পাঁচটা অঞ্চল চিনাক্ত কৰিব পাৰি। সেইকেইটাৰ বিষয়ে তলত আলোচনা কৰা হ'ল।

(ক) অতিমাত্ৰা বৰষুণ হোৱা অঞ্চলঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিমঘাটৰ উপকূল অংশত বার্ষিক গড়ে ৪০০ চেন্টিমিটাৰ বৰষুণ হয়। দক্ষিণ-পশ্চিম মৌচুমীয়েই এই অতিমাত্রা বৃষ্টিপাতৰ মূল কাৰক। অতিমাত্ৰা বৃষ্টিপাতৰ কাৰণে অৰুণাচল প্রদেশ আৰু পশ্চিমঘাটৰ পাহাৰীয়া অঞ্চলত ঠায়ে-ঠায়ে বর্ষাৰণ্য (Rain Forest) দেখা যায়। বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাই মেঘালয়ৰ মৌচিনৰামো এই অঞ্চলৰে ভিতৰুৱা।

(খ) বেছি বৰষুণ হোৱা অঞ্চলঃ বার্ষিক গড়ে ২০০ ৰপৰা ৩০০ চেন্টিমিটাৰ বৰষুণ হোৱা ঠাইবোৰ এই অঞ্চলৰ অন্তৰ্গত। বিহাৰ, ওড়িশা, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, নাগালেণ্ডৰ কিছু অংশ এই অঞ্চলৰ ভিতৰত পৰে। 

(গ) মধ্যমীয়া বৰষুণ হোৱা অঞ্চলঃ গড়ে ১০০ ৰপৰা ২০০ চেন্টিমিটাৰ বাৰ্ষিক বৃষ্টিপাত হোৱা অঞ্চলবোৰ ইয়াৰ ভিতৰত পৰে। পশ্চিমবংগ, বিহাৰ আৰু ওড়িশাৰ কিছু অংশ, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ আৰু পশ্চিমঘাটৰ অনুবাত অংশ এই অঞ্চলৰ অন্তৰ্গত। বৰষুণ আৰম্ভ হোৱাৰ লগে লগে আকৌ গছবোৰত নতুন পাত আহে। ভাৰতৰ বেছিভাগ ঠাইতে এনে গছ দেখা যায়।

(ঘ) পাতলীয়া বৰষুণ হোৱা অঞ্চলঃ মহাৰাষ্ট্ৰ, গুজৰাট, কর্ণাটক, তামিলনাডু, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অংশ এই অঞ্চলৰ অন্তর্গত। ইয়াত গড়ে ৫০ ৰপৰা ১০০ চেন্টিমিটাৰ বৰষুণ হয়। এই অঞ্চলত ডাঠ অৰণ্যৰ পৰিৱৰ্তে ঘাঁহজাতীয় উদ্ভিদৰ প্রাধান্য দেখা যায়। ইয়াৰ জলবায়ু শুকান।

(ঙ) মৰুভূমি আৰু অর্ধ-মৰুভূমি অঞ্চলঃ এইবোৰ অঞ্চলত বছৰি ৫০ চেন্টিমিটাৰৰ তলত বৰষুণ হয়। ৰাজস্থান, গুজৰাট আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক মৰুভূমি আৰু অর্ধ-মৰুভূমি অঞ্চল হিচাপে গণ্য কৰা হয়। জম্মু-কাশ্মীৰৰ কিছু অংশ, যেনে- লাডাখ মালভূমিকো কম বৃষ্টিপাতৰ কাৰণে শীতল মৰুভূমি বুলি চিনাক্ত কৰা হয়। 

Type By: Bikash Bora