দক্ষিণ আফ্ৰিকা
Lesson 4
অনুশীলনী - ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দক্ষিণ আফ্রিকাৰ মাটিকালি কিমান?
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দক্ষিণ আফ্রিকাৰ মাটিকালি কিমান?
উঃ দক্ষিণ আফ্ৰিকাৰ মাটিকালি ১.৯১ লাখ বৰ্গ কিলোমিটাৰ।
(খ) হাইভেল্ড মালভূমিখনক কোনখন পর্বতমালাই আগুৰি আছে?
(গ) 'Big Five' বুলিলে কি বুজা?
২. জোহানেছবার্গক কিয় 'সোণৰ নগৰ' বুলি জনা যায়?
৩. দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিবেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উঃ হাইভেল্ড মালভূমিখনক ড্ৰাকেন্সবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে।
উঃ 'Big Five' বুলিলে সিংহ, বাঘ, হাতী, গঁড় আৰু ম'হ দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্য়পায়ী প্ৰাণীক বুজা যায়।
উঃ দক্ষিণ আফ্রিকা নগৰীকৰণৰ ক্ষেত্ৰত আগবঢ়া। দেশখনৰ প্রায় ৬৭ শতাংশ লোকে নগৰত বাস কৰে। গ'টেংগ প্ৰদেশৰ ৰাজধানী জোহানেছবার্গ দেশখনৰ সৰ্ববৃহৎ নগৰ। ইয়াৰ বৰ্তমান জনসংখ্যা ৫.৫ নিযুত। সোণৰ খনিক কেন্দ্ৰ কৰি গঢ়ি উঠা এইখন নগৰৰ আৰম্ভণি হৈছিল ১৮৮৬ খ্রীষ্টাব্দত। এই নগৰখনক সেয়েহে 'সোণৰ নগৰ' বুলি জনা যায়।
উঃ দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্র্যপূর্ণ। দেশখনৰ মাজভাগত আছে হাইভেল্ড (Highveld) নামৰ এক মালভূমি অঞ্চল। এই অঞ্চলৰ উচ্চতা সাগৰপৃষ্ঠৰপৰা ১,২০০-১,৮০০ মিটাৰৰ ভিতৰত। এই মালভূমিক ঘেৰি আছে ড্রাকেন্সবার্গ নামৰ পৰ্বতমালাই। দেশখনৰ দক্ষিণ-পশ্চিম অংশত গ্রেইট কাৰু আৰু লিটল কাৰু নামেৰে দুটা মৰুপ্ৰায় অঞ্চল আছে। এটা দীঘলীয়া ঠেক উপকূল অঞ্চলে (প্রায় ২,৭৯৮ কিলোমিটাৰ) দেশখনৰ পূব, দক্ষিণ আৰু পশ্চিমৰ প্ৰান্তীয় অঞ্চল আগুৰি আছে।
দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম হৈছে ওৰেঞ্জ। ইয়াৰ দৈর্ঘ্য প্রায় ২,২০০ কিলোমিটাৰ। ই ড্রাকেন্সবার্গ পার্বত্য অঞ্চলৰপৰা ওলাই আহি আটলান্টিকত পৰিছে। ইয়াৰ ভাল নামৰ এখন প্রধান উপনৈ আছে। বাফেল', লিম্পপ', টুগেল আদি দেশখনৰ অন্য সৰু সৰু নৈ। দক্ষিণ আফ্রিকাৰ জলবায়ু প্রধানকৈ উপক্রান্তীয় নাতিশীতোষ্ণ। ইয়াৰ দক্ষিণ-পশ্চিম অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু অনুভূত হয়। দেশখনত বার্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্রায় ৫০ চেন্টিমিটাৰ। সাধাৰণতে দেশখনৰ ভিতৰত পূবৰপৰা পশ্চিমলৈ বৰষুণৰ পৰিমাণ কমি আহে। বছৰটোৰ ভিতৰত ঋতু অনুসৰি উষ্ণতাৰ লক্ষণীয় পার্থক্য ঘটে।
অনুশীলনী - ২
(ক) দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল?
উঃ দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল।
উঃ ওলণ্ডাজসকলে ১৬৫২ খ্ৰীষ্ট্ৰাব্দত কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল।
উঃ আফ্ৰিকান নেশ্বনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাৰ এটা প্ৰধান ৰাজনৈতিক দল আৰু জাতীয় মুক্তি আন্দোলন।
উঃ ঊনৈশ শতিকাৰ শেষৰফালে দক্ষিণ আফ্রিকাত হীৰা আৰু সোণ আৱিষ্কাৰ হৈছিল। এইবোৰ মূল্যবান সম্পদৰ সন্ধানত ওলন্দাজ আৰু ব্রিটিছসকল উপনিৱেশ স্থাপন কৰিবলৈ দক্ষিণ আফ্রিকাত উপস্থিত হৈছিল। বহিৰাগতৰ আগমনৰ লগে লগে আগৰেপৰা বসবাস কৰি থকা ক'লা চালৰ কৃষ্ণাংগ লোকসকলৰ লগত বগা চালৰ ব্ৰিটিছ আৰু ওলন্দাজসকলৰ সংঘাত আৰম্ভ হৈছিল। এই সংঘাত পাছলৈ কৃষ্ণাংগ আদিবাসী, ব্রিটিছ শাসকশ্রেণী আৰু ওলন্দাজ লোকসকলৰ মাজত ত্ৰিপাক্ষিক যুদ্ধলৈ ৰূপান্তৰিত হৈছিল। কৃষ্ণাংগ লোকসকলক শ্বেতাংগ লোকসকলৰপৰা নিলগাই ৰখা হৈছিল। সামাজিক স্থানত তেওঁলোকে সমান অধিকাৰ নাপাইছিল। কেৱল শ্বেতাংগ লোকক সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছিল। এনে বর্ণবৈষম্য নীতিৰ লগতে শ্বেতাংগৰ আধিপত্যই স্বৈৰাচাৰী পৰিৱেশ গঢ়ি তুলিছিল। জনসংখ্যাত তাকৰ শ্বেতাংগ নাগৰিকসকলে সমাজত উচ্চ স্থান লাভ কৰিছিল। তেওঁলোকৰ পাছতহে এছীয় মূলৰ বৰ্ণসংকৰ আৰু আদিবাসী কৃষ্ণাংগসকলৰ স্থান আছিল। ১৯৪৮ খ্রীষ্টাব্দত হোৱা নিৰ্বাচনত শ্বেতাংগসকলৰ দল জয়ী হয়। ইয়াৰ পাছৰেপৰা বৰ্ণবৈষম্য অধিক তীব্র হয়। এনেদৰে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য় বিৰোধী আন্দোলনৰ গঢ়ি উঠিছিল।
৩. নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখা।
উঃ আফ্রিকান নেশ্বনেল কংগ্ৰেছৰ অন্যতম নেতা আছিল নেলছন মেন্ডেলা। নেলছন মেণ্ডেলাই বর্ণবাদ বিৰোধী আন্দোলনত নেতৃত্ব লৈছিল। ১৯৬২ খ্রীষ্টাব্দত নেলছন মেণ্ডেলাক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক ৰাজদ্রোহকে আদি কৰি বিভিন্ন অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। প্ৰচণ্ড প্রতিবাদৰ ফলত চৰকাৰে নেলছন মেণ্ডেলাক মুক্তি দিবলৈ বাধ্য হৈছিল। ১৯৯০ খ্ৰীষ্টাব্দৰ ১১ ফেব্ৰুৱাৰীত তেওঁ কাৰামুক্ত কৰা হৈছিল। পাছত তেওঁ নিজ দলৰ হৈ শ্বেতাংগ চৰকাৰৰ সৈতে শান্তি আলোচনাত বহে। এই আলোচনাৰ ফলশ্ৰুতিত দক্ষিণ আফ্রিকাত বর্ণবৈষম্যবাদৰ অৱসান ঘটে।
Type By: Bikash Bora