আদি-মধ্য়যুগৰ ভাৰত

Lesson 5

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতৰ ইতিহাস অধ্যয়নত আদি-মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়?
উঃ  ভাৰতৰ ইতিহাসত সপ্তম শতিকাৰপৰা বাৰ শতিকালৈ (প্রায় ৫০০ বছৰ) সময়ছোৱাক আদি-মধ্যযুগ বুলি অভিহিত কৰা হয়।

(খ) ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল?
উঃ  ৰজাই নিজৰ ইচ্ছামতে ব্রাহ্মণ-পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমি দান কৰিছিল। তদুপৰি কৃষিজীৱী কৈৱর্তসকলকো ভূমি দান কৰা হৈছিল।

(গ) পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন?
উঃ ৫৮০ খ্রীষ্টাব্দত প্রভাকৰবৰ্ধনে থানেশ্বৰতে পুষ্যভূতি ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।

(ঘ) হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল?
উঃ হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰতলৈ হিউৱেনচাঙ চীনা পৰিব্ৰাজকজন আহিছিল।

২. সাহিত্য আৰু ধর্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা।
উঃ সাহিত্য় আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

সাহিত্য়ঃ ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিকাশ লাভ কৰিছিল। ৰজা অমোঘবৰ্ষ সাহিত্য়ৰ পৃষ্ঠপোষক আছিল। তেখেতে ৰচনা কৰা কবিৰাজমাৰ্গ কানাড়া ভাষাত ৰচিত এখন উল্লেখযোগ্য় কাব্য়। 

ধৰ্মীয়ঃ দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে বহু মন্দিৰ নিৰ্মাণ কৰিছিল।

৩. গুৰ্জৰ-প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি?
উঃ ১. দুৰ্বল ৰজা:

পাছৰ ৰজাসকল শক্তিশালী নাছিল, সেয়েহে শাসন ঠিকমতে চলাব নোৱাৰিলে।

২. অন্তৰ্দ্বন্দ্ব:
ৰজা আৰু ৰাজপুত্ৰসকলৰ মাজত সিংহাসনৰ বাবে ঝগড়া হৈছিল।

৩. সামন্তসকলৰ বিদ্ৰোহ:
স্থানীয় সামন্তসকলে নিজে নিজে শক্তিশালী হৈ কেন্দ্ৰীয় শাসন মানিবলৈ নাছিল।

৪. বহিঃআক্রমণ:
অন্যান্য ৰাজ্যই (যেনে ৰাষ্ট্ৰকূট আৰু পাল) আক্ৰমণ কৰিছিল।

৫. আৰ্থিক সমস্যাঃ
অধিক যুদ্ধৰ বাবে ধন-সম্পত্তি কমি গৈছিল।

৬. বৃহৎ সাম্ৰাজ্য নিয়ন্ত্ৰণৰ অসুবিধা:
বহুত ডাঙৰ ৰাজ্য হোৱাৰ বাবে সকলো ঠাই ভালদৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।


৪. পালসকলে কেনেদৰে প্ৰশাসনিক কার্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা।
উঃ পালসকলে তেওঁলোকৰ ৰাজ্য়খন ভুক্তি, বিষয় আৰু মণ্ডল এই তিনিটা প্ৰশাসনীয় গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া আছিল। গ্ৰামপতি আৰু দশগ্ৰামিকা নামৰ বিষয়াৰ হাতত গাওঁবোৰ প্ৰশাসনৰ দায়িত্ব অৰ্পন কৰা হৈছিল। 

৫. প্রশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ-প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল? নামবোৰ উল্লেখ কৰা।
উঃ ৰাষ্ট্ৰকূট ৰাজ্য়বোৰক ৰাষ্ট্ৰ (প্ৰদেশ), বিষয় (জিলা) আৰু ভুক্তি ভাগত ভাগ কৰিছে। গুৰ্জৰ-প্ৰতিহাৰসকলে ৰাজ্য়বোৰক ৰাজ্য়, প্ৰদেশ, ভুক্তি আৰু মণ্ডল ভাগত ভাগ কৰিছে। 

অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল?
উঃ ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আছিল আৰৱসকল।

(খ) আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল?
উঃ আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা আছিল দাহিৰ।

(গ) চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
উঃ চুলতান মামুদে ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।

(ঘ) ভাৰতত কেতিয়াৰপৰা চুলতানী আমালৰ আৰম্ভণি হৈছিল?
উঃ ১২০৬ খ্ৰীষ্টাব্দৰপৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত চুলতানী আমোলৰ আৰম্ভণি হৈছিল।

২. আৰৱসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল?
উঃ আৰৱসকলে বৰ্তমান পাকিস্তানৰ অন্তৰ্গত সিন্ধু প্ৰদেশৰ দেৱাল (বৰ্তমান কৰাচীৰ কাষত অৱস্থিত), ব্রাহ্মণবাদ (বর্তমান পাকিস্তানৰ মানুবা), হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল।

৩. তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উঃ তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ ১১৯১ আৰু ১১৯২ খ্ৰীষ্ট্ৰাব্দত হৈছিল।

৪. তুর্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল?
উঃ আৰৱসকলৰ পাছতে ভাৰত আক্ৰমণ কৰা বিদেশী শক্তি আছিল তুর্কীসকল। নৱম আৰু দশম শতিকাত আফগানিস্তানৰ শাসক আছিল ছামানীয়ানসকল। পৰৱৰ্তী সময়ত এই বংশৰ দাস আল্পতগীনে আফগানিস্তানৰ গজনীত এক স্বাধীন তুর্কী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তেওঁৰেই দাস তথা জোঁৱাই চুবুক্তগীনে ৯৭৭ খ্রীষ্টাব্দত গজনীত নিজৰ শাসন প্রতিষ্ঠা কৰিছিল। এই তুর্কী ৰাজ্যৰ লগত ভাৰতৰ গান্ধাৰ আৰু পঞ্জাৱ অঞ্চলৰ শাসকসকলৰ সংঘাত আৰম্ভ হৈছিল। এই সংঘাত অধিক তীব্র হৈ পৰে চুবুক্তগীনৰ পুত্র চুলতান মামুদৰ শাসন কালত। তেওঁ ১০০০ খ্ৰীষ্টাব্দৰপৰা ১০২৭খ্ৰীষ্টাব্দৰ ভিতৰত ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল। তুৰ্কীসকলৰ এই আক্ৰমণৰ মূল উদ্দেশ্য আছিল ভাৰতত লুটপাত চলোৱা।