মধ্য়যুগৰ ভাৰত
LESSON 6

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) তুর্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে?
উঃ তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে।

(খ) কোন গৰাকী চুলতানে দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল?
উঃ মহম্মদ-বিন-টোগলক চুলতানে দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল।

(গ) ইবন বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল?
উঃ ইবন বটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল।

(ঘ) ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উঃ ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক খিজিৰ খাঁই আছিল।

(ঙ) ১৫২৬ খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল?
উঃ ১৫২৬ খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত লোডী বংশৰ শেষৰজন চুলতান চিকন্দৰ লোডীক ফৰগণা ৰাজ্য়ৰ অধিপতি বাবৰে পৰাস্ত কৰিছিল।

(চ) কোনে দিল্লীত তিনিখন বজাৰ স্থাপন কৰিছিল?
উঃ আলাউদ্দিন খিলজিয়ে দিল্লীত তিনিখন বজাৰ স্থাপন কৰিছিল।

(ছ) চুলতানী সকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল?
উঃ  চুলতানী সকলৰ প্ৰশাসনৰ মূল ভেটি আছিল- ইছলাম ধর্মীয় আইন বা শ্বৰীয়া আইন।

২. চুলতানী শাসক বুলিলে কি বুজা? চলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা কি কি?
উঃ ১২০৬ খ্রীষ্টাব্দত দাস বংশৰপৰা আৰম্ভ কৰি ১৫২৬ খ্ৰীষ্টাব্দলৈ ভাৰতত তুর্কী-আফগানসকলৰ কেইবাটাও বংশই প্রায় ৩০০ বছৰ ৰাজত্ব কৰিছিল। এওঁলোকৰ ৰজাসকলক চুলতান বোলা হৈছিল। সেয়েহে, এই ৰজাসকলৰ শাসনকালক চুলতানী শাসন বুলি কোৱা হয়।
    চলতানী শাসনৰ উল্লেখযোগ্য় ৰাজবংশকেইটা হৈছে-
(i) দাস বংশ
(ii) খিলিজ বংশ
(iii) টোগলক বংশ
(iv) ছৈয়দ বংশ
(v) লোডী বংশ


৩. কুতুবুদ্দিন আইবাকে প্রতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়?
উঃ ভাৰতত চুলতানী শাসনৰ আৰম্ভণি কৰিছিল কুতুবুদ্দিন আইবাকে। তেখেত এজন তুর্কীমূলৰ ক্রীতদাস আছিল। সৰুতেই তেখেত পাৰস্যৰ নিশাপুৰৰ কাজী এজনে দাস হিচাপে ক্রয় কৰিছিল। পাছলৈ কুতুবউদ্দিন আইবাকক গজনীৰ চুলতান মহম্মদ ঘোৰীৰ তাত বিক্ৰী কৰা হৈছিল। দ্বিতীয় তৰাইনৰ যুদ্ধৰ পাছত মহম্মদ ঘোৰীয়ে তেওঁৰ সেনাপতি কুতুবউদ্দিন আইবাকৰ হাতত ভাৰতৰ দখল কৰা অঞ্চলৰ শাসনভাৰ অৰ্পন কৰিছিল। পূৰ্বতে এগৰাকী দাস আছিল বাবে কুতুবউদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ বুলি অভিহিত কৰা হৈছিল।

৪. মহম্মদ-বিন-টোগলকক কিয় 'জ্ঞানী মূর্খ' ৰজা বুলি কোৱা হয়?
উঃ মহম্মদ-বিন-টোগলক প্ৰজাহিতৈষী আছিল যদিও তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। মহম্মদ-বিন-টোগলকে তামৰ মুদ্ৰাৰ প্ৰচলন কৰি সেইবোৰ প্ৰচলিত সোণ আৰু ৰূপৰ মুদ্ৰাৰ সমমূল্য় বুলি ঘোষণা কৰিছিল। যাৰফলত প্ৰজাই কোনবিধ মুদ্ৰা ব্য়ৱহাৰ কৰিব তাক লৈ সমস্য়াত পৰিছিল। তেতিয়াই কিছু দুষ্ট চক্ৰই নকল তামৰ মুদ্ৰা প্ৰস্তুত কৰি তাৰ বিনিময়ত সোণ বা ৰূপৰ মুদ্ৰা আহৰণ কৰিছিল। যাৰ বাবে দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল। এনে ঘটনাৰ বাবে মহম্মদ-বিন-টোগলক 'জ্ঞানী মূৰ্খ' ৰজা বুলি জনা যায়।

৫. চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটোকা লিখা।
উঃ চুলতানী সাম্ৰাজ্য়ৰ সীমা প্ৰতিটো ৰাজবংশৰ শাসনকালত বঢ়া-টুটা হৈ আছিল। চুলতানসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শ্বৰীয়া আইন। প্ৰশীসনৰ বাবে প্ৰশাসন ব্য়ৱস্থাটো বিভিন্ন বিভাগত ভাগ কৰা হৈছিল, যেনে- ধৰ্ম আৰু ন্য়ায়, সামৰিক, ৰাজসভা আৰু ৰাজপ্ৰসাদ, দাতব্য় আদি। প্ৰতিটো বিভাগৰে একোজন বিষয়া আছিল। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনৰ নাম আছিল ৱাজিৰ। তেওঁৰ দপ্তবৰ বা বিভাগক 'দিৱান-ই-ৱাজাৰত' বোলে। শাসনৰ সুবিধাৰ বাবে চুলতানসকলে সাম্ৰাজ্য়খনক কিছুমান অঞ্চলত ভাগ কৰা হৈছিল। এই ভাগবোৰক ইকটা আৰু ইয়াৰ অধিকাৰীক ইকটাদাৰ বা মুকটি বোলে। 

অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল?
উঃ মোগল সাম্ৰাজ্য়ৰ প্ৰতিষ্ঠাপক বাবৰ টাইমূৰৰ বংশধৰ আছিল।

(খ) মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰপৰা ক'লৈ আছিল?
উঃ মোগল সাম্ৰাজ্য়ৰ বিস্তৃতি পূবে বংগৰপৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰপৰা দক্ষিণে কৰ্ণাটকলৈ আছিল।

(গ) 'বাবৰনামা' কি?
উঃ 'বাবৰনাম' হৈছে মোগল সম্ৰাটৰ বাবৰৰ আত্মজীৱনী।

(ঘ) 'হেমচন্দ্র বিক্রমাদিত্য' উপাধি কোনে গ্রহণ কৰিছিল?
উঃ 'হেমচন্দ্ৰ বিক্ৰমাদিত্য়' উপাধি ৱাজিৰ হিমুৱে গ্ৰহণ কৰিছিল।

(ঙ) 'চুল-হি-কূল' বুলিলে কি বুজা?
উঃ সম্রাট আকবৰে সকলোৰে সৈতে শান্তি তথা সহনশীল নীতি প্রয়োগ কৰিছিল, যাক ‘চুল-হি-কুল’ বোলা হয়।

(চ) তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল?
উঃ তাজমহল ছাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰছিল।

(ছ) ঔৰংজেৱে সিংহাসনত অধিস্থিত হৈ কি উপাধি গ্রহণ কৰিছিল?
উঃ ঔৰংজেৱে সিংহাসনত অধিস্থিত হৈ আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল।

২. আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল?
উঃ স্থাপত্য়-ভাস্কৰ্যৰ দিশতো আকবৰৰ অৱদান উল্লেখনীয় আছিল। জ্ঞান অম্ৱেষণৰ প্ৰতি আকবৰৰ ধাউতি আছিল প্ৰবল। আকবৰ নিৰক্ষৰ আছিল তথাপিও পাৰ্চী আৰু ভাৰতীয় গ্ৰন্থবোৰৰ প্ৰতি তেখেতৰ দুৰ্বাৰ আকৰ্ষণ আছিল। আকবৰে তেখেতৰ ৰাজসভাত ভাৰতৰ পণ্ডিতসকলক স্থান দিছিল। মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা আৰু পঞ্চতন্ত্ৰৰ দৰে সংস্কৃত ভাষাৰ গ্ৰন্থ তেখেতৰ পৃষ্ঠপোষকতাতে পাৰ্চী ভাষালৈ অনূদিত হৈছিল।

৩. জিজিয়া কৰ বুলিলে কি বুজা?
উঃ মুছলমান শাসকসকলে অইন ধৰ্মাৱলম্বী প্ৰজাৰ ওপৰত আৰোপ কৰা একপ্ৰকাৰৰ কৰ। নিজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিনিময়ত প্রজাসকলে সম্রাটক এই কৰ প্ৰদান কৰিবলগীয়া হৈছিল।


৪. মনচবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উঃ মোগলসকলৰ শাসনৰ এক প্ৰধান বৈশিষ্ট আছিল মনচবদাৰী ব্য়ৱস্থা। সামৰিক বাহিনী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই প্ৰথা প্চলন কৰা হৈছিল। মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্ৰাটে নিয়ন্ত্ৰণ কৰিছিল


Type By: Bikash Bora