মধ্য়যুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্য়বোৰ
Lesson 7
অনুশীলনী - ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন?
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন?
উঃ কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন হৈছে- জইন-উল-আবিদিন।
(খ) কোনজন মোগল সম্রাটে কাশ্মীৰখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল?
(গ) বিখ্যাত হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
(ঘ) জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন?
(ঙ) শ্বাৰকী স্থাপত্যশৈলী বুলিলে কি বুজা?
(চ) গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল?
(ছ) মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম কি?
২. জইন-উল-আবিদিনে কাশ্মীৰত কৰা তিনিটা প্রজাহিতৈষী কামৰ বিষয়ে উল্লেখ কৰা।
৩. গুজৰাট ৰাজ্যখন অর্থনৈতিকভাৱে কিয় সৱল আছিল?
উঃ ১৫৮৬ খ্ৰীষ্টাব্দত আকবৰে কাশ্মীৰখন মোগল সাম্ৰাজ্য়ৰ অধীনলৈ আনিছিল।
উঃ বিখ্যাত হলদিঘাটৰ যুদ্ধ মহাৰাণা প্ৰতাপ আৰু মোগলসকলৰ মাজত সংঘটিত হৈছিল।
উঃ জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল চুলতান ইব্ৰাহিম শ্বাহ।
উঃ জৌনপুৰৰ শ্বাৰকী ৰাজবংশৰ অধীনত শ্বাৰকী স্থাপত্য়শৈলী গঢ় লৈ উঠিছিল। এই শৈলাত টোগলক আৰু স্থানীয় শৈলীৰ সংমিশ্ৰণ ঘটা দেখা যায়।
উঃ গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন হৈছে- মহমুদ বাঘাৰা।
উঃ মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম হ'ল- ঘোৰী আৰু খালজি।
উঃ জইন-উল-আবিদিনে কাশ্মীৰত কৰা তিনিটা প্ৰজাহিতৈষী কামৰ বিষয় তলত উল্লেখ কৰা হ'ল-
(i) কাশ্মীৰৰ প্ৰসিদ্ধ উমাল কাপোৰৰ বয়ন শিল্প, দলিচা বয়ন শিল্প, কাঠত কতা শিল্প, শিলত কটা ভাস্কৰ্য আদিক তেওঁ উৎসাহিত কৰিছিল।
(ii) জইন-উল-আবিদিনে কাগজ প্ৰস্তুতিৰ প্ৰশিক্ষণ ল'বলৈ বিদেশলৈ কাৰিকৰ পঠিয়াইছিল।
(iii) কৃষিৰ বিকাশৰ বাবে তেওঁ পাহাৰীয়া নদীত কেইবাটাও বান্ধ দি জলসিঞ্চনৰ ব্য়ৱস্থা কৰিছিল।
উঃ গুজৰাট মধ্য়যুগৰ ভাৰতৰ এখন সমৃদ্ধিশালী ৰাজ্য় আছিল। উন্নত মানৰ হস্তশিল্প, সুচল সামুদ্ৰিক বন্দৰ আৰু পলসুৱা ভূমিয়ে গুজৰাটক আন ৰাজ্য়বোৰতকৈ অৰ্থনৈতিক ভাৱে আগবঢ়া আছিল।
অনুশীলনী - ২
(ক) বিজয়নগৰ সাম্রাজ্য ভাৰতৰ কোন প্ৰান্তত অৱস্থিত?
উঃ বিজয়নগৰ সাম্রাজ্য ভাৰতৰ দক্ষিণ ভাৰতত অৱস্থিত।
উঃ বিজয়নগৰ সাম্ৰাজ্য়ত ক্ৰমে সংগম, চালুভা, তুলুভা আৰু আৰভিডু নামেৰে মুঠ চাৰিটা ৰাজবংশই শাসন কৰিছিল।
উঃ অমুক্তমাল্য়দ কৃষ্ণদেৱৰায়ৰ ৰচনা কৰিছিল।
উঃ হাজাৰা ৰামস্বামী মন্দিৰ কৰ্ণাটকত অৱস্থিত।
উঃ গুলবৰ্গা বাহমনী ৰাজ্য়ৰ ৰাজধানী আছিল।
উঃ সংগম ৰাজবংশৰ পাছত বিজয়নগৰত শাসন কৰা আটাইতকৈ উল্লেখযোগ্য ৰজা আছিল কৃষ্ণদেৱৰায়। তেওঁ তুলুভা ৰাজবংশৰ আছিল আৰু ১৫০৯ খ্রীষ্টাব্দৰপৰা ১৫২৯ খ্রীষ্টাব্দলৈ শাসন কৰিছিল। তেওঁক 'অভিনৱ ভোজ', 'অন্ধ্র পিতামহ' আদি নামেৰে নামকৰণ কৰা হৈছিল। ডোমিনিগো পিচ আৰু ডাটে বাৰবোচাই নিজৰ টোকাত তেওঁৰ সুশাসন, সামৰিক শক্তি আদিৰ বিষয়ে উল্লেখ কৰি থৈ গৈছে। এনেদৰে তেওঁৰ ৰাজত্বকালত এই সাম্রাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল।
উঃ বাহমনীসকল সঘনাই চুবুৰীয়া ৰাজ্যসমূহৰ লগত সংঘাতত লিপ্ত হৈছিল।
সংঘাতৰ কাৰণ—
- নিজৰ ৰাজ্য বিস্তাৰ কৰাৰ ইচ্ছা
- চুবুৰীয়া অঞ্চলসমূহ নিজৰ অধীনলৈ আনিবলৈ চেষ্টা
- শক্তি আৰু প্ৰভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্য
৪. মহম্মদ গবন নামৰ বিষয়াজনক কাৰ অভিভাৱক হিচাপে আৰু কিয় ৰাজকাৰ্য পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছিল?
উঃ মহম্মদ গবন নামৰ বিষয়াজনক মহম্মদ গবন নামৰ বিষযা এজনে অভিভাৱক হিচাপে ৰাজকাৰ্য পৰিচালনাৰ দায়িত্ব অৰ্পন কৰা হৈছিল কিয়নো মহম্মদ শ্বাহে ন বছৰ বয়সতে সিংহাসন আৰোহণ কৰিছিল। তেওঁ কম বয়সীয়া হোৱাৰ বাবে মহম্মদ গবন নামৰ বিষয়াজনক ৰাজকাৰ্য দায়িত্ব অৰ্পণ কৰিছিল।
অনুশীলনী - ৩
(ক) বংগলৈ কোন কোন দেশৰ ভ্ৰমণকাৰী আহিছিল?
উঃ বংগলৈ ইউৰোপীয় আৰু চীনা দেশৰ ভ্রমণকাৰী আহিছিল।
উঃ হুছেইন ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল।
উঃ উৰিষ্য়াৰ শক্তিশালী ৰাজবংশটো গজপতি আছিল।
উঃ উৰিষ্য়াৰ পুৰীৰ জগন্নাথ মন্দিৰ মধ্য়যুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল।
উঃ কমল খান গখ্খৰক আছিল গখ্খৰ নামৰ জনজাতিৰ মুখিয়াল, যাক আকবৰে নিজৰ মনচবদাৰ পাতিছিল।
উঃ বংগৰ সমান্তৰালকৈ গজপতি ৰাজবংশৰ অধীনত উৰিষ্যা এক শক্তিশালী ৰাজ্য হিচাপে গঢ় লৈ উঠিছিল। চৈধ্যশ খ্রীষ্টাব্দত কপিলেন্দ্র দেৱই এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। গজপতি শাসকসকলৰ নেতৃত্বত উৰিষ্যাৰ সীমা অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ আৰু পশ্চিমবংগৰ কিছু অংশলৈ প্ৰসাৰিত হৈছিল। তেওঁলোক সামৰিকভাৱে অতি শক্তিশালী আছিল। তেওঁলোকৰ বিশাল হস্তীবাহিনী আছিল। কিন্তু চুবুৰীয়া ৰাজ্যৰ লগত সঘনাই হোৱা যুদ্ধ-বিগ্ৰহৰ ফলত এই ৰাজ্যৰ পতন ঘটিছিল।
উঃ জাট আৰু গড্ডিসকল আছিল ভাৰতৰ মৰুভূমি অঞ্চলৰ দুটা অঘৰী জাতি। তেওঁলোকৰ মূল জীৱিকা আছিল চিকাৰ আৰু পশুপালন। পশুৰ খাদ্য়ৰ সন্ধানত তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল।
৪. মধ্যযুগত ভাৰতত বাস কৰা অঘৰী জাতিকেইটাৰ নাম লিখা। তেওঁলোকৰ প্ৰধান জীৱিকা কি আছিল?
উঃ মধ্য়যুগত ভাৰতত বাস কৰা অঘৰী জাতিকেইটাৰ নাম হ'ল- জাট, গড্ডি, বঞ্জাৰা আৰু গুজ্জৰসকল। তেওঁলোকৰ প্ৰধান জীৱিকা হ'ল চিকাৰ আৰু পশুপালন কৰা।
Answer By: Bikash Bora