উত্তৰণৰ যাত্ৰা
পাঠ-১৪
পাঠভিত্তিক:
প্রশ্ন ১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
● পাঠটিৰ আৰম্ভণিত উল্লেখ থকা ছবছৰীয়া সৰু ল'ৰাজনৰ নাম কি?
(ক) হেনৰী
(খ) ফ্রেংক
(গ) ৰালফ ব্র'ন
(ঘ) ইড
উত্তৰঃ (গ) ৰালফ ব্র'ন
● কিহৰ বাবে সদায়ে বিশেষভাৱে সক্ষম লোকসকল পৰনিৰ্ভৰ হ'বলগীয়া হয়?
(ক) যাতায়াত
(খ) ঔষধ
(গ) আৱিষ্কাৰ
(ঘ) খবৰ
উত্তৰঃ (ক) যাতায়াত
● ব্ৰ'নে কাৰ দুৰ্ঘটনাৰ খবৰ পোৱা নাছিল?
(ক) দেউতাকৰ
(খ) মাকৰ
(গ) খুৰাকৰ
(ঘ) হেনৰীৰ
উত্তৰঃ (ক) দেউতাকৰ
প্রশ্ন ২। তলত কিছুমান শব্দৰ অৰ্থ দিয়া হৈছে। এই অৰ্থবোৰৰ প্ৰকাশ কৰা উপযুক্ত শব্দ তালিকাখনৰ পৰা বিচাৰি উলিয়াই লিখা।
শব্দ অর্থ
বোকোচা মানুহ বা বস্তু বৈ নিয়া মানুহৰ পিঠি
স্বনিৰ্ভৰ আত্মনিৰ্ভৰ
অনুসন্ধান বিচাৰ-খোচাৰ কৰা কাৰ্য
পণ প্রতিজ্ঞা
উত্তৰণ উন্নতি
দুর্ঘটনা আকস্মিক বিপদ
প্রশ্ন ৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বাল্ল্ফব্র'ন কি ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰ: মাংসপেশীয় দুর্বিকাশ (Muscular Dystrophy)।
(খ) কাৰ কথাত ব্ৰ'নৰ মাক-দেউতাকৰ খং উঠিছিল?
উত্তৰঃ ডাক্তৰৰ কথাত।
(গ) মাংসপেশীয় দুর্বিকাশ (Muscular Dystrophy) বেমাৰৰ কি কি লক্ষণে ব্ৰ'নৰ শৰীৰত দেখা দিছিল?
উত্তৰঃ ব্ৰ'নৰ শৰীৱত দেখা দিয়া মাংসপেশীয় দুৰ্বিকাশ বেমাৰৰ লক্ষণসমূহ হ'ল-
● ভাগৰুৱা
● মাংসপেশী দুর্বল
● খোজকাঢ়িব নোৱাৰা
(ঘ) ব্র'নে খোলা কোম্পানীয়ে কি নিৰ্মাণ কৰে?
উত্তৰ: মটৰচালিত স্কুটাৰ।
(ঙ) বালফ ব্ৰ 'নৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ: 'Rise Above.'
প্রশ্ন ৪। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা।
(ক) ব্ৰ'নৰ মাক-দেউতাক কিয় চিন্তিত হৈছিল?
উত্তৰঃ ব্ৰ'নৰ মাংসপেশীয় দুৰ্বিকাশ নামৰ এক বেমাৰত আক্ৰান্ত হৈছিল। এই বেমাৰৰ বাবে ব্ৰ'নৰ পেশীসমূহ দুৰ্বল হৈ পৰে। সেইবাবে ব্ৰ'নৰ মাক-দেউতাক চিন্তিত হৈছিল।
(খ) ব্ৰ'নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কিয় কৈছিল?
উত্তৰঃ ব্ৰ'ন মাংসপেশীয় দুৰ্বিকাশ নামৰ এক ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগত আক্রান্ত হ'লে সময়ৰ লগে লগে পেশীসমূহ দুৰ্বল হৈ পৰে। সেই ৰোগ সম্পৰ্কে সেই কালত বিশেষ গবেষণা হোৱা নাছিল। সেইবাবে ডাক্তৰে ব্ৰ'নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি কৈছিল।
(গ) বাল্ল্ফ ব্র'নে কোম্পানী প্ৰতিষ্ঠা কৰাৰ আঁৰৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ বিশেষভাৱে সক্ষম লোকসকলৰ অভাৱ-অসুবিধাই ব্র'নক চিন্তিত কৰিছিল। তেওঁলোকৰ যোগাযোগৰ ক্ষেত্ৰত থকা অভাৱসমূহ দূৰ কৰিবলৈ ব্র'ন প্রতিজ্ঞাবদ্ধ হ'ল। সেইবাবে তেওঁ এটা কোম্পানী আৰম্ভ কৰে। তাতেই তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে বিশ্বৰ ভিতৰতে প্ৰথমখন মটৰচালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়ায়।
প্রশ্ন ৫। ৰালফ ব্ৰ'নক পিতৃ-মাতৃয়ে কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ ব্র'ন মাংসপেশীয় দুৰ্বিকাশ নামৰ এক ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগত আক্রান্ত হ'লে সময়ৰ লগে লগে পেশীসমূহ দুর্বল হৈ পৰে। সেই ৰোগ সম্পর্কে সেই কালত বিশেষ গবেষণা হোৱা নাছিল। ব্র'নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কৈছিল। আনকি হাস্পতালতে তেওঁক এৰি থৈ যাবলৈও কৈছিল যাতে এই ৰোগ সম্পর্কে তেওঁলোকে গৱেষণা কৰিব পাৰে। এই কথাত ব্ৰ'নৰ মাক-দেউতাকৰ খং উঠিল। নিজৰ ল'ৰাটোক আৰোগ্য কৰিবলৈ তেওঁলোকে পণ ল'লে।
কিছু বছৰৰ পাছত ব্ৰ'নৰ ভৰি দুখনে কাম নকৰা হ'ল। তেওঁক দেউতাকে বোকোচাত উঠাই ঘূৰাই লৈ ফুৰিবলগীয়া হৈছিল। এবাৰ গাড়ী দুর্ঘটনাত দেউতাকে ডিঙিত যথেষ্ট আঘাত পাইছিল। তথাপি দেউতাকে তেওঁক পিঠিত উঠাই ঘূৰাই লৈ ফুৰিছিল।
প্রশ্ন ৬। বিশেষভাবে সক্ষম লোকসকলক ব্র'নে কেনেদৰে সহায় কৰিলে?
উত্তৰঃ বিশেষভাৱে সক্ষম লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত হোৱা অসুবিধাবোৰ ব্র'নে হাড়ে-হিমজুৱে বুজি উঠিছিল। কাৰণ তেওঁ নিজৰ জীৱনতে এই সমস্যাসমূহৰ মুখামুখি হৈছিল। যাতায়াতৰ বাবে সদায়ে বিশেষভাবে সক্ষম লোকসকলে পৰনিৰ্ভৰ হ'বলগীয়া হয়। কাৰণ, সকলো সময়তে মাক-দেউতাক তেওঁৰ লগত থাকিব নোৱাৰিছিল আৰু আন সকলো মানুহ তেওঁৰ প্রতি মাক-দেউতাকৰ দৰে উদাৰচিতীয়া নাছিল। সেই সময়ত বিশেষভাৱে সক্ষম মানুহখিনিৰ বাবে যাতায়াত সহজ কৰি দিয়াৰ কথা সমাজেও চিন্তা নকৰিছিল। বিশেষভাৱে সক্ষম লোকসকলৰ অভাৱ-অসুবিধাই ব্র'নক চিন্তিত কৰিছিল। তেওঁলোকৰ যোগাযোগৰ ক্ষেত্ৰত থকা অভাৱসমূহ দূৰ কৰিবলৈ ব্র'ন প্রতিজ্ঞাবদ্ধ হ'ল। সেইবাবে তেওঁ এটা কোম্পানী আৰম্ভ কৰে। তাতেই তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে বিশ্বৰ ভিতৰতে প্ৰথমখন মটৰচালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়ায়।
যথেষ্ট কষ্টৰ মাজেৰে ব্ৰ'নে খোলা কোম্পানীটোৱে বর্তমান বিশ্বব্যাপী খ্যাতি লাভ কৰিছে। এই কোম্পানীয়ে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুবিধাজনক হোৱাকৈ বাহন তৈয়াৰ কৰে।
প্রশ্ন ৭। 'মোৰ মা-দেউতাই কৈছে যে তোমাৰ গুৰুতৰ অসুখ হৈছে।' এই কথাষাৰ কোনে, কাক, কিয় কৈছিল?
উত্তৰঃ ওপৰৰ কথাষাৰ হেনৰীয়ে ব্র'নক কৈছিল।
ছবছৰীয়া ব্ৰ'নে যেতিয়া লগৰীয়াৰ লগত সুস্থভাবে খেলা-ধূলা কৰিব পৰা নাছিল তেতিয়া মাক-দেউতাকে ব্র'নক হাস্পতাললৈ লৈ গ'ল। ডাক্তৰজনে ব্ৰ'নক বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি এটা বেমাৰৰ বাবে ব্ৰ 'নক আন ল'ৰা-ছোৱালীৰ দৰে খোজকঢ়া আৰু ঘূৰি ফুৰাত অসুবিধা পায় বুলি ক'লে। ডাক্তৰে দিয়া ঔষধবোৰ লৈ ব্র'নহঁত খুৰাকৰ ঘৰলৈ ঘূৰি আহিল। কিন্তু ঔষধকেইটা গাড়ীতে ৰৈ গ'ল বাবে ব্র'নে হেঁপাই-ফোঁপাই আকৌ গাড়ীৰ ওচৰলৈ গ'ল। থৰক-বৰক খোজেৰে উভতি আহোঁতে ঔষধৰ বাকচটো তেওঁৰ হাতৰ পৰা পৰি গ'ল। লগৰীয়াকেইটাই বাকচটো পৰা দেখি ব্ৰ'নৰ কাষলৈ দৌৰি আহিল। ব্র'নে ভাগৰত ঔষধকেইটাও উঠাবলৈ সক্ষম হোৱা নাই। ঔষধকেইটা বুটলি দি হেনৰীয়ে ক'লে- 'মোৰ দেউতাই কৈছে যে তোমাৰ গুৰুতৰ অসুখ হৈছে। ভগৱানে হয়তো খুব সোনকালে তোমাক তেওঁৰ ওচৰলৈ লৈ যাব পাৰে।'
প্রশ্ন ৮। 'তেনে বয়সত দেউতাকৰ বোকোচাত উঠি ফুৰাটো সন্তানৰ বাবে ভৱিষ্যতৰ মধুৰ স্মৃতিৰ সমল।' ব্ৰ'নৰ বাবে দেউতাকৰ পিঠিত ঘূৰি ফুৰাটো মধুৰ স্মৃতি কিয় নাছিল?
উত্তৰঃ ব্ৰ'নৰ বাবে দেউতাকৰ পিঠিত ঘূৰি ফুৰাটো মধুৰ স্মৃতি নাছিল। কাৰণ ব্ৰ'নে ভৰি দুখনেৰে খোজ কাঢ়িব নোৱাৰিছিল। সেইবাবে দেউতাকে বোকোচাত উঠাই ঘূৰাই লৈ ফুৰিবলগীয়া হৈছিল। বাধ্যত পৰিহে ব্ৰ'নৰ দেউতাকে তেনে কৰিবলগীয়া হৈছিল।
প্রশ্ন ৯। তলত দিয়া শব্দকেইটাৰে দুটাকৈ নতুন বাক্য ৰচনা কৰা।
(ক) হাড়ে-হিমজুবে
(খ) হাঁহি-খিকিন্দালি
(গ) থৰক-বৰক
(ঘ) অভাব-অভিযোগ
(ঙ) জীৱন-যোদ্ধা
(চ) হেঁপাই-ফোঁপাই
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
(ক) হাড়ে-হিমজুৱে
● কৃষকৰ কষ্টবোৰ তেওঁ হাড়ে-হিমজুৱে অনুভৱ কৰিছিল।
● দুখীয়া মানুহৰ দুখ-কষ্ট হাড়ে-হিমজুৱে নুবুজিলে সহায় কৰিব নোৱাৰি।
(খ) হাঁহি-খিকিন্দালি
● বিহু উৎসৱত গাঁওখন হাঁহি-খিকিন্দালিৰে মুখৰিত হৈ উঠিল।
● বন্ধুবোৰে মিলি হাঁহি-খিকিন্দালিৰে সময় পাৰ কৰিলে।
(গ) থৰক-বৰক
● ভয়তে শিশুটোৱে থৰক-বৰককৈ কঁপি উঠিল।
● বৃদ্ধজন থৰক-বৰক খোজেৰে ঘৰলৈ আগবাঢ়িল।
(ঘ) অভাৱ-অভিযোগ
● অভাৱ-অভিযোগ থাকিলেও তেওঁ কেতিয়াও মনোবল হেৰুৱাই নাছিল।
● গাঁওবাসীয়ে নিজৰ অভাৱ-অভিযোগ চৰকাৰৰ ওচৰত দাঙি ধৰিলে।
(ঙ) জীৱন-যোদ্ধা
● কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও তেওঁ জীৱন-যোদ্ধাৰ দৰে আগবাঢ়ি গৈছে।
● প্রতিবন্ধকতা জয় কৰা প্রতিজন মানুহেই প্রকৃত জীৱন-যোদ্ধা।
(চ) হেঁপাই-ফোঁপাই
● দীঘলীয়া দৌৰৰ পাছত খেলুৱৈজন হেঁপাই-ফোঁপাই বহি পৰিল।
● খৰখেদাকৈ দৌৰি আহি সি হেঁপাই-ফোঁপাই কথা ক’বলৈ ধৰিলে।
প্রশ্ন ১০। তলত দিয়া শুদ্ধ বানানটো বিচাৰি উলিয়াই কাষত থকা ০ টো পূৰ কৰা।
● যাতায়ত, যাতায়াত
উঃ যাতায়াত
● জপিয়াই, জঁপিয়াই
উঃ জঁপিয়াই
● দুর্ঘটনা, দূর্ঘটনা
উঃ দূৰ্ঘটনা
● সম্ভৱনা, সম্ভাৱনা
উঃ সম্ভাৱনা
● উদাৰচেতিয়া, উদাৰচেতীয়া
উঃ উদাৰচেতিয়া
● ভবিষ্যত, ভৱিষ্যত
উঃ ভৱিষ্য়ত
প্ৰশ্ন ১২। তলৰ পদকেইটা কোনবিধৰ বিশেষ্য় লিখা।
প্রশ্ন ১৩। 'আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস' কি তাৰিখে পালন কৰা হয়?
উত্তৰঃ ১৯৯২ চনৰ পৰা বিশ্বত প্ৰতি বছৰে ৩ ডিচেম্বৰ তাৰিখে 'আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস' পালন কৰা হয়।
প্রশ্ন ১৪। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস কিয় পালন কৰা হয়?
উত্তৰ: আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিনটোত বিশেষভাৱে সক্ষম লোকসকলৰ অধিকাৰৰ লগতে তেওঁলোকৰ কল্যাণৰ দিশসমূহ সমাজত প্ৰচাৰ কৰা হয়। এই দিনটোৰ উদ্দেশ্য হ'ল তেওঁলোকৰ সুবিধা-অসুবিধাসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।
প্রশ্ন ১৫। সমাজত সমমর্মিতা আৰু সহমর্মিতাৰ কিয় প্রয়োজন হয় লিখা।
উত্তৰঃ সমমর্মিতা মানে আনৰ অনুভূতি, সুখ-দুখ আৰু কষ্ট বুজি পোৱাৰ ক্ষমতা। আনহাতে, সহমর্মিতা মানে আনৰ দুখত সহানুভূতি প্ৰকাশ কৰি সহায়ৰ হাত আগবঢ়োৱা।
সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ এই দুয়োটা গুণ অতি প্রয়োজনীয়। সমমর্মিতা থাকিলে মানুহে আনৰ সমস্যা আৰু কষ্ট উপলব্ধি কৰিব পাৰে। ইয়াৰ ফলত মানুহৰ মাজত ভাল সম্পর্ক আৰু পাৰস্পৰিক বিশ্বাস গঢ়ি উঠে।
সহমর্মিতাই মানুহক আনৰ বিপদত সহায় কৰিবলৈ উৎসাহিত কৰে। কোনো ব্যক্তি দুখ-কষ্টত পৰিলে আনসকলে সহায়-সহযোগিতা আগবঢ়ালে সমাজত একতা আৰু মানবীয় মূল্যবোধ বৃদ্ধি পায়।
সেয়ে এখন সুস্থ, শান্তিপূর্ণ আৰু উন্নত সমাজ গঢ়িবলৈ সমমর্মিতা আৰু সহমর্মিতাৰ অতি প্রয়োজন।
প্রশ্ন ১৬। 'বিশেষভাৱে সক্ষম লোকে শাৰীৰিক বাধা নেওচি সমাজৰ উন্নতিৰ বাবে অৰিহণা আগবঢ়ায়।'. এনে এজন ব্যক্তিৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এখন জীবনীমূলক ৰচনা লিখা। উত্তৰঃ
হেলেন কেলাৰ
ভূমিকাঃ মানুহৰ জীৱনত বাধা-বিপত্তি আহিবই পাৰে। কিন্তু সাহস, আত্মবিশ্বাস আৰু অধ্যৱসায় থাকিলে সেই বাধা অতিক্ৰম কৰি সফলতা লাভ কৰিব পাৰি। পৃথিৱীত বহু বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিজৰ অদম্য মনোবলৰ জৰিয়তে সমাজলৈ অসাধাৰণ অৱদান আগবঢ়াইছে। তেনে এজন মহান ব্যক্তিত্ব হ’ল হেলেন কেলাৰ। তেওঁ শাৰীৰিক সীমাবদ্ধতাক জয় কৰি সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল।
জন্ম আৰু শৈশৱঃ হেলেন কেলাৰ ৰ জন্ম ১৮৮০ চনৰ ২৭ জুন তাৰিখে আমেৰিকাৰ আলাবামা ৰাজ্যত হৈছিল। সৰু বয়সত তেওঁ এক ভয়ংকৰ ৰোগত আক্রান্ত হয়। এই ৰোগৰ ফলত তেওঁ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটাই হেৰুৱাই পেলায়। ফলত তেওঁ আন শিশুৰ দৰে দেখা, শুনা বা স্বাভাৱিকভাৱে কথা ক’ব নোৱাৰিছিল।
এই কঠিন পৰিস্থিতিৰ বাবেই শৈশৱত তেওঁ বহু কষ্ট ভোগ কৰিছিল। কিন্তু তেওঁৰ পৰিয়ালে কেতিয়াও সাহস হেৰুৱাই নাছিল।
শিক্ষাজীৱনঃ হেলেন কেলাৰৰ জীৱনত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল তেওঁৰ শিক্ষয়িত্ৰী এন চেলিভান এ। এন চেলিভানে হেলেনক স্পৰ্শৰ জৰিয়তে শব্দ আৰু ভাষা শিকাইছিল। ধৈৰ্য আৰু অধ্যৱসায়েৰে তেওঁ হেলেনক শিক্ষা দিয়াত সফল হৈছিল।
হেলেন কেলাৰে পিছলৈ ব্রেইল পদ্ধতি শিকি পঢ়াশুনা আৰম্ভ কৰে। বহু কষ্ট সহ্য কৰিও তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কলেজীয়া শিক্ষা সম্পূর্ণ কৰা প্ৰথমজন দৃষ্টিহীন আৰু বধিৰ ব্যক্তি হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰে।
সাহিত্য আৰু সমাজসেৱাঃ হেলেন কেলাৰ কেৱল এগৰাকী শিক্ষিতা ব্যক্তিয়েই নাছিল, তেওঁ এগৰাকী মহান লেখিকা আৰু সমাজসেৱীও আছিল। তেওঁ বহু গ্ৰন্থ লিখিছিল। তেওঁৰ আত্মজীৱনী “The Story of My Life” বিশ্বজুৰি অতি জনপ্ৰিয়।
তেওঁ বিশেষভাৱে সক্ষম লোকসকলৰ অধিকার, শিক্ষা আৰু সমান সুযোগৰ বাবে আজীৱন কাম কৰিছিল। বিভিন্ন দেশ ভ্ৰমণ কৰি তেওঁ মানুহক সাহস, আশা আৰু আত্মবিশ্বাসৰ বাণী শুনাইছিল।
সমাজলৈ অৱদানঃ হেলেন কেলাৰে প্রমাণ কৰি দেখুৱাইছিল যে শাৰীৰিক অক্ষমতা মানুহৰ সফলতাৰ বাধা নহয়। তেওঁ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে শিক্ষা আৰু কর্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল।
তেওঁৰ জীৱন আৰু কর্মই লাখ লাখ মানুহক অনুপ্ৰাণিত কৰিছে। আজিও তেওঁ সংগ্রাম, সাহস আৰু মানৱসেৱাৰ প্রতীক হিচাপে স্মৰণীয়।
উপসংহাৰঃ হেলেন কেলাৰৰ জীৱনী আমাৰ বাবে এক মহান শিক্ষাৰ উৎস। তেওঁ কঠিন বাধা-বিপত্তিৰ মাজতো কেতিয়াও হতাশ হোৱা নাছিল। নিজৰ অদম্য মনোবল, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ জৰিয়তে তেওঁ বিশ্বজুৰি সন্মান লাভ কৰিছিল।
সেয়ে আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা শিক্ষা লৈ সাহস, পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱা উচিত।
Type By: Bikash Bora