Chapter 2
"কম্পিউটাৰ প্ৰণালী আৰু ছফ্টৱেৰ (Computer Systems & Software)"
অতি চমু প্ৰশ্ন-উত্তৰ :
৩. দীঘল প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: আধুনিক কম্পিউটাৰ প্ৰণালীৰ ইনপুট সঁজুলিসমূহৰ ভিতৰত ডাটা স্ক্যানিং, ভয়েচ ৰিকগনিচন আৰু ডিজিটাইজাৰ সঁজুলিৰ কাৰ্যপ্ৰণালী আৰু প্ৰয়োগ বিস্তৃতভাৱে আলোচনা কৰা।
উত্তৰ: আধুনিক কম্পিউটাৰ প্ৰণালীত তথ্য সংগ্ৰহৰ বাবে কিবৰ্ড আৰু মাউছৰ উপৰি বিভিন্ন উন্নত ইনপুট সঁজুলি ব্যৱহাৰ কৰা হয়। ডাটা স্ক্যানিং, ভয়েচ ৰিকগনিচন আৰু ডিজিটাইজাৰ এনে কেইটামান গুৰুত্বপূৰ্ণ সঁজুলি। এইবোৰে তথ্য সংগ্ৰহৰ কাম দ্ৰুত, সহজ আৰু অধিক নিখুঁত কৰি তোলে।
- ডাটা স্ক্যানিং সঁজুলি (Data Scanning Devices):স্কেনাৰ, OMR আৰু Barcode Reader আদি ডাটা স্ক্যানিং সঁজুলিৰ উদাহৰণ। এইবোৰে কাগজ, ছবি, চিহ্ন বা বাৰক’ডৰ পৰা তথ্য সংগ্ৰহ কৰি ডিজিটেল ৰূপত কম্পিউটাৰলৈ প্ৰেৰণ কৰে। উদাহৰণস্বৰূপে, ফ্লেটবেড স্কেনাৰে কাগজত থকা ছবি বা লিখনী স্কেন কৰি JPEG বা PDF আদি ডিজিটেল ফৰ্মেটলৈ পৰিৱৰ্তন কৰে। নথি সংৰক্ষণ, পৰীক্ষাৰ উত্তৰপত্ৰ পৰীক্ষা আৰু সামগ্ৰীৰ তথ্য সংগ্ৰহত এইবোৰ ব্যৱহাৰ কৰা হয়।
- ভয়েচ ৰিকগনিচন সঁজুলি (Voice Recognition Devices):এই সঁজুলিয়ে মানুহৰ মাত বা কথাক কম্পিউটাৰে বুজিব পৰা ডিজিটেল তথ্যলৈ ৰূপান্তৰ কৰে। মাইক্ৰ’ফোনে মানুহৰ মাত সংগ্ৰহ কৰাৰ পিছত Analog-to-Digital Converter (ADC)-এ ইয়াক ডিজিটেল সংকেতলৈ পৰিৱৰ্তন কৰে। তাৰ পিছত ছফ্টৱেৰে শব্দৰ আৰ্হি বিশ্লেষণ কৰি কথাখিনি চিনাক্ত কৰে। স্মাৰ্টফোন, ভয়েচ কমাণ্ড আৰু বিভিন্ন সেৱাত ইয়াৰ ব্যৱহাৰ দেখা যায়।
- ডিজিটাইজাৰ (Digitizer):ডিজিটাইজাৰ হৈছে বিশেষ পেন বা Stylus আৰু পেডযুক্ত এটা ইনপুট সঁজুলি। ব্যৱহাৰকাৰীয়ে পেডত পেনেৰে লিখিলে বা ছবি আঁকিলে ডিজিটাইজাৰে পেনৰ অৱস্থান আৰু গতিবিধি ধৰি সেই তথ্য ডিজিটেল ৰূপলৈ পৰিৱৰ্তন কৰে। CAD, গ্ৰাফিক্স ডিজাইন, ডিজিটেল আৰ্ট আৰু GIS-ত ইয়াৰ ব্যৱহাৰ কৰা হয়।
সেয়েহে, এই ইনপুট সঁজুলিসমূহে বিভিন্ন ধৰণৰ তথ্য কম্পিউটাৰত সহজে প্ৰৱেশ কৰোৱাত সহায় কৰে আৰু মানুহ-কম্পিউটাৰ যোগাযোগ অধিক সহজ কৰি তোলে।
প্ৰশ্ন ২: সংখ্যা প্ৰণালী (Number System) কি? কম্পিউটাৰ বিজ্ঞানত ব্যৱহাৰ হোৱা বাইনাৰী, অকটেল, ডেচিমেল আৰু হেক্সাডেচিমেল সংখ্যা প্ৰণালীৰ পাৰস্পৰিক গুৰুত্ব বৰ্ণনা কৰা।
উত্তৰ: সংখ্যা প্ৰণালী (Number System) হৈছে সংখ্যা বা গাণিতিক মান প্ৰকাশ কৰাৰ এক নিৰ্দিষ্ট পদ্ধতি। কম্পিউটাৰ বিজ্ঞানত তথ্য প্ৰচেছিং, সংৰক্ষণ আৰু প্ৰকাশৰ বাবে বিভিন্ন সংখ্যা প্ৰণালী ব্যৱহাৰ কৰা হয়। মুখ্য চাৰিটা সংখ্যা প্ৰণালী হ’ল—
এইদৰে, বাইনাৰী সংখ্যা প্ৰণালী কম্পিউটাৰৰ অভ্যন্তৰীণ কামৰ বাবে মূল, আনহাতে অকটেল আৰু হেক্সাডেচিমেল সংখ্যা প্ৰণালীয়ে বাইনাৰী তথ্য সহজ আৰু চমুকৈ প্ৰকাশ কৰাত সহায় কৰে। ডেচিমেল সংখ্যা প্ৰণালী মানুহৰ বাবে আটাইতকৈ সহজ আৰু পৰিচিত।
প্ৰশ্ন ৩: কাৰ্য্য (Task), উৎস (Source) আৰু লাইচেঞ্চৰ (Licence) ভিত্তিত কম্পিউটাৰ ছফ্টৱেৰৰ শ্ৰেণীবিভাগ বিশদভাৱে বৰ্ণনা কৰা।
উত্তৰ: কম্পিউটাৰক বিভিন্ন কাম সম্পাদন কৰিবলৈ দিয়া নিৰ্দেশনা বা প্ৰগ্ৰামৰ সমষ্টিক ছফ্টৱেৰ বোলে। ছফ্টৱেৰক কাৰ্য্য, উৎস আৰু লাইচেঞ্চৰ ভিত্তিত বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি।
১/ কাৰ্য্যৰ ভিত্তিত শ্ৰেণীবিভাগ (Based on Task):
- চিষ্টেম ছফ্টৱেৰ (System Software): কম্পিউটাৰৰ হাৰ্ডৱেৰ পৰিচালনা আৰু কম্পিউটাৰ চলোৱাত সহায় কৰে। যেনে—Windows, Linux আৰু Device Driver।
- এপ্লিকেচন ছফ্টৱেৰ (Application Software): ব্যৱহাৰকাৰীৰ নিৰ্দিষ্ট কাম সম্পন্ন কৰে। যেনে—MS Office আৰু Web Browser।
- ইউটিলিটি ছফ্টৱেৰ (Utility Software): কম্পিউটাৰৰ ৰক্ষণাবেক্ষণ, নিৰাপত্তা আৰু কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে। যেনে—Antivirus আৰু Disk Utility।
২/ উৎসৰ ভিত্তিত শ্ৰেণীবিভাগ (Based on Source):
- ওপেন ছৰ্চ ছফ্টৱেৰ (Open Source): ইয়াৰ Source Code ব্যৱহাৰকাৰীৰ বাবে উন্মুক্ত থাকে আৰু নিয়ম অনুসৰি ইয়াক পৰিৱৰ্তন বা বিতৰণ কৰিব পাৰি। যেনে—Linux।
- ক্লোজড ছৰ্চ ছফ্টৱেৰ (Closed Source): ইয়াৰ Source Code গোপনীয় আৰু সাধাৰণ ব্যৱহাৰকাৰীয়ে ইয়াক সলনি কৰিব নোৱাৰে। যেনে—Microsoft Windows আৰু macOS।
৩/ লাইচেঞ্চৰ ভিত্তিত শ্ৰেণীবিভাগ (Based on Licence):
- প্ৰপ্ৰাইটেৰী ছফ্টৱেৰ (Proprietary Software): ইয়াৰ ব্যৱহাৰৰ অধিকাৰ নিৰ্দিষ্ট চৰ্ত আৰু লাইচেঞ্চৰ অধীনত থাকে। যেনে—Adobe Photoshop।
- ফ্ৰীৱেৰ (Freeware): সাধাৰণতে বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি, কিন্তু Source Code সলনি কৰাৰ অধিকাৰ নাথাকে।
- শ্বেয়াৰৱেৰ (Shareware): সীমিত সময় বা সীমিত সুবিধাৰে পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিবলৈ দিয়া হয়। পিছত সম্পূৰ্ণ সুবিধাৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব পাৰে।
প্ৰশ্ন ৪: এটা উন্নত মানৰ বা ভাল ছফ্টৱেৰৰ গুণাগুণসমূহ (Quality Metrics of Good Software) কি কি? উপযুক্ত নিৰ্দেশকেৰে আলোচনা কৰা।
উত্তৰ: এটা ভাল ছফ্টৱেৰ কেৱল শুদ্ধভাৱে কাম কৰিলেই নহয়, ইয়াৰ ব্যৱহাৰযোগ্যতা, নিৰাপত্তা, দক্ষতা আৰু ৰক্ষণাবেক্ষণৰ সুবিধাও ভাল হ’ব লাগে। উন্নত মানৰ ছফ্টৱেৰৰ মুখ্য গুণাগুণসমূহ হ’ল—
১/ নিৰ্ভৰযোগ্যতা (Reliability): ছফ্টৱেৰে ত্ৰুটি বা Crash নকৰাকৈ ধাৰাবাহিকভাৱে শুদ্ধ ফলাফল প্ৰদান কৰিব লাগে।
২/ কাৰ্যক্ষমতা আৰু দক্ষতা (Efficiency): কম সময় আৰু কম CPU, RAM আদি সম্পদ ব্যৱহাৰ কৰি ছফ্টৱেৰে দ্ৰুতভাৱে কাম কৰিব লাগে।
৩/ ব্যৱহাৰৰ সৰলতা (Usability): ছফ্টৱেৰটো ব্যৱহাৰকাৰীৰ বাবে সহজ, স্পষ্ট আৰু User-friendly হ’ব লাগে।
৪/ ৰক্ষণাবেক্ষণৰ যোগ্যতা (Maintainability): ত্ৰুটি সংশোধন, আপডেট আৰু নতুন সুবিধা সংযোজন সহজ হ’ব লাগে।
৫/ পৰ্টেবিলিটি (Portability): বিশেষ পৰিৱৰ্তন নকৰাকৈ বিভিন্ন অপাৰেটিং চিষ্টেম বা হাৰ্ডৱেৰ প্লেটফৰ্মত চলিব পৰা হ’ব লাগে।
৬/ নিৰাপত্তা (Security): অননুমোদিত প্ৰৱেশ আৰু চাইবাৰ আক্ৰমণৰ পৰা তথ্য আৰু ছফ্টৱেৰ সুৰক্ষিত ৰাখিব পাৰিব লাগে।
এই গুণসমূহে এটা ছফ্টৱেৰৰ মান, ব্যৱহাৰযোগ্যতা আৰু দীৰ্ঘস্থায়িত্ব বৃদ্ধি কৰে।
প্ৰশ্ন ৫: কম্পিউটাৰ প্ৰণালীত অপাৰেটিং চিষ্টেমৰ (Operating System) গুৰুত্ব ব্যাখ্যা কৰা। ই কেনেকৈ হাৰ্ডৱেৰ আৰু ব্যৱহাৰকাৰীৰ মাজত সেতু হিচাপে কাম কৰে?
উত্তৰ: অপাৰেটিং চিষ্টেম (OS) হৈছে কম্পিউটাৰৰ এক গুৰুত্বপূৰ্ণ চিষ্টেম ছফ্টৱেৰ। ই ব্যৱহাৰকাৰী আৰু কম্পিউটাৰৰ হাৰ্ডৱেৰৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰে।