Chapter 1
"কম্পিউটাৰৰ মৌলিক ধাৰণা (Fundamentals of Computers)"
১. অতি চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: মাইক্ৰ’প্ৰচেছৰ (Microprocessor) কম্পিউটাৰৰ কোনটো প্ৰজন্মত প্ৰথম ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: মাইক্ৰ’প্ৰচেছৰ প্ৰথমবাৰৰ বাবে চতুৰ্থ প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হৈছিল।
প্ৰশ্ন ২: 'কম্পিউটাৰৰ পিতৃ' (Father of Computer) বুলি কাক কোৱা হয়?
উত্তৰ: চাৰ্লছ বেবেজ (Charles Babbage)-ক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়।
প্ৰশ্ন ৩: ENIAC-ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: ENIAC-ৰ সম্পূৰ্ণ নাম হৈছে Electronic Numerical Integrator and Computer।
প্ৰশ্ন ৪: ছুপাৰ কম্পিউটাৰৰ এটা উদাহৰণ দিয়া।
উত্তৰ: ছুপাৰ কম্পিউটাৰৰ উদাহৰণ হৈছে PARAM Siddhi আৰু Frontier।
প্ৰশ্ন ৫: দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰত ভেকুৱাম টিউবৰ সলনি কি ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰত ভেকুৱাম টিউবৰ সলনি ট্ৰানজিষ্টৰ (Transistor) ব্যৱহাৰ কৰা হৈছিল।
প্ৰশ্ন ৬: পেস্কেলিন (Pascaline) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: ব্লেইজ পেস্কেলে (Blaise Pascal) ১৬৪২ চনত পেস্কেলিন উদ্ভাৱন কৰিছিল।
প্ৰশ্ন ৭: এনালগ আৰু ডিজিটেল কম্পিউটাৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা কম্পিউটাৰক কি বুলি কোৱা হয়?
উত্তৰ: এনালগ আৰু ডিজিটেল কম্পিউটাৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা কম্পিউটাৰক হাইব্ৰিড কম্পিউটাৰ (Hybrid Computer) বুলি কোৱা হয়।
প্ৰশ্ন ৮: IC-ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: IC-ৰ সম্পূৰ্ণ ৰূপ হৈছে Integrated Circuit।
প্ৰশ্ন ৯: পৃথিৱীৰ প্ৰথমটো গণনা যন্ত্ৰ (Calculating Device) বুলি কাক গণ্য কৰা হয়?
উত্তৰ: পৃথিৱীৰ প্ৰাচীনতম গণনা যন্ত্ৰ হিচাপে এবাকাছ (Abacus)-ক গণ্য কৰা হয়।
প্ৰশ্ন ১০: কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) কম্পিউটাৰৰ কোনটো প্ৰজন্মৰ মুখ্য বিষয়?
উত্তৰ: পঞ্চম প্ৰজন্মৰ কম্পিউটাৰত কৃত্ৰিম বুদ্ধিমত্তাক মুখ্য বিষয় হিচাপে গণ্য কৰা হয়।
প্ৰশ্ন ১১: চাৰ্লছ বেবেজে ১৮৩৩ চনত সজা ঐতিহাসিক যন্ত্ৰটোৰ নাম কি আছিল?
উত্তৰ: চাৰ্লছ বেবেজে ১৮৩৩ চনত এনালাইটিকেল ইঞ্জিন (Analytical Engine)-ৰ নক্সা প্ৰস্তুত কৰিছিল।
প্ৰশ্ন ১২: প্ৰথম প্ৰজন্মৰ কম্পিউটাৰত মুখ্য ইলেকট্ৰনিক উপাদান হিচাপে কি ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: প্ৰথম প্ৰজন্মৰ কম্পিউটাৰত মুখ্য ইলেকট্ৰনিক উপাদান হিচাপে ভেকুৱাম টিউব (Vacuum Tube) ব্যৱহাৰ কৰা হৈছিল।
প্ৰশ্ন ১৩: উচ্চস্তৰৰ প্ৰগ্ৰামিং ভাষা যেনে FORTRAN আৰু COBOL প্ৰথমবাৰৰ বাবে কোনটো প্ৰজন্মত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: FORTRAN আৰু COBOL-ৰ দৰে উচ্চস্তৰৰ প্ৰগ্ৰামিং ভাষা দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হৈছিল।
প্ৰশ্ন ১৪: আধুনিক ডিজিটেল কম্পিউটাৰৰ স্থাপত্য (Von Neumann Architecture) কোনে আগবঢ়াইছিল?
উত্তৰ: জোন ভন নিউমেন (John von Neumann)-এ Von Neumann Architecture আগবঢ়াইছিল।
প্ৰশ্ন ১৫: মাইক্ৰ’কম্পিউটাৰৰ এটা সাধাৰণ উদাহৰণ দিয়া।
উত্তৰ: ডেস্কটপ কম্পিউটাৰ বা লেপটপ ’কম্পিউটাৰৰ সাধাৰণ উদাহৰণ।
২. চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: 'এনালাইটিকেল ইঞ্জিন' (Analytical Engine) ৰ বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰ: চাৰ্লছ বেবেজে ১৮৩৩ চনত পৰিকল্পনা কৰা এনালাইটিকেল ইঞ্জিনক আধুনিক কম্পিউটাৰৰ প্ৰাৰম্ভিক ৰূপ হিচাপে গণ্য কৰা হয়। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—
প্ৰশ্ন ২: ভেকুৱাম টিউব ভিত্তিক কম্পিউটাৰৰ দুটা মুখ্য সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰ: ভেকুৱাম টিউব-ভিত্তিক প্ৰথম প্ৰজন্মৰ কম্পিউটাৰৰ প্ৰধান সীমাবদ্ধতাসমূহ হ’ল—
প্ৰশ্ন ৩: ট্ৰানজিস্টৰে কম্পিউটাৰ বিকাশৰ গতি কেনেদৰে সলনি কৰিলে?
উত্তৰ: দ্বিতীয় প্ৰজন্মত ভেকুৱাম টিউবৰ সলনি ট্ৰানজিষ্টৰ ব্যৱহাৰ কৰাৰ ফলত কম্পিউটাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি ঘটে। কম্পিউটাৰসমূহ—
- আকাৰত সৰু হয়,
- অধিক দ্ৰুত আৰু নিৰ্ভৰযোগ্য হয়,
- কম তাপ উৎপন্ন কৰে,
- কম বিদ্যুৎ শক্তি ব্যৱহাৰ কৰে।
ফলত কম্পিউটাৰ অধিক কাৰ্যক্ষম আৰু ব্যৱহাৰযোগ্য হৈ পৰে।
প্ৰশ্ন ৪: সংহত বৰ্তনী বা ইণ্টেগ্ৰেটেড সার্কিট (IC) কি?
উত্তৰ: Integrated Circuit (IC) হৈছে এটা ক্ষুদ্ৰ অৰ্ধপৰিবাহী চিপ, য’ত বহুতো ইলেকট্ৰনিক উপাদান, যেনে—ট্ৰানজিষ্টৰ, ৰেজিষ্টৰ আৰু কেপাচিটৰ, একেলগে সংযুক্ত থাকে। জেক কিলবী (Jack Kilby) আৰু ৰবাৰ্ট নয়ছ (Robert Noyce)-ৰ অৱদানৰ ফলত IC-ৰ বিকাশ ঘটে। ই তৃতীয় প্ৰজন্মৰ কম্পিউটাৰৰ এক মুখ্য ভিত্তি আছিল।
প্ৰশ্ন ৫: প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰৰ মাজত দুটা মূল প্ৰভেদ লিখা।
উত্তৰ:
| প্ৰথম প্ৰজন্ম | দ্বিতীয় প্ৰজন্ম |
|---|
| ভেকুৱাম টিউব ব্যৱহাৰ কৰা হৈছিল। | ট্ৰানজিষ্টৰ ব্যৱহাৰ কৰা হৈছিল। |
| মেচিন লেংগুৱেজৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল। | এছেম্বলী আৰু FORTRAN, COBOL আদি উচ্চস্তৰৰ ভাষাৰ ব্যৱহাৰ আৰম্ভ হৈছিল। |
প্ৰশ্ন ৬: ভি.এল.এছ.আই (VLSI) আৰু ইউ.এল.এছ.আই (ULSI) ৰ্থ কি?
উত্তৰ: VLSI (Very Large Scale Integration) হৈছে এনে প্ৰযুক্তি যাৰ সহায়ত এটা চিপত বৃহৎ সংখ্যক ইলেকট্ৰনিক উপাদান সংযুক্ত কৰা হয়। ই চতুৰ্থ প্ৰজন্মৰ কম্পিউটাৰৰ বিকাশত গুৰুত্বপূৰ্ণ আছিল।
ULSI (Ultra Large Scale Integration) হৈছে VLSI-তকৈ অধিক ঘনত্বত বিপুল সংখ্যক উপাদান এটা চিপত সংযুক্ত কৰা প্ৰযুক্তি। ই অধিক উন্নত কম্পিউটাৰ প্ৰযুক্তিৰ সৈতে জড়িত।
প্ৰশ্ন ৭: এনালগ কম্পিউটাৰ (Analog Computer) বুলিলে কি বুজা?
উত্তৰ: যিবোৰ কম্পিউটাৰে অবিৰত ভৌতিক ৰাশি, যেনে—উষ্ণতা, চাপ, গতি, ভোল্টেজ আদি জোখ বা প্ৰক্ৰিয়াকৰণ কৰি কাম কৰে, সেইবোৰক এনালগ কম্পিউটাৰ বোলে। ই সাধাৰণতে অবিৰত মানৰ ওপৰত কাম কৰে। উদাহৰণস্বৰূপে—ঔদ্যোগিক নিয়ন্ত্ৰণ ব্যৱস্থা আৰু কিছুমান বৈজ্ঞানিক মাপনী যন্ত্ৰ।
প্ৰশ্ন ৮: ডিজিটেল কম্পিউটাৰ (Digital Computer) কি? ইয়াৰ কাম কি?
উত্তৰ: যিবোৰ কম্পিউটাৰে ডিজিটেল বা দ্বিমিক (Binary) তথ্য, অৰ্থাৎ ০ আৰু ১-ৰ ৰূপত তথ্য গ্ৰহণ, সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণ কৰে, সেইবোৰক ডিজিটেল কম্পিউটাৰ বোলে। ই গণনা, তথ্য প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু বিভিন্ন ধৰণৰ কাম সম্পাদন কৰে। ডেস্কটপ, লেপটপ আৰু স্মাৰ্টফোন ইয়াৰ উদাহৰণ।
প্ৰশ্ন ৯: হাইব্ৰিড কম্পিউটাৰৰ (Hybrid Computer) ব্যৱহাৰ সম্পৰ্কে লিখা।
উত্তৰ: হাইব্ৰিড কম্পিউটাৰত এনালগ আৰু ডিজিটেল কম্পিউটাৰৰ বৈশিষ্ট্য একেলগে থাকে। ই অবিৰত সংকেত গ্ৰহণ কৰি সেইবোৰ ডিজিটেল তথ্যলৈ ৰূপান্তৰ কৰি প্ৰক্ৰিয়াকৰণ কৰিব পাৰে।
ইয়াৰ ব্যৱহাৰ—
প্ৰশ্ন ১০: মেইনফ্ৰেম কম্পিউটাৰ (Mainframe Computer) ৰ বৈশিষ্ট্য কি কি?
উত্তৰ: মেইনফ্ৰেম কম্পিউটাৰ হৈছে বৃহৎ পৰিসৰত তথ্য প্ৰক্ৰিয়াকৰণ কৰিব পৰা শক্তিশালী কম্পিউটাৰ। ইয়াৰ বৈশিষ্ট্যসমূহ হ’ল—
প্ৰশ্ন ১১: ছুপাৰ কম্পিউটাৰ (Supercomputer) ৰ সংজ্ঞা আৰু ব্যৱহাৰ লিখা।
উত্তৰ: অতি উচ্চ গতি আৰু বৃহৎ গণনাকীয় ক্ষমতাসম্পন্ন কম্পিউটাৰক ছুপাৰ কম্পিউটাৰ বোলে। ই অতি জটিল আৰু বৃহৎ পৰিমাণৰ গণনা কম সময়ৰ ভিতৰত সম্পাদন কৰিব পাৰে।
ব্যৱহাৰ:
- বতৰৰ আগজাননী আৰু জলবায়ু গৱেষণা
- মহাকাশ গৱেষণা
- বৈজ্ঞানিক আৰু আণৱিক গৱেষণা
- বৃহৎ পৰিমাণৰ তথ্য বিশ্লেষণ
- বিভিন্ন জটিল গণনামূলক কাম
প্ৰশ্ন ১২: মাইক্ৰ’কম্পিউটাৰ (Microcomputer) বুলিলে কি বুজা?
উত্তৰ: মাইক্ৰ’প্ৰচেছৰক কেন্দ্ৰীয় প্ৰচেছিং উপাদান হিচাপে ব্যৱহাৰ কৰা সৰু আকাৰৰ কম্পিউটাৰক মাইক্ৰ’কম্পিউটাৰ বোলে। ই সাধাৰণতে ব্যক্তিগত আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে উপযোগী।
উদাহৰণ: ডেস্কটপ, লেপটপ আৰু টেবলেট।
প্ৰশ্ন ১৩: কম্পিউটাৰৰ 'স্তূপীকৃত প্ৰগ্ৰাম ধাৰণা' (Stored Program Concept) কি?
উত্তৰ: Stored Program Concept হৈছে এনে এক ধাৰণা য’ত কম্পিউটাৰৰ তথ্য (Data) আৰু প্ৰগ্ৰামৰ নিৰ্দেশনা (Instructions) একেটা মেমৰীত সংৰক্ষণ কৰা হয়। জোন ভন নিউমেন (John von Neumann)-ৰ কম্পিউটাৰ স্থাপত্যৰ সৈতে এই ধাৰণাটো জড়িত। ইয়াৰ ফলত কম্পিউটাৰে মেমৰীৰ পৰা নিৰ্দেশনা ক্ৰম অনুসৰি পঢ়ি স্বয়ংক্ৰিয়ভাৱে কাম কৰিব পাৰে।
প্ৰশ্ন ১৪: মিনি কম্পিউটাৰ (Minicomputer) আৰু মাইক্ৰ’কম্পিউটাৰৰ মাজত মূল পাৰ্থক্য কি?
উত্তৰ: মিনি কম্পিউটাৰ সাধাৰণতে মাইক্ৰ’কম্পিউটাৰতকৈ অধিক শক্তিশালী আৰু বহু-ব্যৱহাৰকাৰী কামৰ বাবে উপযোগী আছিল। আনহাতে, মাইক্ৰ’কম্পিউটাৰ তুলনামূলকভাৱে সৰু আৰু ব্যক্তিগত ব্যৱহাৰৰ বাবে অধিক উপযোগী।
প্ৰশ্ন ১৫: পঞ্চম প্ৰজন্মৰ কম্পিউটাৰৰ মূল লক্ষ্য কি?
উত্তৰ: পঞ্চম প্ৰজন্মৰ কম্পিউটাৰৰ মূল লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু প্ৰাকৃতিক ভাষা সংসাধন (Natural Language Processing)-ৰ বিকাশ সাধন কৰা। এই প্ৰজন্মৰ কম্পিউটাৰক মানুহৰ ভাষা বুজি পোৱা, জটিল সমস্যা সমাধান কৰা, শিকিব পৰা আৰু বুদ্ধিমত্তাসম্পন্ন সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়।
৩. দীঘল প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: কম্পিউটাৰৰ প্ৰাৰম্ভিক ইতিহাস আৰু গণনা যন্ত্ৰৰ ক্ৰমবিকাশ সম্পৰ্কে বিতংভাৱে আলোচনা কৰা।
উত্তৰ: কম্পিউটাৰৰ ইতিহাস মানুহৰ গণনা কাৰ্য সহজ আৰু দ্ৰুত কৰাৰ প্ৰচেষ্টাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। প্ৰাচীন কালৰ সৰল গণনা যন্ত্ৰৰ পৰা আৰম্ভ কৰি আধুনিক ইলেকট্ৰনিক কম্পিউটাৰলৈকে বহু পৰ্যায়ৰ মাজেৰে কম্পিউটাৰৰ বিকাশ ঘটিছে।
প্ৰশ্ন ২: কম্পিউটাৰৰ বিভিন্ন প্ৰজন্মসমূহ (Generations of Computer) উপযুক্ত উদাহৰণসহ বৰ্ণনা কৰা।
উত্তৰ: প্ৰযুক্তিগত বিকাশৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰৰ বিকাশক সাধাৰণতে পাঁচটা প্ৰজন্মত ভাগ কৰা হয়।
১. প্ৰথম প্ৰজন্ম (First Generation):
এই প্ৰজন্মৰ কম্পিউটাৰত ভেকুৱাম টিউব মুখ্য ইলেকট্ৰনিক উপাদান হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই কম্পিউটাৰসমূহ আকাৰত ডাঙৰ, অধিক বিদ্যুৎ-ব্যয়ী আৰু অধিক তাপ উৎপাদনকাৰী আছিল। মেচিন লেংগুৱেজ ব্যৱহাৰ কৰা হৈছিল।
উদাহৰণ: ENIAC, UNIVAC, EDVAC।
২. দ্বিতীয় প্ৰজন্ম (Second Generation):
এই প্ৰজন্মত ভেকুৱাম টিউবৰ সলনি ট্ৰানজিষ্টৰ ব্যৱহাৰ কৰা হয়। ফলত কম্পিউটাৰসমূহ সৰু, দ্ৰুত, কম তাপ উৎপাদনকাৰী আৰু অধিক নিৰ্ভৰযোগ্য হয়। Assembly Language আৰু FORTRAN, COBOL আদি উচ্চস্তৰৰ ভাষাৰ ব্যৱহাৰ আৰম্ভ হয়।
উদাহৰণ: IBM 1401, CDC 1604।
৩. তৃতীয় প্ৰজন্ম (Third Generation):
এই প্ৰজন্মত Integrated Circuit (IC) ব্যৱহাৰ কৰা হয়। ফলত কম্পিউটাৰৰ আকাৰ আৰু খৰচ হ্ৰাস পোৱাৰ লগতে গতি আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি পায়। Operating System-ৰ ব্যৱহাৰো অধিক বিকশিত হয়।
উদাহৰণ: IBM System/360, PDP-8।
৪. চতুৰ্থ প্ৰজন্ম (Fourth Generation):
এই প্ৰজন্মত VLSI প্ৰযুক্তিৰ বিকাশৰ ফলত মাইক্ৰ’প্ৰচেছৰৰ ব্যৱহাৰ আৰম্ভ হয়। ইয়াৰ ফলত Personal Computer বা PC-ৰ বিকাশ আৰু ব্যাপক ব্যৱহাৰ সম্ভৱ হয়।
উদাহৰণ: IBM PC, Apple II আদি।
৫. পঞ্চম প্ৰজন্ম (Fifth Generation):
এই প্ৰজন্মত Artificial Intelligence (AI), ULSI, Natural Language Processing আৰু Parallel Processing আদি উন্নত প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হয়। কম্পিউটাৰক অধিক বুদ্ধিমান আৰু স্বয়ংক্ৰিয় কৰি তোলাই ইয়াৰ অন্যতম লক্ষ্য।
উদাহৰণ: AI-ভিত্তিক ব্যৱস্থা, উন্নত ৰবটিক্স আৰু আধুনিক বুদ্ধিমান কম্পিউটিং ব্যৱস্থা।
প্ৰশ্ন ৩: কাৰ্যনীতি আৰু তথ্য উপস্থাপনৰ প্ৰকাৰ অনুসৰি কম্পিউটাৰৰ শ্ৰেণীবিভাগ আলোচনা কৰা।
উত্তৰ: তথ্য কেনেদৰে গ্ৰহণ, প্ৰক্ৰিয়াকৰণ আৰু ফলাফল প্ৰদান কৰে, তাৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি।
১. এনালগ কম্পিউটাৰ (Analog Computer):
যিবোৰ কম্পিউটাৰে উষ্ণতা, চাপ, গতি, ভোল্টেজ আদি অবিৰতভাৱে পৰিৱৰ্তনশীল ভৌতিক ৰাশিৰ ওপৰত কাম কৰে, সেইবোৰক এনালগ কম্পিউটাৰ বোলে।
বৈশিষ্ট্য:
- অবিৰত তথ্যৰ ওপৰত কাম কৰে।
- ভৌতিক ৰাশি জোখ-মাখ কৰাত উপযোগী।
- কিছুমান ক্ষেত্ৰত দ্ৰুত ফলাফল প্ৰদান কৰে।
ব্যৱহাৰ: বৈজ্ঞানিক পৰীক্ষা, ঔদ্যোগিক নিয়ন্ত্ৰণ আৰু বিভিন্ন মাপনী ব্যৱস্থাত।
২. ডিজিটেল কম্পিউটাৰ (Digital Computer):
যিবোৰ কম্পিউটাৰে ০ আৰু ১-ৰ দ্বিমিক সংখ্যা ব্যৱস্থা ব্যৱহাৰ কৰি তথ্য প্ৰক্ৰিয়াকৰণ কৰে, সেইবোৰক ডিজিটেল কম্পিউটাৰ বোলে।
বৈশিষ্ট্য:
- তথ্যক ডিজিটেল ৰূপত প্ৰক্ৰিয়াকৰণ কৰে।
- ফলাফল অধিক সঠিক আৰু নিৰ্ভৰযোগ্য।
- বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পাৰে।
ব্যৱহাৰ: শিক্ষা, ব্যৱসায়, বেংকিং, কাৰ্যালয়, গৱেষণা আদি সকলো ক্ষেত্ৰতে।
উদাহৰণ: ডেস্কটপ, লেপটপ, স্মাৰ্টফোন।
৩. হাইব্ৰিড কম্পিউটাৰ (Hybrid Computer):
এনালগ আৰু ডিজিটেল কম্পিউটাৰৰ বৈশিষ্ট্য একেলগে থকা কম্পিউটাৰক হাইব্ৰিড কম্পিউটাৰ বোলে।
বৈশিষ্ট্য:
- এনালগ তথ্য গ্ৰহণ কৰিব পাৰে।
- ডিজিটেল পদ্ধতিৰে তথ্য প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণ কৰিব পাৰে।
- দ্ৰুততা আৰু নিৰ্ভুলতা দুয়োটাৰে সুবিধা লাভ কৰা যায়।
ব্যৱহাৰ: চিকিৎসা, বৈজ্ঞানিক গৱেষণা, ঔদ্যোগিক নিয়ন্ত্ৰণ আৰু বিভিন্ন নিৰীক্ষণ ব্যৱস্থাত।
প্ৰশ্ন ৪: আকাৰ, ক্ষমতা আৰু গতিৰ ওপৰত ভিত্তি কৰি ডিজিটেল কম্পিউটাৰৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা।
উত্তৰ: আকাৰ, প্ৰচেছিং ক্ষমতা, সংৰক্ষণ ক্ষমতা আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ডিজিটেল কম্পিউটাৰক সাধাৰণতে মাইক্ৰ’কম্পিউটাৰ, মিনি কম্পিউটাৰ, মেইনফ্ৰেম কম্পিউটাৰ আৰু ছুপাৰ কম্পিউটাৰ—এই চাৰিটা ভাগত আলোচনা কৰা হয়।
১. মাইক্ৰ’কম্পিউটাৰ (Microcomputer):
মাইক্ৰ’প্ৰচেছৰ-ভিত্তিক আৰু তুলনামূলকভাৱে সৰু কম্পিউটাৰক মাইক্ৰ’কম্পিউটাৰ বোলে। ই সাধাৰণতে ব্যক্তিগত ব্যৱহাৰৰ বাবে উপযোগী।
উদাহৰণ: Desktop, Laptop, Tablet।
ব্যৱহাৰ: শিক্ষা, কাৰ্যালয়, ঘৰুৱা কাম, ইণ্টাৰনেট আৰু ব্যক্তিগত কামত।
২. মিনি কম্পিউটাৰ (Minicomputer):
মাইক্ৰ’কম্পিউটাৰতকৈ অধিক শক্তিশালী আৰু বহু-ব্যৱহাৰকাৰী কম্পিউটাৰক মিনি কম্পিউটাৰ বুলি কোৱা হয়। ঐতিহাসিকভাৱে ই মধ্যম পৰিসৰৰ সংগঠন আৰু প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হৈছিল।
ব্যৱহাৰ: গৱেষণা, শিক্ষা প্ৰতিষ্ঠান আৰু মধ্যম পৰিসৰৰ ব্যৱসায়িক কামত।
৩. মেইনফ্ৰেম কম্পিউটাৰ (Mainframe Computer):
মেইনফ্ৰেম হৈছে বৃহৎ পৰিমাণৰ তথ্য প্ৰক্ৰিয়াকৰণ আৰু বহু ব্যৱহাৰকাৰীক একেলগে সেৱা আগবঢ়াব পৰা শক্তিশালী কম্পিউটাৰ।
ব্যৱহাৰ: বেংকিং, বীমা, ৰে’লৱে টিকট ব্যৱস্থা, চৰকাৰী তথ্য ব্যৱস্থাপনা আদি।
৪. ছুপাৰ কম্পিউটাৰ (Supercomputer):
অতি উচ্চ গতি আৰু গণনাকীয় ক্ষমতাসম্পন্ন কম্পিউটাৰক ছুপাৰ কম্পিউটাৰ বোলে। ই বৃহৎ পৰিমাণৰ জটিল গণনা আৰু বৈজ্ঞানিক Simulation অতি কম সময়ত সম্পন্ন কৰিব পাৰে।
ব্যৱহাৰ:
- বতৰৰ পূৰ্বানুমান
- মহাকাশ গৱেষণা
- পাৰমাণৱিক গৱেষণা
- জলবায়ু অধ্যয়ন
- জটিল বৈজ্ঞানিক Simulation
প্ৰশ্ন ৫: কম্পিউটিং ব্যৱস্থাৰ ক্ৰমবিকাশত 'জোন বন নিউমেন আৰ্কিটেকচাৰ' (John von Neumann Architecture) ৰ অৱদান আৰু বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: আধুনিক কম্পিউটাৰৰ গঠন আৰু কাৰ্যপ্ৰণালীৰ বিকাশত জোন ভন নিউমেন (John von Neumann)-ৰ অৱদান অতি গুৰুত্বপূৰ্ণ। ১৯৪০-ৰ দশকত বিকশিত হোৱা তেওঁৰ কম্পিউটাৰ স্থাপত্যৰ মূল ধাৰণাসমূহ আধুনিক সাধাৰণ উদ্দেশ্যৰ কম্পিউটাৰৰ বিকাশত বিশেষ প্ৰভাৱশালী হয়।
Stored Program Concept:
ভন নিউমেন আৰ্কিটেকচাৰৰ মুখ্য বৈশিষ্ট্য হৈছে Stored Program Concept। এই ধাৰণা অনুসৰি কম্পিউটাৰৰ Data আৰু Instructions দুয়োটাকে একেটা মেমৰীত সংৰক্ষণ কৰা হয়। ফলত প্ৰগ্ৰাম সলনি কৰি একেটা কম্পিউটাৰৰ দ্বাৰাই বিভিন্ন ধৰণৰ কাম সম্পাদন কৰিব পৰা যায়।
ভন নিউমেন আৰ্কিটেকচাৰৰ মুখ্য উপাদানসমূহ:
- ALU (Arithmetic Logic Unit): গাণিতিক আৰু তৰ্কসংগত কাম সম্পন্ন কৰে।
- Control Unit (CU): কম্পিউটাৰৰ বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে।
গুৰুত্ব:
ভন নিউমেন আৰ্কিটেকচাৰৰ ফলত কম্পিউটাৰ এটা General-Purpose Machine হিচাপে অধিক নমনীয় হৈ পৰে। মেমৰীত থকা প্ৰগ্ৰাম সলনি কৰিলেই একেটা কম্পিউটাৰৰ দ্বাৰা বিভিন্ন কাম কৰিব পৰা যায়। এই Stored Program ধাৰণাই আধুনিক কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এক শক্তিশালী ভেটি প্ৰদান কৰিছে।