"অৰণ্য পৰিস্থিতিবিজ্ঞান আৰু সুৰক্ষা (Forest ecology and protection)"
১ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)
১. মাইকোৰাইজা (Mycorrhiza) কি?
উত্তৰ: মাইকোৰাইজা হৈছে উদ্ভিদৰ শিপা আৰু ভেকুৰৰ মাজত থকা এক উপকাৰী মিথোজীৱী (Symbiotic) সম্পৰ্ক।
২. দাবানল (Forest Fire) কি?
উত্তৰ: বনাঞ্চলত অনিয়ন্ত্ৰিতভাৱে লগা জুই, যিয়ে বনজ সম্পদ আৰু জৈৱ-বৈচিত্ৰ্যৰ বিস্তৰ ক্ষতি কৰে, তাকে দাবানল বোলে।
৩. বনাঞ্চলৰ অৈজৱিক উপাদানৰ এটা উদাহৰণ দিয়া।
উত্তৰ: মাটি (বা পানী/সূৰ্যৰ পোহৰ)।
৪. গছৰ পাত খোৱা অভ্যাস' (Browsing) কি?
উত্তৰ: তৃণভোজী প্ৰাণীয়ে গছৰ ওখ পাত, কোমল ডাল বা কুঁহিপাত খাই জীৱন ধাৰণ কৰা কাৰ্যক ‘Browsing’ বোলে।
৫. সৰ্বাধিক বিনাশকাৰী দাবানলৰ প্ৰকাৰটো কি?
উত্তৰ: ক্ৰাউন ফাইৰ বা মুকুট জুই (Crown Fire)।
৬. অৰণ্য পৰিসংস্থাৰ এপদ জৈৱিক উপাদানৰ নাম লিখা।
উত্তৰ: উৎপাদক (উদ্ভিদ/গছ-গছনি)।
৭. কাঠৰ জৈৱিক অৱক্ষয় (Biodegradation of Wood) প্ৰধানকৈ কাৰ দ্বাৰা হয়?
উত্তৰ: ভেকুৰ (Fungi) আৰু বেক্টেৰিয়াৰ দ্বাৰা।
৮. দাবানল প্ৰধানকৈ কেইপ্ৰকাৰৰ?
উত্তৰ: প্ৰধানকৈ তিনি প্ৰকাৰৰ—ভূ-গৰ্ভস্থ জুই, ভূ-পৃষ্ঠৰ জুই আৰু মুকুট জুই বা Crown Fire।
৯. অক্ৰমণকাৰী প্ৰজাতি (Invasive Species) কাক বোলে?
উত্তৰ: বাহিৰৰ পৰা আহি স্থানীয় বাস্তুতন্ত্ৰত দ্ৰুতগতিত বিস্তাৰ লাভ কৰি খিলঞ্জীয়া উদ্ভিদ বা জীৱৰ ক্ষতি কৰা প্ৰজাতিক আক্ৰমণকাৰী প্ৰজাতি বোলে।
১০. অৰণ্য ৰোপণস্থলী (Forest Nursery)-ত পুলি ধ্বংস কৰা এবিধ ভেকুৰজনিত ৰোগৰ নাম লিখা।
উত্তৰ: ডেম্পিং অফ (Damping-off)।
১১. চৰণ (Grazing) বুলিলে কি বুজে?
উত্তৰ: পশুধনে মাটিত গজি থকা ঘাঁহ-বন খোৱা প্ৰক্ৰিয়াটোকে চৰণ বোলে।
১২. অৰণ্য পৰিসংস্থা (Forest Ecosystem) বুলিলে কি বুজে?
উত্তৰ: গছ-গছনি, জীৱ-জন্তু আৰু অনুজীৱৰ লগতে ইহঁতৰ অজৈৱিক পৰিৱেশৰ মাজত গঢ়ি উঠা জৈৱিক আন্তঃক্ৰিয়াৰ ব্যৱস্থাকে অৰণ্য পৰিসংস্থা বোলে।
১৩. গছৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ মাইকোৰাইজাই মাটিৰ পৰা প্ৰধানকৈ কি পোষক দ্ৰৱ্য শোষণত সহায় কৰে?
উত্তৰ: ফছফৰাছ (Phosphorus)।
১৪. অৰণ্যৰ উৎপাদনশীলতা জুখিবলৈ ব্যৱহাৰ কৰা এটা একক বা ধাৰণা কি?
উত্তৰ: প্ৰাথমিক উৎপাদনশীলতা (Primary Productivity)—প্ৰতি একক মাটিত প্ৰতি বছৰে উৎপন্ন হোৱা জৈৱভৰ।
১৫. এটা আক্ৰমণকাৰী অপতৃণৰ (Weed) উদাহৰণ দিয়া।
উত্তৰ: মেটেকা (Water Hyacinth) বা লাণ্টানা (Lantana camara)।
২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)
১. বনাঞ্চলৰ দুটা মূল গুৰুত্ব উল্লেখ কৰা।
উত্তৰ: ১/ বনাঞ্চলে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ ভাৰসাম্য ৰক্ষা কৰে।
২. অৰণ্য পৰিসংস্থাৰ গঠন প্ৰধানকৈ কি কি উপাদানেৰে গঠিত?
উত্তৰ: অৰণ্য পৰিসংস্থা দুটা প্ৰধান উপাদানেৰে গঠিত—
- জৈৱিক উপাদান: উৎপাদক (গছ-গছনি), উপভোক্তা (জীৱ-জন্তু) আৰু বিয়োজক (ভেকুৰ/বেক্টেৰিয়া)।
- অজৈৱিক উপাদান: মাটি, পানী, বায়ু, সূৰ্যৰ পোহৰ আৰু খনিজ পদাৰ্থ।
৩. গছৰ স্বাস্থ্যত চৰণ (Grazing) আৰু পাত খোৱা (Browsing) অভ্যাসে কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰ: নিয়ন্ত্ৰণহীন চৰণ আৰু পাত খোৱাৰ ফলত নতুন পুলি আৰু কোমল ডাল-পাত নষ্ট হয়, যাৰ ফলত অৰণ্যৰ পুনৰুৎপাদন বাধাগ্ৰস্ত হয়। অতিৰিক্ত চৰণে মাটি কঠিন কৰি তোলাৰ ফলতো নতুন গছৰ বৃদ্ধি ব্যাহত হয়।
৪. অপতৃণ আৰু আক্ৰমণকাৰী প্ৰজাতিয়ে অৰণ্যৰ কেনে ক্ষতি কৰে?
উত্তৰ: আক্ৰমণকাৰী প্ৰজাতিয়ে দ্ৰুতগতিত বিস্তাৰ লাভ কৰি স্থানীয় উদ্ভিদৰ পোহৰ, পানী আৰু পোষক দ্ৰৱ্যৰ ওপৰত প্ৰতিযোগিতা কৰে। ফলত স্থানীয় প্ৰজাতিৰ বৃদ্ধি হ্ৰাস পায়, জৈৱ-বৈচিত্ৰ্য কমে আৰু অৰণ্যৰ পৰিস্থিতিগত ভাৰসাম্য বিঘ্নিত হয়।
৫. দাবানলৰ মূল কাৰণসমূহ কি কি?
উত্তৰ: দাবানলৰ কাৰণসমূহ প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি—
- প্ৰাকৃতিক কাৰণ: বজ্ৰপাত আৰু অত্যধিক গৰমৰ ফলত শুকান উদ্ভিদত জুই লগা।
- মানৱসৃষ্ট কাৰণ: অসাৱধানতাৰে জুই এৰি যোৱা, জুম খেতি আৰু শুকান ঘাঁহ-বন জ্বলাই দিয়া।
৬. অৰণ্যৰ উৎপাদনশীলতা মানে কি?
উত্তৰ: কোনো নিৰ্দিষ্ট অৰণ্য এলেকাত নিৰ্দিষ্ট সময়ৰ ভিতৰত উদ্ভিদে সালোক-সংশ্লেষণৰ জৰিয়তে উৎপন্ন কৰা জৈৱভৰৰ পৰিমাণক অৰণ্যৰ উৎপাদনশীলতা বোলে।
৭. কাঠৰ জৈৱিক অৱক্ষয় (Biodegradation) কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: কাঠৰ জৈৱিক অৱক্ষয়ৰ ফলত মৰা গছ, ডাল-পাত আদি পচি মাটিৰ সৈতে মিহলি হয়। ইয়াৰ ফলত পোষক দ্ৰৱ্য মাটিলৈ ঘূৰি আহে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।
৮. অৰণ্য ৰোপণস্থলীত (Forest Nursery) পুলিবোৰ ভেকুৰজনিত ৰোগৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি?
উত্তৰ: পুলি ৰোপণৰ আগতে মাটি আৰু বীজ উপযুক্ত ভেকুৰনাশক (Fungicide) ব্যৱহাৰ কৰি শোধন কৰিব লাগে। লগতে অতিৰিক্ত পানী জমা হ’বলৈ নিদি ভাল পানী নিষ্কাশন আৰু বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে।
৯. 'ডাম্পিং অফ' (Damping-off) ৰোগ কি?
উত্তৰ: ডেম্পিং অফ হৈছে পুলিবাৰীত হোৱা এবিধ ভেকুৰজনিত ৰোগ। এই ৰোগত নতুনকৈ গজা পুলিৰ গুৰিৰ অংশ পচি যায় আৰু পুলিবোৰ মাটিত হালি পৰি অৱশেষত মৰি যায়।
১০. গছৰ স্বাস্থ্যৰ বাবে মাইকোৰাইজা কিদৰে উপকাৰী?
উত্তৰ: মাইকোৰাইজাই গছৰ শিপাৰ শোষণ ক্ষমতা বৃদ্ধি কৰি মাটিৰ পৰা পানী আৰু ফছফৰাছ আদি পোষক দ্ৰৱ্য শোষণত সহায় কৰে। লগতে ই গছক খৰাং আৰু কিছুমান মাটিজনিত ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।
১১. ক্ৰাউন ফাইৰ (Crown Fire) কাক বোলে?
উত্তৰ: যি দাবানল গছৰ ওপৰৰ অংশ বা মুকুট (Crown)লৈ বিয়পি যায়, তাক ক্ৰাউন ফাইৰ বোলে। ই সাধাৰণতে বতাহৰ সহায়ত দ্ৰুতগতিত বিয়পি পৰে আৰু অৰণ্যৰ বিস্তৰ ক্ষতি কৰিব পাৰে।
১২. দাবানল প্ৰতিৰোধৰ দুটা উপায় লিখা।
উত্তৰ: ১/ অৰণ্যত জুই ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা।
১৩. দাবানলৰ ফলত হোৱা দুটা অৰ্থনৈতিক ক্ষতি লিখা।
উত্তৰ: ১/ মূল্যৱান কাঠ আৰু অ-কাষ্ঠ বনজ সম্পদ পুৰি নষ্ট হয়।
১৪. মাটিত অতিৰিক্ত চৰণৰ (Overgrazing) প্ৰভাৱ কি?
উত্তৰ: অতিৰিক্ত চৰণৰ ফলত মাটিৰ ওপৰৰ উদ্ভিদ আৱৰণ কমি যায় আৰু বৰষুণৰ পানীয়ে উৰ্বৰ মাটি উটুৱাই নিয়ে। ইয়াৰ উপৰি মাটি কঠিন হৈ পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পায়।
১৫. 'ফায়াৰ ব্ৰেক' বা 'ফায়াৰ লাইন' (Fire Line) কি?
উত্তৰ: অৰণ্যৰ ভিতৰত গছ-গছনি, শুকান পাত আৰু দাহ্য পদাৰ্থ আঁতৰাই সৃষ্টি কৰা খালী অঞ্চলক ফায়াৰ ব্ৰেক বা ফায়াৰ লাইন বোলে। ই দাবানল এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বিয়পি পৰাত বাধা দিয়ে।
৫ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (৫ টা)
প্ৰশ্ন ১: অৰণ্য পৰিসংস্থাৰ গঠন আৰু ইয়াৰ প্ৰধান কাৰ্যপ্ৰণালী চমুকৈ আলোচনা কৰক।
উত্তৰ: অৰণ্য পৰিসংস্থা হৈছে এক স্বাভাৱিক পৰিস্থিতিতন্ত্ৰ, য’ত জৈৱিক আৰু অজৈৱিক উপাদানসমূহে পৰস্পৰৰ সৈতে আন্তঃক্ৰিয়া কৰি এক সুসংগঠিত ব্যৱস্থা গঠন কৰে।
অৰণ্য পৰিসংস্থাৰ গঠনঃ
- উৎপাদক: সেউজীয়া গছ-গছনি, যিয়ে সালোক-সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে।
- উপভোক্তা: উদ্ভিদ বা আন জীৱৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য গ্ৰহণ কৰা জীৱ। যেনে—হৰিণ, হাতী, শিয়াল, বাঘ আদি।
- বিয়োজক: ভেকুৰ আৰু বেক্টেৰিয়াই মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহ পচাই পোষক দ্ৰৱ্যসমূহ পুনৰ মাটিলৈ ঘূৰাই দিয়ে।
অৰণ্য পৰিসংস্থাৰ প্ৰধান কাৰ্যপ্ৰণালীঃ
১/ শক্তিৰ প্ৰবাহ: সূৰ্যৰ পৰা অহা শক্তি প্ৰথমে উদ্ভিদে গ্ৰহণ কৰে আৰু তাৰ পিছত খাদ্য শৃংখলৰ জৰিয়তে বিভিন্ন উপভোক্তালৈ শক্তি প্ৰবাহিত হয়।
২/ পোষক দ্ৰৱ্যৰ চক্ৰীভৱন: কাৰ্বন, নাইট্ৰ’জেন, ফছফৰাছ আদি পোষক দ্ৰৱ্য উদ্ভিদে গ্ৰহণ কৰে আৰু বিয়োজকৰ কাৰ্যৰ ফলত পুনৰ মাটিলৈ ঘূৰি আহে।
৩/ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা: অৰণ্য পৰিসংস্থাই জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, মাটিৰ সংৰক্ষণ আৰু স্থানীয় জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে।
প্ৰশ্ন ২: দাবানলৰ প্ৰধান কাৰণসমূহ আৰু ইয়াৰ ফলত অৰণ্যৰ হোৱা ক্ষতিৰ মূল্যায়ন কৰক।
উত্তৰ: দাবানল হৈছে বনাঞ্চলত অনিয়ন্ত্ৰিতভাৱে বিয়পি পৰা জুই। ই প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত সৃষ্টি হ’ব পাৰে আৰু অৰণ্যৰ জীৱ-জন্তু, উদ্ভিদ, মাটি আৰু অৰ্থনৈতিক সম্পদৰ ব্যাপক ক্ষতি কৰে।
দাবানলৰ প্ৰধান কাৰণসমূহঃ
১/ প্ৰাকৃতিক কাৰণ: বজ্ৰপাত, অত্যধিক উষ্ণতা, শুকান বতাহ আৰু শুকান ডাল-পাতৰ ঘৰ্ষণৰ ফলত কেতিয়াবা দাবানলৰ সৃষ্টি হয়।
২/ মানৱসৃষ্ট কাৰণ: জুম খেতিৰ বাবে জুই লগোৱা, বনভোজ বা শিবিৰত জুই জ্বলাই অসাৱধানতাৰে এৰি যোৱা, শুকান ঘাঁহ-বন জ্বলাই দিয়া আদি দাবানলৰ অন্যতম কাৰণ।
দাবানলৰ ফলত হোৱা ক্ষতিসমূহঃ
১/ জৈৱ-বৈচিত্ৰ্যৰ ক্ষতি: বহু উদ্ভিদ, জীৱ-জন্তু আৰু অণুজীৱ জুইত ধ্বংস হয়। বহু বন্যপ্ৰাণীয়ে বাসস্থান হেৰুৱায়।
২/ বায়ু প্ৰদূষণ: দাবানলৰ ফলত বৃহৎ পৰিমাণে ধোঁৱা আৰু কাৰ্বন ডাই-অক্সাইড নিৰ্গত হয়। ইয়াৰ ফলত বায়ুৰ মানদণ্ড হ্ৰাস পায়।
৩/ মাটিৰ ক্ষতি: জুইৰ তাপত মাটিৰ বহু উপকাৰী অণুজীৱ ধ্বংস হয়। উদ্ভিদ আৱৰণ নোহোৱাৰ বাবে মাটিৰ খহনীয়াও বৃদ্ধি পায়।
৪/ জলবায়ুৰ ওপৰত প্ৰভাৱ: বৃহৎ পৰিমাণৰ কাৰ্বন নিৰ্গমনৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাব পাৰে।
৫/ অৰ্থনৈতিক ক্ষতি: কাঠ, ঔষধি উদ্ভিদ আৰু অন্যান্য বনজ সম্পদ নষ্ট হয়। লগতে দাবানল নিয়ন্ত্ৰণ আৰু পুনৰুদ্ধাৰত যথেষ্ট ধন ব্যয় হয়।
প্ৰশ্ন ৩: গছৰ স্বাস্থ্য সুৰক্ষিত ৰখাত মাইকোৰাইজা (Mycorrhiza)-ৰ ভূমিকা আৰু গুৰুত্ব বহলাই লিখক।
উত্তৰ: মাইকোৰাইজা হৈছে উদ্ভিদৰ শিপা আৰু উপকাৰী ভেকুৰৰ মাজত গঢ়ি উঠা এক মিথোজীৱী সম্পৰ্ক। গছৰ পোষক দ্ৰৱ্য গ্ৰহণ, পানী শোষণ, বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
মাইকোৰাইজাৰ ভূমিকা আৰু গুৰুত্বঃ
প্ৰশ্ন ৪: অৰণ্য ৰোপণস্থলীত (Forest Nursery) দেখা দিয়া প্ৰধান ভেকুৰজনিত ৰোগসমূহ কি কি? এই ৰোগসমূহ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ: অৰণ্য ৰোপণস্থলীত থকা কোমল পুলিবোৰ ভেকুৰজনিত ৰোগৰ প্ৰতি অতি সংবেদনশীল। সঠিক ব্যৱস্থাপনা নকৰিলে এই ৰোগসমূহে বহু পুলিৰ ক্ষতি কৰিব পাৰে।
প্ৰধান ভেকুৰজনিত ৰোগসমূহঃ
নিয়ন্ত্ৰণৰ উপায়ঃ
১/ মাটি আৰু বীজ শোধন: ৰোপণৰ আগতে উপযুক্ত পদ্ধতিৰে মাটি আৰু বীজ শোধন কৰিব লাগে।
২/ পানী নিষ্কাশনৰ ব্যৱস্থা: পুলিবাৰীত অতিৰিক্ত পানী জমা হ’বলৈ দিব নালাগে।
৩/ উপযুক্ত ব্যৱধান: পুলিবোৰ অতি ঘনকৈ ৰোপণ নকৰি পোহৰ আৰু বায়ু চলাচলৰ সুবিধা কৰিব লাগে।
৪/ পৰিষ্কাৰ-পৰিচ্ছন্নতা: আক্ৰান্ত পুলি আৰু ৰোগাক্ৰান্ত উদ্ভিদৰ অংশ আঁতৰাই পেলাব লাগে।
৫/ প্ৰয়োজন অনুসৰি ভেকুৰনাশক ব্যৱহাৰ: বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি উপযুক্ত Fungicide ব্যৱহাৰ কৰিব পাৰি।
প্ৰশ্ন ৫: অপতৃণ (Weeds) আৰু অক্ৰমণকাৰী প্ৰজাতিয়ে (Invasive Species) অৰণ্যৰ স্বাস্থ্য আৰু পৰিস্থিতিবিজ্ঞানত কেনেধৰণৰ প্ৰভাৱ পেলায়?
উত্তৰ: অপতৃণ আৰু আক্ৰমণকাৰী প্ৰজাতিয়ে অৰণ্যৰ স্বাভাৱিক পৰিস্থিতিগত ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। বিশেষকৈ মাইক্যানিয়া, লাণ্টানা আদি আক্ৰমণকাৰী উদ্ভিদে স্থানীয় উদ্ভিদৰ ওপৰত বিভিন্ন ধৰণৰ নেতিবাচক প্ৰভাৱ পেলায়।
প্ৰধান প্ৰভাৱসমূহঃ
*****