Chapter 1 

"চাইবাৰ নীতিশাস্ত্ৰৰ অৰ্থ, সংজ্ঞাসমূহ আৰু দিশসমূহ (Meaning, Definitions and Dimensions of Cyber Ethics)"


১ নম্বৰীয়া প্ৰশ্ন (১৫ টা চমু প্ৰশ্ন আৰু উত্তৰ)

১. মালৱেৰ (Malware) মানে কি?

উত্তৰ: কম্পিউটাৰ বা মোবাইলৰ ক্ষতি সাধন কৰিবলৈ বনোৱা অপকাৰী ছফ্টৱেৰ (যেনে- ভাইৰাছ)।


২. চাইবাৰ বুলিং (Cyberbullying) কি?

উত্তৰ: ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি কাৰোবাক মানসিকভাৱে হাৰাশাস্তি বা অপমান কৰা কাৰ্য।


৩. ফিনটেক (Fintech) ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰ: Financial Technology (বিত্তীয় প্ৰযুক্তি)।


৪. চাইবাৰ সুৰক্ষা (Cybersecurity) ৰ মূল উদ্দেশ্য কি?

উত্তৰ: ডিজিটেল তথ্য, ব্যৱস্থা আৰু নেটৱৰ্কক অনাক্ৰমণাত্মক প্ৰৱেশ বা চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখা।


৫. হেকিং (Hacking) ৰ অৰ্থ কি?

উত্তৰ: অনুমতি অবিহনে আনৰ কম্পিউটাৰ বা ডিজিটেল ব্যৱস্থাত অসৎ উদ্দেশ্যেৰে প্ৰৱেশ কৰা কাৰ্য।


৬. চাইবাৰ নীতিশাস্ত্ৰ (Cyber Ethics) বুলিলে কি বুজা যায়?

উত্তৰ: ইণ্টাৰনেট আৰু কম্পিউটাৰ ব্যৱহাৰ কৰোঁতে মানি চলিবলগীয়া নৈতিক নিয়ম-নীতি আৰু আচৰণক চাইবাৰ নীতিশাস্ত্ৰ বোলে।


৭. ক্ৰিপ্টোকাৰেন্সী (Cryptocurrency) কোনটো প্ৰযুক্তিৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰ: ব্লকেছইন (Blockchain) প্ৰযুক্তিৰ ওপৰত।


৮. চাইবাৰ অপৰাধ (Cyber Crime) কাক বোলে?

উত্তৰ: কম্পিউটাৰ, স্মাৰ্টফোন বা ইণ্টাৰনেট ব্যৱহাৰ কৰি কৰা যিকোনো অবৈধ বা নীতিবিৰুদ্ধ কাৰ্যক চাইবাৰ অপৰাধ বোলে।


৯. এথিকেল হেকিং (Ethical Hacking) কি?

উত্তৰ: আইনী অনুমতি লৈ নিৰাপত্তা সুৰক্ষিত কৰাৰ উদ্দেশ্যে ছফ্টৱেৰ বা নেটৱৰ্কৰ দুৰ্বলতা বিচাৰি উলিওৱা কাৰ্য।


১০. ফিশ্বিং (Phishing) কি?

উত্তৰ: ভুৱা ইমেইল বা মেছেজ পঠিয়াই মানুহৰ গোপন তথ্য (যেনে- পাছৱৰ্ড, বেংকৰ তথ্য) চুৰি কৰা এক প্ৰকাৰৰ চাইবাৰ অপৰাধ।


১১. চাইবাৰ আইনৰ প্ৰয়োজন কিয়?

উত্তৰ: ডিজিটেল জগতখনত অপৰাধ ৰোধ কৰিবলৈ আৰু ব্যৱহাৰকাৰীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ।


১২. ব্লকেছইন (Blockchain) প্ৰযুক্তিৰ মূল বৈশিষ্ট প্ৰধানকৈ কি?

উত্তৰ: ই এটা বিকেন্দ্ৰীকৃত (Decentralized) আৰু সুৰক্ষিত ডিজিটেল তথ্য সংৰক্ষণ ব্যৱস্থা।


১৩. কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence - AI) ৰ এটা অন্যতম নৈতিক সংশয় কি?

উত্তৰ: ব্যক্তিগত গোপনীয়তা ভংগ হোৱা আৰু স্বয়ংক্ৰিয় সিদ্ধান্তত পক্ষপাতিত্ব (Bias) থকাৰ সম্ভাৱনা।


১৪. ফিছিং বা অনলাইন প্ৰৱঞ্চনাৰ পৰা বাঁচিবলৈ ব্যৱহাৰ কৰা এটা প্ৰাথমিক উপাদানে কি?

উত্তৰ: টু-ফেক্টৰ অথেন্টিকেচন (2FA) বা শক্তিশালী পাছৱৰ্ড।


১৫. চাইবাৰ স্পেচ (Cyberspace) কি?

উত্তৰ: কম্পিউটাৰ আৰু ইণ্টাৰনেট নেটৱৰ্কৰ জৰিয়তে সৃষ্টি হোৱা কাল্পনিক বা ডিজিটেল জগতখনকে চাইবাৰ স্পেচ বোলা হয়।


২ নম্বৰীয়া প্ৰশ্ন (১৫ টা প্ৰশ্ন আৰু উত্তৰ — সৰ্বোচ্চ ৫০ টা শব্দ)

১. চাইবাৰ নীতিশাস্ত্ৰৰ মূল দিশসমূহ কি কি?

উত্তৰ: চাইবাৰ নীতিশাস্ত্ৰৰ মূল দিশসমূহ হৈছে— ব্যক্তিগত গোপনীয়তা (Privacy), বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (Intellectual Property), তথ্যৰ সঠিকতা (Accuracy) আৰু ডিজিটেল ব্যৱস্থাৰ সুলভতা (Accessibility)। এই নীতিসমূহে ডিজিটেল জগতত দায়িত্বশীল, নৈতিক আৰু সুৰক্ষিত আচৰণ নিশ্চিত কৰাত সহায় কৰে।


২. চাইবাৰ স্পেচ আৰু বাস্তৱ জগতৰ মাজত পাৰ্থক্য কি?

উত্তৰ: বাস্তৱ জগত ভৌগোলিক সীমা আৰু শাৰীৰিক উপস্থিতিৰ সৈতে জড়িত। আনহাতে, চাইবাৰ স্পেচ হৈছে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে সৃষ্টি হোৱা ডিজিটেল জগত। ইয়াত মানুহে ভৌগোলিক দূৰত্বৰ বাধা নোহোৱাকৈ আভাছীভাৱে যোগাযোগ আৰু তথ্যৰ আদান-প্ৰদান কৰিব পাৰে।


৩. চাইবাৰ অপৰাধক প্ৰধানকৈ কি কি শ্ৰেণীত ভাগ কৰিব পাৰি?

উত্তৰ: চাইবাৰ অপৰাধক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি—

১. ব্যক্তিকেন্দ্ৰিক অপৰাধ— যেনে, চাইবাৰ বুলিং আৰু চাইবাৰ ষ্টকিং।
২. সম্পত্তিকেন্দ্ৰিক অপৰাধ— যেনে, অনলাইন প্ৰৱঞ্চনা আৰু তথ্য চুৰি।
৩. চৰকাৰ বা প্ৰতিষ্ঠানকেন্দ্ৰিক অপৰাধ— যেনে, চাইবাৰ আক্ৰমণ আৰু চাইবাৰ সন্ত্ৰাসবাদ।


৪. চাইবাৰ সুৰক্ষাৰ গুৰুত্ব কি?

উত্তৰ: বৰ্তমান সময়ত বহুতো গুৰুত্বপূৰ্ণ তথ্য ডিজিটেলভাৱে সংৰক্ষিত থাকে। চাইবাৰ সুৰক্ষাই ব্যক্তিগত তথ্য, নেটৱৰ্ক আৰু ডিজিটেল ব্যৱস্থাক অননুমোদিত প্ৰৱেশ, মালৱেৰ আক্ৰমণ, তথ্য চুৰি আৰু বিত্তীয় লোকচানৰ পৰা সুৰক্ষিত কৰি ৰাখে।


৫. চাইবাৰ নিয়ম-কানুন বা আইনৰ আৱশ্যকতা কি?

উত্তৰ: চাইবাৰ আইন-কানুনে অনলাইন অপৰাধ নিয়ন্ত্ৰণ আৰু অপৰাধীক শাস্তি দিয়াত সহায় কৰে। ইয়াৰ উপৰি ই ব্যৱহাৰকাৰীৰ ব্যক্তিগত গোপনীয়তা, তথ্য আৰু ডিজিটেল অধিকাৰ সুৰক্ষিত কৰে আৰু অনলাইন লেনদেন তথা ডিজিটেল ব্যৱস্থাত নিৰাপত্তা বজাই ৰাখে।


৬. ফিনটেক (Fintech) ত নীতিশাস্ত্ৰৰ প্ৰয়োগ কিয় প্ৰয়োজনীয়?

উত্তৰ: ফিনটেক ব্যৱস্থাত ব্যক্তিৰ বেংক আৰু বিত্তীয় তথ্য ব্যৱহাৰ কৰা হয়। সেয়েহে তথ্যৰ গোপনীয়তা ৰক্ষা, তথ্যৰ অপব্যৱহাৰ ৰোধ, স্বচ্ছতা বজাই ৰখা আৰু গ্ৰাহকৰ বিশ্বাস অটুট ৰাখিবলৈ ফিনটেকত নীতিশাস্ত্ৰৰ প্ৰয়োগ অতি প্ৰয়োজনীয়।


৭. ব্লকেছইন প্ৰযুক্তি কেনেকৈ সুৰক্ষিত?

উত্তৰ: ব্লকচেইন হৈছে এটা বিকেন্দ্ৰীকৃত ডিজিটেল লেজাৰ। ইয়াত তথ্য ক্ৰিপ্টোগ্ৰাফিক পদ্ধতিৰে সুৰক্ষিত কৰা হয় আৰু তথ্যসমূহ ব্লকৰ ৰূপত সংৰক্ষিত থাকে। এবাৰ তথ্য সংযোজন কৰাৰ পিছত সেয়া সলনি কৰাটো কঠিন হোৱা বাবে ব্লকচেইন তুলনামূলকভাৱে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য।


৮. কৃত্রিম বুদ্ধিমত্তা (AI) ব্যৱহাৰৰ ক্ষেত্ৰত দেখা দিয়া দুটা ডাঙৰ নৈতিক প্ৰত্যাহ্বান লিখা।

উত্তৰ: AI ব্যৱহাৰৰ দুটা প্ৰধান নৈতিক প্ৰত্যাহ্বান হ’ল—

১. ব্যক্তিগত গোপনীয়তা— অনুমতি অবিহনে ব্যক্তিগত তথ্য সংগ্ৰহ বা ব্যৱহাৰ হোৱাৰ সম্ভাৱনা।
২. এলগৰিদমিক পক্ষপাতিত্ব (Bias)— পক্ষপাতযুক্ত তথ্যৰ বাবে AI-এ বৈষম্যমূলক বা ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।


৯. ৰেনছমৱেৰ (Ransomware) কি?

উত্তৰ: ৰেনছমৱেৰ হৈছে এক প্ৰকাৰৰ ক্ষতিকাৰক মালৱেৰ। ই কম্পিউটাৰৰ ফাইল বা তথ্য লক অথবা এনক্ৰিপ্ট কৰি ব্যৱহাৰকাৰীৰ প্ৰৱেশ বন্ধ কৰে। তাৰ পিছত তথ্যসমূহ পুনৰ লাভ কৰাৰ বিনিময়ত অপৰাধীয়ে ধন দাবী কৰে।


১০. ডাৰ্কৱেব (Dark Web) কি?

উত্তৰ: ডাৰ্কৱেব হৈছে ইণ্টাৰনেটৰ এনে এটা অংশ, যিটো সাধাৰণ চাৰ্চ ইঞ্জিনত পোনপটীয়াকৈ বিচাৰি পোৱা নাযায়। ইয়াত প্ৰৱেশৰ বাবে বিশেষ ছফ্টৱেৰ বা ব্ৰাউজাৰৰ প্ৰয়োজন হয়। ইয়াৰ ব্যৱহাৰ বৈধ কামৰ লগতে কিছুমান অবৈধ কাৰ্যকলাপতো হ’ব পাৰে।


১১. ডিজিটেল ফুটপ্ৰিণ্ট (Digital Footprint) বুলিলে কি বুজা?

উত্তৰ: ইণ্টাৰনেট বা ডিজিটেল মাধ্যম ব্যৱহাৰ কৰোঁতে আমি এৰি যোৱা তথ্য আৰু কাৰ্যকলাপৰ চিহ্নসমূহক ডিজিটেল ফুটপ্ৰিণ্ট বোলে। যেনে— অনলাইন চাৰ্চ, ছ’চিয়েল মিডিয়াৰ পোষ্ট, লাইক, কমেণ্ট আৰু বিভিন্ন ৱেবছাইটত কৰা কাৰ্যকলাপ।


১২. ফিছিং আক্ৰমণৰ পৰা হাত সৰাৰ দুটা উপায় লিখা।

উত্তৰ: ১. অচিনা বা সন্দেহজনক ইমেইল, মেছেজ আৰু লিংকত ক্লিক কৰাৰ পৰা বিৰত থাকিব লাগে।

২. পাছৱৰ্ড, OTP, বেংকৰ তথ্য আদি ব্যক্তিগত তথ্য অচিনা ব্যক্তি বা সন্দেহজনক ৱেবছাইটত প্ৰকাশ কৰিব নালাগে।


১৩. আইডেন্টিটি থেফ্ট (Identity Theft) বা পৰিচয় চুৰি কি?

উত্তৰ: কোনো ব্যক্তিৰ নাম, ফটো, বেংক তথ্য, পৰিচয় নম্বৰ আদি ব্যক্তিগত তথ্য অনুমতি অবিহনে চুৰি কৰি আন ব্যক্তিয়ে নিজৰ স্বাৰ্থত বা অপৰাধমূলক কামত ব্যৱহাৰ কৰাকে পৰিচয় চুৰি (Identity Theft) বোলে।


১৪. চাইবাৰ ষ্টকিং (Cyberstalking) কি?

উত্তৰ: ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া বা অন্যান্য ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি কোনো ব্যক্তিক নিৰন্তৰ অনুসৰণ বা নিৰীক্ষণ কৰা, বাৰে বাৰে অনাকাংক্ষিত মেছেজ পঠিওৱা অথবা ভয়-ভাবুকি দিয়াকে চাইবাৰ ষ্টকিং বোলে।


১৫. 'সোচিয়েল ইঞ্জিনিয়াৰিং' (Social Engineering) আক্ৰমণ কি?

উত্তৰ: মানুহৰ বিশ্বাস, ভয় বা অসাৱধানতাৰ সুযোগ লৈ তেওঁলোকক প্ৰভাৱিত কৰি গোপন তথ্য সংগ্ৰহ কৰা কৌশলক সোচিয়েল ইঞ্জিনিয়াৰিং বোলে। ইয়াত প্ৰযুক্তিগত দুৰ্বলতাৰ পৰিৱৰ্তে মানুহৰ আচৰণ আৰু মনস্তত্ত্বৰ সুযোগ লোৱা হয়।


৫ নম্বৰীয়া প্ৰশ্ন (৫ টা বিতং প্ৰশ্ন আৰু উত্তৰ — সৰ্বোচ্চ ২০০ টা শব্দ)

১. চাইবাৰ নীতিশাস্ত্ৰ (Cyber Ethics) ৰ অৰ্থ, সংজ্ঞা আৰু ইয়াৰ প্ৰধান দিশসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ: অৰ্থ আৰু সংজ্ঞা: কম্পিউটাৰ, ইণ্টাৰনেট আৰু অন্যান্য ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰাৰ সময়ত মানি চলিবলগীয়া নৈতিক মূল্যবোধ, নিয়ম-নীতি আৰু দায়িত্বশীল আচৰণক চাইবাৰ নীতিশাস্ত্ৰ বোলে। ই ডিজিটেল জগতত সুৰক্ষা, গোপনীয়তা আৰু দায়িত্বশীলতা বজাই ৰখাত সহায় কৰে।

প্ৰধান দিশসমূহ:

১. গোপনীয়তা (Privacy): ব্যক্তিগত তথ্য অনুমতি অবিহনে প্ৰকাশ বা ব্যৱহাৰ কৰিব নালাগে।

২. বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (Intellectual Property): আনৰ কিতাপ, ছফ্টৱেৰ, ছবি বা সৃষ্টিশীল কাম অনুমতি অবিহনে কপি বা ব্যৱহাৰ কৰিব নালাগে।

৩. সঠিকতা (Accuracy): ডিজিটেল মাধ্যমত সঠিক আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰকাশ কৰিব লাগে।

৪. সুগমতা (Accessibility): ডিজিটেল তথ্য আৰু সেৱা সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য হোৱা উচিত।

সামৰণিত, চাইবাৰ নীতিশাস্ত্ৰই ডিজিটেল পৰিৱেশত নৈতিক, সুৰক্ষিত আৰু দায়িত্বশীল আচৰণ নিশ্চিত কৰে।


২. চাইবাৰ অপৰাধৰ শ্ৰেণীবিভাজন কৰি ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ বিস্তৃতভাৱে বৰ্ণনা কৰা।

উত্তৰ: কম্পিউটাৰ, মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰি কৰা অবৈধ কাৰ্যক চাইবাৰ অপৰাধ বোলে। লক্ষ্য আৰু প্ৰকৃতি অনুসৰি ইয়াক প্ৰধানকৈ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি—

১. ব্যক্তিকেন্দ্ৰিক অপৰাধ: চাইবাৰ বুলিং, চাইবাৰ ষ্টকিং, পৰিচয় চুৰি আদি ইয়াৰ উদাহৰণ। এইবোৰৰ জৰিয়তে ব্যক্তিক হাৰাশাস্তি বা ক্ষতি কৰা হয়।

২. সম্পত্তিকেন্দ্ৰিক অপৰাধ: অনলাইন বিত্তীয় প্ৰৱঞ্চনা, ফিশ্বিং, তথ্য চুৰি, মালৱেৰ আৰু ৰেনছমৱেৰ আদি ইয়াৰ অন্তৰ্গত।

৩. চৰকাৰ বা প্ৰতিষ্ঠানকেন্দ্ৰিক অপৰাধ: চৰকাৰী ব্যৱস্থা, প্ৰতিষ্ঠান বা গুৰুত্বপূৰ্ণ নেটৱৰ্কত চাইবাৰ আক্ৰমণ, তথ্য চুৰি আৰু ডেটা ব্ৰীচ আদি এই শ্ৰেণীৰ অপৰাধ।

এইদৰে চাইবাৰ অপৰাধে ব্যক্তি, সম্পত্তি আৰু প্ৰতিষ্ঠান— তিনিওটা ক্ষেত্ৰতে ক্ষতি কৰিব পাৰে।


৩. চাইবাৰ সুৰক্ষাৰ গুৰুত্ব আৰু আজিকালিৰ ডিজিটেল যুগত চাইবাৰ নিয়ম-কানুনৰ আৱশ্যকতা সম্পৰ্কে লিখা।

উত্তৰ: চাইবাৰ সুৰক্ষাৰ গুৰুত্ব: বৰ্তমান শিক্ষা, চিকিৎসা, বেংকিং, বাণিজ্য আৰু চৰকাৰী সেৱাত ডিজিটেল প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হয়। সেয়েহে—

১. ব্যক্তিগত আৰু গুৰুত্বপূৰ্ণ তথ্যক অননুমোদিত প্ৰৱেশৰ পৰা সুৰক্ষিত ৰাখে।

২. অনলাইন বেংকিং আৰু ডিজিটেল লেনদেনৰ সুৰক্ষা বৃদ্ধি কৰে।

৩. মালৱেৰ, ফিশ্বিং আৰু অন্যান্য চাইবাৰ আক্ৰমণৰ পৰা ব্যৱস্থা ৰক্ষা কৰে।

চাইবাৰ নিয়ম-কানুনৰ আৱশ্যকতা: চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ আৰু অপৰাধীক আইনী শাস্তি প্ৰদান কৰিবলৈ চাইবাৰ আইনৰ প্ৰয়োজন।

১. অপৰাধ নিয়ন্ত্ৰণ: চাইবাৰ অপৰাধৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা।

২. ব্যক্তিগত অধিকাৰ সুৰক্ষা: ব্যৱহাৰকাৰীৰ তথ্য আৰু গোপনীয়তা ৰক্ষা কৰা।

৩. ডিজিটেল লেনদেনৰ সুৰক্ষা: অনলাইন সেৱা আৰু লেনদেনত নিৰাপত্তা নিশ্চিত কৰা।

সেয়েহে, সুৰক্ষিত আৰু দায়িত্বশীল ডিজিটেল সমাজ গঢ়িবলৈ চাইবাৰ সুৰক্ষা আৰু আইন দুয়োটাই প্ৰয়োজনীয়।


৪. কৃটিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি আৰু ইয়াৰ নৈতিক দিশসমূহ (Ethics in AI) আলোচনা কৰা।

উত্তৰ: কৃত্ৰিম বুদ্ধিমত্তা (AI): কৃত্ৰিম বুদ্ধিমত্তা হৈছে কম্পিউটাৰ বিজ্ঞানৰ এনে এটা শাখা, য’ত যন্ত্ৰক মানুহৰ দৰে শিকিব, তথ্য বিশ্লেষণ কৰিব আৰু সিদ্ধান্ত ল’ব পৰা ক্ষমতা প্ৰদান কৰা হয়। শিক্ষা, চিকিৎসা, উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

AI-ৰ নৈতিক দিশসমূহ:

১. গোপনীয়তা: AI-ৰ বাবে ব্যক্তিগত তথ্য সংগ্ৰহ আৰু ব্যৱহাৰৰ ফলত গোপনীয়তা ভংগ হোৱাৰ সম্ভাৱনা থাকে।

২. পক্ষপাতিত্ব (Bias): পক্ষপাতদুষ্ট তথ্য ব্যৱহাৰ কৰিলে AI-এ বৈষম্যমূলক সিদ্ধান্ত ল’ব পাৰে।

৩. কৰ্মসংস্থাপন: স্বয়ংক্ৰিয়কৰণৰ ফলত কিছুমান পৰম্পৰাগত চাকৰিৰ চাহিদা হ্ৰাস পাব পাৰে।

৪. Deepfake আৰু অপপ্ৰচাৰ: AI ব্যৱহাৰ কৰি ভুৱা ছবি, ভিডিঅ’ বা তথ্য সৃষ্টি কৰি মানুহক বিভ্ৰান্ত কৰাৰ সম্ভাৱনা থাকে।

সেয়েহে, AI ব্যৱহাৰত গোপনীয়তা, ন্যায়সংগততা, স্বচ্ছতা আৰু দায়িত্বশীলতাৰ ওপৰত গুৰুত্ব দিয়া উচিত।


৫. ফিনটেক (Fintech) আৰু ব্লকেছইন (Blockchain) প্ৰযুক্তি কি? এই প্ৰযুক্তিসমূহৰ সৈতে জৰিত নৈতিক সংশয়সমূহ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ: ফিনটেক (Fintech): বিত্তীয় সেৱা সহজ, দ্ৰুত আৰু সুবিধাজনক কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰক ফিনটেক বোলে। উদাহৰণস্বৰূপে— অনলাইন বেংকিং আৰু ডিজিটেল পেমেণ্ট।

ব্লকচেইন (Blockchain): ব্লকচেইন হৈছে এটা বিকেন্দ্ৰীকৃত ডিজিটেল লেজাৰ, য’ত তথ্য আৰু লেনদেনসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয়।

নৈতিক সংশয়সমূহ:

১. তথ্যৰ গোপনীয়তা: ফিনটেক সেৱাত সংগ্ৰহ কৰা বিত্তীয় তথ্যৰ অপব্যৱহাৰ বা তথ্য ফাদিল হোৱাৰ আশংকা থাকে।

২. প্ৰৱঞ্চনা: ডিজিটেল লেনদেনৰ অপব্যৱহাৰৰ জৰিয়তে বিত্তীয় প্ৰৱঞ্চনা হ’ব পাৰে।

৩. আইনী নিয়ন্ত্ৰণ: বিকেন্দ্ৰীকৃত প্ৰযুক্তিৰ ক্ষেত্ৰত দায়বদ্ধতা আৰু নিয়ন্ত্ৰণৰ সমস্যা দেখা দিব পাৰে।

৪. পৰিৱেশৰ ওপৰত প্ৰভাৱ: কিছুমান ব্লকচেইন নেটৱৰ্কত মাইনিং প্ৰক্ৰিয়াত অধিক বিদ্যুৎ শক্তি ব্যৱহাৰ হ’ব পাৰে।

সেয়েহে, এই প্ৰযুক্তিসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত সুৰক্ষা, গোপনীয়তা, স্বচ্ছতা আৰু দায়িত্বশীলতাৰ প্ৰতি গুৰুত্ব দিয়া প্ৰয়োজন।



*****