Chapter 2
"পৰিস্থিতিবিজ্ঞান আৰু পৰিৱেশীয় বহনক্ষমতা (Ecology and Environmental Sustainability)"
১ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)
২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)
১. পৰিস্থিতিবিজ্ঞানৰ সংজ্ঞা লিখা।
উত্তৰ: পৰিস্থিতিবিজ্ঞান হৈছে জীৱবিজ্ঞানৰ এনে এক শাখা, য’ত জীৱসমূহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু সিহঁতৰ জৈৱিক তথা অজৈৱিক পৰিৱেশৰ সৈতে থকা আন্তঃক্ৰিয়াৰ অধ্যয়ন কৰা হয়।
২. পৰিস্থিতিগত সংগঠনৰ স্তৰসমূহ ক্ৰমান্বয়ে উল্লেখ কৰা।
উত্তৰ: পৰিস্থিতিগত সংগঠনৰ স্তৰসমূহ ক্ৰমান্বয়ে হ’ল—
৩. পৰিৱেশীয় বহণক্ষমতা (Environmental Sustainability) বুলিলে কি বুজা?
উত্তৰ: বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতা অক্ষুণ্ণ ৰাখি প্ৰাকৃতিক সম্পদৰ সঠিক আৰু দায়িত্বশীল ব্যৱহাৰ কৰাকে পৰিৱেশীয় বহণক্ষমতা বোলে।
৪. EIA বা পৰিৱেশ প্ৰভাৱ মূল্যাংকন কি?
উত্তৰ: EIA হৈছে কোনো উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ আগতে পৰিৱেশৰ ওপৰত পৰিব পৰা সম্ভাৱ্য ইতিবাচক আৰু নেতিবাচক প্ৰভাৱসমূহ চিনাক্ত আৰু মূল্যাংকন কৰা এক বৈজ্ঞানিক প্ৰক্ৰিয়া।
৫. EIA প্ৰক্ৰিয়াত 'স্ক্ৰীনিং' আৰু 'স্ক'পিং'-ৰ কাম কি?
উত্তৰ: স্ক্ৰীনিঙে কোনো প্ৰকল্পৰ বাবে EIA প্ৰয়োজন হয় নে নহয় নিৰ্ধাৰণ কৰে। স্ক’পিঙে EIA-ত অধ্যয়ন কৰিবলগীয়া প্ৰধান পৰিৱেশীয় বিষয় আৰু সমস্যাসমূহ নিৰ্ধাৰণ কৰে।
৬. পৰিৱেশ তত্ত্বাৱধান (Environmental Stewardship) বুলিলে কি বুজায়?
উত্তৰ: পৰিৱেশ তত্ত্বাৱধান হৈছে প্ৰাকৃতিক সম্পদসমূহ দায়িত্বশীলভাৱে ব্যৱহাৰ, সংৰক্ষণ আৰু সুৰক্ষা কৰি পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ দায়িত্বশীল মনোভাৱ।
৭. সেউজ নীতিশাস্ত্ৰ (Green Ethics) মানে কি?
উত্তৰ: সেউজ নীতিশাস্ত্ৰ হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজৰ নৈতিক সম্পৰ্কৰ অধ্যয়ন। ই গছ-গছনি, জীৱ-জন্তু আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি মানুহৰ দায়িত্বৰ ওপৰত গুৰুত্ব দিয়ে।
৮. EIA অসফল হোৱাৰ দুটা মূল কাৰণ উল্লেখ কৰা।
উত্তৰ: ১/ ভুল, অপূৰ্ণ বা অবিশ্বাস্য তথ্যৰ ওপৰত EIA প্ৰতিবেদন প্ৰস্তুত কৰা।
৯. ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সেউজ অনুশীলন কেনেদৰে কৰিব পাৰে?
উত্তৰ: একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমাই, পানী আৰু বিদ্যুতৰ অপব্যয় ৰোধ কৰি, জাবৰ পৃথকীকৰণ আৰু পুনৰ ব্যৱহাৰ কৰি, লগতে গছ ৰোপণ কৰি ব্যক্তিয়ে সেউজ অনুশীলন কৰিব পাৰে।
১০. পৰিস্থিতিগত নীতিসমূহ পৰিৱেশীয় বহণক্ষমতাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: পৰিস্থিতিগত নীতিসমূহে জীৱ আৰু পৰিৱেশৰ পাৰস্পৰিক সম্পৰ্ক আৰু প্ৰাকৃতিক সম্পদৰ চক্ৰ বুজাত সহায় কৰে। ইয়াৰ জৰিয়তে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখি বহণক্ষম উন্নয়ন সাধন কৰিব পাৰি।
১১. EIA-ৰ ৰাজহুৱা শুনানিৰ (Public Hearing) দুটা গুৰুত্ব লিখা।
উত্তৰ: ১/ প্ৰকল্পটোৰ সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কে স্থানীয় ৰাইজৰ মতামত আৰু আপত্তি জানিব পাৰি।
১২. বায়’ম (Biome) আৰু পৰিস্থিতিতন্ত্ৰৰ (Ecosystem) পাৰ্থক্য কি?
উত্তৰ: পৰিস্থিতিতন্ত্ৰ হৈছে কোনো নিৰ্দিষ্ট এলেকাৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজৰ আন্তঃক্ৰিয়াৰ একক। আনহাতে, বায়’ম হৈছে একে ধৰণৰ জলবায়ু আৰু বিশেষ উদ্ভিদ-জীৱজগত থকা বৃহৎ ভৌগোলিক অঞ্চল।
১৩. বহণক্ষম ভৱিষ্যতৰ বাবে ব্যক্তিগত পৰ্যায়ৰ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ কি?
উত্তৰ: ১/ ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ বা চাইকেল ব্যৱহাৰ কৰা।
১৪. সেউজ অনুশীলনত ‘3R’ ধাৰণাটো কি?
উত্তৰ: ‘3R’ মানে হৈছে— Reduce (ব্যৱহাৰ হ্ৰাস কৰা), Reuse (পুনৰ ব্যৱহাৰ কৰা) আৰু Recycle (পুনৰাৱৰ্তন কৰা)। এই ধাৰণাই আৱৰ্জনা হ্ৰাস আৰু সম্পদ সংৰক্ষণত সহায় কৰে।
১৫. সফল EIA-ৰ পৰা কি শিকিব পাৰি?
উত্তৰ: সফল EIA-ৰ পৰা শিকিব পাৰি যে সঠিক পৰিকল্পনা, বৈজ্ঞানিক মূল্যাংকন আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণৰ জৰিয়তে পৰিৱেশীয় ক্ষতি কমাই উন্নয়নমূলক কাম আগবঢ়াব পাৰি।
৫ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (৫ টা)
১. পৰিস্থিতিগত সংগঠনৰ বিভিন্ন স্তৰসমূহ বিতংভাৱে আলোচনা কৰা।
উত্তৰ: পৰিস্থিতিগত সংগঠন (Ecological Levels of Organization) হৈছে জীৱজগতৰ সংগঠনৰ ক্ৰমাগত স্তৰসমূহ। ইয়াৰ মুখ্য স্তৰসমূহ হ’ল—
১/ জীৱ বা ব্যক্তি (Individual): পৰিস্থিতিগত সংগঠনৰ আটাইতকৈ সৰু আৰু মৌলিক একক। এটা স্বতন্ত্ৰ জীৱক ব্যক্তি বুলি কোৱা হয়। যেনে—এটা গঁড় বা এজোপা আম গছ।
২/ পপুলেচন বা জনসংখ্যা (Population): এটা নিৰ্দিষ্ট অঞ্চলত একে প্ৰজাতিৰ জীৱসমূহে গঠন কৰা সমষ্টিক পপুলেচন বোলে। যেনে—কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ সমষ্টি।
৩/ সম্প্ৰদায় (Community): এটা নিৰ্দিষ্ট অঞ্চলত একেলগে বাস কৰা বিভিন্ন প্ৰজাতিৰ পপুলেচনৰ সমষ্টিক সম্প্ৰদায় বোলে।
৪/ পৰিস্থিতিতন্ত্ৰ (Ecosystem): কোনো অঞ্চলৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজত হোৱা পাৰস্পৰিক আন্তঃক্ৰিয়াৰ ফলত গঠিত এক প্ৰাকৃতিক এককক পৰিস্থিতিতন্ত্ৰ বোলে।
৫/ বায়’ম (Biome): একে ধৰণৰ জলবায়ু আৰু উদ্ভিদ-প্ৰাণীৰ বৈশিষ্ট্য থকা বৃহৎ ভৌগোলিক অঞ্চলক বায়’ম বোলে। যেনে—ক্ৰান্তীয় বৰ্ষাৰণ্য।
৬/ জীৱমণ্ডল (Biosphere): পৃথিৱীৰ যিবোৰ অংশত জীৱৰ অস্তিত্ব আছে, সেই সমগ্ৰ জীৱধাৰী অঞ্চলক জীৱমণ্ডল বোলে।
২. পৰিৱেশীয় বহণক্ষমতা অৰ্জন কৰাত পৰিস্থিতিগত নীতিসমূহৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰ: পৰিৱেশীয় বহণক্ষমতা অৰ্জন কৰিবলৈ প্ৰকৃতিৰ পৰিস্থিতিগত নীতিসমূহ বুজি সেই অনুসৰি কাম কৰা অতি প্ৰয়োজনীয়। ইয়াৰ গুৰুত্বসমূহ হ’ল—
প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা: খাদ্য শৃংখল, শক্তিৰ প্ৰবাহ আৰু পুষ্টি চক্ৰৰ স্বাভাৱিক প্ৰক্ৰিয়া বজাই ৰাখিবলৈ সহায় কৰে।
সম্পদৰ সঠিক ব্যৱহাৰ: প্ৰাকৃতিক সম্পদৰ সীমাবদ্ধতা আৰু পুনৰুৎপাদনৰ ক্ষমতা বুজি সম্পদৰ অপব্যৱহাৰ আৰু অতিৰিক্ত শোষণ ৰোধ কৰাত সহায় কৰে।
জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ: বিভিন্ন প্ৰজাতিৰ মাজৰ আন্তঃনিৰ্ভৰশীলতা বুজি প্ৰজাতি আৰু সিহঁতৰ বাসস্থান সংৰক্ষণত সহায় কৰে।
প্ৰদূষণ নিয়ন্ত্ৰণ: পৰিৱেশত বৰ্জ্য পদাৰ্থৰ প্ৰভাৱ বুজি প্ৰদূষণ কমোৱা আৰু সঠিক বৰ্জ্য ব্যৱস্থাপনা গ্ৰহণ কৰাত সহায় কৰে।
দীৰ্ঘম্যাদী উন্নয়ন: উদ্যোগীকৰণ, কৃষি আৰু নগৰীকৰণৰ ক্ষেত্ৰত পৰিৱেশৰ ক্ষতি কমাই ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সম্পদ সংৰক্ষণ কৰি উন্নয়ন সাধনত সহায় কৰে।
৩. পৰিৱেশ প্ৰভাৱ মূল্যাংকন (EIA)-ৰ মূল পৰ্যায়সমূহ আৰু সেউজ অনুশীলনত ইয়াৰ ভূমিকা বাখ্যা কৰা।
উত্তৰ: পৰিৱেশ প্ৰভাৱ মূল্যাংকন (EIA) হৈছে কোনো উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ আগতে পৰিৱেশৰ ওপৰত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱসমূহ চিনাক্ত আৰু মূল্যাংকন কৰাৰ এক পদ্ধতিগত প্ৰক্ৰিয়া।
EIA-ৰ মূল পৰ্যায়সমূহ:
১. স্ক্ৰীনিং (Screening): প্ৰকল্পটোৰ বাবে EIA প্ৰয়োজন হয় নে নহয় নিৰ্ধাৰণ কৰা।
২. স্ক'পিং (Scoping): অধ্যয়ন কৰিবলগীয়া গুৰুত্বপূৰ্ণ পৰিৱেশীয় বিষয়সমূহ নিৰ্ধাৰণ কৰা।
৩. তথ্য সংগ্ৰহ আৰু প্ৰভাৱ বিশ্লেষণ: বায়ু, পানী, মাটি, জীৱ-বৈচিত্ৰ্য আৰু জনজীৱনৰ ওপৰত পৰিব পৰা প্ৰভাৱ অধ্যয়ন কৰা।
৪. প্ৰশমন পৰিকল্পনা (Mitigation): সম্ভাৱ্য নেতিবাচক প্ৰভাৱ কমাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।
৫. ৰাজহুৱা শুনানি (Public Hearing): প্ৰভাৱিত স্থানীয় লোকৰ মতামত আৰু আপত্তি গ্ৰহণ কৰা।
৬. অনুমোদন আৰু নিৰীক্ষণ (Monitoring): প্ৰকল্পটোৰ পৰিৱেশীয় প্ৰভাৱ নিৰীক্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।
সেউজ অনুশীলনত EIA-ৰ ভূমিকা: EIA-ই পৰিৱেশীয় ক্ষতি আগতীয়াকৈ চিনাক্ত কৰি প্ৰদূষণ নিয়ন্ত্ৰণ, সম্পদ সংৰক্ষণ, পৰিৱেশ-বান্ধৱ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উপযুক্ত প্ৰশমন ব্যৱস্থা গ্ৰহণত সহায় কৰে। ফলত উন্নয়নমূলক কাম আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য বজাই ৰাখিব পাৰি।
৪. সফল আৰু অসফল EIA-ৰ বৈশিষ্ট্যসমূহ উপযুক্ত উদাহৰণৰ আধাৰত বিশ্লেষণ কৰা।
উত্তৰ: EIA-ৰ গুণগত মান আৰু ইয়াৰ পৰামৰ্শসমূহ কিমান সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে, তাৰ ওপৰত ইয়াৰ সফলতা নিৰ্ভৰ কৰে।
সফল EIA-ৰ বৈশিষ্ট্য:
- সঠিক আৰু সম্পূৰ্ণ পৰিৱেশীয় তথ্য সংগ্ৰহ।
- সম্ভাৱ্য পৰিৱেশীয় প্ৰভাৱৰ বৈজ্ঞানিক মূল্যাংকন।
- স্থানীয় ৰাইজৰ অংশগ্ৰহণ আৰু ৰাজহুৱা শুনানি।
- নেতিবাচক প্ৰভাৱ কমাবলৈ উপযুক্ত প্ৰশমন ব্যৱস্থা।
- প্ৰকল্প চলি থকাৰ সময়তো নিয়মীয়া নিৰীক্ষণ।
উদাহৰণ: মেট্ৰ’ ৰেলৰ দৰে নগৰীয়া পৰিবহণ প্ৰকল্পত পৰিৱেশীয় প্ৰভাৱ অধ্যয়ন কৰি গছ সংৰক্ষণ, বৃক্ষৰোপণ, ধূলি-শব্দ নিয়ন্ত্ৰণ আদি ব্যৱস্থা গ্ৰহণ কৰিলে EIA-ৰ পৰামৰ্শ বাস্তৱায়নৰ উদাহৰণ পোৱা যায়।
অসফল EIA-ৰ বৈশিষ্ট্য:
- অপূৰ্ণ বা ভুল তথ্যৰ ব্যৱহাৰ।
- স্থানীয় ৰাইজৰ মতামতক যথোচিত গুৰুত্ব নিদিয়া।
- সম্ভাৱ্য বিপদসমূহ সঠিকভাৱে মূল্যাংকন নকৰা।
- প্ৰশমন ব্যৱস্থা দুৰ্বল হোৱা।
- প্ৰকল্পৰ পিছৰ পৰিৱেশীয় নিৰীক্ষণৰ অভাৱ।
উদাহৰণ: পাহাৰীয়া অঞ্চলত ভূমিৰ স্থিৰতা আৰু ভূ-প্ৰকৃতিৰ সঠিক মূল্যাংকন নকৰাকৈ বৃহৎ নিৰ্মাণ কাৰ্য চলালে ভূমিস্খলন, মাটিৰ ক্ষয় আৰু জলপ্ৰবাহৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৫. সেউজ নীতিশাস্ত্ৰ আৰু ব্যক্তিগত পৰ্যায়ত পৰিৱেশ তত্ত্বাৱধানৰ (Environmental Stewardship) ভূমিকা আলোচনা কৰা।
উত্তৰ: সেউজ নীতিশাস্ত্ৰ (Green Ethics) হৈছে প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি মানুহৰ নৈতিক দায়িত্বৰ ধাৰণা। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ব্যক্তিৰ দায়িত্বও যথেষ্ট গুৰুত্বপূৰ্ণ।