Chapter 9
জুবিন গাৰ্গঃ এক কিংবদন্তি
চমু প্ৰশ্নোত্তৰ
২। জুবিন গাৰ্গৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল।
৩। জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ।
৪। মোহিনী মোহন বৰঠাকুৰৰ ছদ্মনাম কি আছিল?
উত্তৰঃ তেওঁৰ ছদ্মনাম আছিল ‘কপিল ঠাকুৰ’।
৫। জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল?
উত্তৰঃ তেওঁৰ মাতৃৰ নাম ইলী বৰঠাকুৰ।
৬। জুবিন গাৰ্গৰ প্ৰাথমিক নাম কি আছিল?
উত্তৰঃ তেওঁৰ প্ৰাথমিক নাম আছিল জীৱন বৰঠাকুৰ।
৭। ‘জুবিন’ নামটো কাৰ নাম অনুসৰি ৰখা হৈছিল?
উত্তৰঃ বিশ্ববিখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ নাম অনুসৰি ‘জুবিন’ নামটো ৰখা হৈছিল।
৮। জুবিন গাৰ্গৰ প্ৰথম অসমীয়া এলবামখনৰ নাম কি?
উত্তৰঃ তেওঁৰ প্ৰথম অসমীয়া এলবামখনৰ নাম ‘অনামিকা’।
৯। ‘অনামিকা’ এলবামখন কোন চনত প্ৰকাশ পাইছিল?
উত্তৰঃ ‘অনামিকা’ এলবামখন ১৯৯২ চনত প্ৰকাশ পাইছিল।
১০। জুবিন গাৰ্গ কোন ক্ষেত্ৰত বিশেষভাৱে জনপ্ৰিয় আছিল?
উত্তৰঃ তেওঁ মূলতঃ সংগীত জগতত বিশেষভাৱে জনপ্ৰিয় আছিল।
১১। জুবিন গাৰ্গ কেৱল গায়কেই আছিল নে?
উত্তৰঃ নহয়, তেওঁ গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, পৰিচালক আৰু প্ৰযোজকো আছিল।
১২। জুবিন গাৰ্গে কোন কোন ভাষাত গীত গাইছিল?
উত্তৰঃ তেওঁ অসমীয়া, হিন্দী, বাংলা আৰু বহু আঞ্চলিক ভাষা-উপভাষাত গীত গাইছিল।
১৩। ‘য়া আলি’ গীতটো কোনখন চলচ্চিত্ৰৰ?
উত্তৰঃ ‘য়া আলি’ গীতটো হিন্দী চলচ্চিত্ৰ ‘গেংষ্টাৰ’ৰ।
১৪। ‘য়া আলি’ গীতটো কোন চনত মুক্তি পাইছিল?
উত্তৰঃ গীতটো ২০০৬ চনত মুক্তি পাইছিল।
১৫। ‘য়া আলি’ গীতটোৱে জুবিন গাৰ্গক কি প্ৰদান কৰিছিল?
উত্তৰঃ গীতটোৱে তেওঁক সৰ্বভাৰতীয় জনপ্ৰিয়তা প্ৰদান কৰিছিল।
১৬। ‘য়া আলি’ৰ বাবে জুবিন গাৰ্গে কোন উল্লেখযোগ্য বঁটা লাভ কৰিছিল?
উত্তৰঃ তেওঁ Global Indian Film Award-ত শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ সন্মান লাভ কৰিছিল।
১৭। “জোনাক গলা জাৰৰ নিশা” গীতটোৰ গীতিকাৰ কোন?
উত্তৰঃ গীতটোৰ গীতিকাৰ আছিল কপিল ঠাকুৰ।
১৮। জুবিন গাৰ্গ আৰু ড° ভূপেন হাজৰিকাৰ সৈতে জড়িত এলবামখনৰ নাম কি?
উত্তৰঃ এলবামখনৰ নাম ‘সপোন’।
১৯। জুবিন গাৰ্গৰ প্ৰথম কাব্যসংকলনখনৰ নাম কি?
উত্তৰঃ তেওঁৰ প্ৰথম কাব্যসংকলনখনৰ নাম ‘শব্দ-অনুভূতি’।
২০। জুবিন গাৰ্গ কবি হিচাপেও পৰিচিত আছিল নে?
উত্তৰঃ হয়, তেওঁ গীতিকাৰ আৰু কবি হিচাপেও পৰিচিত আছিল।
২১। জুবিন গাৰ্গে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কোনখন ছবিৰ বাবে লাভ কৰিছিল?
উত্তৰঃ ‘ইক’জ অৱ ছাইলেন্স’ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
২২। ‘ইক’জ অৱ ছাইলেন্স’ কি ধৰণৰ চলচ্চিত্ৰ?
উত্তৰঃ ই এখন নন-ফিচাৰ চলচ্চিত্ৰ।
২৩। জুবিন গাৰ্গৰ পত্নীৰ নাম কি?
উত্তৰঃ তেওঁৰ পত্নীৰ নাম গৰিমা শইকীয়া গাৰ্গ।
২৪। গৰিমা শইকীয়া গাৰ্গ কোন ক্ষেত্ৰৰ সৈতে জড়িত?
উত্তৰঃ তেওঁ ফেশ্বন ডিজাইনৰ সৈতে জড়িত।
২৫। জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ বিবাহ কেতিয়া হৈছিল?
উত্তৰঃ তেওঁলোকৰ বিবাহ ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত হৈছিল।
২৬। জংকী বৰঠাকুৰ কোন আছিল?
উত্তৰঃ জংকী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী আছিল।
২৭। জংকী বৰঠাকুৰ কোন ক্ষেত্ৰৰ সৈতে জড়িত আছিল?
উত্তৰঃ তেওঁ গায়ন আৰু অভিনয়ৰ সৈতে জড়িত আছিল।
২৮। জংকী বৰঠাকুৰৰ মৃত্যু কেনেকৈ হৈছিল?
উত্তৰঃ ২০০২ চনত এক পথ দুৰ্ঘটনাত তেওঁৰ অকাল মৃত্যু হৈছিল।
২৯। জংকী বৰঠাকুৰৰ স্মৃতিত জুবিন গাৰ্গে কোনখন এলবাম উৎসৰ্গা কৰিছিল?
উত্তৰঃ তেওঁ ‘শিশু’ (Xixu) এলবামখন ভগ্নীৰ স্মৃতিত উৎসৰ্গা কৰিছিল।
৩০। জুবিন গাৰ্গৰ আনগৰাকী ভগ্নীৰ নাম কি?
উত্তৰঃ তেওঁৰ আনগৰাকী ভগ্নীৰ নাম ড° পালমী বৰঠাকুৰ।
৩১। ড° পালমী বৰঠাকুৰ কোন ক্ষেত্ৰৰ সৈতে জড়িত?
উত্তৰঃ তেওঁ শিক্ষা আৰু অধ্যাপনা ক্ষেত্ৰৰ সৈতে জড়িত।
৩২। জুবিন গাৰ্গে চলচ্চিত্ৰত অভিনয় কৰিছিল নে?
উত্তৰঃ হয়, তেওঁ বহু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল।
৩৩। জুবিন গাৰ্গে পৰিচালনা কৰা উল্লেখযোগ্য চলচ্চিত্ৰ এখনৰ নাম লিখা।
উত্তৰঃ ‘মিছন চাইনা’ তেওঁৰ এখন উল্লেখযোগ্য চলচ্চিত্ৰ।
৩৪। ‘কাঞ্চনজংঘা’ৰ সৈতে জুবিন গাৰ্গ কেনেকৈ জড়িত আছিল?
উত্তৰঃ তেওঁ চলচ্চিত্ৰখনৰ পৰিচালনা, অভিনয় আৰু সংগীতৰ সৈতে জড়িত আছিল।
৩৫। জুবিন গাৰ্গ অভিনীত এখন চলচ্চিত্ৰৰ নাম লিখা।
উত্তৰঃ ‘মন যায়’ জুবিন গাৰ্গ অভিনীত এখন উল্লেখযোগ্য চলচ্চিত্ৰ।
৩৬। জুবিন গাৰ্গৰ অন্তিম চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰঃ তেওঁৰ অন্তিম চলচ্চিত্ৰখনৰ নাম ‘ৰৈ ৰৈ বিনালে’।
৩৭। ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰখনৰ পৰিচালক কোন?
উত্তৰঃ চলচ্চিত্ৰখনৰ পৰিচালক ৰাজেশ ভূঞা।
৩৮। ‘ৰৈ ৰৈ বিনালে’ কেতিয়া মুক্তি পাইছিল?
উত্তৰঃ চলচ্চিত্ৰখন ২০২৫ চনৰ ৩১ অক্টোবৰত মুক্তি পাইছিল।
৩৯। জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ তেওঁৰ মৃত্যু ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত হৈছিল।
৪০। জুবিন গাৰ্গৰ মৃত্যু ক’ত হৈছিল?
উত্তৰঃ তেওঁৰ মৃত্যু ছিংগাপুৰত হৈছিল।
৪১। মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ বয়স কিমান আছিল?
উত্তৰঃ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫২ বছৰ আছিল।
৪২। জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হৈছিল?
উত্তৰঃ গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ কামাৰকুছি-হাতীমুৰা অঞ্চলত তেওঁৰ শেষকৃত্য কৰা হৈছিল।
৪৩। জুবিন গাৰ্গৰ শেষকৃত্য হোৱা স্থানটো কি নামেৰে পৰিচিত?
উত্তৰঃ স্থানটো ‘জুবিন ক্ষেত্ৰ’ নামেৰে পৰিচিত।
৪৪। অসমীয়া সংগীত জগতত জুবিন গাৰ্গৰ প্ৰধান অৱদান কি?
উত্তৰঃ তেওঁ আধুনিক অসমীয়া সংগীতক নতুন শৈলী, সুৰ আৰু জনপ্ৰিয়তা প্ৰদান কৰি নতুন প্ৰজন্মৰ মাজত অসমীয়া গীতৰ প্ৰতি বিশেষ আগ্ৰহ সৃষ্টি কৰিছিল।