মই প্ৰথমে কওঁ মই কথা খিনি জনসাধাৰণৰ কাৰণে লিখিছোঁ সকলোৱে যেন সমৰ্থন কৰে, আজি পৰা কিমান বছৰ বছৰ ধৰি আমাৰ মৰিগাঁও ভকতগাওঁ দলং খনৰ ওচৰত বনাই থকা  সেঁতু খনৰ কাম সম্পূৰ্ণ হ'ব কোনোবাই জানে নেকি বাৰু ?কাৰণ আমাৰ যি খন দলং আছে তাকো ব্ৰিটিছৰ দিনতেই বনোৱা দলং তাৰোপৰি এফালৰপৰা গাড়ী গ'লে সিফালৰ গাড়ী ৰৈ থাকিব লগা হয় ,সিফালৰ পৰা গাড়ী আহিলে ইফালৰ গাড়ী ৰৈ থাকিব লাগে , কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ যেতিয়া জোনবিল মেলা আহে তেতিয়া ইমানেই ভিৰ হয় পৰে যেন যিকোনো মূহুৰ্তত দলংখন ভাঙি পৰিব পাৰে , যেতিয়া লৈ এনেকুৱা এটা ভয়াৱহ কাণ্ড নহয় তেতিয়ালৈকে কিন্তু চৰকাৰে একো গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে , মই অনুৰোধ জনাইছোঁ যে ৰাস্তা ঘাট বেয়া হৈ আছে যদিও মৰিগাঁও ভকতগাওঁ সেঁতু খনৰ কাম সোনকালেই আৰম্ভ কৰক , কামখিনি আজি লৈ একেতা গতিতে আছেই বি.জে.পি চৰকাৰ খন অহা প্ৰায় ৪ বছৰে হ'ল ভাৱিছিলো এইবাৰ সম্পূৰ্ণ হ'ব কিন্তু এনেকুৱা লাগিছে যেন সেতুঁ খন সম্পূৰ্ণ নহওঁতেই কিজানি মেদ‌ ওকলি যাব,সকলো বস্তুৰেই কিছুমান সীমা থাকে ন যেনে ঔষধ  বেলেগ উদাহৰণ দিয়া নাই ,ঠিক তেনেদৰে আমাৰ মৰিগাঁও ভকতগাওঁ যিখন সেঁতু পোষ্ট পুতিছিল আজিৰ পৰা কিমান দিনৰ আগতে পুতিছিল যদি তেতিয়া পৰা ধৰা হয় কিজানি মেদ‌ ওকলি যাব বেছি বছৰ নাই আৰু গতিকে চৰকাৰ খনে যেন বিহিত ব্যৱস্থা লয়, আমাক ৰে'ল গেটৰ ওচৰত উৰণীয়া সেঁতুখন নালাগে বাৰু যিখনৰ কাম হাতত লৈছে ভকতগাওঁ আধৰুৱা হৈ থকা দলংখনৰ কামকেই সম্পূৰ্ণ কৰিব বুলি আশা ৰাখিলোঁ, তাৰোপৰি ভকতগাও দলং খন পাৰ হৈয়ে যি ডাঙৰ ডাঙৰ ট্ৰাক বোৰ চলিবলৈ ধৰিছে আমাৰ মৰিগাঁও ৰাস্তা ঘাট বোৰ বহুত বেয়া হৈ পৰিছে, প্ৰতিজন যাত্ৰীৰ মনত এটাই ধাৰণা কেনেকৈ গৈ জাগীৰোড খন পাম গৈ , আৰু গুৱাহাটী চহৰৰ গাতে লাগি থকা মৰিগাঁও নগৰ খনৰ মূখ্য পথটোৰ দুৰৱস্থা কথা কিয় গুৰুত্ব নিদিয়ে , শেষত অনুৰোধ জনাইছোঁ ভকতগাওঁ দলং খনৰ নিৰ্মাণ কাৰ্য সোনকালেই সম্পূৰ্ণ কৰক নহ'লে এদিন নহয় এদিন মৰিগাঁওবাসী ৰাইজ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো খাটাং,








Post Id: DABP000516