মৰিগাঁও,১৬ জানুৱাৰী:--
মৰিগাঁৱৰ বাচনঘাট খন্দাজানত ট্ৰাক আৰু মটৰচাইকেলৰ ভংয়কৰ দুৰ্ঘটনাত মটৰচাইকেল আৰোহীজনৰ থিতাতে মৃত্যু হয় ৷ আজি দিনৰ এক বজাত ASU 7286 নম্বৰৰ কালৰ্ভাট কঢ়িওৱা ট্ৰাকখন মৰিগাঁৱৰ পৰা জাগীৰোড অভিমুখে গৈ থকা অৱস্থাত সন্মুখৰ ফালৰ পৰা অহা AS 21 F 6017 নম্বৰৰ গ্লেমাৰ মটৰচাইকেল আৰোহী আৰু লগত অহা মহিলা গৰাকীক মহটিয়াইলৈ যায়৷ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। আনহাতে মৰিগাঁও জাগীৰোড পথত সংঘটিত দুঘৰ্টনাৰ বাইকত উঠি যোৱা মহিলাগৰাকী গুৰুতৰভাৱে আহত হোৱাত আৰক্ষীয়ে আহত মহিলা গৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ঘটনাস্হলীত উপস্থিতহৈ জানিব পৰামতে আৰোহীজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজন পলায়ন কৰে ৷



























Post Id: DABP000664