Poem Mood Image

সিদিনা চোতালত

সিদিনা চোতালৰ বেলিঘড়ীত
ভেজাদি সময় আগবাঢ়িছিল- - - -
মৰণে সুহুৰি বজাই
থিতাপি লৈছিল তোমাৰ বুকুত
মোৰ কপালৰ বেলিটোক
ঢাকি দিছিল মৃত্যুৰ ডাৱৰে - - -
দুখৰ বৰষুণত তিতিছিল
প্ৰতিজনৰ হিয়াৰ দুবৰি - - -
এতিয়া মোৰ আশাৰ সপোনত
সময়ৰ হাতোৰাৰ নিৰ্মম আঁচোৰ
দুটি জোনাকী পৰুৱাৰ
পোহৰত পোহৰাইছোঁ
এন্ধাৰ কাতিৰ শত নিশা - - -
নিগৰাইছো সপোনৰ সুৱগা
অনাগত ভৱিষ্যতৰ - - -
তোমালৈ হেজাৰ প্ৰশ্ন
দেখিছানে তুমি ?
কিদৰে চিকুটিছোঁ
কাঁহীৰ কাষৰ কৰাল মৰা ভাত - - -
মাথোঁ জীয়াই থাকিবলৈকে - - -

✍️হিমাদ্ৰী গগৈ
পল্টন বজাৰ ডিব্ৰুগড়।
🎉 280k Views
সকলো পাঠকক আন্তৰিক ধন্যবাদ