পাঠ ৩
অৰূপৰ আৱেদন


উত্তৰ দিয়া-

(ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল?
উত্তৰঃ অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল। খাই অহাৰ পৰাই অৰুপৰ পেট-চলা আৰম্ভ হৈছিল। সেইবাবে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল।

(খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল?
উত্তৰঃ গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট-চলা ৰোগ  হৈছিল।

(গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল?
উত্তৰঃ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰুপ, তুমি লিখিত ভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ। কিন্তু এই চিঠি খন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰৰ বাবে আৱেদনহে কৰিব লাগে। আৱেদনক দৰ্খাস্ত বুলিও কোৱা হয়।

(ঘ) আৱেদনক আৰু কি বুলি কোৱা হয়?
উত্তৰঃ আৱেদনক আৰু দৰ্খাস্ত বুলি কোৱা হয়।

(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি?
উত্তৰঃ অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্য়োতি আদৰ্শ প্ৰাথমিক বিদ্য়ালয়।

(চ) অৰূপে কি বিচাৰি আৱেদন কৰিছিল?
উত্তৰঃ অৰূপে ছুটী মঞ্জুৰি বিচাৰি আৱেদন কৰিছিল।


শব্দবোৰৰ অৰ্থ লিখোঁ আহা।
উত্তৰঃ

ব্য়স্ত -           কোনো এটা কামত লাগি থকা।
খতি -          কাম বন্ধ থকা, চলি নথকা, হানি, শৰীৰৰ কোনো অংগত থকা দোষ।
পেট-চলা -   বেছিকৈ শৌচ কৰা ৰোগ।
ছুটী -            অৱসৰ, কামৰ পৰা লোৱা সাময়িক অব্য়াহতি।
মঞ্জুৰ -     অনুমোদন, সন্মতি, স্বীকৃতি, মান্তি, গ্ৰহণ।
একান্ত -       একে ঠাইতে বা বস্তু মন লগোৱা, একাগ্ৰ।
শৈলী -           ৰীতি, প্ৰণালী, ভংগী। 
শিৰোনামা -   চিঠিৰ ওপৰত লিখা নাম, ঠিকনা আদি।


" অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি?"- এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৈছিল?
উত্তৰঃ বহু দিনৰ মূৰত অৰূপ স্কুললৈ গৈছিল। তেতিয়া অৰূপক দেখি ৰেহেনা খাতুন বাইদেউৱে অৰূপক উক্ত কথাষাৰ কৈছিল।


প্ৰশ্নঃ স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আৱেদন কৰিব লাগে?
উত্তৰঃ স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আৱেদন কৰিব লাগে ।

প্ৰশ্নঃ অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আৱেদনখনৰ মাজত কি কি পাৰ্থক্য় দেখিলা? কোৱা আৰু লিখা ।
উত্তৰঃ অৰূপে লিখা পত্ৰখন হ'ল চিঠি। বাইদেৱে লিখা পত্ৰখন হ'ল আৱেদন। অৰূপে স্কুলখনৰ নাম দিয়া নাছিল। বাইদেৱে দিছিল।  


প্ৰশ্নঃ পাঠটিত থকা অতীত কাল বুজোৱা ক্রিয়া পদবােৰ বিচাৰি উলিয়াই লিখা ।
উত্তৰঃ পাঠটিত থকা অতীত কাল বুজুৱা শব্দবোৰ হৈছে-
কৰিলো, হৈছিল, গৈছিলোঁ, খুৱাইছিল, নাছিলোঁ, নোৱাৰিলো, জনালোঁ।

প্ৰশ্নঃ তলৰ বাক্য়বোৰৰ কাষত দুটাকৈ পদ দিয়া আছে। তাৰে এটাহে বাক্য়টোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন 'X' চিন দিয়া। তাৰ পাছত খাপ খোৱা পদটোৰে বাক্য়টো পুনৰ লিখা।
  

(ক) মই কাইলৈ গুৱাহাটিলৈ                     যাম / গৈছিলোঁ
উত্তৰঃ যাম।

(খ) সৌৱা, চৰাইবোৰ আকাশত                উৰিছে / উৰিছিল
উত্তৰঃ উৰিছে।

(গ) যোৱাবেলি আমাৰ ইয়াত বানপানী      হ'ব / হৈছিল।
উত্তৰঃ হৈছিল।

(ঘ) আহা, আমি ঘৰলৈ                                 যাওঁ / গৈছিলো
উত্তৰঃ যাওঁ।

(ঙ) মই কিতাপ                                             পঢ়ো / পঢ়ে
উত্তৰঃ পঢ়ো।

(চ) তুমি কি                                                     কৰিছে / কৰিছা। 
উত্তৰঃ কৰিছা।

(ছ) তেওঁ ধান                                                  দাইছা /দাইছে।
উত্তৰঃ দাইছে।

(জ) আমি ছবি                                             আঁকিছিলো / আঁকিছিল
উত্তৰঃ আঁকিছিলো।

(ঝ) তোমালোকে গীত                                   গাইছিল / গাইছিলা। 
উত্তৰঃ গাইছিলা।

(ঞ) তেওঁলোকে বল                                       খেলিছিল / খেলিছিলা
উত্তৰঃ খেলিছিল।

(ট) দেউতা আজি আহি                                    পাম / পাব।
উত্তৰঃ পাব।

(ঠ) সিহঁতে কাইলৈ চিনেমা                                 চাব / চাম
উত্তৰঃ চাব।

(ড) আমি বৰশী                                                     বাম / বাব
উত্তৰঃ বাম।


প্ৰশ্নঃ সিপিঠিৰ ক্ৰিয়া - কলাপটোত তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি ভাগে ভাগে লিখা।

অতীত কাল

বৰ্তমান কাল

ভৱিষ্যত কাল

মণিকা কালি স্কুললৈ আহিছিল

মই কিতাপ পঢ়োঁ।

মই কাইলৈ গুৱাহাটীলৈ যাম।


প্ৰশ্নঃ তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পূৰোৱা।
(ক) যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোআমাৰ লগত ছাৰ-বাইদেউসকলো গৈছিল।বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিলমাজে মাজে আমি গান গাইছিলো, ফূৰ্তি কৰিছিলো আৰু কৌতূক শুনি হাঁহিছিলো

(খ) পছোৱা বতাহ বলিছে। সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাউগুদু খেলিছে। আন কেইজনমানে চিলা উৰাইছে। এজনে আকৌ গছৰ তলত বহি বাহি বজাইছে। আন এজনে আঁহতৰ পাতেৰে টুপী সাজিছে

(গ) মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাৰু-পিঠা আনিব

শব্দ সাজি বাক্য় ৰচনা কৰা।
ৰূপ → অৰূপেঃ  অখাদ্য়  খোৱাৰ  বাবে অৰূপৰ পেটৰ অসুখ হৈছিল।
সজ্য় →অসজ্য়ঃ ইমান গৰম মোৰ অসহ্য লাগি গৈইছে।
খাদ্য়→  অখাদ্য়ঃ অখাদ্য় খাব নালাগে।
সুখ→   সুখঃ ৰাজে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে তাৰ দুখ লাগিছে।
মিল→  অমিলঃ ৰাজ আৰু ৰাজাৰ মাজত বহুত অমিল আছে।


অনু
গ্ৰহ→ অনুগ্ৰহঃ অনুগ্ৰহ কৰি বিদ্য়ালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ ছুটী মঞ্জুৰ কৰে যেন।
উপস্থিত→ অনুপস্থিতঃ ৰাজ কালি স্কুলত অনুপস্থিত আছিল।
ৰূপ→ অনুৰূপঃ ঘৰ-চৰ এটা অনুৰূপ শব্দ।
মান→ অনুমানঃ ইয়াত কি হৈছে মই অনুমান কৰিব পৰা নাই।
উচিত→ অনুচিতঃ ক'ৰণা ভাইৰাচৰ সময়ত বাহিৰত ঘূৰি ফূৰা অনুচিত।

প্ৰশ্নঃ সমূহীয়া ভোজ-ভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ হ'ব পাৰে ?
উত্তৰঃ- - সোৱাদ পাই সৰহকৈ খালে 
             - আঞ্জাত বেছি জ্বলা-মছলা হ'লে
             - অসময়ত খোৱাৰ বাবে


*দলত আলোচনা কৰি লিখা।
(ক) বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ আৱেদন পত্ৰ লিখা-

উত্তৰঃ 
            ক খ গ বিদ্য়ালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু।
    বিষয়ঃ বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা কৰাৰ বাবে আৱেদন।          তাং- ..........
           
     মহাশয়,
                   বিনীত নিৱেদন এই যে, আমাৰ বিদ্য়ালয়ত বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনীত নিৱেদন এই যে আমাৰ বাবে বিশুদ্ধ খোৱা পানীৰ      ব্য়ৱস্থা কৰে যেন।
                                                             
                                                                       আপোনাৰ একান্ত বাধ্য় ছাত্ৰ-ছাত্ৰী
                                                                                       ক খ গ




Answered by Hiru Moni Bora

Last Update by Dipawali Bora (06.05.2022)

Check by Dikha Rani Bora 


Post ID : DABP002983