Lesson 1
  তেজৰে কমলাপতি 
  

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer
    👉Paid Answer (For Membership User)


৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?

উত্তৰঃ-
বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল - শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।

(খ) তেজৰে কমলাপতি  নামৰ বৰগীতটোৰ ৰচক কোন?

উত্তৰঃ-
তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল -মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ ।

(গ) তিমিৰ ফেৰিয়া কি বাজ হয়?

উত্তৰঃ-
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়  ।

(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।

উত্তৰঃ- যশোদাই  কৃষ্ণক  পুৱা গৰু চৰাবলৈ জগাইছিল ।

৪)তলত দিয়া পদ দুশাৰীত কোনে ,কাক , কি কৈছে? নিজৰ কথাৰে লিখা।

নন্দগেল বাথানে গোৱাল গেল পাল   ।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল   ।। ,
 
উত্তৰঃএই কথা শাৰী যশোদাই পুৱা কৃষ্ণক  কৈছিল । যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটিঁ লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে  । তোমাৰ সুৰভী গাইক চৰাবলৈ যোৱা , উঠা কৃষ্ণ ।

৫) শব্দ  সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা।

উত্তৰঃ-
            কমলাপতি  -   বিষ্ণু , ভগৱান  
                   তিমিৰ  -  এন্ধাৰ।  
                    ডাকে  -   মাতে  
                  ব্ৰজবধূ  -   ব্ৰজধামৰ বোৱাৰী     
                শতপত্ৰ   -   পদুম  
                    ভ্ৰমৰ   -   ভোমোৰা  
               ত্ৰিজগত  -    স্বৰ্গ , মত্য , পাতাল    ।


৬ । বৰগীতটোত প্ৰকাশ  পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।

উত্তৰঃ  বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্য়ৰ বৰ্ণনা কৰিছে যত মাকে কৃষ্ণক জগাবলৈ আহিছিল। 

৭ । তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।

উত্তৰঃ- তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য় দাঙি ধৰিছে। পুৱাৰ সূৰ্যৰ ওলাইছে, আৰু নদীৰ বুকুত ধুনিয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে জাকে উৰিছে।

৮) (ক)শব্দৰ আগত  'ত্ৰি' শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ।

উত্তৰঃ-   জগত---ত্ৰিজগত                       শূল---ত্ৰিশূল
                ভূজ-----ত্ৰিভূজ                         কোণ--ত্ৰিকোণ
                কাল----ত্ৰিকাল                          নয়ন---ত্ৰিনয়ন


(খ) তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য় ৰচনা কৰা।
উত্তৰঃ- 
                  মুখ ---- বিমুখ                      
                  দূূৰ  ---- বিদূৰ            
              কিৰণ  ---- বিকিৰণ     
                  নন্দ ---- বিনন্দ

উত্তৰঃ-   
                বিমুখ  -  কেতিয়াও কাকো বিমুখ কৰিব নাপাই  । 
                বিদূৰ   -    পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ      । 
                বিকিৰণ   -  ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ  হৈছে   । 
                বিনন্দ     -     ল'ৰা বিলাকে খেলপথাৰত আনন্দ- বিনন্দৰে খেলি আছে    ।

৯) তলৰ ব্ৰজাৱলী  ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।

ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।  
        
উত্তৰঃ- ৰাতি গৈ  ৰাতিপুৱা হৈছে    ।

খ) শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়  ।

উত্তৰঃ- পদুম ফুলি তাত ভোমোৰা উৰিছে    ।

গ) দাম- সুদাম ডাকে তেৰি লৈয়া নাম ।

উত্তৰঃ- দাম আৰু সুদামে তোমাৰ নাম লৈছে   ।

ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু  ।

উত্তৰঃ- ক্ষীৰ লৱনু লোৱা আৰু গৰু চৰাবলৈ যোৱা   ।



১০) এটা শব্দত প্ৰকাশ কৰা।

উত্তৰঃ-

গৰু বন্ধা ঠাই  - গোহালী   

যিজন সকলোৰে মাজত প্ৰিয় - জনপ্ৰিয়  

যিয়ে ৰাতি নেদেখে  -   কুকুৰিকণা   

যাক সহজে লাভ কৰিব নোৱাৰে - দুৰ্লভ  

যিজনে সকলো জানে  -  জ্ঞানী  

যিজনে বিষ্ণুক উপাসনা কৰে  - বৈষ্ণৱ



১১। বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি 'বল' বুজাই আৰু শেষৰ আখৰ দুটা মিলি 'মানুহৰ নাম' বুজাই। শব্দটো বিচাৰি উলিয়াই লিখা। বলৰাম  প্ৰথম দুটা মিলি বল হয়।

সেই শব্দটোৰ-

* প্ৰথম আৰু তৃতীয় মিলি কি বুজাই ?

উত্তৰঃ- প্ৰথম আৰু তৃতীয় মিলি বৰা বুজাই।

* দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজাই ?

উত্তৰঃ- দ্বিতীয় আৰু তৃতীয় মিলি ল'ৰা বুজাই।

* চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজাই ?

উত্তৰঃ- চতুৰ্থ আৰু দ্বিতীয়ই মিলি মল বুজাই। 



১২। ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা।

কথা

গোপী বোল ঃ আহে কানাই ! তোহাক হামু উত্তৰে নাহি পাৰলো। আজুৰ তোহাৰি মাৱক আগু সৱ কথা কহিয়ে হামো তোহাক যে জানো তাৰ কৰব।

সূত্ৰ

ওহি বুলি গোপী পাৰাক গোপাসৱক ডাকিয়ে এক থানে হোৱে সৱহি শিয় যশোদাক আগু কহল, তা দেখহ।
 
কথা

গোপী বোলঃ হে মাই যশোকে ! তোহাবি বালক কানাই হামাক যে অপকাৰ কৰত তা শুনহ। হামাৰ গৃহে দধি দুগ্ধ লৱণু ৰহয়ে নাহি। শ্ৰীকৃষ্ণ বানৰ সৱ সহিতে সৱ নাশ কয়ল।

অপৰ গোপী বোল ঃ হে মাই, হামু ওহি কৃষ্ণক কথা কত কহব। হামাৰ সঞ্চিত লৱনু চুৰি কাৰি খাই জোখাক ভাণ্ড ভাঙ্গি পেলাৱল। ( ওপৰৰ কথাখিনি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত 'পিম্পৰা গুচোৱা' নাটৰ পৰা তুলি দিয়া হৈছে। )

উত্তৰঃ- তোমালোকে নিজে নিজে অভিনয় কৰিবলৈ চেষ্টা কৰিবা।



১৩। দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণী কোঠাত পঢ়ি শুনোৱা।
উত্তৰঃ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা।



১৪। বৰগীত ব্যৱহাৰ কৰা বাদ্য যন্ত্ৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত 
কৰা।

 
অতিৰিক্ত প্ৰশ্ন উত্তৰ-

১)  শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ-  শ্ৰী শ্ৰী মাধৱদেৱে জন্ম হৈছিল- উত্তৰ লখিমপুৰ ( পুৰণি লক্ষীমপুৰ ) জিলাৰ নাৰায়ণ পুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল।

২) শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ-মাতৃ নাম কি আছিল ?

উত্তৰঃ- শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আছিল গোৱিন্দগিৰী আৰু মাতৃৰ নাম - মনোৰমা।

৩) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল ?

উত্তৰঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল- শ্ৰী শ্ৰী মাধৱদেৱ।

৪) শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম কি ?

উত্তৰঃ- শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম হৈছে- বৰপেটা সত্ৰ, সুন্দৰী দিয়া সত্ৰ আদি।

৫) মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম লিখা।

উত্তৰঃ- মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম হৈছে- বৰগীত, ভটিমা, ভক্তি-ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন ব্যৱহাৰ বা ভোজন বিহাৰ, ভুমি লেটোৱা, চোৰ ধৰা পিম্পৰা আদি।

৬) তেখেতৰ শ্ৰেষ্ঠ কৃতি কি ?

উত্তৰঃ- তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল 'নাম-ঘোষা'।

৭) বৰগীত কি ?

উত্তৰঃ- বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা 'ৰাম-কৃষ্ণ'ৰ লীলা বিষয়ক আধ্যাত্মিক গীত।

৮) বৰগীতসমূহ কি ভাষাত ৰচিত ?

উত্তৰঃ- বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।

৯) ব্ৰজাৱলী ভাষা কাক বোলে ?

উত্তৰঃ- ব্ৰজাৱলী ভাষা হ'ল- শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা।

১০) ব্ৰজাৱলী ভাষা কোন দুটা ভাষাৰ সংমিশ্ৰিত ৰূপ ?

উত্তৰঃ- ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষা সংমিশ্ৰিত ৰূপ।

১১) শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ কি ভাষাত ৰচিত ?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ 'ব্ৰজাৱলী' ভাষাত ৰচিত।

১২) ব্ৰজাৱলী ভাষাৰ আন এটা নাম লিখা।

উত্তৰঃ- ব্ৰজাৱলী ভাষাৰ আন এটা নাম হৈছে- 'ব্ৰজবুলি'।