পাঠঃ ২
কালিকা লগা পাট-কাপোৰ
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
২) উত্তৰ দিয়া।
(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উত্তৰঃ চহকী মানুহজন আচিক দেশৰ আছিল।
(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উত্তৰঃ চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনিয়া ডেকাৰ লগত বিয়া হৈছিল।
(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?
উত্তৰঃ ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিয়া হৈছিল।
(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?
উত্তৰঃ কালিকালগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল, এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।
উত্তৰঃ আচিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।
(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল?
উত্তৰঃ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল।
(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল?
উত্তৰঃ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ুৰ চৰাই (চিতৰী) হৈ পৰিল।
৩) চমু উত্তৰ লিখা।
(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?
উত্তৰঃ বাপেকে ছোৱালীজনীক দিয়া বনকৰা কপোৰখনৰ বিশেষত্ৱ হ'ল - এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।
(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিতৰী চৰাই লৈ ৰূপান্তৰিত হৈছিল?
উত্তৰঃ গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে সুশোভিত চিতৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল।
(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল?
উত্তৰঃ গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে ।
৪) তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।
প্ৰচলিত - চলি থকা।
দেখনিয়াৰ - সুঠাম আৰু দেখিবলৈ ধুনীয়া।
চহকী - ধনী।
সুশোভিত - সুসজ্জিত।
সৰহ - বহুত।
খ-ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )
৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।
এই কাণ্ড দেখি ঘৈণিয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখন সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল।
জানো আহা-
জীয়েক-জোঁৱায়েকে কাপোৰখন সযত্ননে ৰাখিলে।
এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব।
জীয়েক আৰু জোঁৱায়েকে ঘৰৰ গৰাকী হ'ল।
ওপৰৰ বাক্যকেইটাত ডাঙৰ দফাৰ পদকেইটাই কিবা কাম ( কাৰ্য ) হোৱা বা কৰা বুজাইছে।
এনেদৰে-
যি পদে কোনো কাম (কাৰ্য) সম্পাদন কৰা বা নকৰা বুজাই তাক ক্ৰিয়াপদ বোলে।
ক্ৰিয়া পদ দুবিধঃ সমাপিকা আৰু অসমাপিকা ক্ৰিয়া।
যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে, তাক সমাপিকা ক্ৰিয়া বোলে। যেনে-
(১) জীয়েক-জোঁৱায়েকে কাপোৰখন সযত্ননে ৰাখিলে।
(২) এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব।
ওপৰৰ বাক্যটোত ডাঙৰ হৰফেৰে লিখা 'নপঢ়াকৈ' আৰু 'দিলে' পদ দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই।
এনেদৰে, যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে, সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে।
৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।
সমাপিকা ক্ৰিয়া |
অসমাপিকা ক্ৰিয়া |
|
|
|
|
- মই ঘৰলৈ যাম।
- ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।
- পুৱা শুই উঠি মই বকুল ফুল বুটলিম।
- মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে।
- স্কুলৰ পৰা আহি মই কিছুপৰ টি ভি চাওঁ।
সমাপিকা ক্ৰিয়া |
অসমাপিকা ক্ৰিয়া |
|
|
|
জানো আহা-
পাঠত থকা 'আচিক', 'চিতৰী’ আৰু 'চেকে ’ শব্দ তিনিটা গাৰো শব্দ। আচিকৰ অর্থ পাহাৰীয়া লােক , চিতৰীৰ অর্থ ম’ৰা চৰাই আৰু চেকে শব্দটোৰ অর্থ জাকৈ ।
= আমাৰ অসমত বিভিন্ন ধৰণৰ মাছ মৰা সঁজুলি আছে । এই সঁজুলিবােৰৰ বিভিন্ন নাম । যেনে— জাকৈ , বৰশী , চেপা , পল , জাল, খােকা আদি । তেনেদৰে মাছ থ’বলৈ ব্যৱহৃত সঁজুলি খালৈ । বেছিভাগ সঁজুলিৱেই বাঁহেৰে নির্মিত । অসমত অঞ্চলভেদে এই সঁজুলিবােৰৰ নাম বেলেগ বেলেগ হয় ।
৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।
জানো আহা
ম'ৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পখী।
পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল।
ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু।
অশোকস্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক।
তিনি বৰণীয়া জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা।
Spelling Check By- Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
-------------------------------