পাঠঃ ৩
পণ্ডিত আনন্দৰাম বৰুৱা
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
২) উত্তৰ দিয়া।
(ক) আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ- আনন্দৰাম বৰুৱাৰ জন্ম ইংৰাজী ১৮৫০ চনৰ মে' মাহৰ ২১ তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত হৈছিল ।
(খ) তেওঁৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ- তেওঁৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা ।
গ)আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল?
উত্তৰঃ- আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সি কলেজত নাম ভৰ্তি কৰিছিল ।
ঘ) 'আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা' কিয় প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ- ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা ।
৩) ABILAC ৰ সম্পূণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা।
উত্তৰঃ- ABILAC ৰ সম্পূণ নামটো ইংৰাজীত হ'ল Anundoram Boruah Institute Of Language Art And Culture ,Assam . অসমীয়াত হ'ল আনন্দৰাম বৰুৱা ভাষা- কলা- সংস্কৃতি- সংস্থা।
৪) তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।
কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
উচ্চ সংস্কৃত ব্যাকৰণ |
প্ৰাচীন ভাৰতৰ ভূগোল |
সৰস্বতী কন্ঠাভৰণ |
ভৱভূতিৰ মহাবীৰ চৰিত |
ভাগৱতৰ দশম স্কন্ধ |
ইংৰাজী-সংস্কৃত অভিধান |
সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ |
উত্তৰঃ-
উচ্চ সংস্কৃত ব্যাকৰণ |
ভৱভূতিৰ মহাবীৰ চৰিত |
সৰস্বতী কন্ঠাভৰণ |
প্ৰাচীন ভাৰতৰ ভূগোল |
ইংৰাজী-সংস্কৃত অভিধান |
সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ |
সংস্কৃত শিক্ষাৰ্থী সহচৰ |
৫) আনন্দৰাম বৰুৱাই আই.চি. এছ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্ৰেণ্ট ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা।
উত্তৰঃ- FOR STUDENTS
৬) আনন্দৰাম বৰুৱাৰ কৰ্ম জীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।
উত্তৰঃ- স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে মৈমনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে যোগদান কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চ পদস্থ বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়। নোৱাখালি জিলাত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়ন মূলক কাম কৰাৰ উপৰি তাত এটি গুৰুত্ৱপূৰ্ণ কাম আৰম্ভ কৰে। অসমৰ দৰে বংগদেশতো ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্যভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতে এই গুৰুত্ৱপূৰ্ণ কামতো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। ১৮৮৯ চনত তেখেতে বংগদেশত আকস্মিক ভাৱে মৃত্যু বৰণ কৰে।
৭) 'ক' অংশত থকা শব্দৰ লগত 'খ' অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা ।
অধ্যৱসায় অতি শুৱনি, বহুতৰ মাজত চকুত পৰা।
মন্থন সুনাম, যশস্যা।
সুখ্যাতি মথা বা ঘোঁটা কাৰ্য।
জাতকজিলিকা প্ৰতিদ্বন্দ্বী।
অৱদান আশা নকৰা।
সংকল্প কামত লগোৱা, কামত নিয়োগ কৰা।
অপ্ৰত্যাশিত নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য।
প্ৰতিযোগী জ্ঞানী।
নিযুক্ত কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছামনীষী ।
৯) খালী ঠাই পূৰ কৰা।
(ক) কালি মই গুৱাহাটীলৈ
উত্তৰঃ- যাম ।
(খ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন
উত্তৰঃ- আহিব।
(গ) ল'ৰা বিলাকে খেল পথাৰত বল
উত্তৰঃ- খেলিছে ।
১১) চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা।
উত্তৰঃ চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয়। কোনো কৰ্মৰ পৰা যদি ভাল ফলাফল পাব বিচাৰে তেতিয়া হ'লে অধিক চেষ্টাৰ প্ৰয়োজন। যদি কোনো কাম কৰিব পৰা নাই তেনেহ'লে হাজাৰ চেষ্টা কৰিব লাগে। অধিক চেষ্টাৰ মূৰতহে সফল হ'ব পৰা যায়। পণ্ডিত আনন্দৰাম বৰুৱাদেৱে নিজৰ অনেক চেষ্টাৰ মূৰত আই. চি. এছ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। গতিকে কোনো কাম এবাৰত সম্পন্ন নহ'লে তাক হাজাৰবাৰ চেষ্টা কৰিব লাগে।
১২) কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে । তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা।
উত্তৰঃ কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। মই নিজে তেনেই এজন ব্য়ক্তি হ'বলৈ হ'লে এটিয়াৰে পৰা মন দি পঢ়া শুনা কৰিম।
জানো আহা
পদ্মনাথ গােহাঞি বৰুৱা - অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নির্মাণ কৰি সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গােহাঞি বৰুৱা অন্যতম । তেখেতৰ জন্ম হৈছিল ১৮৭১ চনত উত্তৰ লখিমপুৰ (লক্ষীমপুৰ) ৰ নকাড়ী নামৰ গাঁৱত। তেখেতৰ দেউতাক আছিল ঘিণাৰাম বৰুৱা। পদ্মনাথ গােহাঞি বৰুৱাই কলকাতাত বি.এ. পঢ়ি থাকোঁতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলােচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল। ১৯১৭ চনত তেখেত অসম সাহিত্য সভাৰ প্রথম অধিৱেশনৰ প্রথম সভাপতি আছিল ।
১৩) বিভিন্ন ক্ষেত্ৰত ( সাহিত্য, কলা, গীত গোৱা , বাদ্য-যন্ত্ৰী , চিত্ৰ-শিল্পী, খেলুৱৈ ) আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবা
জানো আহা-
সীতানাথ ব্ৰহ্মচৌধুৰী ( ১৯০৮-১৯৮২ ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ প্রতি আগবঢ়োৱা অৱদান অতুলনীয় । “ নিৰুপমা সৌন্দর্য প্রতিমা’ৰ অন্বেষণ কৰা কবি ব্ৰহ্মচৌধুৰীৰ প্রথম কবিতা পুথি ‘ কমল কলি ’ ১৯২৫ চনত প্রকাশ হৈছিল । তাৰ পিছত ‘ আবেগ ’ আৰু চকুলাে ’ নামৰ দুখন পুথি প্রকাশিত হৈছিল ।
১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত হােৱা সাহিত্য সভাৰ মুকলি সভাৰ ব্ৰহ্মচৌধুৰী ডাঙৰীয়া উদ্বোধক আছিল । ১৯৮১ আৰু ১৯৮২ চনত যথাক্রমে দুবাৰ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শােভিত কৰে । সীতানাথ ব্ৰহ্মচৌধুৰী প্রকৃতপক্ষে জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্রতীক স্বৰূপ । তেখেত অতি স্পষ্টবাদী, সুদৃঢ়মনা ব্যাক্তি আছিল ।
অতিৰিক্ত প্ৰশ্নঃ-
১। চেষ্টাৰ অসাধ্য একো নাই বুলি কথাষাৰ কাৰ লগত আখৰে আখৰে ফলিয়াইছিল?
উত্তৰঃ- চেষ্টাৰ অসাধ্য একো নাই বুলি কথাষাৰ আনন্দৰাম বৰুৱাৰ লগত আখৰে আখৰে ফলিয়াইছিল।
২। আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কোন কলেজত নামভৰ্তি কৰিছিল ?
উত্তৰঃ- আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষা পাছ কৰি প্ৰেছীডেন্সী কলেজত নামভৰ্তি কৰিছিল।
৩। আনন্দৰাম বৰুৱাৰ দৃঢ় অভিপ্ৰায় কি আছিল ?
উত্তৰঃ- আনন্দৰাম বৰুৱাৰ দৃঢ় অভিপ্ৰায় আছিল- বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱা।
৪। প্ৰেছিডেন্সী কলেজত তেখেতে কি পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?
উত্তৰঃ- প্ৰেছিডেন্সী কলেজত তেখেতে এফ. এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
৫। নোৱাখালিত তেখেতে কৰা কাৰ্যবোৰ কি কি ?
উত্তৰঃ- নোৱাখালিত তেখেতে কৰা কাৰ্যবোৰ হৈছে- তেখেতৰ নামেৰে স্কুল, বজাৰ পুখুৰী খন্দা কাৰ্য আদি।
৬। স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে কোন জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে ?
উত্তৰঃ- স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে।
৭। নোৱাখালিত তেখেতে স্থাপন কৰা বিদ্যালয়খনৰ নাম লিখা।
উত্তৰঃ- নোৱাখালিত তেখেতে স্থাপন কৰা বিদ্যালয়খনৰ নাম হৈছে- বালিকা বিদ্যালয়।
৮। আনন্দৰাম বৰুৱাৰ জীৱনৰ একক ব্ৰত কি আছিল ?
উত্তৰঃ- অমৃত মন্থনেই আছিল তেখেতৰ জীৱনৰ একক ব্ৰত।
৯। তেখেতৰ আশাশুধীয়া অধ্যয়নৰ ফলস্বৰূপে অমৰ ৰচনাৱলী কেইখনৰ নাম কি?
উত্তৰঃ- তেখেতৰ আশাশুধীয়া অধ্যয়নৰ ফলস্বৰূপে অমৰ ৰচনাৱলী কেইখনৰ নাম হৈছে- 'ব্যৱহাৰোপযোগী ইংৰাজী-সংস্কৃত অভিধান', 'উচ্চ সংস্কৃত ব্যাকৰণ', 'সংস্কৃত শিক্ষাৰ্থী সহচৰ' আৰু 'সৰস্বতী কণ্ঠাভৰণ'ৰ দৰে কালজয়ী অমৰ ৰচনাৱলী।
১০। অসমৰ গৌৰৱ আনন্দৰাম বৰুৱা কিমান চনত আৰু ক'ত আকস্মিকভাৱে মৃত্যবৰণ কৰিছিল ?
উত্তৰঃ- অসমৰ গৌৰৱ আনন্দৰাম বৰুৱা ১৮১৯ চনৰ ১৯ জানুৱাৰীত তাৰিখে আকস্মিকভাৱে মৃত্যুবৰণ কৰিছিল।
১১। ঊনচল্লিছ বছৰীয়া চুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই কি আগবঢ়াই থৈ গৈছে ?
উত্তৰঃ- ঊনচল্লিছ বছৰীয়া চুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা-সাহিত্যৰ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে।
Check By-Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------