পাঠ ৭

অসমৰ সম্পদ



১। উত্তৰ দিয়া।

(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?

উত্তৰঃ কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ'ল-
         কাগজকল (জাগীৰোড) আৰু জুইশালা (ধুবুৰী)।

(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম।

উত্তৰঃ অসমত থকা দুটা ব্য়ঘ্ৰ প্ৰকল্পৰ নাম হ'ল নামেৰি আৰু মানাহ।

(গ) অসমৰ কোনখন জিলাত সৰ্বাধিক লোকে বাস কৰে?

উত্তৰঃ অসমৰ নগাওঁ জিলাত সৰ্বাধিক লোকে বাস কৰে (২৮,২৬,০০৬ জন)।

(ঘ) বৰ্তমান অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান?

উত্তৰঃ বৰ্তমান অসমৰ মুঠ শিক্ষিতৰ হাৰ ৭৩.১৮%।

(ঙ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ'ল一 কৃষি।



২। সঁচা-মিছা লিখা一

(ক) অসমৰ ২০০ ছেণ্টিমিটাৰকতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া।

উত্তৰঃ সঁচা।

(খ) শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত।

উত্তৰঃ সঁচা।

(গ) বিভিন্ন বনজ আৰু খনিজ সম্পদত চহকী কাৰ্বি আংলং জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক।

উত্তৰঃ মিছা।

(ঘ) কপিলী বৰাক নৈৰ এখন উপ-নৈ।

উত্তৰঃ মিছা।

(ঙ) অসমত মহিলাতকৈ পুৰুষৰ শিক্ষিতৰ হাৰ কম।

উত্তৰঃ মিছা।


৩। উদ্ভিদৰ পৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।


উত্তৰঃ

মানুহ আৰু পশু-পক্ষী উশাহৰ বাবে অক্সিজেনৰ যোগান ধৰে।

মানুহ আৰু পশু-পক্ষীৰ খাদ্যৰ প্ৰধান উৎস (শস্য, শাক-পাচলি,ফল-মূল, ঘাঁহ-বন)।

                                  গৃহ নিৰ্মাণৰ প্লাইউদ,কাঠ আৰু অন্য সা-সামগ্ৰী আদি।

দৈনন্দিন কাৰ্যত ব্যৱহৃত সা-সামগ্ৰী (কাগজ,কাপোৰ,ৰং,ৰবৰ,পেঞ্চিল,স্কেল)।

খেতি বাতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে- হাল, নাঙল, যুৱলি, মৈ ইত্যাদি।

বাঁহ বেত আৰু কাঠৰে আচবাব নিৰ্মাণ কৰা হয়।

তাঁতশালৰ বিভিন্ন সামগ্ৰী।

ইন্ধনৰ উৎস (কাঠ,খৰি)।

বিভিন্ন ঔষধ।



৪। বন্য প্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ  কিয় প্ৰয়োজন? (৫০ টা মান শব্দৰ ভিতৰত লিখা ।)

উত্তৰঃ এটা সময়ত সমগ্ৰ পৃথিৱীখন জীৱ জন্তুৰ মুক্ত বিচৰণস্থলী আছিল। কিন্তু মানৱ জাতিৰ অগ্ৰাসনৰ লগে লগে প্ৰকৃতিত পশুপক্ষীৰ বাবে বিচৰণৰ ঠাই কমি আহিল। অৰণ্যবোৰ আছিল বন্য প্ৰাণীৰ শেষ আশ্ৰয়স্থল। মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অৰণ্যবোৰ সংকটৰ সন্মুখীন হ'ল। ঠাই বিশেষে কিছুমান জীৱ-জন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰাই বিলুপ্ত হ'ল। তাৰে পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্য প্ৰাণীক সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্যসমূহ গঢ়ি উঠিল। অভয়াৰণ্যসমূহত প্ৰাণীবোৰ সুৰক্ষিত হৈ থাকে। প্ৰাণীবোৰে ইয়াত বংশবৃদ্ধি কৰিব পাৰে। অভয়াৰণ্যসমূহলৈ বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীৰো আগমন ঘটে। উদ্ভিদ, বন্য প্ৰাণীৰে সমৃদ্ধ অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসম্যতা ৰক্ষা কৰাৰ লগতে সৌন্দৰ্যবৰ্ধনৰো কাম কৰে।

৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা ।

উত্তৰঃ 
        খাৰুৱা তেলৰ পুং থকা ঠাই- নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী,বৰহোলা, দিহিং উপত্যকা, ডিগবৈ।

        কয়লাখনি থকা ঠাই- উজনি অসমৰ মাৰ্ঘেৰিটা, লিডু, নাফুক, নাগিনিমৰা, কাৰ্বি আংলঙৰ কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী  আদি।

৬। ভূ-তলজলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০ টা শব্দৰ ভিতৰত লিখা।

উত্তৰঃ ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূ-তলজল। ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ। দেশ এখনৰ খোৱাপানী আৰু গৃহকাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে, ভূ-তলজলে। উদ্যোগ আৰু কলকাৰখানা বোৰতো ভূ-তলজল ব্যৱহাৰ হয়। কৃষিকাৰ্যত জলসিঞ্চৰ বাবে ভূ-তলজল অতি প্ৰয়োজনীয়। ভূ-গৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হৈ ওলাই আহে যাক আমি গৰম পানীৰ উহঃ বুলি জানো আৰু সেইবোৰ শক্তিৰ উৎস।

৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা।

(ক) ৩ টা খাৰুৱা তেলৰ পুং ডিগবৈ, মৰাণ, দুলীয়াজান
(খ) ৩ টা কয়লাখনি লিডু, মাৰ্ঘেৰিটা, নাগিনিমৰা
(গ) ২ টা তেল শোধনাগাৰ নুনমাটি, নুমলীগড়
(ঘ)  চূণ শিল পোৱা এখন ঠাই ডিমা হাচাও জিলাৰ উমৰাংচু
(ঙ) তাৰা বিল, শিৱসাগৰ পুখুৰী
(চ)  এটি নদী বন্দৰ ধুবুৰী
(ছ) সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী উপনৈ

উত্তৰঃ 
Assam Map অসমৰ মানচিত্ৰ

অসমৰ মানচিত্ৰ


৮। শিক্ষকক সুধি ২০০৯ চনত গ্ৰহণ কৰা শিশুৰ শিক্ষাৰ অধিকাৰ আইন সম্পৰ্কে  ১০০-১২০ টা শব্দৰ ভিতৰত এখন ৰচনা লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ২০০৯ চনত শিক্ষা অধিকাৰ আইন প্ৰণয়ণ কৰে। শিক্ষাৰ অধিকাৰ আইনখনে প্ৰাথমিক শিক্ষাক ৬ বছৰৰ পৰা ১৪ বছৰৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক কৰি দিছে। ভাৰতৰ সংবিধানৰ ৮৬ তম সংশোধনত ২১ (ক) দফাত এই আইন যোগ কৰা হয়। এই সংশোধনৰ যোগেদি শিক্ষাৰ অধিকাৰক বাস্তৱত কাৰ্য্যকৰী কৰিব পৰা যাব বুলি আশা কৰা হৈছে। ইং ২০১০ চনৰ ১ এপ্ৰিল তাৰিখে এই আইনখন কাৰ্যকৰীকৰণ কৰা হৈছিল ।

        উল্লেখযোগ্য এই আইন বলবৎ হোৱাৰ পৰা এতিয়া সকলো চৰকাৰী বিদ্যালয়ে শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দ্বাৰা এই বিদ্যালয়সমূহ পৰিচালিত হ’ব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে অতি কমেও ২৫ শতাংশ শিশুক কোনো ধৰণৰ মাচুল নোলোৱাকৈ নামভৰ্তি কৰিব লাগিব।প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় আয়োগ গঠন হ’ব আৰু এই আয়োগে প্ৰাথমিক শিক্ষাৰ গুণগত মান আৰু সকলো দিশ পৰ্য্যবেক্ষণ কৰিব।

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Answer By: Ranjit Bikash Chetia

Edit By: Jyotish Kakati (28-04-2022)

Check by - Mukesh Borah 


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
-------------------------------