মানৰ অসম আক্ৰমণ

অতি চমু/ চমু প্ৰশ্নৰ উত্তৰঃ

১) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে কোন খন দেশ জয় কৰিছিল?
উত্তৰঃ ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে আৰাকান দেশ জয় কৰিছিল।

২) মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল?
উত্তৰঃ মান আৰু ব্ৰিটিছৰ মাজত ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল।

৩) মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম  গোবিন্দ সিংহ আছিল।

৪) কোন যুদ্ধত আহোমৰ পৰাজয় ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?
উত্তৰঃ ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।

৫) বৈশালী হুকুং কি?
উত্তৰঃ বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। তাৰে ভিতৰত এটা টোকা হ'ল বৈশালী হুকুং।

৬) বৈশালী মুংডুন- চুন-খাম কি?
উত্তৰঃ বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। তাৰ ভিতৰত এটা টোকা হ'ল বৈশালী মুং - ডুন- চুন খাম।

৭) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী  আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। 

৮) বদনচন্দ্ৰই কিমান মান  সৈন্য লগত আনিছিল?
উত্তৰঃ বদনচন্দ্ৰই ৮০০০ মান সৈন্য লগত আনিছিল। 

৯) বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল ?
উত্তৰঃ বদনচন্দ্ৰই অসমত সোমায়েই ৮০০০ অতিৰিক্ত সৈন্য গোটাইছিল। 

১০) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল? 
উত্তৰঃ বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল। 

১১) মানৰ আক্ৰমণ কোন কোন চনত হৈছিল?
উত্তৰঃ মানৰ আক্ৰমণ ১৮১৭, ১৮১৯, ১৮২১ চনত হৈছিল। 

১২) কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল? 
উত্তৰঃ ১৮১৮ চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল। 

শুদ্ধ  উত্তৰটো বাছি উলিওৱাঃ

১) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। 
উত্তৰঃ ১৮১৭চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। 

২) জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আাছিল।
উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আাছিল।
 
৩) বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ অগষ্ট মাহত।
উত্তৰঃ বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৮ চনৰ অগষ্ট মাহত।  

৫) ৰাজমাও  নুমলী চন্দ্ৰকান্ত সিংহ / পূৰ্ণানন্দ  বুঢ়াগোহাঁই/ ব্ৰজনাথ গোহাঁইৰ মাতৃ আাছিল।
উত্তৰঃ ৰাজমাও  নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আাছিল।
৬)  ইয়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ।
উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

ৰচনা ধৰ্মী প্ৰশ্নঃ

১) মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা। 
উত্তৰঃ মান ৰজা আলং পায়ৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈও বিস্তাৰিত হৈছিল। ব্ৰহ্মদেশে আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই  মাৰগুই দীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰেখাত প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়।

২) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা। 
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিতকালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দ স্বেচ্ছাচাৰী, দাম্ভিক, স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভালপোৱা নাছিল। সুদীৰ্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল। 
        ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেবৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল।  কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহৰ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভালপোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহ পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত।
        আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সাবালক হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সৎৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সৎৰামক চাৰিঙিয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সৎৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।

৩) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল? 
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচী দিয়া হ'ল। সৎৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল। দন্দুৱা বিদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে যে সৎৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহাৰ্য্য় বিচাৰে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল। 

৪)  বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ বদনচন্দ্ৰই পূৰ্ণানন্দৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ পৰা সহায় নাপাই মান দেশৰ ৰজা বদৌপায়াৰ সহায় বিচাৰিছিল। সেইমতে মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ  কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিছিল। এই সন্মিলিত  সেনাৰ নেতৃত্ব দিছিল বদন বৰফুকনে।  মানসকলে সেইবাৰ অসমক মান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ অহা নাছিল আৰু স্বৰ্গদেউক কোনো ধৰণৰ নিৰ্দেশো দিয়া নাছিল।  মান সেনা অসমলৈ অহাৰ  এমাহ পাছতেই নিজ দেশলৈ ঘূৰি গৈছিল। মান সকলৰ ১৮১৭ খীষ্টাব্দৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আাছিল পূৰ্ণানন্দ গোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা।
            সেইবাবে বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে  অসম আক্ৰমণ কৰিছিল।

৫) বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ বদন বৰফুকনে বদৌপায়াৰ সহায় লৈ ৮০০০ মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা আাঠ হেজাৰ; মুঠ ১৬,০০০ সৈন্য লৈ পাটকাই পথেদি অসম সোমাল। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয়ৰ বাতৰি পায়েই তেওঁ মৃত্যুমুখত পৰে। তেওঁৰ পুত্ৰ ৰুচিনাথক বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত কৰা হয়। ৰুচিনাথৰ গাত দেউতাকৰ গুণ নাছিল। এই চৰম বিপৰ্যয়ৰ দিনত আহোমক নেতৃত্ব দিব পৰা আন কোনো বিষয়াও নাছিল। মানসকলক ভেটা দিবলৈ ঠিক কৰা হ'ল। সৈন্য যোগাৰ কৰি দিহিঙৰ পূবে কঠালবাৰীত তেওঁলোকে মানৰ লগত যুঁজ দিয়ে আৰু এইবাৰো পৰাজিত হয়।
        মানসকলে যোৰহাট আধিকাৰ কৰিলে। বদনে যথাবিহিতভৱে নিজকে বৰফুকন বুলি ঘোষণা কৰিলে। নামত চন্দ্ৰকান্ত ৰজা হৈ থাকিল। এইবাৰ সকলো ক্ষমতা বদনে নিজৰ হাতলৈ নিলে। নুমলী ৰাজমাওয়ে বিস্তৰ আয়োজন কৰি ৰাজধানীত বদনক আদৰিছিল।
        মানসকল অতি কম সময়হে আহোম ৰাজ্যত আছিল। মানে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু বদনচন্দ্ৰই তেতিয়া মানসেনাক অনেক ধন-সোণ আৰু অন্যান্য উপঢৌকন আগবঢ়াই মান ৰজালৈ  থেমো আইদেউক উপহাৰ হিচাপে পঠালে।

৬) মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ মানৰ অসম আক্ৰমণৰ কাৰণ সমূহ তলত উল্লেখ কৰা হ'লঃ
১) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাধান্যঃ পূৰ্ণানন্দ বৰগোহাঁইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী, দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভালপোৱা নাছিল। সুদীৰ্ঘ কাল বুঢ়াগোহাঁয়ে শাসনতন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল।
            ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমাণি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভালপোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল। এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল।
            আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সাবালক হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সৎৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সৎৰামক চাৰিঙিয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সৎৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু আন ষড়যন্ত্ৰৰ দৰে এইবাৰো গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচী দিয়া হ'ল।

২) বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰোধঃ দন্দুৱাদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ সন্দেহৰ পিছৰ পৰাই পূৰ্ণানন্দ  আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গম পালে যে সৎৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পিছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰেষানাথে বদনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰোৱাত বদন-পূৰ্ণানন্দৰ মাজৰ সম্পৰ্কত উন্নতি ঘটে। ধনলোভী  বদনে  কামাখ্যা, হাজো আদি মন্দিৰৰ  সোণ-ৰূপ আাত্মসাৎ কৰিছিল বুলি জনা যায়। ইয়াৰ উপৰি বদনে গুৱাহাটীৰ প্ৰজাবৰ্গৰ ওচৰত কৰা অত্যাচাৰৰ ফলত সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল। বুঢ়াগোহাঁয়ে স্বাস্থ্য হানিকৰ কানিৰ প্ৰচলন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। বৰফুকনে সেই আদেশ পালন নকৰাত বুঢ়াগোহাঁই বাৰুকৈয়ে অসন্তুষ্ট হ'ল। এনেকৈয়ে বুঢ়াগোহাঁই আৰু বৰফুকনৰ মাজৰ বিদ্বেষ বাঢ়ি গ'ল।
     অৱশেষত বদনৰ অত্যাচাৰে চৰম সীমা পোৱাত বুঢ়াগোহাঁয়ে তেওঁক পদচ্যুত কৰাৰ সিদ্ধান্ত ল'লে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমথৰ্নত ব্ৰিটিছৰ সাময়িক সাহায্য বিচাৰে। ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেলৰ ওচৰত  সামৰিক সাহায্য বিচাৰি কৰা আবেদনৰ সমৰ্থনত আহোম ৰজা চন্দকান্তই দিয়া দুখন চিঠিও দাখিল কৰে। অন্য ৰাজ্যৰ আভ্যন্তৰীণ বিবাদত হস্তক্ষেপ নকৰে বুলি তেওঁ  উত্তৰ দিলে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল।

৩) মানৰ হস্তক্ষেপঃ ইতিমধ্যে বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰিলে। ব্ৰিটিছৰ পৰা সহায়ৰ কোনো আশা নেদেখি বদনে এই প্ৰতিনিধিজনৰ সৈতে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ মান ৰজাক সাক্ষাৎ কৰিলে। কেইবাটাও কাৰণত মান ৰজাই বদনক সহায় কৰিবলৈ সন্মত হ'ল। মান ৰজা আলং পায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। তেওঁৰ ৰাজ্যৰ পশ্চিমফালে ৰাজ্য বিস্তাৰ নীতি গ্ৰহণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়। প্ৰায় চল্লিছ হেজাৰ আৰাকানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ইংৰাজ অধিকৃত বঙ্গদেশত আশ্ৰয় লৈছিল। এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বদৌপায়াই ওভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। কিন্তু ব্ৰিটিছ চৰকাৰ মান্তি নোহোৱাত শৰণাৰ্থীসকলক লৈ মান আৰু ইংৰাজৰ মাজত মনোমালিন্যই দেখা দিছিল। 
    এনে সময়ত বদনচন্দ্ৰই চন্দ্ৰকান্তৰ হৈ সহায় বিচৰাত মান ৰজাই ভালেই পালে। অৱশ্যে তেওঁ সদ্যহতে পোনপটিয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিয়াৰ সিদ্ধান্ত ল'লে। সম্ভৱত তেওঁ প্ৰত্যক্ষ আক্ৰমণৰ বাবে অধিক সুবিধাজনক সময়লৈ বাট চালে। মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ বদন চন্দ্ৰৰ পেহীয়েক আাছিল। তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল। সেয়ে বদনচন্দ্ৰই মানৰ সহায় লাভ কৰাত সহজ হৈছিল।
    ওপৰত উল্লেখ কৰা কাৰণবোৰে আছিল মানৰ অসম আক্ৰমণৰ কাৰণ।

৭) মানৰ অসম আক্ৰমণৰ পৰিণতি সমূহ ফঁহিয়াই দেখুওৱা।
উত্তৰঃ মানৰ অসম আক্ৰমণৰ পৰিণতি সমূহ তলত উল্লেখ কৰা হ'লঃ
১) মানৰ অসম আক্ৰমণে অসমত আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল ।
২) অহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হ'লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল।
৩) আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল; তেওঁলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সকলোখিনি প্ৰায় শেষ হৈ আহিছিল। ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। সিংহাসন প্ৰাপ্তিৰ বাবে চলা আভ্যন্তৰীণ সংঘাতে আহোম ৰাজতন্ত্ৰক দুৰ্বল কৰি পেলাইছিল। উপায় নাইকিয়া হৈ চন্দ্ৰকান্ত সিংহ বঙ্গদেশৰ ব্ৰিটিছ সাম্ৰাজ্যলৈ পলাই গৈছিল। পুৰন্দৰ সিংহয়ো ব্ৰিটিছ ৰাজ্যত আশ্ৰয় লৈ আছিল। দেশৰ ডা-ডাঙৰীয়াসকলে দেশ ৰক্ষা কৰাত সহায় কৰিব নোৱাৰিলে। মানৰ আক্ৰমণে অসমৰ উঁৱলি যোৱা শাসন ব্যৱস্থা নিঃশেষ কৰি পেলালে।
৪) মানৰ আক্ৰমণে অসমৰ অৰ্থনৈতিক অৱস্থা মষিমূৰ কৰিছিল। উৎপন্ন বস্তুৰ পৰিমাণ ভীষণভাৱে কমি গৈছিল, সদাগৰ-বেপাৰী সকলে বেপাৰ-বাণিজ্য বন্ধ কৰিছিল। মানৰ আক্ৰমণৰ ফলত অসমৰ সামাজিক জীৱন ছিন্ন-ভিন্ন হৈ পৰে। গাওঁবোৰত জনসংখ্যা কমি গৈছিল। বহুতো প্ৰজাই প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি পাহাৰে-পৰ্বতে আশ্ৰয় লৈছিল। কিছুমানে দেশ এৰি চুবুৰীয়া ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিছিল । ইয়াৰ ফলত গাওঁ উছন হৈ আৰু খেতি-বাতি নোহোৱা হৈ ভালেমান ঠাই হাবিলৈ পৰিণত হৈছিল।
           সকলোতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ হস্তক্ষেপ। মানসকলে অসম অধিকাৰ কৰা ঘটনাই ব্ৰিটিছসকলক অসমলৈ অগমনৰ সুযোগ দিছিল। মানসকলে ইতিমধ্যে আৰাকান, মণিপুৰ, আৰু কাছাৰ জয় কৰিছিল আৰু অসম জয়ৰ লগে লগে মানসকল ব্ৰিটিছৰ প্ৰতিদ্বন্দ্বী হিচাপে মূৰ দাঙি উঠে। অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত মানসকলৰ অস্তিত্বই ব্ৰিটিছসকলৰ শক্তিৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছিল। মানৰ অগ্ৰগতিক বাধা দিয়াৰ বাবেই ১৮২৪-১৮২৬ চনত প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধ সংঘটিত হৈছিল। 
৫) এই ইঙ্গ বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত য়াণ্ডাবু সন্ধিৰ দ্বাৰা ।এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায়।

৮) কোনটো বিদ্ৰোহক 'পানীমুৱা বিদ্ৰোহ' বুলি কোৱা হয়।
উত্তৰঃ ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমাণি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল। দেশৰ ভালেমান মুখীয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত।

৯) ১৮১৭ চনৰ অসমত মানসকলৰ সাময়িক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।
উত্তৰঃ ১৮১৭ চনৰ অসমত মানসকলে সাময়িক হস্তক্ষেপ দুটা ফলাফল হ'লঃ
ক) পূৰ্ণানন্দৰ স্বেচ্ছাচাৰীতাৰ অৱসান ঘটিল।
খ) চন্দ্ৰকান্ত সিংহক ৰজা পতা হল।

১০) প্ৰথম ইংগ- বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল ? এই যুদ্ধ খন ক'ত সংঘটিত হৈছিল?
উত্তৰঃ প্ৰথম ইঙ্গ- বৰ্মা যুদ্ধ ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত সংঘটিত হৈছিল। এই যুদ্ধ খন ব্ৰহ্মদেশত সংঘটিত হৈছিল।

১১) য়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফল সমূহ উল্লেখ কৰা।
উত্তৰঃ য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখ ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত। এই সন্ধিৰ ফলত ইঙ্গ-বাৰ্মা সংঘৰ্ষৰো অন্ত পৰিল। এই চুক্তি পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পুৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। এই সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী আভা ৰজাই ওচৰ-চুবুৰীয়া ওপৰত সকলো দাবী ত্যাগ কৰে। লগতে ভৱিষ্যত লৈও সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়।
এইবোৰে আছিল য়াণ্ডাবু সন্ধিৰ উল্লেখ যোগ্য ফলাফল।

১২) ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰঃ অসমৰ লগতে সমগ্ৰ উত্তৰ - পূৰ্বাঞ্চলৰ বাবে য়াণ্ডাবু সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। মানৰ ৰাজত্বৰ ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে শাসনভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিতাৰিত কৰাৰ অজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

চমু টোকা লিখাঃ
১) বদৌপায়াঃ বদৌপায়া আছিল ব্ৰহ্মদেশৰ ৰজা। বদৌপায়াৰ আমোলৰ মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়।

২)গম্ভীৰ সিংঃ গম্ভীৰ সিং আছিল মণিপুৰী ৰজা গম্ভীৰ সিং ৰ আক্ৰমণত তিস্তিব নোঁৱাৰি কাছাৰৰ ৰজা গোবিন্দ সিংহ ইংৰাজৰ শৰণাপন্ন হৈছিল।

৩) গোবিন্দ চন্দ্ৰঃ গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল। তেওঁ মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ আক্ৰমণত তিস্তিব নোঁৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল।

৪) দামান গগৈঃ মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পটোৱা আহোম সেনাপতি এওঁ ঘিলাধাৰীৰ যুদ্ধত মুখ্য সেনাপতি সকলৰ মাজত এজন আছিল।

৫) হাও বৰাঃ ঘিলাধাৰী যুদ্ধৰ এজন আহোম সেনাপতি আছিল যাক পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ঘিলাধাৰী যুদ্ধৰ বাবে মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল।

৬) ঘিলাধাৰীৰ যুদ্ধঃ মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে  দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এতি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয় পায়েই পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মৃত্যু মুখত পৰে।

৭) ব্ৰজনাথঃ ব্ৰজনাথ সিংহ ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আৰু পুৰন্দৰ সিংহৰ দেউতাক আছিল।

৮) পুৰন্দৰ সিংহঃ  ব্ৰজনাথ সিংহৰ পুত্ৰ আছিল পুৰন্দৰ সিংহ। ব্ৰজনাথ সিংহৰ অংগক্ষত হোৱা বাবে পুতেক পুৰন্দৰক ৰজা পতা হৈছিল।

৯) লুকু ডেকাফুকনঃ চন্দ্ৰকান্ত সিংহই লুকু ডেকাফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সৈন্য বাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল। লুকু ফুকন চন্দ্ৰকান্ত সিংহই পঠোৱা সৈন্য বাহিনী টোৰ সেনাপতি আছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনাবাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকা ফুকন ৰণত নিহত হয়।

১০)  আলুমিংগিঃ বদনচন্দ্ৰ বৰফুকনৰ হত্যাৰ পোতক তুলিবলৈ আৰু চন্দ্ৰ কান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিঙ্গৰ নেতৃত্বত ব্ৰহ্ম ৰজাই ১৮১৯ খ্ৰীষ্টাব্দত এটি সৈন্য বাহিনী পঠাই দিয়ে। ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই গ'ল। চন্দ্ৰকান্তই পুৰন্দৰক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠোৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে বঙ্গদেশলৈ গৈ ইংৰাজৰ আশ্ৰয় ল'লে। মিঙ্গিমাহা তিলোৱাৰৰ নেতৃত্বত এদল মান সেনা চন্দ্ৰকান্তৰ সহায়ৰ কাৰণে ৰাখি আলুমিঙ্গি ব্ৰহ্মদেশলৈ উভতি যায়।

১১) য়াণ্ডাবু সন্ধিঃ ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে  য়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এয়ে আছিল য়াণ্ডাবু সন্ধি জৰিয়তে প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধৰ সামৰণি হৈছিল। য়াণ্ডাবু সন্ধিৰ চৰ্ত সমূহ আছিলঃ
১) মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণ বাবদ কোম্পানিৰ এক কোটি টকা পৰিশোধ কৰিব লাগিব।
২) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব।
৩) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনোধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ।
৪) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়। 
৫) আভাত এজন ব্ৰিটিছ ৰেছিডেন্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছ অনুমতি দিছিল।
 এইদৰে য়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। য়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলায়। এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল। 





Garima Sarma

Last Checked by Monikongkona Saikia (17.05.2022)

Post Id: DABP000848


-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 
👉Click Here Might Learn 
-------------------------------