f Class 9 Social Science Lesson 2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰণীবিভাগ ~ Daily Assam

Class 9 Social Science Lesson 2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰণীবিভাগ


  চৰকাৰৰ প্ৰকাৰ বা শ্ৰণীবিভাগ  

   অ নু শী ল নী   
অতি চমু উত্তৰৰ প্ৰশ্নঃ

১. চৰকাৰৰ শেণীবিভাজন কৰা প্ৰথমগৰাকী ৰানৈতিক দাশনিক কোন ?
উত্তৰঃ চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাশনিক হল প্লেটো।

২. বতমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰৰ কোনবিধ ?
উত্তৰঃ বতমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হল সংসদীয় পদ্ধতিৰ চৰকাৰ।

৩. সংসদীয় পদ্ধতিৰ চৰকাৰৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা ।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰএখনৰ নাম হল ইংলেণ্ড

৪. সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন ?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হল ৰাষ্ট্ৰপতি।

৫. ক্ষমতাৰ পৃথকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে ?
উত্তৰঃ ক্ষমতাৰ পৃথকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰ থাকে।

৬. ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হল আমেৰিকা যুক্তৰাষ্ট্ৰ।


৭. এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা । 
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হল - জাপান

৮. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ কি কি ?
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ -- কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ।

৯. ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰৰ আছে ?
উত্তৰঃ ছুইজাৰলেণ্ডত যুক্তৰাাষ্টীয় পদ্ধতিৰ চৰকাৰৰ আছে।

১০. ভাৰতবষত দ্বৈত নাগৰিকত্বৰ ব্য়ৱস্থা আছেনে ?
উত্তৰঃ ভাৰতবষত দ্বৈত নাগৰিকত্বৰ ব্য়ৱস্থা নাই।

চমু  প্ৰশ্ন :


১. বতমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি ?
উত্তৰঃ বতমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ'লঃ
            এককেন্দীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয়।

২. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য় লিখা ।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য় হ'লঃ
১) দুজন মুৰব্বী
২) মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতা

৩.  সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা ।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা গুণ--
১) এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাযপালিকা পৰিবতনৰ প্ৰক্ৰিয়া সহজ।
২) সংসদীয় পদ্ধতিৰ চৰকাৰত কাযপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।
দুটা দোষ----
১) ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিসদৰ হাতত বিধায়নী আৰু কাযকৰী ক্ষমতা ন্যস্ত থাকে। যাৰফলত মন্ত্ৰী পৰিসদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভৱনা থাকে।
২)  এনে শাসনব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে। দলবিলাকৰ মাজত থকা অন্তঃকন্দলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পোলায়।

৪. ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ? 
উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হল - ৰাষ্ট্ৰপতীয় চৰকাৰত কাযপালিকা বিধনমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূণ স্বাধীন। বিধান মণ্ডলৰ সদস্য কাযপালিকাৰ সদস্য হব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয়ে চৰকাৰত কাযপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাযক্ৰমণিকাত অংশ লব নোৱাৰে।

৫. ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য় লিখা । 
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য় হল---
১) ক্ষমতাৰ পৃথকীকৰণ নীতি।
 ২) ৰাষ্ট্ৰপ্ৰধান নিদিষ্ট কাযকাল।

৬. এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা । 
উত্তৰঃ এককেন্দীয় চৰকাৰৰ দুটা গুণ---
১) এককেন্দীয় চৰকাৰত চৰকাৰ পৰিচলনাৰ ব্যয় কম। ফলত উন্নয়নমূলক কামত অধিকধন ব্যয় কৰাৰ সুযোগ থাকে।
 ২)  জৰুৰীকালীন অৱস্থাত এককেন্দীয় চৰকাৰ বিশেষ উপযোগী। অতি ক্ষীপ্ৰভাৱে এনে চৰকাৰ যিকোনো অৱস্থাৰ সন্মুখীন হব পাৰে।
           এককেন্দীয় চৰকাৰৰ দুটা দোষ------
          ১)  এক বৃহ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।
          ২) এককেন্দীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক। এনে চৰকাৰত আমোলাসকলে প্ৰকৃততে শাসন চলায়।





দীঘল ত্তৰৰ প্ৰশ্ন :

১. ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা । 
উত্তৰঃ 
 ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণঃ 
    ১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰ পতিজন এটা নিদিষ্ট কাযকালৰ বাবে নিবাচিত হোৱা বাবে আৰু সহজ তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰা বাবে চৰকাৰখন স্থায়ী হয়।ইয়াত বিধানমণ্ডলৰো নিদিষ্ট কাযকাল থকে।
    ২) ক্ষমতাৰ পৃথকীকৰণৰ ব্যৱস্থাৰ বাবে তিনিওটা অংগই স্বাধিন ভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাত অৱৰোধন আৰু সন্তুলন নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্চাচাৰী হব নোৱাৰে।
    ৩)  এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী।
    ৪)  কাযপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক আৰু সংহতি সহজ ৰক্ষা কৰিব পাৰে।

ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষঃ
    ১)  ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে।
    ২) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কায়পালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগীতা নাথাকে। সামগ্ৰীকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়।
    ৩) ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ঠ হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হল পৰিৱতিত পৰিবেশ আৰু পৰিস্থিতিত সংবিধান খন সংশোধন কৰাত জটিলতা আহে।
    ৪) ৰাষ্ট্ৰপতীয় চৰকাৰত কাযপালিকা আৰু বিধানমণ্ডল ৰাজনৈতিক দলৰ হলে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভৱনা অধিক।
    ৫) এই চৰকাৰত মন্ত্ৰীত্ব লাভৰ ক্ষেত্ৰৰ ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভি অধিকগুৰুত্ব লাভ কৰাৰ সম্ভৱনা থাকে।

২.   সংসদীয় পদ্ধতীৰ চৰকাৰৰ বৈশিষ্ট্য়সমূহ লিখা ।
উত্তৰঃ ১) দুজন মুৰব্বীঃ এই চৰকাৰ দুজন মুৰব্বী ব্যৱস্থা আছে  । এইজন প্ৰকৃত কাযপালিকা  আৰু আনজন নামমাত্ৰ কাযপালিকা।
            ২।  কাযপালিকা সদস্যসকল   বিধানমণ্ডলৰো সদস্য -       এই চৰকাৰত কাযপালিকা অথাত  মন্ত্ৰীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য । 

            ৩। বিধান মণ্ডল আৰু কাযপালিকাৰ ওচৰ সম্বদ্ধ      সংসদীয় পদ্ধতিৰ চৰকাৰ বিধানমণ্ডল 
আৰু কাযপালিকাৰ সম্পক নিবিড়।

            ৪। মন্ত্ৰী পৰিষদ বিধান মণ্ডল ওচৰত  দায়বদ্ধ    সংসদীয় পদ্ধতিৰ চৰকাৰত কাযপালিকা সকলোকাম কৰা বাবে  বিধনমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে । বিধানমণ্ডলে অনাস্থী প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়। 
            ৫। মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা   এই চৰকাৰত মন্ত্ৰী পৰিষদখন  সামূহিকভাৱে বিধানণ্ডলৰল ওচৰত দায়বদ্ধ হয় ।






৩. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বতমান কিয় জনপ্ৰিয় হৈছে, উদাহৰণসহ আলোচনা কৰা । 
উত্তৰ    যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত বতমান জনপ্ৰিয় হোৱাৰ কাৰণবোৰ হল - 
                        যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত প্ৰতিখন ৰাজ্যই দ্বায়িত্ব শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহত আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয় । ভিন্ন ধম ,জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়।
যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক । ওপৰৰ উল্লেখ কৰা কথাবোৰ   যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণবুলি কব পাৰি । গুণ থকাৰ উপৰিও ইয়াৰ কিছুমান দোষো আছে । এই চৰকাৰত কেন্দ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয়  । এই চৰকাৰত আঞ্চলিকবাদ সৃষ্টি হোৱা সম্ভাৱনা থাকে । যুক্তৰাষ্ট্ৰীয় চৰকাৰত অথ ব্যয় থাকে অধিক ।  যুক্তৰাষ্ট্ৰীয় চৰকাৰ  উতকৃষ্ট উদাহৰণ হল - আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ ।
            উপৰোক্ত দোষবিলাক থকা সত্বেও বতমান পৃথিৱীৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্ৰিয়তা লাভ কৰিছে । এটা শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভৱিষ্যত অধিক জনপ্ৰিয় হোৱাৰ সম্ভৱনা আছে।


৪. এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য়সমূহ লিখা ।
উত্তৰঃ ১) শক্তিশালী কেন্দীয় চৰকাৰঃ এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে।
            ২) লিখিত অথবা অলিখিত সংবিধানঃ এককেন্দীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।
            ৩) একক নাগৰিকত্বঃ একক নাগৰিকত্ব এককেন্দীয় চৰকাৰৰ প্ৰধান বৈশিষ্ঠ্য।
            ৪) দুবল ন্যায়পালিকাঃ এককেন্দীয় চৰকাৰত আইন সভাৰ প্ৰধান্য পৰিলক্ষিত হয়। আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই অসংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।
           ৫) নমনীয় সংবিধানঃ এককেন্দীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয। কেন্দীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে।


৫. এককেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃততে গণতান্তিকনে ? সমালোচনা আগবঢ়োৱা ।  
উত্তৰঃ এককেন্দীয় চৰকাৰত প্ৰশাসনিক গোট থাকে এনে গোটবোৰ স্বতম্ভতাৰ অভাৱত সমস্যা সমাধানত ব্যথ হয়। এনে চৰকাৰত আমোলাসকলৰ প্ৰভাৱ বেছি গতিকে দুনীতিয়ে প্ৰশয় পায়। জনগন ৰাজনৈতিকভাবে সক্ৰিয় হব নোৱাৰে। এনেবোৰ বৈশিষ্ঠ্যৰ বাবে এককেন্দ্ৰীয় চৰকাৰক প্ৰকৃততে গণতান্ত্ৰিক বুলি কব নোৱাৰি। কিন্তু ইংলেণ্ড, ম্ৰগস আদি দেশত এই চৰকাৰ গণতান্ত্ৰিক ভাৱে নিবাচিত হৈ সুচাৰুৰূপে কাম কৰি আছে বাবে আমি এককেন্দীয় চৰকাক অগনতান্ত্ৰিক বুলিও কব নোৱাৰো। কিন্তু ভাৰতবষ আদিৰ দৰে বৃহ আকাৰৰ ৰাষ্ট্ৰ আৰু বহুল জনসংখ্যাৰ পৰিপূণ দেশ এখনত যত বিভিন্ন জাতি-ভাষাৰ লোকে বাস কৰে, তেনে দেশত এক কেন্দ্ৰীয় চৰকাৰ অগণতান্ত্ৰিক হোৱা সম্ভৱনা নথকা নহয়।






5 comments:

  1. আপুনি এই বিলাক কোৰ পৰা সংগ্ৰহ কৰিছে?

    ReplyDelete
  2. বানান বিলাক অলপ ভুল হৈছে...

    ReplyDelete
  3. Spelling tu olp vul hoise by the way question answer bur thikei ase
    Apunar ai app tur karone mur bht help hoise

    ReplyDelete

Write your Comment