পাঠ ১৩
চুম্বকৰ লগত ধেমালি




১। তলৰ খালী ঠাই বোৰ পূৰণ কৰাঃ

(ক) কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয়। যেনে দণ্ড চুম্বক আৰু  ঘোঁৰানলীয়া  চুম্বক ǀ

(খ) চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক চুম্বকীয় পদাৰ্থ বোলা হয়।

(গ) কাগজ চুম্বকীয় পদাৰ্থ নহয়।

(ঘ) আগৰ দিনত নাৱিকে  দিশ নিৰ্ণয় কৰিবলৈ এটুকুৰা চুম্বক ওলোমাই থৈছিল।

(ঙ) চুম্বকৰ সদায় দুটা মূৰ থাকে।


২। তলৰ উক্তিবোৰ সত্য নে অসত্য-
(ক) চুঙাকৃতিৰ চুম্বকৰ মাত্ৰ এটা মূৰ থাকে
উত্তৰঃ অশুদ্ধ।

(খ) কৃত্ৰিম চুম্বক গ্ৰীচত আৱিষ্কাৰ হৈছিল।
উত্তৰঃ অশুদ্ধ।

(গ) চুম্বকৰ একে মূৰ দুটাৰ মাজত বিকৰ্ষণ হয়।
উত্তৰঃ শুদ্ধ।

(ঘ) দণ্ড চুম্বক এডাল লোহাৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজ ভাগত ইঁহত বেছিকৈ লাগি ধৰে।
উত্তৰঃ অশুদ্ধ।

(ঙ)দণ্ড চুম্বকে সদায়  উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে ǀ
উত্তৰঃ শুদ্ধ।

(চ) যিকোনো ঠাইৰ পূৱ-পশ্চিম দিশ জানিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ শুদ্ধ।

(ছ) ৰবৰ চুম্বকীয় পদাৰ্থ।
উত্তৰঃ অশুদ্ধ।


৩। পেঞ্চিল কটা যন্ত্ৰটো চুম্বকৰ দুই মূৰে আকৰ্ষিত হোৱা দেখা যায়, যদিও ই প্লাষ্টিকেৰে তৈয়াৰী। যন্ত্ৰটোৰ কোনো অংশ বনোৱাত ব্যৱহাৰ কৰিব পৰা বস্তুবিধৰ নাম কি?
উত্তৰঃ যদিও ইয়াৰ বহিঃ অংশ প্লাষ্টিকেৰে তৈয়াৰী, পেঞ্চিল কটা অংশটোত লোৰ পাতল ব্লেড এখন থাকে। সেয়ে ইয়াক চুম্বকৰ দুই মূৰে আকৰ্ষিত কৰে।


৪। স্তম্ভ ১ ত চুম্বকৰ এটা মূৰৰ বিভিন্ন অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ ২ য়ে প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱাইছে। এতিয়া খালী ঠাইবোৰ পূৰ কৰা

 স্তম্ভ ১ স্তম্ভ ২
   উত্তৰ- উত্তৰ   বিকৰ্ষণ   
   উত্তৰ- দক্ষিণ     আকৰ্ষণ
   দক্ষিণ-উত্তৰ   আকৰ্ষণ
   দক্ষিণ-দক্ষিণ    বিকৰ্ষণ



৫। চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা।
উত্তৰঃ চুম্বকৰ যিকোনো দুটা ধৰ্ম হ'ল-   
১) মুক্তভাৱে ওলোমাই থোৱা চুম্বক সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে।
২) দুডাল চুম্বকৰ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে আৰু একে মেৰুৱে ইটোৱে সিটোক বিকৰ্ষণ কৰে।


৬) দণ্ড চুম্বকৰ মেৰু দুটা কত থাকে ?
উত্তৰ- চুম্বকডালৰ দুটা মূৰত থাকে ǀ


৭। দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰিবলৈ কোনো চিন নাই। ইয়াৰ উত্তৰ মেৰুটো কোনটো মূৰৰ ওচৰত আছে কেনেকৈ উলিয়াবা?
উত্তৰঃ দণ্ড চুম্বক এডাল মুক্তভাৱে ওলোমাই থৈ দিলে ই সদায় এটা নিৰ্দিষ্ট দিশত থাকে, যিটো উত্তৰ-দক্ষিণ দিশ। চুম্বকডালৰ যিটো মূৰ ওপৰৰ ফালে থাকে তাক উত্তৰ মেৰু আৰু যিটো মূৰ তলৰ ফালে থাকে তাক দক্ষিণ বুলি ধৰিব পাৰি।


৮। তোমাক এটুকুৰা লোহাৰ পাত দিয়া হৈছে। ইয়াক কেনেকৈ চুম্বকত পৰিণত কৰিবা?
উত্তৰঃ এটুকুৰা পাতল লোহা লোৱা হ'ল। সেইটুকুৰা এখন মেজৰ ওপৰত থোৱা হল। এতিয়া এটুকুৰা দণ্ড চুম্বক লৈ তাৰ এটা মেৰু লো টুকুৰাটোত লগোৱা হ'ল। চুম্বকডাল ওপৰলৈ নোতোলাকৈ লো টুকুৰাটোৰ ওপৰেৰে আনটো মূৰ নোপোৱা পৰ্যন্ত ঘঁহাই নিয়া হল। এতিয়া চুম্বকডাল উঠাই আনি আৰু একেটা মেৰুকে পুনৰ লো চটাৰ আগৰ ঠাইতে লগাই প্ৰক্ৰিয়াটো পুনৰ কৰা হল। এনেকৈ ৩০-৪০ বাৰ মান কৰাৰ পিছত,  এটা পিন বা অলপ লোৰ গুড়ি লোৰ দণ্ডডালৰ ওচৰলৈ আনিলে সেই দণ্ডডালে চুম্বকৰ দৰে  বস্তকেইটাআকৰ্ষণ কৰিব।

 

৯। দিশ নিৰ্ণয় কৰিবলৈ কম্পাছ কনেকৈ ব্যৱহাৰ কৰিবা ?
উত্তৰঃ কম্পাছ হৈছে এটা সৰু বাকচ য'ত এখন কাচৰ ঢাকনি থাকে। বাকচটোৰ ভিতৰত এডাল চুম্বকীয় শলা লগোৱা থাকে , যিডাল অনায়সে ঘূৰিব পাৰে। কম্পাছত দিশ চিহ্নিত কৰা এক নিৰ্দেশ সূচী থাকে। যি স্থানৰ দিশ আমি জানিবলৈ বিচাৰো সেই স্থানত কম্পাছডাল ৰখা হয়। যেতিয়া স্থিৰ অৱস্থালৈ আহে তাৰ শলাডালে উত্তৰ দক্ষিণ দিশ দেখুৱায়। শলাডালৰ মূৰ দুটা কম্পাছৰ দিশ নিৰ্দেশক সূচীত লিখা উত্তৰ–দক্ষিণ দিশৰ লগত নিমিলা পৰ্যন্ত কম্পাছডাল ঘূৰাই থকা হয়।

 


১০। এটা বহল মুখৰ পাত্ৰৰ পানীত ভাঁহি থকা পুতলা নাও এখনৰ ফালে বিভিন্ন দিশৰ পৰা চুম্বক এটুকুৰা অনা হৈছিল। প্ৰত্যেক ক্ষেত্ৰত হোৱা ক্ৰিয়াসমূহ স্তম্ভ ১ ত দেখুওৱা হৈছে। সম্ভাব্য কাৰণসমূহ স্তম্ভ ২ ত উল্লেখ কৰা হৈছে। স্তম্ভ ১ আৰু স্তম্ভ ২ মিলোৱা-


 স্তম্ভ ১ স্তম্ভ ২
নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে। নাওখনত চুম্বক এটুকুৰা লগোৱা আছে। চুম্বকৰ উত্তৰ মেৰু নাওখনৰ মূৰৰ পিনে আছে।
নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই। নাওখনত এটুকুৰা চুম্বক লগোৱা আছে। চুম্বকৰ দক্ষিণ মেৰু নাওখনৰ মূৰৰ পিনে আছে।
চুম্বকৰ উত্তৰ মূৰতো নাওখনৰ মূৰৰ ফালে আনিলে  নাওখন চুম্বকৰ ওচৰলৈ আহে।নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে।
 চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মূৰলৈ আনিলে নাওখন আতৰি যায়। নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী।
দিশ সলনি নোহোৱাকৈ নাওখন ভাঁহি থাকে।নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী।


উত্তৰঃ
1) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে - নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী।
2) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই - নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী।
3) চুম্বকৰ উত্তৰ মূৰতো নাওখনৰ মূৰৰ ফালে আনিলে  নাওখন চুম্বকৰ ওচৰলৈ আহে - নাওখনত এটুকুৰা চুম্বক লগোৱা আছে। চুম্বকৰ দক্ষিণ মেৰু নাওখনৰ মূৰৰ পিনে আছে।
4) চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মূৰলৈ আনিলে নাওখন আতৰি যায় - নাওখনত চুম্বক এটুকুৰা লগোৱা আছে। চুম্বকৰ উত্তৰ মেৰু নাওখনৰ মূৰৰ পিনে আছে।
5) দিশ সলনি নোহোৱাকৈ নাওখন ভাঁহি থাকে। - নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে।



ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------