পাঠ ১৪ 
পানী

New Update 2022


১। তলত দিয়াবোৰৰ খালী ঠাই পূৰ কৰা-
(ক) পানী ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলে।

(খ) জলীয়ভাপ পানীলৈ  পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে।

(গ) এবছৰ বা তাতকৈ বেছিদিন বৰষুণ নহ’লে অঞ্চলটোত খৰাং হ’ব পাৰে।

(ঘ) অত্যাধিক বৰষুণে বানপানীৰ সৃষ্টি কৰিব পাৰে।


২। তলত দিয়াবোৰ বাষ্পীভৱন নে ঘনীভৱনৰ কাৰণে হৈছে লিখা-
(ক) তিতা কাপোৰ ইস্ত্ৰী কৰোঁতে ওলোৱা ভাপ।
উত্তৰঃ বাষ্পীভৱন।

(খ)শীতকালিৰ ৰাতিপুৱা ওলোৱা কুঁৱলী।
উত্তৰঃ ঘনীভৱন।

(গ)মচাৰ পিছত ব্লেক বোৰ্ড শুকাই যায় ǀ
উত্তৰঃ বাষ্পীভৱন।

(ঘ)পানী ছটিয়ালে উত্তপ্ত তাৱাৰ পৰা ওলোৱা ভাপ ǀ
উত্তৰঃ বাষ্পীভৱন।


৩) তলৰ কোনবোৰ উক্তি শুদ্ধ?
(ক) মৌছুমী ঋতুৰ সময়তহে বায়ুত জলীয়ভাপ থাকে।
উত্তৰঃ অশুদ্ধ।

(খ) পানী মহাসাগৰ, নদী আৰু হ্ৰদৰ পৰাহে বাষ্পীভৱন হয়, কিন্তু মাটিৰ পৰা নহয়।
উত্তৰঃ অশুদ্ধ।

(গ)পানী জলীয় ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে।
উত্তৰঃ শুদ্ধ।

(ঘ)কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন হয়।
উত্তৰঃ অশুদ্ধ।

(ঙ)বায়ুৰ ওপৰৰ স্তৰত, য’ত ই অধিক চেঁচা তাত জলীয়বাপ ঘনীভূত হৈ  অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি কৰে।
উত্তৰঃ শুদ্ধ।


৪। ধৰা হওঁক তুমি তোমাৰ বিদ্যালয়ৰ ইউনিফৰ্ম সোনকালে শুকুৱাব বিচাৰিছা  অঙঠাৰ চুলা বা হিটাৰৰ ওচৰত ইউনিফৰ্মযোৰ মেলি দিয়াটোৱে সহায় কৰিবনে? যদি কৰে, কেনেকৈ?
উত্তৰঃ আমি জানো যে তাপে পানী বাষ্পীভূত কৰে বা ভাপলৈ ৰূপান্তৰিত কৰে। অঙঠাৰ চুলা বা হিটাৰত যথেষ্ঠ তাপ উৎপন্ন হয়। সেয়েহে অঙঠাৰ চুলা বা হিটাৰৰ ওচৰত ইউনিফৰ্মযোৰ মেলি দিলে কাপোৰত থকা পানী ভাপ হৈ বতাহত মিলি যায় আৰু ই সোনকালে শুকাব।


৫। ৰেফ্ৰিজাৰেটৰৰ পৰা এটা ঠাণ্ডা পানীৰ বটল উলিওৱা আৰু এইটো মেজ এখনৰ ওপৰত ৰাখা। কিছু সময়ৰ পিছত ইয়াৰ চাৰিওফালে  কিছুমান পানীৰ টোপাল দেখা পাবা। কিয় বাৰু?
উত্তৰঃ উক্ত প্ৰক্ৰিয়াটো বায়ুত সংঘটিত ঘনীভৱন প্ৰক্ৰিয়াৰে ৰূপ। ৰেফ্ৰিজাৰেটৰৰ পৰা উলিওৱা ঠাণ্ডা পানীৰ বটলৰ চেঁচা পৃষ্ঠই ইয়াৰ চাৰিওফালৰ বায়ু চেঁচা কৰে আৰু বায়ুখিনিত থকা পানীৰ ভাপ বটলৰ পৃষ্ঠত ঘনীভূত হৈ পৰে।


৬। চশমা চফা কৰোঁতে মানুহে প্ৰায়েই ইয়াৰ কাচখন সেমেকাবলৈ কাচৰ ওপৰত নিশাহ এৰি দিয়ে। কাচ দুখন কিয় সেমেকি উঠে বাখ্যা কৰা?
উত্তৰঃ বায়ু নহলে আমি জীয়াই থাকিব নোৱাৰো। আমি উশাহ লবলৈ বায়ু (অক্সিজেন গেছ) ব্যৱহাৰ কৰো। এই বায়ুখিনি আমাৰ শৰীৰৰ শ্বসন কাৰ্যত ব্যৱহাৰ হোৱাৰ পিছত অলাগতিয়াল বায়ুখিনি (কাৰ্বন ডাই অক্সাইড গেছ)আমি নিশাহত এৰি দিও। আমি নিশাহত ত্যাগ কৰা বায়ুখিনিৰ লগত কিছু পৰিমাণে জলীয় ভাপো  এৰি দিয়া হয়। সেই জলীয় ভাপৰ উপস্থিতিৰ বাবে চশমাৰ কাচ দুখনত নিশাহ এৰি দিলে ই সেমেকি উঠে।


৭। ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ বায়ু যেতিয়া ওপৰলৈ গৈ থাকে ই ক্ৰমাৎ শীতল হৈ গৈ থাকে। যথেষ্ঠ উচ্চতাত বায়ু ইমান ঠাণ্ডা  হৈ পৰে যে ইয়াত থকা জলীয় ভাপখিনি ঘনীভূত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি হয়। এই ক্ষুদ্ৰ টোপালবোৰ বতাহত ভাঁহি থাকে। ইয়াক আমি ডাৱৰ বুলি কও।


৮) কেতিয়া খৰাং হয়?
উত্তৰঃ কোনো অঞ্চলত যদি এবছৰ বা তাতোধিক সময় ধৰি বৰষুণ নিদিয়ে, সেই অঞ্চলৰ মাটি আৰু জলবায়ু শুকান হৈ পৰে। অঞ্চলটোত বৰষুণ অবিহনে মাটিয়ে অবিৰতভাৱে বাষ্পীভৱন আৰু প্ৰস্বেদনৰ দ্বাৰা পানী হেৰুৱাই থাকে। সেই অঞ্চলৰ নাদ বা পুখুৰীৰ জলস্তৰ তললৈ নামি গৈ থাকে, আনকি সেইবোৰৰ কিছুমান শুকায় যায়। ভূ-জলৰ অভাৱ ঘটে। ইয়াৰ ফলত খৰাঙৰ সৃষ্টি হয়।




ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)




-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------