👉Chapter 7 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 7 MCQs Answer
পাঠ নং ৭
উদ্ভিদৰ বিষয়ে জানো আহা
New Update 2022
১) তলৰ বাক্যবোৰত থকা ভূল তথ্য শুদ্ধ কৰা আকৌ পুনৰ তোমালোকৰ টোকাবহীত লিখা।
(ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে।
উত্তৰঃ শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে।
(খ) পাতে গছক থিয় কৰি ৰাখে।
উত্তৰঃ গা-গছে গছক থিয় কৰি ৰাখে।
(গ) শিপাই পাতলৈ পানী পৰিৱহন কৰে।
উত্তৰঃ কাণ্ডই পাতলৈ পানী পৰিৱহন কৰে।
(ঘ) এপাহ ফুলত সদায় সমান সংখ্যক বেটুপাত আৰু পাহি থাকে।
উত্তৰঃ এপাহ ফুলৰ অংশবোৰ হৈছে বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ।
(ঙ) যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়াহ'লে পাহিবোৰ সংলগ্ন হৈ থাকে।
উত্তৰঃ যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়াহ'লে পাহিবোৰ সংলগ্ন হৈ নাথাকিবও পাৰে।
চ) যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন তেতিয়াহ'লে গৰ্ভকেশৰো পাহিৰ সংলগ্ন হৈ থাকে ।
উত্তৰঃ এপাহ ফুলৰ পাহিবোৰ সংলগ্ন হ'লেও গৰ্ভকেশৰ পাহিৰ লগত সংলগ্ন হৈ নাথাকে।
২। তালিকা ৭.৩ ত অধ্যয়ন কৰা অনুসৰি অংকণ কৰা-
উত্তৰঃ (ক) এখিলা পাত (খ) এথোপা মুখ্য়মূল আৰু (গ) এপাহ ফুল।
উত্তৰঃ (ক) এখিলা পাত
(খ) এথোপা মুখ্য়মূল
(গ)
৩) তোমালোকৰ ওচৰে-পাজৰে দীঘল কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ দেখা পাইছানে? ইয়াৰ নাম লিখা তোমালোকে ইয়াক কোন শ্ৰেণীত ভাগ কৰিবা।
উত্তৰঃ আমাৰ ওচৰে পাজৰে দীঘল কিন্তু দুৰ্বল উদ্ভিদ বহুত দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত অপৰাজিতা, লাউ, ভেদাই লতা, কোমোৰা, ভোল, জিকা, কেৰেলা, আঙুৰ আদি প্ৰধান।
আমি এই উদ্ভিদবোৰক লতাজাতীয় উদ্ভিদত অন্তৰ্ভুক্ত কৰো।
৪। উদ্ভিদৰ কাণ্ডৰ কাম কি?
উত্তৰঃ উদ্ভিদৰ কাণ্ডই মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ পাতলৈ প্ৰেৰণ কৰে। আৰু উদ্ভিদজোপাক থিয় কৰি ৰাখে।
৫। তলৰ কোনবোৰ পাতত জাল সিৰাবিন্যাস দেখিবলৈ পোৱা যায়?
ঘেঁহু, তুলসী, গোমধান, ঘাঁহ, ধনীয়া, জৱাফুল।
উত্তৰঃ আমি জাল সিৰাবিন্য়াস তুলসী ধনীয়া আৰু জৱাফুল।
৬। যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্চমূলযুক্ত হয় তেতিয়াহ'লে তুমি এই উদ্ভিদজোপাৰ সিৰাবিন্যাস কেনেকুৱা দেখিবলৈ পাবা।
উত্তৰঃ যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূলযুক্ত হয়, তেতিয়াহ'লে আমি এই উদ্ভিদজোপাৰ সমান্তৰাল সিৰাবিন্য়াস দেখিবলৈ পাম।
৭। যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্যাসযুক্ত হয় তেতিয়াহ'লে ইয়াৰ শিপা কোন প্ৰকাৰৰ হ'ব ।
উত্তৰঃ যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্য়াসযুক্ত হয়, তেতিয়াহ'লে ইয়াৰ শিপা মুখ্য়মূল হ'ব।
৮) এখিলা কাগজত থকা পাতৰ সাঁচ চাই গছজোপাত মূখ্যমূল আছেনে গুচ্ছমূল আছে কোৱাতো তোমাৰ পক্ষে সম্ভৱপৰ হ'বনে ?
উত্তৰঃ এখিলা কাগজত থকা পাতৰ সাজ চাই গছজোপাত মুখ্য়মূল আছেনে গুচ্ছমূল আছে কোৱাটো সম্ভৱ হ'ব, কাৰণ যদি পাতখিলাত জালসিৰাবিন্য়াস আছে তেন্তে গছজোপাত মুখ্য়মূল থাকিব; আৰু যদি পাতখিলাত সমান্তৰাল সিৰাবিন্য়াস থাকে তেন্তে গছজোপাত গুচ্ছমূল থাকিব।
৯) ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।
উত্তৰঃ পাহি, পুংকেশৰ, পৰাগধানী, গৰ্ভাশয়, গৰ্ভকেশৰ, পৰাগৰেণু আৰু গৰ্ভমুণ্ড।
১০) তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা? তাৰ ভিতৰত কোনবোৰত ফুল আছে?
ঘাঁহ, গুমধান, ঘেঁহু, জলকীয়া, বিলাহী, তুলসী, বট, শিশু, আঁহত, আম, মধুৰিয়াম, ডালিম, জামু, অমিতা, কল, নেমুটেঙা, কুঁহিয়াৰ,আলু, বাদাম।
উত্তৰঃ ওপৰৰ উদ্ভিদবোৰৰ ভিতৰত মই- ঘাঁহ, গুমধান, জলকীয়া, বিলাহী, তুলসী, বট, শিশু, আঁহত, আম, জামু, মধুৰিয়াম, ডালিম, অমিতা, কল, নেমুটেঙা, কুঁহিয়াৰ আৰু আলু দেখিছো।
ইয়াৰ ভিতৰত জলকীয়া, বিলাহী, তুলসী, আম, মধুৰিয়াম, ডালিম, জামু, অমিতা, কল, নেমুটেঙা, বাদম আদিৰ ফুল দেখিবলৈ পোৱা যায়।
১১। উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে? প্ৰক্ৰিয়াতোৰ নাম লিখা।
উত্তৰঃ উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৰ নাম সালোক-সংশ্লেষণ বোলা হয়।
১২। ফুলৰ কোন অংশত তোমালোকে গৰ্ভাশয় দেখা পোৱা?
উত্তৰঃ ফুলৰ গৰ্ভকেশৰত গৰ্ভাশয় দেখা পোৱা যায়।
১৩। বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিদ ফুলৰ নাম লিখা।
উত্তৰঃ বেটুপাত সংলগ্ন হৈ থকা ফুলৰ নাম হ'ল- ধতুৰা আৰু জৱাফুল। আৰু বেটুপাত পৃথককৈ থকা ফুলৰ নাম হ'ল- গোলাপ আৰু তগৰ।
-শ্ৰী হিৰু মনি বৰা
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------