👉Chapter 9 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 9 MCQs Answer
১। আৱাসস্থলী কি?
উত্তৰঃ উদ্ভিদ বা জীৱই যি পৰিৱেশত বাস কৰে, তাকেই সিঁহতৰ আৱাসস্থলী বোলে।
২। মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে?
উত্তৰঃ মৰুভূমিত থকা উদ্ভিদৰ পাত নাথাকে আৰু থাকিলেও অতি সৰু আৰু কাঁইটৰ ৰূপত থাকে। ইয়ে প্ৰস্বেদনৰ দ্বাৰা পাতৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে।
কেটকাছৰ ক্ষেত্ৰত দেখা পাতৰ নিচিনা আকৃতিবোৰ আচলতে উদ্ভিদ জোপাৰ কাণ্ডৰ অংশহে। ইয়াৰ দ্বাৰাই কেকটাছে সালোক- সংশ্লেষণ প্ৰক্ৰিয়া কৰে। কাণ্ড অংশ মমজাতীয় ডাঠ আৱৰণেৰে ঢকা, যি পানী ধৰি ৰখাত সহায় কৰে। মৰুভূমিত থকা আন উদ্ভিদৰ দৰে কেকটাছৰ শিপাও পানী শোষণ কৰিবলৈ মাটিৰ বহু তললৈ সোমাই থাকে।
৩। খালী ঠাই পূৰ কৰা
(ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে, তাক অভিযোজন বোলে।
(খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক স্থলজ আৱাসস্থলীক বোলে।
(গ) পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্হলীক জলজ আৱাসস্থলী বোলে।
(ঘ) মাটি ,পানী আৰু বায়ুৰ আৱাসস্হলী অজৈৱিক কাৰক ǀ
(ঙ) চৌপাশৰ পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোকে উদ্দীপক বোলে ǀ
৪। তলৰ তালিকাৰ কোনবিলাক জড়?
নাঙল, কাঠফুলা, চিলাই মেচিন, ৰেডিঅ, নাও, পানী, মেটেকা, কেঁচু।
উত্তৰঃ নাঙল, চিলাই মেচিন, ৰেডিঅ, আৰু নাও।
৫। জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা। এবিধ জড় পদাৰ্থৰ নাম লিখা।
উত্তৰঃ জীৱৰ দুটা বৈশিষ্ট্য় হ'ল-
১) জীৱক খাদ্যৰ প্ৰয়োজন হয়।
২)জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে।
এবিধ জড় পদাৰ্থ- মাটি।
৬। তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল?
মাখন, চামৰা,
মাটি, ঊণ, বৈদ্যুতিক বাল্ব, ৰন্ধন তেল, নিমখ, আপেল, ৰবৰ।
উত্তৰঃ মাখন, চামৰা, ঊণ, ৰন্ধন তেল, আপেল
আৰু ৰবৰ।
৭। জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা
উত্তৰঃ
জীৱৰ সাধাৰণ
বৈশিষ্ট্য |
১) জীৱক
খাদ্যৰ প্ৰয়োজন হয়। |
২) জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে। |
৩)
জীৱই প্ৰজনন কৰে। |
৪) জীৱই পৰিবেশৰ প্ৰতি সঁহাৰি জনায়। |
৫)
জীৱৰ বৃদ্ধি আৰু মৃত্যু হয়। |
৬)
সঞ্চালন দেখুৱায়। |
৮। তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্ৰয়োজনীয় কিয়, বাখ্যা কৰা।
উত্তৰঃ তৃণভূমিত ঘাঁহবন খাই জীয়াই থকা প্ৰাণীবোৰ বাস কৰে যেনে- হৰিণ, জেব্ৰা ইত্যাদি। কিন্তু এই তৃণভোজী প্ৰাণীক আহাৰ হিচাপে গ্ৰহণ কৰা বিভিন্ন মাংসভোজী জীৱও এইবোৰ অঞ্চলতে বাস কৰে।মাংসভোজী জন্তুৰ চিকাৰ হোৱাৰ পৰা নিজকে বচাই ৰাখিবলৈ তৃণভোজী জন্তুৰ শৰীৰত ছদ্মাবৰণ থাকে যদিও কেতিয়াবা সেয়াও যথেষ্ঠ নহয়। সেয়েহে মাংসভোজী জন্তুৰ পৰা বাচিবলৈ তৃণভোজী জন্তুৰ তীব্ৰ গতিৰ বাহিৰে আন উপায় নাই। ঠিক তেনেদৰে মাংসভোজী জন্তুৱেও তৃণভোজী প্ৰাণীৰ চিকাৰ পাবলৈ নিজেই খুব বেগাই দৌৰিব লগা হয়।
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
ৰঞ্জিত
বিকাশ চেতিয়া (তিনিচুকীয়া)