পাঠ ২৫

প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video
    👉MCQs Answer


 
১। চমু উত্তৰ লিখা-

(ক) প্রান্তীয় গোট কাক বোলে?

উত্তৰঃ আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি।

(খ) অসমৰ চাহখেতিৰ বাবে ব্রিটিছসকলে ক'ৰ পৰা বনুৱা আমদানি কৰিছিল?

উত্তৰঃ ভাৰতৰ মধ্যভাগৰ পৰা।

(গ) কোনখন আইনমতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়?

উত্তৰঃ শিক্ষাৰ অধিকাৰ আইন ২০০৯।

(ঘ) গৰাখহনীয়া হ'লে কি হয়?

উত্তৰঃ গৰাখহনীয়াৰ ফলত একো একোখন গাওঁ, খেতি পথাৰ আদি নদীৰ পানীত জাহ যায়।

(ঙ) বৃহৎ নদীবান্ধৰ পৰা কি অপকাৰ হ'ব পাৰে?

উত্তৰঃ নদী বান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্রয়োজন হয়। ফলত বান্ধ নির্মাণ কার্যকৰী হোৱাৰ বাবে সেই অঞ্চলত বসবাস কৰা লোকসকলে নিজ ঠাই এৰি যাব লগাত পৰে। আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোক সকলো নানা অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰ অংশত আৱদ্ধ কৰি ৰখা বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্রয়োজনীয় পানী নাপায়। নৈৰ পানী তৰাং হোৱাৰ লগে লগে তাত থকা মাছ-পুঠি, বিভিন্ন জলচৰ প্রাণীসমূহৰৰ বিলুপ্তি ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহি পৰে। জলপথেৰে আহ-যাহ কৰা লােকসকলৰ যাতায়াতত বিজুতি ঘটে। মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্রাস পায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চল মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰে।


২। উত্তৰ লিখা-

(ক) কি কি কাৰণত প্রান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে? তেওঁলোকৰ প্রধান সমস্যাসমূহ কি কি?

উত্তৰঃ অর্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত সেইসকল লোক প্রান্তীয় গোট হিচাপে পৰিগণিত হয়। চাহ উদ্যোগ, বৃহৎ নদীবান্ধ, প্রাকৃতিক দুর্যোগ, বানপানী, গৰাখহনীয়া, ভূমিকম্প আদিৰ বাবেও বহুলোক প্রান্তীয় গোটলৈ ৰূপান্তৰিত হ'ব পাৰে।

ঔদ্যোগিক আৰু অর্থনৈতিক বিকাশ, নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হৈ পৰে। পূৰ্বৰে পৰা আর্থ-সামাজিক আৰু শৈক্ষিক দিশত অনগ্রসৰ এই মানুহখিনিয়ে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে আৰু সমাজৰ কোনো দূৰ প্ৰান্তলৈ গুচি যায়। লাহে লাহে তেওঁলোকৰ জীৱন-জীৱিকাত আউল লাগে। সংস্থাপনহীন হৈ অ'ত-ত'ত সিঁচৰতি হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে।

(খ) জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্রদান কৰিছে?

উত্তৰঃ জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে সুবিধা কৰা প্ৰধান ভাগবোৰ তলত উল্লেখ কৰা হ'ল। 

(i) বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্রতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে।

(ii) জনজাতি আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চশিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্রদান কৰা হৈছে।

(iii) অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে 'অসম চাহ শ্রমিক কল্যাণ পৰিষদ’ আছে।

(iv) জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

(v) অস্পৃশ্যতা বর্জন আইনৰ অধীনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলামিছাৰ সুবিধা প্রদান কৰা হৈছে।

(vi) সংখ্যালঘু লোকসকলৰ ভাষা-সংস্কৃতিৰ প্রতি গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।

(vii) শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ অধীনত সমাজৰ কোনো ল'ৰা-ছোৱালী প্রাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব নোৱাৰাটো নিশ্চিত কৰিছে।

(জ) পার্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্বশাসন আছে? দুখনৰ নাম লিখা।

উত্তৰঃ জনজাতিসকলৰ আর্থ-সামাজিক উন্নতিৰ বাবে স্বায়ত্ব শাসন দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰা কৰিছে। অসমৰ পার্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কার্বি আংলং জিলা পৰিষদ আৰু ডিমাহাছাওসকলৰ বাবে উত্তৰ কাছাৰ পার্বত্য জিলা পৰিষদ গঠন কৰা হৈছে।


৩। খালী ঠাই পূৰ কৰা

(ক) সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক                     

উত্তৰঃ সংবিদানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয়।

(খ)                    মাটি চাহ খেতিৰ বাবে উপযোগী।

উত্তৰঃ অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী। 

(গ) দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই,                    ।

উত্তৰঃ দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই, দায়বদ্ধ।

(ঘ) সংখ্যালঘু লোকসকলৰ                       ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।

উত্তৰঃ সংখ্য়ালঘু লোকসকলৰ ভাষা সাংস্কৃতিক ক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্য়ৱস্থা কৰিছে।

(ঙ) মানুহে শস্যও উৎপাদন কৰিব নোৱাৰে মৎস্য ও উৎপাদন কৰিব নোৱাৰে।

উত্তৰঃ মানুহে শস্য়ও উৎপাদন কৰিব নোৱাৰে ৎস্য়ও ৎপাদন কৰিব নোৱাৰে।


৪। শুদ্ধ অশুদ্ধ বাছি উলিওৱা-

(ক) অন্য প্রান্তৰ পৰা অহা ছাত্র-ছাত্রীৰ লগত বন্ধুত্ব কৰিম।

উত্তৰঃ শুদ্ধ।

(খ) বেলেগ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা কৰিম।

উত্তৰঃ অশুদ্ধ।

(গ) দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম।

উত্তৰঃ শুদ্ধ।

(ঘ) আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সন্মান জনালেহে আমিও স্নেহ পাম।

উত্তৰঃ শুদ্ধ।

(ঙ) প্রাকৃতিক দুর্যোগ হ'লে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰো।

উত্তৰঃ অশুদ্ধ।






ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

Check By-Mukesh Borah

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
-------------------------------