Chapter 1


প্রাকৃতিক সম্পদ
অনুশীলনী :

১। চমু উত্তৰ লিখাঃ

(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ক) জনসংখ্যা বৃদ্ধি (বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ)

খ) অৰ্থনৈতিক প্ৰতিযোগিতা (ব্যৱসায় বাণিজ্য,উদ্যোগ আদি নিৰ্মাণ )


(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা)

উত্তৰঃ ক) খেতিপথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলদ্ধ হ'লে তাৰ আশে পাশে জন বসতি ঘন হয়।

খ) কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলদ্ধ হ'লে তাৰ আশে পাশে জন বসতি ঘন হয়।



(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।

উত্তৰঃ (ক) ভূমিৰ অৱক্ষয়ে সমগ্ৰ গ্ৰহটোৰ মানুহ আৰু পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে ।

খ) খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে ।

(ঘ) বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।
উত্তৰঃ (ক) বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে।

(খ) ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে 

২। শুদ্ধ উত্তৰত ☑ চিন দিয়া-

(ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে?

(1) অবাবতে পানীৰ টেপ খুলি থলে, (২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে, (৩) বৰষুণৰ পানী  জমা কৰি থলে।

উত্তৰঃ বৰষুণৰ পানী জমা কৰি থলে।

(খ) নির্মল পানী পাবলৈ হ'লে—

(1) আবৰ্জনাবোৰ নৈত পেলাব লাগে, (২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

উত্তৰঃ পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—

(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, (২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, (৩) শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে।

উত্তৰঃ জীৱাশ্ম ইন্ধনৰ ব্য়ৱহাৰ অধিক হ'লে।

৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০টা মান শব্দৰ ভিতৰত)

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ মাটি। এই মাটি বা ভূমিয়ে হৈছে জীৱ জগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতে হৈছে  ভূমি। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰত নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, উদ্যোগ,যাতায়ত আৰু যোগাযোগ ব্যৱস্থা গঢ়লৈ উঠিছে। মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত মাটিৰ ভূমিকা সৰ্বাধিক। এই মাটি বা ভূমি অসীম নহয়, সেয়েহে ই বৰ মূল্যৱান সম্পদ।

        গ্ৰাম্যাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোঁতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।

        নগৰ অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰো অধিক প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান, উদ্যোগ, ৰাস্ত-ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি, ওচৰৰ বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। 

Or

কেৱল ভূমিৰ সাম্ভাব্য উৎপাদন ক্ষমতাই নহয় ইয়াৰ সাম্ভাব্য স্থিতিস্থাপকতাও বুজি পোৱাটো গুৰুত্বপূৰ্ণ। ভূমিৰ সম্ভাৱনা হৈছে অৱক্ষয় প্ৰতিৰোধ আৰু পুনৰুদ্ধাৰ কৰাৰ ভূমিৰ সামৰ্থ্য। এই সম্ভাৱনা ভূমিৰ জলবায়ু, মাটি আৰু ভৌগোলিক অৱস্থাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। 

    সাধাৰণতে কৃষিকাৰ্য, উদ্য়োগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ-দুৱাৰ,  ৰাস্তা-ঘাট ইত্য়াদি নিৰ্মাণ কৰাৰ অৱস্থাত মাটিৰ ব্যৱহাৰ কৰা হয়। ভূমি ব্যৱহাৰ কৰা অৱস্থাত মানুহে ঠাইটুকুৰাৰ অৱস্থান, কেনেধৰণৰ জলবায়ু, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ, খনিজ সম্পদ ইত্যাদিৰ অৱস্থা তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওফৰত নিৰ্ভৰ কৰে।







  ৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰপৰা সেই সম্পর্কে জানি লৈ এটি টোকা যুগুত কৰা।

উত্তৰঃ 

 

অতীত

বৰ্তমান

মুকলি ঠাই, উদ্য়ান

 

 

খেতি পথাৰৰ মাটিৰ উপলদ্ধতা

 

 

শিক্ষানুষ্ঠান

 

 

মানুহৰ ঘৰ-দুৱাৰ

 

 

কল কাৰখানা, উদ্য়াগ

 

 

ক্লাৱ, ধৰ্মীয় বা আন সামাজিক অনুষ্ঠান

 

 

পৰিকল্পিত নলা নৰ্দমা

 

 

অন্য়ান্য়

 

 


*ওপৰত দেখুওৱা দৰে তোমালোকে নিজে তালিকা প্ৰস্তুত কৰি তাৰ আলমত নিজৰ বাখ্যা আগবঢ়াব পাৰিবা


৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত?

উত্তৰঃ বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি, লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই চিৰিকতি ইত্যাদিবোৰক ধৰিব পাৰি। হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্রায় ৮৮ বিধমান চৰাইৰ প্রজাতি নাইকীয়া হৈ গৈছে। অৰণ্য ধ্বংস, গৰাখহনীয়া, বনজুই, চুনামী, ভূমিস্খলন, বানপানী আদি দুর্যোগে বনজ সম্পদসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিছে।
        পৃথিৱীৰ উপৰিভাগৰ দুই–তৃতীয়াংশ পানীৰে আৱৰা। তথাপি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ। তদুপৰি আমাৰ  ব্যৱহাৰযোগ্য পানীৰ ৭০ শতাংশই সহজে পাব পৰা অৱস্থাত নাই। সেয়েহে জলসম্পদ অতি মূল্যৱান। এই  জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহন, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয়। বিদ্যুত শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয়। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে। কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই ǀ তাৰ লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হবলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনিয়ে দেখা দিছে। পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জলসংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয়, তাক পৰিহাৰ কৰিব লাগিব; প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত,পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত।

৬। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে ?

উত্তৰঃ শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি। পৰম্পৰাগত (কয়লা, খাৰুৱা তেল, প্ৰকৃতিক গেছ, খৰি আদি) আৰু অপৰম্পৰাগত (বায়ুশক্তি,সৌৰশক্তি আদি)। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায় গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লেহে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব।
আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰি লবলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰো। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদিবোৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহ'লে যিকোনো সম্পদৰ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈও সম্পদৰ অপচয় ৰোধ কৰিব লাগিব।


৭। চমু টোকা লিখা—

(ক) বন্যপ্রাণী, (খ) জীৱাশ্ম ইন্ধন, (গ) মৰুকৰণ, (ঘ) সৌরশক্তি, (ঙ) ভূমিস্খলন

উত্তৰঃ (ক) বন্য়প্ৰাণী = হাবিত বাস কৰা সৰু-বৰ জীৱ জন্তু, চৰাই-চিৰিকতি, উদ্ভিদ, সৰীসৃপ, উভচৰ প্ৰাণী, কীট-পতংগ ইত্যাদিবোৰক  বন্যপ্রাণী বুলিব পাৰি। সকলো বন্যপ্রাণীয়ে হ'ল প্ৰাকৃতিক সম্পদ । বন্যপ্রাণীৰ উপস্থিতিত প্ৰকৃতিত সহজে ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহ গতিবিধি লাহে লাহে বৃদ্ধি পাই ফলত অৰণ্যত থকা বন্যপ্রাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। বহু ঠাইত চৰকাৰেও বন্যপ্ৰাণীবোৰ সংৰক্ষণৰ বাবে বিষয় ব্যৱস্থা হাতত লৈছে। পৃথিৱীৰ মুঠ মাটি-কালিৰ এক-তৃতীয়াংশৰো কম বননি-ঘাঁহনিয়ে আগুৰি আছে।

(খ) জীৱাশ্ম ইন্ধন =  জীৱাষ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলায়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহৰ ব্য়াপক ব্য়ৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে। সেয়েহে আমি জীৱাশ্ম ইন্ধনবোৰ অলপ কমকৈ ব্য়ৱহাৰ কৰিব লাগে। সেয়েহে এই ইন্ধনবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য়।


(গ) মৰুকৰণ = প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য়, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্ন গামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰিব পাৰে। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত বননি ধ্বংস আৰু অধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰ ঘটাব পাৰে।

(ঘ) সৌৰশক্তি = সূর্য অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্রত্যেক দিনেই সূর্যৰ তাপ আৰু পোহৰ পাই থাকো। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুত শক্তিৰ সহায়ত সৌৰ চৌকা (Solar Cooker), সৌৰ হিটাৰ (solar heater) আদি চলোৱা হয় ǀ সৌৰ কোষৰ সহায়ত বিদ্যুৎ উৎপাদন কৰি ঘড়ী, বেটাৰী, বিদ্যুত সংযোগ নথকা গাঁৱত বিজুলী চাকিৰ যোগান,ধৰাৰ উপৰিও এই শক্তিক মহাকাশ যান, উপগ্ৰহ আদিতো ব্যৱহাৰ কৰা হয়।

(ঙ) ভূমিস্খলন =  ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে।
                     

৮। পার্থক্য দেখুওৱা –

(ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ

উত্তৰঃ  গ্ৰামাঞ্চল = গ্ৰাম্যাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।

নগৰীয়া অঞ্চল = নগৰ অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। সেয়েহে তাৰ মাটিবোৰৰ দামো অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰো অধিক প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান, উদ্যোগ, ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি, ওচৰৰ বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়।

(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি।

উত্তৰঃ পৰম্পৰাগত শক্তি = অতীজৰে পৰা জুই জলাবলৈ ব্য়ৱহাৰ কৰি অহা খৰি আৰু অন্য়ান্য় জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম, আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। মানুহে যিমান বেছিকৈ এই ইন্ধন শক্তি খৰচ কৰিব সিমান সোনকালে সেইবোৰ শেষ হৈ যাব।

অপৰম্পৰাগত শক্তি = সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি আদি হৈছে অপৰম্পৰাগত সম্পদ। অৰ্থাৎ এই শক্তি ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। এই শক্তিৰ ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ মাত্ৰা কম। অৱশ্যে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান অসুবিধাও নথকা নহয়।



৯।তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবপৰা উপায়সমূহ উল্লেখ কৰা। 

উত্তৰঃ বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি, লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই চিৰিকতি ইত্যাদিবোৰক ধৰিব পাৰি। হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্রায় ৮৮ বিধমান চৰাইৰ প্রজাতি নাইকীয়া হৈ গৈছে। আজি দেখা গৈছে- বর্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতি পথাৰ গঢ়ি তুলিছে, জধে মধে গছ কটা কাৰ্যই পৰিবেশক বাৰুকৈয়ে ক্ষতিগ্ৰস্থ কৰিছে। এইবোৰৰ পৰিৱৰ্তে ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত বৃক্ষৰোপনক উৎসাহিত কৰিব লাগিব। প্ৰদূষণৰ উপাদান বোৰ আৰম্ভণিতে নাইকিয়া কৰিব পাৰিলে বনজ সম্পদ বিকশিত হ'বলৈ সুবিধা পাব। 

১০। অপৰম্পৰাগত শক্তিসম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ অপম্পৰাগত শক্তিসম্পদসমূহ হৈছে- সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি আদি অপম্পৰাগত সম্পদ। 




Answer By ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

Spelling Check By DIKHA




-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------

Post Id: DABP000890