Lesson 3 

অষ্টম শ্ৰেণী/ সমাজ বিজ্ঞান/ভূগোল বিজ্ঞানৰ খণ্ড/ 

বসতি


১ । খালী ঠাই পূৰ কৰাঃ

উত্তৰঃ

(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। 

(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।

(গ) আলিবাট, ৰে'লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে। 

(ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ২৫,৫৯০ খন।


২। শুদ্ধ উত্তৰটো বাছি উলিওৱা— 

(ক) গ্রাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/ উদ্যোগ/ কৃষি। 

উত্তৰঃ কৃষি।

(খ) গ্রাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যা ঘনত্ব কম/ অধিক/ সমান। 

উত্তৰঃ অধিক।

(গ) ভাৰতৰ প্রায় ৭০ /৮০/ ৬০ শতাংশ লোকে গাঁৱত বাস কৰে।

উত্তৰঃ ৭০ শতাংশ ।

(ঘ) কোনো ঠাইত থুপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/কেন্দ্রীভূত/ পাতল বসতি।

উত্তৰঃ কেন্দ্ৰীভূত।


 ৩ । উত্তৰ লিখা-(৪টা বা ৫টা বাক্যৰ ভিতৰত) 

(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা? 

উত্তৰঃ মানুহে কৃষিকাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য় চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্য়বোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে। সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়। 

(খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। 

উত্তৰঃ গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হল- কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়।  এলেকাটোত যাতায়তৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতিৰ  এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম।

(গ) কেন্দ্রীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা। 

উত্তৰঃ কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা–সুবিধাবোৰ যদি একেঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই  এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে ǀ এনে বসতিক কেন্দ্রীভূত বসতি বোলে ǀ কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ  কেন্দ্রীভূত বসতি সৃষ্টি হয়। 

(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।

উত্তৰঃ পৌৰ এলেকাত মানুহে  বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড-বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয়ত  বহুতো লোকে সংস্থাপন পাই থাকে । যাতায়ত আৰু যোগাযোগ ব্যৱস্থা লগতে চৰকাৰী চাকৰীত জড়িত হৈ বহুতে সংস্থাপন বিচাৰি পাইছে । 

 (ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পর্ক আলোচনা কৰা

উত্তৰঃ গাওঁ আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য় আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰপৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰত প্ৰযোজ্য় নহ'বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোটপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে।

     সাধাৰণতে বেপাৰ-বাণিজ্য়ই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যয়ো এই সম্পৰ্ক গঢ় কৰি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্য়োগিক দ্ৰব্য় আৰু অন্য়ান্য় সেৱা গাঁৱলৈ আঘবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা-দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰত মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়। আজি-কালি অৱঅশ্যে ম'বাইল ফোন, ইন্টাৰনেট আৰু অন্য়ান্য় প্ৰচাৰ মাধ্য়মৰ যোগেদি গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে। 

৪। চমুটোকা লিখাঃ


 (ক) ৰৈখিক বসতিঃ

উত্তৰঃ বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি। কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে

(খ) বর্গক্ষেত্রাকাৰ বসতিঃ

উত্তৰঃ গ্ৰাম্যাঞ্চলত কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয় ǀ অৰ্থাৎ কৃষিক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে। এই বসতি সাধাৰণতে  বর্গক্ষেত্রাকাৰ হয় আৰু দুই বা তাতোধিক পথৰ সংযোগস্থলৰ আশে পাশে দেখা যায়। এইবোৰক বর্গক্ষেত্রাকাৰ বসতি বোলে।

 (গ) উচ্চভূমিৰ বসতিঃ

উত্তৰঃ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা তিনিখন উচ্চভূমি গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল। আহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়ত-পৰিবহণ, খেতি-বাতি, বাণিজ্য় আদিকে ধৰি নানা ধৰণৰ সুবিধা থকাৰ বাবে বসতি ঘন।

৫। পার্থক্য লিখা–

 (ক) গ্রাম্য বসতি আৰু পৌৰ বসতি।

উত্তৰঃ 

গ্ৰাম্য বসতি

পৌৰ বসতি

গ্ৰাম্য় বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হল- কৃষি

পৌৰ বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হল- ব্য়ৱসায় বণিজ্য, উদ্য়োগ বা কাৰ্যালয়ৰ চাকৰি

গ্ৰাম্য় বসতি পালত আৰু বিস্তৃত

পৌৰ বসতি ঘন আৰু স্তুপীকৃত

গ্ৰাম্য় বসতিত ঘৰ বাৰীৰ আ্হি থলুৱা আৰু পৰম্পৰাগত

পৌৰ বসতিত ঘৰ বাৰীৰ আৰ্হি আধুনিক, ওখ অট্টালিকা প্ৰধান

গ্ৰাম্য় বসতিত যাতায়তৰ ব্যৱস্থা সুচল নহয়

পৌৰ বসতিত যাতায়তৰ ব্যৱস্থা সুচল

গ্ৰাম্য় বসতিত অঞ্চলটোত যান-বাহনৰ সংখ্য়া কম

পৌৰ বসতিত অঞ্চলটোত যান-বাহনৰ সংখ্যা বেছি

গ্ৰাম্য় বসতিত ব্য়ৱসায় বাণিজ্য়ৰ সুবিধা কম

পৌৰ বসতিত ব্যৱসায় বাণিজ্য়ৰ সুবিধা বেছি

গ্ৰাম্য় বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম

পৌৰ বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি

 

(খ) ৰৈখিক বসতি আৰু কেন্দ্রীভূত বসতি। 

 উত্তৰঃ  

ৰৈখিক বসতি

কেন্দ্ৰীভূত বসতি

বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি।

কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি  থূপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে।

 

(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।

উত্তৰঃ 

উচ্চভূমিৰ বসতি

নিম্নভূমিৰ বসতি

উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা, স্থলভাগ থিয়, শিলাময় আৰু ওখোৰা মোখোৰা হোৱাৰ বাবে বসতি পাতল হয় ।তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়।

নিম্নভূমিত সমভূমি এলেকা বেছি। এই  অঞ্চলবোৰত যাতায়ত, খেতিবাতি, বাণিজ্য আদিৰ বাবে প্ৰৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে  জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমি এলেকাত কেন্দ্ৰীভূত, ৰৈখিক, বৰ্গক্ষেত্ৰাকাৰ ৰূপত বসতি দেখা যায়।

উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে।

নিম্নভূমিতক ঝুম খেতি কৰা নহয়।

উচ্চভূমিত মানুহে চাংঘৰ সজা জীৱ জন্তু পোহিবলৈ।

নিম্নভূমিত মানুহে চাংঘৰ সাজে পোহনীয়া জীৱ-জন্তু, সা-সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে।            

 

         

ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

SPELLING CHECK BY DIKHA

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------


Post Id: DABP000892