Chapter 4 

 বসতি ঃ গ্ৰাম্য় জীৱন আৰু নগৰীয়া জীৱন 

অনুশীলনীঃ

১। উত্তৰ লিখা

(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?

উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়- গ্ৰাম্য় বসতি আৰু নগৰীয়া বসতি।


(খ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।


(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?

উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্য়ৰ লগত জড়িত।


(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ ৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু সেইকেইটা হৈছে- প্ৰাচীন নগৰ, মধ্য় যুগৰ নগৰ আৰু আধুনিক  নগৰ।


(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?

উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ জন হ'ব লাগে।


(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ'ল গুৱাহাটী।


২। শুদ্ধ/অশুদ্ধ লিখা—

(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক । 

উত্তৰঃ অশুদ্ধ।


(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত ৷

উত্তৰঃ অশুদ্ধ।


(গ) নতুন দিল্লী এখন প্রশাসনিক নগৰ।

উত্তৰঃ শুদ্ধ।


(ঘ) আগ্রা এখন নদীৰ পাৰত অৱস্থিত নগৰ।

উত্তৰঃ শুদ্ধ।


(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।

উত্তৰঃ শুদ্ধ।


৩। চমুকৈ উত্তৰ লিখা


(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।

উত্তৰঃ গ্ৰাম্য় অঞ্চলৰ প্ৰধান বৃত্তি বা জীৱিকা হ'ল কৃষিকাৰ্য।  গ্ৰাম্য় অঞ্চলত কৃষিৰ উপৰিও মানুহে মাছ মাৰে, মাটিৰ বাচন তৈয়াৰ কৰে, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ বৃত্তিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।


(খ) নগৰীয়া বসতিৰ সা-সুবিধা।

উত্তৰঃ নগৰীয়া বসতিৰ সা-সুবিধাসমূহ হৈছে- নগৰত শিক্ষা, চিকিৎসা ইত্য়াদিৰ সুবিধা বেছি। যাতায়তৰ ব্যৱস্থাও সুচল। নগৰত শিক্ষানুষ্ঠান, উদ্য়োগ, কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ইত্য়াদি।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰঃ  নগৰত সকলো সুবিধাৰ বাবে চহৰখন ঘন বসতিপূৰ্ণ। যেনে চহৰখনৰ পথ ঘাটবোৰ মসৃণ, যান-বাহনৰ সুবিধা, ব্যৱসায় - বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল - কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় আদি চহৰখনত ঘন বসতিপূৰ্ণ।


(ঘ) মেগা 'পলিছ কাক বোলে?

উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উৎকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগাল'পলিছ বোলে।


৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্রস্তুত কৰা।

উত্তৰঃ 


নগৰৰ সা-সুবিধাসমূহ

১। নগৰত উন্নমানত শিক্ষাৰ ব্য়ৱস্থাৰ সুবিধা।

২। নগৰত উন্নত চিকিসা ব্য়ৱস্থাৰ সুবিধা।

৩। নগৰত ব্য়ৱসায়-বাণিজ্য়ৰ ব্যৱস্থা।

৪। নগৰত নলা-নৰ্দমা, ৰাস্তা-ঘাট ইত্য়াদিৰ সুবিধা

৫। নগৰত যাতায়ত ব্যৱস্থাৰ সুবিধা।


নগৰৰ সমস্য়াসমূহ

১। নগৰৰ ভিতৰত থকা কিছুমান বাট-পথ ঠেক হোৱাৰ কাৰণে গাড়ী-মটৰসমূহে প্ৰচণ্ড যান-জটৰ সৃষ্টি কৰে।

২। নগৰত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত পানী ওলাই যোৱা নলা-নৰ্দমা, পানী জমা হোৱা জলাহ, পাহাৰৰ নামনি আদিত ঘৰ-বাৰী নিৰ্মান কৰাত পানীভাগ সহজে ওলাই আহিব নোৱাৰে যাৰ ফলত নগৰত অলপ বৰষুণৰ ফলতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

৩। ব্য়ৱসায়-বাণিজ্যৰ কেন্দ্ৰস্বৰূপ হৈ পৰাৰ বাবেও নগৰসমূহত নানা ৰকমৰ আৱৰ্জনাৰ সৃষ্টি হয় আৰু নগৰৰ পৰিৱেশ অস্বাস্থ্যকৰ হৈ উঠে।

৪। নগৰসমূহত পানীৰ সমস্য়া এক গুৰুত্বপূৰ্ণ দিশ। জনসাধাৰণৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰা ব্য়ৱস্থাটো নগৰসমূহত পৰ্যাপ্ত নহয়। খোৱাপানীৰ ক্ষেত্ৰত হাহাকাৰ কৰিবলগীয়া হোৱাটো এক জটিল সমস্য়া।

৫। নগৰসমূহত উদ্য়োগ আৰু গাড়ী-মটৰৰ পৰা নিৰ্গত হোৱা ধোৱা আৰু অত্য়াধিক শব্দই জনজীৱনক অতিষ্ঠ কৰি তোলে যাৰ ফলত বিভিন্ন ধৰণৰ সমস্য়াৰ সৃষ্টি হয়।


Question Type: Bhaskar Jyoti Nath

Author: Chinmay Kakati

Morigaon Assam