সময়


ভাব বিষয়কঃ

১) চমু উত্তৰ দিয়াঃ

ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ:- সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।


খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?

উত্তৰ:- কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।


গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰ:- সময়ৰ ডাঙৰ ভাগবোৰ হল - যুগ, কল্প আৰু শতাব্দী।


ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?

উত্তৰ:- সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়।

বা 

ভগ্নাংশ বোলে।

ঙ) সময় কি গতিত ঘূৰে?

উত্তৰ:- সময় বৃত্তাকাৰ গতিত ঘূৰে।


২) তাৎপৰ্য ব্যাখ্যা কৰা :

ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়।

উত্তৰ:- কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। কামৰ মাজেৰেহে প্ৰকৃত সময়ৰ জোখ পাব পাৰি। কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময়। তেওঁলোকৰ দিন নাযায় ৰাতি নুপুৱায়। কিন্তু কৰ্ম ব্যস্ত মানুহৰ চকুৰ প্ৰচাৰতে দিনটো পাৰ হয়।


খ) মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন।

উত্তৰ:- ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মীলোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এই কাৰণেই বোধ কৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্রহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্রহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে, সেইকথা মানুহৰ কল্পনাৰো অতীত। ব্রহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এয়েই।

গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।

উত্তৰ:- কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ প্ৰচাৰতে পাৰ হৈ যোৱা যেন লাগে। কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নুপুৱায়। এই কাৰণেই বোধকৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়।

প্ৰশ্ন নং ৩ : পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।

উত্তৰ:- 'সময়' পাঠটিৰ লেখক হ'ল - নীলমণি ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্য কৃতি হ'ল - 'সাহিত্য কলা', 'চিন্তামণি', 'জ্যোতিকণা', 'মানসী', 'সন্ধানী'। তেখেতে 'আলোচনী' আৰু 'ন-জোন' কাকতৰ সম্পাদক আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে।


প্ৰশ্ন নং ৪ : চাৰিটা-পাচোঁটা বাক্যত উত্তৰ দিয়া।

ক) প্ৰাকৃতিক জগত বুলিলে কাক বুজায়?

উত্তৰ:- আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান, যেনে:- গছ-গছনি, চৰাই- চিৰিকটি, পশু- পক্ষী, নদ- নদী, অকাশ- বতাহ, জোন- বেলি- তৰা, বায়ু- পানী- মাটি, পাহাৰে-পৰ্বত- জান- জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বোলে।


খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

উত্তৰ:- একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাৱদ্ধ কৰি থৈ যায়। সংবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ, ইত্যাদি সময়বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে।

গ) লক্ষণাক্ৰান্ত মানে কি?

উত্তৰ:- লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণাযুক্ত। সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষণ।


ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল?

উত্তৰ:- বিজ্ঞানৰ আৱিষ্কাৰৰ  আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংটোৱে, তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্দ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল- চুটি হয়, তাক চাই সময় ঠিক কৰিছিল।


প্ৰশ্ন নং ৫: তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰাঃ

ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত।

উত্তৰ:- কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী; মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন-ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। 

    সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষণ। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ-কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা।


খ) সময়ৰ টিকনিডাল হেনো আগফালে।

উত্তৰ:- উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱে লিখা 'সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

                      ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰে তাকে ক'ব বিচাৰিছে।

        সময় বোৱতী নৈৰ নিচিনা। ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ হ'ল যে - এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰো। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ দুই - তিনি মিনিট আগেয়ে প্ৰস্তুত থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। সেয়েহে আমি সময়তকৈ অলপ আগে আগে চলিব লাগে আৰু কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনে বুজে সিয়ে জীৱনত উন্নতি কৰে।

গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।

উত্তৰ:- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱৰ দ্বাৰা ৰচিত 'সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

          সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোক সকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নুপুৱাই যেন লাগে। সময়ৰ সদ্ ব্যৱহাৰ হাৰ কৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। সেয়েহে সময়ক অমূল্য ধন বোলা হয়। ইয়াক ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিবলৈ যোৱাটো ভূল।

ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।

উত্তৰ:- সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে। সময়ৰ সদ্ব্যৱহাৰ  কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত কুৰি মাইল যোৱা ল'ৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত দুই মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰ জনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ। কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে।


প্ৰশ্ন নং ৬: 'প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়'___

প্ৰাকৃতিক জগতৰ গতি বিধিবোৰ কি কি? কেনেকৈ এই গতি বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি? 

উত্তৰ:- প্ৰাকৃতি জগতৰ গতি- বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে, কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়।

        জীৱ- জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোৰটোৰালে একো একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেঁচুৱে জালি দি, টঙিত পাৰই  ৰুণ দি জনায় পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি-পাটী এৰিবৰ উপক্ৰম কৰে।

        প্ৰাকৃতিক জগতৰ এনেবোৰ গতি - বিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি।


প্ৰশ্ন নং ৭ঃ 'নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ ব্য়ৱহাৰ'- ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।

উত্তৰঃ মানুহ সদায় নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ ব্য়ৱহাৰ কৰা উচিত। মানুহে কাৰ লগত কেনেকুৱা ব্য়ৱহাৰ কৰিব লাগে তাক নাজানিলে পাছত বিপদৰ সন্মুখীন হ'ব লগা হয়। আমি নিয়ম মতে চলিব লাগে। সময় কাৰো বাবে ৰৈ নাথাকে, এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰি নাহে। গতিকে নিয়ম মতে কামবোৰ কৰিলে পাছত অসুবিধা নহয়।

প্ৰশ্ন নং ৮: ভাব সম্প্ৰসাৰণ কৰা :

ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা।

উত্তৰ:- ই অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত এটি প্ৰবচন।

     উক্ত প্ৰবচন ফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুসাংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়।

         সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাতো স্নান কৰি পৰম পূণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হ'ল । ঠিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰো যাত্ৰা।


খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰ:- অসমীয়া ভাষাত ব্যৱহৃত এক প্ৰবচন।

উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে মানুহৰ দলৱদ্ধ শক্তি বা একতাৰ জৰিয়তে যে অসাধ্য সাধন কৰিব পাৰি তাকেই বুজাইছে।

       কোনো এজনে অকলে কৰিব নোৱাৰা কামত আন দহজনৰ সহায় সহযোগিতা পালে সেই কাম সহজে কৰিব পৰা যায়। অৰ্থাৎ ৰাইজৰ সামান্য বৰঙণি লগ লগাই আমি সমাজৰ মহৎ উদ্দেশ্য সমাধান কৰিব পাৰোঁ, যিটো ব্যক্তিগতভাৱে কৰা সম্ভৱ নহয়। ৰাইজৰ লগত মাৰ বান্ধি কাম কৰিলে সকলো কামেই সমাধান কৰিব পাৰি।


গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।

উত্তৰ:- শৰ হ'ল এবিধ কাঁড়। ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে।


প্ৰশ্ন নং ৯: সন্ধি ভাঙা :

 শকাব্দ - শক + অব্দ

খ্ৰীষ্টাব্দ - খ্ৰীষ্ট + অব্দ

শংকৰাব্দ - শংকৰ + অব্দ

চৈতন্যাব্দ - চৈতন্য + অব্দ

লক্ষণাক্ৰান্ত - লক্ষণ + আক্ৰান্ত

কল্পান্তৰ - কল্প + অন্তৰ

কৰায়ত্ত - কৰ + আয়ত্ত

মনস্তাপ - মনঃ + তাপ


প্ৰশ্ন নং ১০: পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।

উত্তৰ:- দিন-ৰাতি : দেউতাকে ল'ৰা- ছোৱালী কেইটাৰ ভৱিষ্যতৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে।

কাৰ্য-কলাপ : তাৰ কাৰ্য-কলাপ বোৰ বৰ আচহুৱা।

ঢাৰি-পাটী: ৰাতিপুৱা সোনকালে ঢাৰি-পাটী এৰি পঢ়া- শুনা কৰিব লাগে।

যন্ত্ৰ-পাতি : আজিকালি বেছিভাগ কামেই যন্ত্ৰ-পাতিৰ সহায়ত কৰা হয়।

নাযায়-নুপুৱায় : বিপদৰ দিনবোৰ নাযায়-নুপুৱায় যেন লাগে।

দেশ-বিদেশ : ঘৰতে বহি আজিকালি দেশ-বিদেশৰ বা- বাৰ্তা পোৱা যায়।

প্ৰশ্ন ১১ঃ  সময়ৰ সদ্ব্য়ৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা-ইয়াকে জনাই তুমি তোমাৰ আইতাৰালৈ এখন চিঠি লিখা।

উত্তৰঃ


Check By: Himashree Bora.

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------



Post ID : DABP003008