পাঠ - ১১

গছ ভালপোৱা ককাৰ খং
 


৩) কোৱা আৰু লিখা-

ক) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে ?

উত্তৰঃ- কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে।

খ) আমলখি গছজোপা কিয় কাটিলে?

উত্তৰঃ আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে।

গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে।

উত্তৰঃ- বোৱাৰীয়ে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে। 

ঘ) সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে ?

উত্তৰঃ- আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককাই কৈছে।

৪) কোৱা আৰু লিখা -

ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল? 

উত্তৰঃ- যেতিয়া ককাই বিয়া খাবলৈ গৈ দেখিছিল যে - আমলখি গছজোপা কাটি বিয়াৰ ৰভা খুটা কৰি পুতি থৈছে  তেতিয়া ককাৰ খং উঠিছিল।

খ) বিয়া ঘৰত ককাই কিয় একো নাখালে?

উত্তৰঃ- গছজোপা কটাৰ বাবে ককাই বিয়াৰ ঘৰত একো নাখালে।

গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল?

উত্তৰঃ- খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল।

৫) তলৰ কবিতা ফাকি গদ্য়ৰূপত লিখা-

               আলহী - অতিথি যাব 
                  ৰভা নাইকিয়া হ'ব 
                    বোৱাৰীয়ে ঘৰখন 
                       দিবহি পূৰাই ,
                 পিছে কোৱাচোন ৰঘুনাথ 
                     আমলখি গছজোপা 
                 সহজতে পাবানে ঘূৰাই   ?

 উত্তৰঃ এই কথাষাৰ অৰ্থ হৈছে যেতিয়া বিয়াখন হোৱাৰ পিছত বিয়ালৈ অহা আলহীবিলাক গুচি যাব আৰু ঘৰখন খালি খালি যেন লাগিব কিন্তু বোৱাৰী আহি ঘৰখন পূৰাই দিব কিন্তু কটা আমলখি গছজোপা পুনৰ ঘূৰাই পোৱা নাযাব।                         

৬) কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ কবিতাটোৰ মূলভাৱ হৈছে ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা খন  দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হ'ল। এই কাণ্ড দেখি গছ ভালপোৱা ককাজনৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। সেইকাৰণে তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়াত একো নাখালে আৰু দৰাটিক আৰ্শীবাদ দি গুচি গ'ল।

৭) বাক্য ৰচনা কৰা।

এজোলোকা  - ককাই দৰাটোক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিলে।
  
আলহী - অতিথি  - বিহুত ৰামৰ ঘৰত আলহী - অতিথি আহিছিল।

আশীৰ্বাদ - বিহুত আইতাই ৰাণীক আশীৰ্বাদ দিলে। 
   
সহজতে  - গছ এজোপা কাটিলে সহজতে পোৱা নাযায়। 
 
ঘূৰাই- আমাৰ প্ৰয়োজনীয় বস্তুবিলাক হেৰালে সহজতে পুনৰ ঘূৰাই পোৱা নাযায়।

ৰভা  - ৰহিমে ৰভাখন দিবলৈ  নাৰিকল গছজোপা কাটি পেলালে।


৮) ক অংশৰ লগত খ অংশ মিলোৱা

ক অংশ                   খ অংশ  

ৰভা          -       কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ  নিৰ্মাণ কৰা চালি  
দৰা          -       বৰ  
গছ           -       বৃক্ষ  
ঔষধ        -       দৰব         



Last Update by Dipawali Bora (04.05.2022)

Spelling Check By- Rajashri Bora 

Post Id: DABP000963

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------