নামৰ বেবেৰিবাং
৪) তলৰ শব্দসমূহৰ অৰ্থ কাড়ঁ চিন দি মিলোৱা।
|
শব্দ
|
অৰ্থ
|
|
নুটুটে
|
নকমে
|
|
ৰৰৈয়া
|
নদন-বদন, ধনে - জনে পৰিপূৰ্ণ
|
|
ডাল-দৰিদ্ৰ
|
অতি দুখীয়া
|
|
বেজবেজাই
|
ডাকি যোৱাগৈ, বিজবিজনি অনুভৱ কৰা
|
|
সুৰ সুৰকৈ
|
কোনো শব্দ বা ওজৰ-আপত্তি নোহোৱাকৈ
|
|
মৰচেৰেলা
|
শুকাই-ক্ষীণাই মৰাৰ নিচিনা হোৱা
|
|
জকাই
|
জাকৈ
|
|
পেটাৰি
|
জঁপা, ঢাকনি থকা বেতেৰে তৈয়াৰি কৰা কাপোৰ - কানি ৰাখিব পৰা এবিধ
যতন।
|
৫) উত্তৰ লিখা-
ক) নিধনীৰামৰ ঘৰ কত আছিল?
উত্তৰঃ- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।
খ) নিধনীৰাম অভাৱী আছিল নেকি।
উত্তৰঃ- নহয়, নিধনীৰাম অভাৱী নাছিল।
গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি।
উত্তৰঃ- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।
ঘ) হালোৱা মানুহজনৰ নাম কি আছিল।
উত্তৰঃ- হালোৱা মানুহজনৰ নাম মৰা আছিল।
৬) কোনে, কাক কৈছিল কোৱা-
ক) এই জোপা কি গছহে ককাই।
উত্তৰঃ- নিধনীৰামে গিৰিহঁতক কৈছিল।
খ) পাৰোঁতোন নিজৰা।,
উত্তৰঃ- লৰা-ছোৱালীজাকে নিধনীৰামক কৈছিল।
গ) মোৰ নাম মৰা।
উত্তৰঃ- হালবাই থকা মানুহজনে নিধনীৰামক কৈছিল।
ঘ) বোলো কোৱা কি। তুমি দেখোন জিয়া, মৰা হ'লা কেনেকৈ।
উত্তৰঃ- নিধনীৰামে হালবাই থকা মানুহজনক কৈছিল।
ধ) জকাই বাইছোহেঁ বাইছোঁ , খলিহা - পুঠী এটাও পোৱা নাই।
উত্তৰঃ- লখিমীয়ে নিধনীৰামক কৈছিল।
৮) নিধনীৰামে শেষত ভাবা যোজনা ফাকিৰ অৰ্থ লিখা।
উত্তৰঃ- অমৰা মৰে , নিজৰা জৰে
মৰাই বাই হাল ,
লখিমীয়ে পিন্ধে ফটাকানি
মই নিধনী হোৱাই ভাল।
অৱশেষত নিধনিৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয় মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়।
৯) ক , অংশৰ লগত খ , অংশ মিলোৱা ।
|
ক-অংশ
|
খ-অংশ
|
|
গোহালীত
|
গৰু
|
|
পুখুৰীত
|
মাছ
|
|
বাৰীত
|
তামোল-পাণ
|
|
ভঁৰাল
|
ধান
|
|
চালত
|
কোমোৰা
|
|
ফুলনি
|
ফুল
|
১১) ক অংশৰ খ অংশ লগ লগাই যুৰীয়া শব্দ গঠন কৰা।
|
'ক' অংশ
|
'খ' অংশ
|
|
ভাই
|
ভনী
|
|
আই
|
বোপাই
|
|
পেহা
|
পেহী
|
|
জী
|
জোঁৱাই
|
|
শাহু
|
শহু
|
|
তাৱৈ
|
আমৈ
|
১২) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা।
ভাল - বেয়া নালাগে - লাগে।
জীয়া - মৰা নুটুটে - টুটে।
নিধনী - ধনী নোৱাৰে - পাৰে ।
বহল - ঠেক নেমাতিলে - মাতিলে ।
১৩) বাক্য় ৰচনা কৰা
গা বেজবেজাই যায় , ডাল- দৰিদ্ৰ , ভেকাৰি মাৰ , গা নচুৱাই ফুৰ ।
(ক) গা বেজবেজাই যায়ঃ ৰহিমৰ অকস্মাতে হোৱা মৃত্য়ুৰ কথা শুনি ৰাজৰ গা বেজবেজাই যায়।
(খ) ডালডদৰিদ্ৰঃ ডাল-দৰিদ্ৰ লোকক সহায় কৰিব লাগে।
(গ) ভেকাৰি মাৰঃ অভদ্ৰ ল'ৰাজনে পংগু ল'ৰাটোক দেখি লগৰবোৰক ভেকাৰি মাৰ বুলি ক'লে।
(ঘ) গা নচুৱাই ফুৰঃ মাকে নেহাক কাম-বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে।
খ) শব্দ গঠন কৰা
উত্তৰঃ- জ্ঞান + ঈ = জ্ঞানী মান + ঈ = মানী ।
দান + ঈ = দানী সুখ + ঈ = সুখী ।
গুণ + ঈ = গুণী দুখ + ঈ = দুখী ।
Spelling Check By- Mukesh Borah
Post Id: DABP000971
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------