উত্তৰঃ- বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে। অৰ্থাৎ, প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে।
(ঘ) উদগতি পথত কিহে বাধা দিয়ে?
উত্তৰঃ- উদগতিৰ পথত কু-সংস্কাৰে বাধা দিয়ে।
(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে?
উত্তৰঃ- ধনগুলৈক মানুহে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে।
(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?
উত্তৰঃ- বিজ্ঞানৰ জ্ঞান নথকাৰ বাবে মানুহে বহুতো অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰ
মানি চলে।এনে কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি,
সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।
(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়?
উত্তৰঃ- বিজ্ঞান শিক্ষাৰ পৰা প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ জনা যায়।
বস্তুৰ মূল তত্ত্ব জনা যায় আৰু তেতিয়া মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব
নোৱাৰে।
2। "ধনগুলৈ"ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।
উত্তৰঃ- সাধাৰণতে জাৱৰ-জোঁথৰ, জীৱ-জন্তুৰ মল-মূত্ৰ আদি পচা বস্তু থকা জিকা
ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয়। জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণীদেহৰ পচনৰ
ফলত ফচফিন বা মিথেন গেছ উৎপন্ন হয়। দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি
বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয় আৰু এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি
ফচফৰাচ-ডাই-অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া তৎক্ষণাত
আপোনা আপুনি জুই জ্বলি উঠে। এই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময়ৰ
বাবে লৰ্ চৰ্ কৰি ফুৰে। কোনো কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা
ধন-সোণৰ পৰা ওলোৱা জুই। ধনগুলৈক কোনো কোনো ঠাইত আধামূৰীয়া, আধামুণ্ডী বুলিও কোৱা হয়।
3. "প্ৰতিধ্বনি" কেনেকৈ হয় চমুকৈ লিখা।
উত্তৰঃ- আমি বন্ধ, ডাঙৰ, খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছ মুহূৰ্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ। এয়াই হৈছে
প্ৰতিধ্বনি।আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই
প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে। তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয়।
4. কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়?
উত্তৰঃ- বিজ্ঞান শাস্ত্ৰৰ দ্বাৰাই প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ সমূহ জানিব
পাৰি। নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰি। বিজ্ঞানৰ দ্বাৰা জ্ঞান লাভ
কৰিয়েই মানুহে ৰে'ল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফনোগ্ৰাফ, টেলিফোন,
গ্ৰামোফোন, অনুবীক্ষণ যন্ত্ৰ, দূৰৱীক্ষণ যন্ত্ৰ, বিভিন্ন প্ৰকাৰৰ বিমান, নানাবিধ ঔষধ, চিকিৎসা পদ্ধতি আদি উলিয়াব পাৰিছে। তেনেকৈ দৈনন্দিন
প্ৰকৃতিত ঘটি থকা যেনে 一বিজুলী, বজ্ৰপাত, ভূমিকম্প, প্ৰতিধ্বনি
ইত্যাদি অনেক ঘটনাবোৰৰ মূল কাৰণ বিচাৰি উলিয়াব পাৰি। যিবোৰ ঘটনা আমি দেখি
আচৰিত হওঁ বা আনন্দিত হওঁ এই সকলোবোৰ কথাৰে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ
কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি। সেয়েহে
বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।
5. বিজ্ঞানবিদসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে?
আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে।
বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ।
বিজ্ঞান অধ্যয়নৰ দ্বাৰাই মানুহে নিতৌ নতুন নতুন বস্তুসমূহ উদ্ভাৱন কৰিব
পাৰিছে। বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত
কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ
উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে। এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা
যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ'লে আমি বিজ্ঞানৰ চৰ্চা কৰিবই লাগিব। যেনেকৈ
মানুহে পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয়, তেনেকৈ বিজ্ঞান শাস্ত্ৰতো
সকলোবোৰ জ্ঞান সাঁচি থোৱা হয়। মাত্ৰ আমি তাক অধ্যয়ন কৰিলেই সেই জ্ঞান লাভ
কৰিব পাৰোঁ।
(গ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।
উওৰঃ- 'বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয়' 一 এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি।
৮। তলৰ শব্দকেইটাৰ প্ৰত্য়য় ভাঙি দেখুওৱা।
উত্তৰঃ- ৰোৱনী 一 ৰো + অনী
ৰান্ধনি 一 ৰান্ধ + অনি
নাৱৰীয়া 一 না + অৰীয়া
মৰমীয়াল 一 মৰম + ঈয়াল
পানীয়া 一 পানী + আ
জোনালী 一 জোন + আলী
দয়ালু 一 দয়া + আলু
ধৰুৱা 一 ধাৰ + উৱা
check by 一 Mukesh Borah
Post Id: DABP001210
New Update 2026
📚 Premium Note (PDF)
Assam SEBA 8 Assamese AM Ans
Technology
📚 Premium Note (PDF)
MY CLASS
Loading your subjects...
📘 Subjects
Select Your Class
Select your education details to complete your profile.
Upload Profile Photo
Choose a photo for your profile.
PDFPrint PDF5
🔐
Membership Verify
Print PDF ব্যৱহাৰ কৰিবলৈ Website-ত Login থকা Account-ত Active Membership থাকিব লাগিব।