Class 9

Lesson : 3.2

1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া---


(i) কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি ?

Ans : কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম হ'ল-  উলম্ব ৰেখাডালক (y) অক্ষ , আৰু অনুভূমিক ৰেখাডালক (x) অক্ষ ।

(ii) এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি ?

Ans : এই ৰেখা দুডালে সমতল খনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম - প্ৰথম চোক, দ্বিতীয় চোক, তৃতীয় চোক, আৰু চতুৰ্থ চোক।

(iii) এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা ।

Ans : এই ৰেখা দুডালে পৰস্পৰক ছেদ কৰা বিন্দুটোৰ নাম 'মূল বিন্দু' ।

2. চিত্ৰ 3.14 চোৱা আৰু তলত দিয়াকেইটা লিখা ---

(i) B বিন্দুৰ স্থানাংক

Ans :  B বিন্দুৰ স্থানাংক (-5,2)

(ii) C বিন্দুৰ স্থানাংক

Ans :  C বিন্দুৰ স্থানাংক (5,-5)

(iii) (-3,-5) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো

Ans : (-3,-5) ৰ স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো E

(iv) (2,-4) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো

Ans :  (2,-4) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো G

(v) D ,বিন্দুটোৰ ভুজ

Ans : D বিন্দুটোৰ ভুজ 6

(vi) H বিন্দুটোৰ কোটি 

Ans : H বিন্দুটোৰ কোটি -3

(vii) L বিন্দুটোৰ স্থানাংক

Ans :  L বিন্দুটোৰ স্থানাংক (0,5)

(viii) M বিন্দুটোৰ স্থানাংক

Ans :   M বিন্দুটোৰ স্থানাংক (-3,0)



Dikha Bora


Post ID: DABP001924