ভাওনা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানুহক ভক্তি ৰসত উদ্বুদ্ধ কৰিবলৈ বিভিন্ন সাহিত্যৰ লগতে অংকীয়া নাটো ৰচনা কৰিছিল আৰু ভাও বা অভিনয়ৰ জৰিয়তে জনসাধাৰণৰ সন্মুখত সেইবোৰ উপস্থাপন কৰিছিল । এনেদৰে মহাপূৰুষজনাই অসমত পোনপ্ৰথমবাৰৰ বাবে ভাওনাৰ প্ৰচলন কৰে।

ভাওনা হ'ল নাট, নৃত্ত আৰু নৃত্যৰ সমাহাৰ। নৃত্ত আৰু নৃত্য হ'ল মূকাভিনয় কিন্তু শ্লোক, বচন, গীত, পয়ৰবিলাকৰ লগে লগে নৃত্য বা নাচৰ চাল-চলন, মুদ্ৰা আদিও থাকে।
 (অপূৰ্ব কাকতি)


Post Id: DABP001300