'ক' ৰ পৰা 'ম' লৈ সমাৰ্থক শব্দ


১) অকথিতঃ অব্যক্ত , অনুক্ত

২) অঞ্জলি ঃ আঁজলি, বদ্ধাঞ্জলি, কৰকোষ

৩) অতপালি ঃ উদ্ভণ্ডালি 

৪) অনাথ ঃ গৰাকীহীন , অভিভাৱকবিহীন

৫) অনুমতি ঃ অনুজ্ঞা , আজ্ঞা

৬) অপলক ঃ অনিমিষ, নিৰ্নিমেষ, অনিমেষ

৭) অভিহত ঃ আহত

৮) অহংকাৰী ঃগৰবী, মদগৰ্বী, মইবৰ, দাম্ভক, দম্ভী

৯) অশৌচ ঃ চুৱা

১০) অসভ্য ঃ অভদ্ৰ, অভব্য় ,অশিষ্ট, বৰ্বৰ

১১) অসহ্য় ঃ অসহনীয় , দুৰ্বিসহ , দুঃসহ

১২) অক্সিজেন ঃ অম্লজান

১৩) অঘৰী ঃ ঘৰহীন, গৃহহীন, অনিকেত

১৪) অজাতি ঃ অ-কুল, অকুলীন, অকুলীয়া , অকুলীয়ান

১৫) অধীৰ ঃ অস্থিৰ , অথিৰ , অশান্ত, চঞ্চল,চপল

১৬) অমৰত্ব ঃ অনশ্বৰতা,অবিনশ্বৰতা

১৭) অলংকাৰ ঃ আভূষণ, কঞ্চুল, ভূষণ,ভূষা, গহনা

১৮) অবিশ্বাস ঃ অপ্ৰত্যয় , অসঞ্জাত, অনাস্থা, বিশ্বাসহীনতা

১৯) অভাব ঃ অকুলন, অনাটন, অপ্ৰতুল,নাটনি

২০) অভিশাপ ঃ অকৰণি, অভিশাস্তি, শাও, শাপ

২১) অলপ ঃ ন্যূন , অল্প, যৎসামান্য,তাকৰ, কিঞ্চিৎ,ঈষ

২২)অমৃত ঃ সুধা , অমিয়, পীয়ুষ, অমিয়া

২৩) অধোগতি ঃ অধঃপতন , নিম্নগমন,অধোগমন, অৱনতি

২৪) অজ্ঞতা ঃ মূৰ্খতা, অজ্ঞানতা,মূঢ়তা

২৫) অস্তিত ঃ বিদ্য়ামানতা, সত্তা, অৱস্থান, স্থিতি

২৬) অশ্লীল ঃ ওভং, অশালীন, অশিষ্ট

২৭) অনুগমন ঃ অনুসৰণ, অনুকৰণ

২৮) অন্তেষপুৰ ঃ ভিতৰমহল , অন্তঃপুৰ , অন্দৰমহল 

৩০) অথবা ঃ অন্যথা , নতুবা , কিংবা , বা, কিম্বা , বা 

৩১) অতীত ঃ ভূত, অতীজ, গত, অতিক্ৰান্ত, বিগত

৩২) অকাম্য ঃ অবাঞ্ছনীয় , অপ্ৰত্যাশিত.

৩৩) অগ্নিদেৱতা ঃ, হব্যবাহন

৩৪) অসীম ঃ অশেষ, অনন্ত , অপৰিসীমা , সীমাশূন্য, অন্তহীন, সীমাহীন

৩৫) অৱৰোহন ঃ অৱতৰণ

৩৬) অৰ্পণ ঃ আহুতি , সমৰ্পণ , দা২ন , তৰ্পণ , নিৱেদন, উছৰ্গা

৩৮) অব্যৰ্থ ঃ ব্যৰ্থহীন, অমোঘ

৩৯) অপৰাধ ঃ দোষ, গুণাহ , জগৰ

৪০) অনুবাদ ঃ ভাষান্তৰ, তৰ্জমা , ভাঙনি

৪১) অধিকাৰ ঃ দখল, হক , দাবী

৪২) অটুট ঃ অক্ষুণ্ণ , অক্ষয়

৪৩) অচিলা ঃ চেলু , অজুহাত

৪৪)অকপট ঃ সৰল , চিধা , অকুটিল , ভলভলীয়া , অকপটীয়া 

অক্ৰূৰ ।

৪৫) অসুবিধা ঃ আহুকাল , অসুচল , মুস্কিল , জঞ্জাল 

৪৬) অশ্বাৰোহী ঃ ঘোঁৰাচৱৰী ,চোৱাৰ , চোৱাৰী

৪৭) অমিল ঃ বিভেদ, পাৰ্থক্য , ভেদ , অনৈক , গড়মিল, প্ৰভেদ

৪৮) অবাধ্য ঃ উদ্ধত , আবৰ

৪৯) অপেক্ষা ঃ বাটচোৱা, চবুৰ , প্ৰতীক্ষা 

৫০) অনিদ্ৰা ঃ নিদ্ৰাহীনতা 

৫১) অত্যাচাৰ ঃ উপদ্ৰৱ , উৎপীড়ন

৫২) অতিশয় ঃ বহুত , অতি , অধিক , অত্যধিক, খুব , অত্যন্ত, যথেষ্ট

৫৩) অগ্নিহোত্ৰী ঃ অগ্ন্যাহিত , অগ্নীধ 

৫৪) অখ্যাত  ঃ খ্যাতিহীন, অপ্ৰসিদ্ধ

৫৫) অসম্ভাব্য ঃ অসম্ভাৱিত , অসম্ভাৱনীয়

৫৬) অশ্ৰু ঃ লো, নেত্ৰজল , অক্ষিজল , চকুলো , লোতক , চকুপাণী , নেত্ৰাম্বু, নয়নজল 

৫৭)অমৰ ঃ মূত্যুঞ্জয় , চিৰঞ্জীৱ , চিৰায়ু, চিৰজীৱী, চিৰজীৱী

৫৮) অন্ধতা ঃ দৃষ্টিহীনতা , অন্ধত্ব

৫৯)অন্তিমকাল ঃ ইন্তাকাল , মৰণকাল , মৃত্যুক্ষণ , ইন্তেকাল

৬০) অদহনীয় ঃ অদাহ্য 

৬১) অতিথিশাল ঃ যাত্ৰীনিৱাস , অতিথিগৃহ 

৬২) অজলা ঃ অঁকৰা , আজলা,ভেদেঙা , হাৱাং, আব্ৰা , হোজা 

৬৩) অংশীদাৰ ঃ ভাগী, চৰিক , ভগিয়াৰ, ভাগীদাৰ 

৬৪) অহংকাৰী ঃ দম্ভী, গৰ্বী , দাম্ভিক , অবিনীত , মইবৰ , গৰবী 

৬৫) অসন্ত্তষ্ট ঃ বিতুষ্ট , অতুষ্ট , অপ্ৰসন্ন

৬৬) অভ্যাস ঃ সাধনা, অনুশীলন , অধ্যৱসায় , চেষ্টা, পৰিশীলন , চেষ্টা 

৬৭) অবতৰ ঃ আবতৰ 

৬৮) অপ্সৰা ঃসুৰসুন্দৰী , অপেচৰা, দিব্যনাৰী , সুৰকন্যা, অপেস্বৰী , সুৰধৰ , দিব্যাংগনা , সুৰবালা , ত্ৰিদশবনিতা , অপেস্বৰা

৬৯) অনুতাপ ঃ অনুশোচনা , খেদ , পৰিতাপ 

৭০) অনবৰত ঃ একেৰাহে, অবিৰাম , নিৰন্তৰ , অবিশান্তৰূপে , ধাৰাসাৰে 

৭১) অচিনাকী ঃ অপৰিচিত , অচিন , অচিনা 

৭২) অখণ্ড ঃ অখণ্ডনীয় , অভগ্ন , অবিভক্ত , অখণ্ডিত

৭৩) অসাৰুৱা ঃ কটুৰ , অনুৰ্বৰ , ঊষৰ , অনুৰ্বৰা

৭৪) অলৌকিকঃ লোকাতীত , অপাৰ্থিৱ 

৭৫) অমংগল ঃ অহিত , অকল্যাণ, অশুভ, অথন্তৰ , অনৰ্থ

৭৬) অভিজাত ঃ সম্ভ্ৰমযুক্ত, সম্ভ্ৰান্ত

৭৭) অবিহনে ঃঅনুপস্থিতিৰে, অবৰ্তমানে , অবিদ্য়মানে

৭৮) অপ্ৰকাশিত ঃ অব্যক্ত, অপ্ৰকট 

৭৯)  অনুমাণ ঃ আইদিয়া কৰা , আন্দাজ , ধাৰণা

৮০) অধোবদন ঃ অধোমুখ 

৮১) অতুলনীয় ঃ নিৰুপম , অতুল , অপূৰ্ব , অন্যন , নিৰুপম , অতুল্য , অনুপম , অভিন্ন

৮১) অগণন ঃ শ শ , লাখ লাখ ,অলেখ, লক্ষকোটি , শতকোটী, অসংখ্য , অজস্ৰ , ইত্যাদি 

৮২) অকথ্য ঃ অবাচ্য , অকথনীয় 

৮৩) অস্ত্ৰ ঃ হাথিয়াৰ , শস্ত্ৰ, হাতিয়াৰ , আহিলা

৮৪) অৱনত ঃ অৱনতমস্তক , আনত , নতশিৰ , নত

৮৫) অলংকাৰ ঃ অৱতংস , আভূষণ, ভূষণ, আকল্প , ভূষণ, ভূষা , বিভূষণ , গহনা

৮৬) অবাধ ঃ মুকলি, অপ্ৰতিহত , বাধাশূন্য , আবতৰীয়া , মুক্ত, বাধাহীন , অপ্ৰতিহত , নিৰস্কুশ

৮৭) অফিচ ঃ দফতৰ , কাৰ্যালয় , দোপদৰ , দপ্তৰ 

৮৮) অনায়াসে ঃ সহজে , হেলাৰঙে , বিনাকষ্টে

৮৯) অথবা ঃ বা , অন্যথা , কিম্বা , নতুবা , কিংবা , নাইবা 

৯০) অৰ্জুন ঃ সব্যসাচী , কৃষ্ণসখ , কপিধ্বজ , বিজয় , ধনঞ্জয় , শ্বেতবাহ , পাৰ্থ , কপিকেতন , ইত্যাদি 

৯১) অজ্ঞানী ঃ মূঢ় , অগিয়ান , জ্ঞানহীন , নিৰ্বোধ , মূঢ়মতি , অজ্ঞ 

৯২) অইন ঃ বেলেগ , অন্য , আন 

৯৩) অসুস্থতা ঃ স্বাস্থ্যহীনতা , অস্বাস্থ্য

৯৪)অসমান ঃ খলা-বমা , অমসৃণ , ওখোৰা-মোখৰা , ওখ - চাপৰ , কোৰোকা-কুৰুকি 

৯৫) অমনোযোগী ঃ উন্মনা , অন্যমনস্ক , আওকণীয়া , উন্মন 

৯৬) অভিশপ্ত ঃ শাপগ্ৰস্ত , অভিশাপগ্ৰস্ত

৯৭)অপৈণত ঃ কেঁচেলুৱা , অপৰিণত , আপঁইত , অপৰিপক্ক , আপূৰঠ

৯৯)অনিষ্টকৰ ঃ হানিকাৰক , অনিষ্টকাৰক , ক্ষতিকাৰক, অনিষ্টকাৰী ,অনিষ্টজনক , ক্ষতিকৰ

১০০) অধোগত ঃ নিম্নগামী , অধোনমতি , অধোগামী

১০১) অট্টালিকা ঃ সম্য , দালনা , মঞ্জিল , প্ৰাসাদ 

১০২) অতিথি ঃ  আলহী, অভ্যাগত

১০৩)অজগৰ ঃ শীৰ , অহীন , ঢ়েঁকীসাপ, মহোৰগ, অহীশ্বৰ

১০৪) অকৃতজ্ঞতা ঃ কৃতঘ্নতা , অগুণকাৰিতা, অশলাগ

১০৫) অট্টনাদ ঃ অট্টৰোল , অট্টনিনাদ, অট্টৰৱ

১০৬) অনায়াসে ঃ অৱলীলাক্মমে , সহজে , বিনাকষ্টে , হেলাৰঙে

১০৭) অসৎ ঃ বেয়া , অসজ , অসাধু 

১০৮) অস্তাচল ঃ অস্তগিৰি 

১০৯) অসম্পূৰ্ণ ঃ আধা-ডুখৰীয়া , অসমাপ্ত, অপূৰ্ণ, আদখিনীয়া , অপৰিপূৰ্ণ , আধৰুৱা , আদখনীয়া

১১০) অসন্ত্তুষ্টি ঃ অসন্তোষ , অতুষ্টি , অতুষ্টতা

১১১)অসতৰ্ক ঃ অসাৱধান

১১২) অশ্মীভূত ঃ প্ৰস্তৰীভূত , শিলীভূত

১১৩) অশ্মমণ্ডল ঃ শিলাময়

১১৪) অশ্বৰক্ষক ঃ চহিচ , অশ্বপাল , অশ্বাধ্যক্ষ , অশ্বপালক , ঘোঁৰাপালক

১১৫) অশৰীৰী ঃ বিদেহ , অনংগ , শৰীৰহীন , কায়াহীন , বিদেহী , অৱয়বহীন , দেহহীন

১১৬) অল্পভাষী ঃ স্বল্পভাষী, বাকসংযমী, মিতভাষী

১১৭) অৱশেশ ঃ ৰাহি , অৱশিষ্ট, বাকী

১১৮)অৰণ্যচাৰী ঃ বিপিনবিহাৰী , অৰণ্যচৰ , বনচাৰী, বনচৰ

১১৯)অমাৱস্যা ঃ আঁউসী, অমানিশা

১২০) অম্বুবাচী ঃ ষাঁঠ, আমতি

১২১) অমিতা ঃমধুফল , অমৃতফল , অমৃতা

১২২)অভিনন্দন ঃ সম্ভাষণ , সম্বৰ্ধনা, অভিবাদন 

১২৩) অভগন ঃ অব্যয় 

১২৪)অবিবাহিত ঃ আবিয়ৈ, অকৃতদাৰ , অনূঢ়

১২৫) অভাগিনী ঃ দুৰ্ভাগিনী , অভাগী, দুৰ্ভাগী

১২৬)অবিকল ঃ হুবহু,সাইলাখ, একে

১২৭) অবতৰীয়া ঃ আবতৰীয়া , অবতৰুৱা

১২৮) অবাস্তৱ ঃ কাল্পনিক , অলীক 

১২৯)অপিৰয়োজন ঃ মিছা-মছি , অদৰকাৰ, অপ্ৰয়োজনীয়তা , অনাৱশ্যক , অমূলক, অলাগতিয়াল , অদৰকাৰী , বাংকৰা , গৰজহীন

১৩০)অপৰিষ্কাৰ ঃ লেতেৰা, অপৰিচ্ছন্ন, মলিয়ন

১৩১) অপৰাজিত ঃ অজিত , অপৰাজেয়, অজেয়

১৩২) অন্ধ ঃ দৃিষ্টশূন্য, অন্ধক , দৃষ্টিহীন, অন্ধলা

১৩৩)অন্তৰ্ভুক্ত ঃ অন্তৰ্ভুত, অন্তৰ্গত

১৩৪)অনুভৱীঃ অনুভূতিপ্ৰৱণ , অনুভূতিশীল

১৩৫) অনুষ্টুপীয়া ঃ আড়ম্বৰহীন, আড়ম্বৰশূন্য, জাকজমকহীন 

১৩৭) অনুভৱ ঃ উপলব্ধি, অনুভূতি

১৩৮) অনুজ্জ্বল ঃ মলিন , নিষ্প্ৰভ, ম্লান , দীপ্তিহীন , জ্যাোতিশূন্য, মোলান , বিবৰ্ণ, প্ৰভাহীন

১৩৯) অনীহা ঃ বিৰাগ, অনুদ্যম, অনীপ্সা,নিস্পৃূহতা

১৪০)অনুযায়ী ঃ অন্তৰ্গত , অন্তৰ্ভুত

১৪১)অনিমন্ত্ৰিত ঃ অনাহূত

১৪২)অধ্যায় ঃ সৰ্গ, আধ্যা, পৰিচ্ছেদ

১৪৩)অধীন ঃ বশ , অনুগত, পৰাধীন , তলতীয়া , পৰৱশ,স্বাধীনতাহীন

১৪৫) অদ্ৰনণীয় ঃ অদ্ৰাব্য, 

১৪৭) অদ্ভুত ঃআচৰিত, আশ্চৰ্যকৰ, আশ্চৰ্যজনক, বিস্ময়কৰ

১৪৮) অত্যুক্তি ঃ অতিশয়োক্তি, অতিৰঞ্জন

১৪৯) অতিচাৰ ঃ মাত্ৰাধিক

১৫০) অজ্ঞতা ঃ মূৰ্খতা, অজ্ঞানতা , মূঢ়তা

১৫১) অকৃতজ্ঞতা ঃ কূতঘ্নতা, অগুণকাৰিতা , অশলাগ

১৫২)অক্লেশ ঃ কষ্টহীন 

১) আত্মদৰ্শন ঃ আত্মদৃষ্টি

২) আইতা ঃ বুঢ়ীমা,আবু , বুঢ়ীআই

৩) আগীয়াঠুঁটি ঃ আগঠুঁটি, অন্তৰীপ

৪)আড়ম্বৰপূৰ্ণ ঃ জাকজমকীয়া, জাকজমক

৫)আলফুলে ঃ আলফুলকৈ, আলসুৱাকৈ, আতোলতোলকৈ

৬) আদি ঃ প্ৰথম, অগ্ৰ, আদিম, পহিলা, আগ

৭)আয়ুৰ্বেদঃ বৈদ্যশাস্ত্ৰ

৮) আত্মবিশ্বাস ঃ আত্মপ্ৰত্যয়,আত্মপ্ৰতীতি

৯) আবেলি ঃ ভাটিবেলা , বিকাল , অপৰাহ্ন, বিয়লি, পাছবেলা, পৰাহ্ন

১০)আমন্ত্ৰণ ঃ নিমন্ত্ৰণ, আহ্বান

১১) আঁঠু ঃ জান

১২) আগৰণুৱা ঃ পথ-প্ৰদৰ্শক, পুৰোগামী, অগ্ৰগামী , পুৰোৱতী, অগ্ৰদূত, পুৰোযাৰ্ত্ৰী,পুৰোগ, বাটকটীয়া,পুৰোযাত্ৰী

১৩)আকাশঃ ৰোদসী, অনংগ , তাৰাপথ,পৱনপথ, পুৰৱৰ্ত্ম,ঘনাশ্ৰয়,আচমান, বিহায়, ইত্যাদি

১৪)আঙুলি ঃ অংগুলি, 

১৫) আজীৱন ঃ যাৱজ্জীৱন, আমৰণ, জীৱনজোৰা, জীৱনব্যাপি, ওৰেজীৱন, জীৱনভৰ

১৬)আকাংক্ষিত ঃ বাঞ্ছিত,অভিপ্ৰেম, অভীপ্সিত, ঈপ্সিত, অভিলষিত,উদ্দিষ্ট, অভীষ্ট

১৭) আন্ধাৰ ঃ তিমিৰ , অন্ধকাৰ , তমসা, এন্ধাৰ

১৮) আশীৰ্বাদ ঃ স্বস্তিবচন , আশিস, আশীৰ্বাণী, আশীৰ্বচন, শুভাশিস

১৯) আয়ুস ঃ জীৱদ্দশা , আয়ু , জীৱনকাল 

২০)  আদালত ঃ বিচাৰক্ষেত্ৰ,এজলাছ, প্ৰাৰম্ভিক , কাছাৰী, বিচাৰালয়, প্ৰাথমিত

২১) আৰম্ভ ঃ সুত্ৰপাত্ৰ , উপোদঘাট, প্ৰাৰম্ভ, আৰম্ভণি, সূচনা

২৩) আনন্দিত ঃ উল্লসিত , আহ্লাদিত, হৰ্ষিত, প্ৰফুল্লিত, পুলকিত, হৰিষিত,উৎফুল্ল

২৪)আঁতৰতঃ নিলগত, দূৰত

২৫) আজোনাতি ঃ পৰিনাতি

২৬)  আঘাত ঃ ঘা, ঘাইল , চোট, ক্ষত, জখম 

২৭) আঁঠুৱা ঃ মহৰি 

২৮) আইন ঃ মুকৰ , আৰ্চি, দৰ্পণ , আত্মদৰ্শ, মণ্ডলক, মন্দৰ, দাপোণ, আদৰ্শিক, ছায়াগ্ৰহ, 

২৯)আকাশীগংগা ঃ মন্দাকিনী, অলকানন্দা

৩০)আলকতৰা ঃ টাৰ, আলকতৰা

৩১)আত্মহত্যা ঃ আপোনবধ , আত্মঘাত , আত্মবিনাশ, আত্মবধ, আপোনঘাত , আত্মহনন

৩২) আৱৰণ ঃ সাঁফৰ, আচ্ছাদন, প্ৰচ্ছদ,ঢাকনী

৩৩) আত্মসংযম ঃ আত্মনিয়ন্ত্ৰণ , আত্মদমন

৩৪) আশ্ৰয় ঃ সহায়, গইনা, অৱলম্বন , ছত্ৰছায়া, আলম

৩৫) আকাৰ ঃ ৰূপ , আকৃতি , গঢ়, জাঙি, গঠন , আৰ্জা, ঠগ

৩৬)আচ্ছাদিত ঃ আচ্ছন্ন, আবৃত

৩৭) আই ঃ মা , জননী , বৌটি , মাতা, মাও, প্ৰজনিকা , মাই , ইত্যাদি

৩৮) আপোনপহৰা ঃ মচগুল , আত্মমগমন , আত্মমগ্ন, আত্মহাৰা

৩৯) আলগছ ঃ সহকাৰ , চূত

৪০) আসন্ন ঃ সন্নিকট , সমীপৱৰ্তী

৪১) আলফুল ঃ আলসুৱা, আতোলতোল

৪২) আলোচনা ঃ চৰ্চা , আলচ

৪৩) আত্মনিৰ্ভৰশীল ঃ স্বাৱলম্বী , স্ব-নিৰ্ভৰশীল

৪৪) আপ্যায়ন ঃ আতিথ্য, অভ্যৰ্থনা

৪৫) আমনি ঃ বিৰক্তি, দিগদাৰ , দিগদাৰি

৪৬) আত্মনুসন্ধান ঃ আত্মান্বেষণ, আত্মবিশ্লেষণ, আত্মনিয়ন্ত্ৰন

৪৭) আলিংগন ঃ সানটা-সাৱটি, আঁকোৱাল, গলাগলি

৪৮) আৰোগ্য ঃ ৰোগমুক্তি , নিৰাময়

৪৯) আনফালে ঃ ইহাতে, আনদিশে ,আনভাগে , আনপিনে , আনহাতে

৫০)আত্মদান ঃ আত্মোসৰ্গ, আত্মত্যাগ, আত্মবৰিদান , আত্মহ্তি, আত্মবিসৰ্জন

৫১) আঙুঠি ঃ অংগুৰি, অংগুৰীয়ক, অংগুৰীয়

৫২)আইন ঃ আইন-কানুন, অধিনিয়ম , নিয়ম , বিধান, কানুন, বিধি

৫৩) আগধন ঃ হাওলাৎ, অগ্ৰিমধন , মুখচানি, বইনা

৫৪) আঘোণ ঃ মাৰ্গশীৰ্ষ, অগ্ৰহায়ণ , আঘণ 

৫৫) আগ্নেয়গিৰি ঃ পোৰা-পৰ্বত , জ্বলামুখী

৫৬)আঙুৰ ঃ লতা-পনীয়ল , দ্ৰাক্ষা, মৃদ্ৱীকা, দ্ৰাক্ষাফল

৫৭)আলজিভা ঃ অধোজিহ্বা, অগ্ৰজিহ্বা

৫৮)আমিষহাৰীঃ আমিষাশী, আমিষভোজী

৫৯)আত্মবিশ্বাস ঃ আত্মপ্ৰতীতি, আত্মপ্ৰত্যয়

৬০)  আৱৰ্জনা ঃ জাৱৰ

৬১) আধা ঃ অৰ্ধেক, অৰ্ধ

৬২)আচিনাই ঃ আচিনা, আজিনাই, আজিনা

৬৩)আত্মঘাতী ঃ আপোনঘাতী, আত্মবধী

৬৪) আজি ঃ অদ্য

১) ইহলীলা ঃসংসাৰলীলা, ভৱলীলা

২) ইন্দ্ৰ ঃ সুৰেশ , সুৰপতি, সুৰেন্দ্ৰ,শচীন্দ্ৰ,অমৰেশ,অমৰপতি, দেৱপতি, দেৱেন্দ্ৰ, দেৱৰাজ, ইত্যাদি

৩) ইংগিত ঃ সংকেত, ইচাৰা, ঠাৰ, চিয়াঁৰ

৪)ইচ্ছাধীন ঃ ইচ্ছানুযায়ী, ঐচ্ছিক, ইচ্ছানুসৰি

৫)ইহকাল ঃ ইহজন্ম, ইহ-সংসাৰ, ইহজগত, ইহলোক

৬)ইতিহাসবিদ ঃ বুৰঞ্জীবিদ, ইতিবৃত্তকাৰ

৭) ইচ্ছা ঃ হেঁপাহ, অনুৰাগ, ধাউতি, কামনা, আগ্ৰহ,হাবিলাষ , ইত্যাদি

৮)ইতিহাস ঃ পুৰাবৃত্ত, বুৰঞ্জী, ইতিবৃত্ত

১) ঈশ্বৰ ঃঈশ, জগদীশ, জগবন্ধু, ভগৱান, জগন্নাথ, সনাতন, আল্লা, খোদা, দীননাথ, ওপৰৱাল, জগপতি,প্ৰভু, নিৰাকাৰ, ইত্যাদি

২) ঈৰ্ষা ঃহিংসা, পৰশ্ৰীকাতৰকা, খিয়াল

৩) ঈৰ্ষালু ঃহিংসাকুৰীয়া, ঈৰ্ষান্বিত, খিয়লীয়া, হিংসুকীয়া, পৰশ্ৰীকাতৰ, চকুচৰহা, হিংসুক, খিয়লীয়া , ইত্যাদি

১) উপনদী ঃ উপনৈ,উপনদ

২)উৎসৱ ঃ সমাৰোহ, পাৰ্বন,পৰব, উছৱ, পৰ্ব

৩) উজাগৰঃ জাগৃতি, অনিদ্ৰা,জাগৰণ, নিদ্ৰাহীনতা

৪) উদঙীয়া ঃ হেদানি, হাদাং,হেদাং, মুকলিমূৰীয়া, হেদাঙি, হাদাঙি

৫)উত্তম ঃ পৰম,উৎকৃষ্ট, শ্ৰেষ্ট

৬) উজ্জ্বল ঃ দীপ্তিযুক্ত, জাজ্বল্যমান , দীপ্তিকৰ , দীপ্তিমান, জ্যােতিৰ্ময়,দেদীপ্যকৰ,দীপ্তিমন্ত

৭) উপাসক ঃ সেৱক, অৰাধৰ , পূজক

৮) উদ্ধাৰক ঃ পৰিত্ৰাতা, উদ্ধাৰকাৰী,ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা

৯) উপাৰ্জন ঃ কামানি,অৰ্জন, ঘটন, আয়ু ,কামাই , আৰ্জন 

১০)উল্লেখযোগ্য ঃ উল্লেখ্য,উল্লেখনীয়

১১) উটঃ শৰভ , উষ্ট্ৰ, ক্ৰমেল, মৰুদ্বিপ,মৰুতৰণী, বক্ৰগ্ৰীৱ,ইত্য়াদি

১২) উঁই-হাফলু ঃবল্মীক,বল্মীকুট,উঁইটিলা,শক্ৰমূৰ্ধা,কৃমিশৈল,ইত্যাদি

১৩)উদাহৰণঃ নমুনা, আৰ্দৰ্শ, চানেকি, দৃষ্টান্ত, আৰ্হি, নিদৰ্শন, নমুনা

১৪) উন্মত্ত ঃ বলিয়া, পগলা, বাতুল,পগলা

১৫) উকা ঃ চাদা

১৬) উজাগৰী ঃ জাগন্ত, অনিদ্ৰ,বিনিদ্ৰ,তন্দ্ৰাহীন,অতন্দী, অতন্দ্ৰ,জাগৰুক , ইত্যাদি

১৭) উশাহঃশ্বাস 

১৮) উমান ঃ আন্দাজ, অনুমান

১৯) উপৰিপুৰুষ ঃ বোপাককা, পূৰ্বপুৰুষ, পতিৃপুৰুষ , পিতৃপিতামহ

২০) উত্তীণ ঃ সফল, কৃতকাৰ্য

২১) উপকাৰী ঃহিতকাৰী, অনপকাৰী,হিতৈষী, হিতকৰ

২২)উৰণ ঃ আকাশ , গগণবিহাৰ , ভ্ৰমন , উড্ডয়ন

২৩) উপস্থিত ঃ উপনীত 

২৪) উদাসীন ঃ নিলিৰ্প্ত, উদাসী, তটস্থ

২৫) উদয় ঃ সঞ্চাৰ, উদগম , উদ্ৰেক 

২৬) উকীল ঃ ব্যৱহাৰজীৱি, অধিবক্তা, আইনজীৱি

২৭) উৎপত্তি ঃ সমুদ্ভৱ , আৱিৰ্ভূতি, উদ্ভূত, উপজনন, উদ্ভূত 

২৮)  উন্নতি ঃ সমৃদ্ধি , উদগতি , শ্ৰীৱৃদ্ধি 

২৯) উদং ঃ শূন্য , খালী , শুদা ,ৰিক্ত

৩০) উছৰ্গিত ঃ সমৰ্পিত , অৰ্পিত , নিৱেদিত 

৩১) উপেক্ষিত ঃ অনাদৃত, অৱহেলিত 

৩২) উত্তেজনা ঃ উদ্দীপনা, উদ্দীপন 

৩৩) উপহাৰঃ উপায়ন 

৩৪) উত্তৰ ঃ প্ৰত্যুক্তি, কৈফিয়ৎ, প্ৰতিবচন ,জবাব

৩৫) উঁই ঃ স্যমীক , উঁই-পৰুৱা

৩৬) উত্তাপ ঃ সফল ,কৃতকাৰ্য

৩৭)উপপত্নী ঃৰক্ষিতা, ইত্বৰী,নষ্টা, উপস্ত্ৰী, ভ্ৰষ্টা

৩৮) উধাতু ঃ নিধাতু 

৩৯) উদাৰতাঃ বদান্যতা, ঔদাৰ্য

৪০)  উপদেষ্টা ঃ পৰামৰ্শদাতা, উপদেশদাতা

৪১)   উগাৰ ঃ উদগৰণি

৪২) উন্নতি ঃ সমৃদ্ধি , শ্ৰীবৃদ্ধি

৪৩) উঘা ঃ পঘে 

৪৪) উদ্ধতালি ঃ ঔদ্ধত্য

১) ঋণ ঃদেনা, ধাৰ , কৰ্জা, কৰজ, দেন

২) ঋতুস্ৰাৱ ঃস্ত্ৰীধৰ্ম, ৰজঃ, মাহেকীয়া, ৰজস

৩) ঋতুমতী ঃৰজস্বলা, পুষ্পৱতী, সৰজা, মলিনী, সৰজস্কা

১) এলাইবাদ ঃঅক্ষম,অযোগ্য, এলাবাদু, অক্ষম , অকৰ্মা, এলাবাদু, ইত্যাদি

২)একাগ্ৰচিত্তেঃমনোযোগেৰে, ঐকান্তিকতাৰে , একনিষ্ঠভাৱে,একাগ্ৰতাৰে

৩)এছাৰি ঃ সিৰিপনি, পাচন, লকচি, চেকনী, সৰু, লকচি, 

৪) এলেহুৱা ঃ ৰিহাকুৰীয়া, অলস,ধোদ, সোৰোপা, গাইৰা, সৰপা

৫)একাগ্ৰ ঃ নিমগ্ন, একান্ত, তদগত, একনিষ্ঠ, একাত্ম, মগ্ন, তন্ময়, মগ্ন, ইত্যাদি

৬)এঢলীয়াকৈঃহেঁকেৰাকৈ, আওঢলীয়াকৈ, হেলনীয়াকৈ, একতীয়াকৈ

৭) এৰাল ঃ মেলাডালে, দৰখ, মেলডোল, দৰহ

৮) এইবেলিঃ এইবাৰ, ইবাৰ

৯) এলাহ ঃ হেলা, অলসতা, সৰপালি, ওত, সোৰোপালি, আলস্য

১০)একতা ঃ সম্প্ৰীতি, ঐক্য, মিলন

১১) এৰেহাঃ চুৱা, অন্নশেষ, উচ্ছিষ্ট, আগলিকা,ভুক্তাৱশেষ

১২) এঙাৰ ঃ অংগাৰ

১৩) একমত ঃ সহমত, ঐকমক্য

১৪) এৰ ঃ ছাড়

১৫) এঢলীয়া ঃ হেলনীয়া, আওঢলীয়া, হেঁকেৰা, একতীয়া

১) ঐশিক ঃ ঐশ্বৰিক , ঐশ

২) ঐৰাৱত ঃ গজেন্দ্ৰ, গজপতি, গজৰাজ

১)ওৰেৰাতি ঃগোটেই ৰাতি, ওৰেনিশা, ৰাতিৰ ৰাতিটো, গোটেই নিশা

২) ওখ ঃ প্ৰাংশু, উছ্ছ, তুংগ

৩) ওৰণি ঃ অৱগুন্ঠন

৪) ওঁঠ ঃ ওষ্ঠ

৫)ওষ্ঠৰঞ্জনী ঃ লিপ্ষ্টিক, অধৰৰাগ, ওষ্ঠৰাগ

৬) ওৰেদিন ঃ ওৰেদিনটো, দিনৰ দিনটো, উদয়াস্ত, গোটেই দিন 

৭) ওঁঠলুৰি ঃ ওঁঠশিৰি

৮) ওকাল ঃ বঁতিয়া

১) ঔষধ ঃ ৰোগহা, আষুধি, দেৱাই, ব্যাধিনাশক , ভৈষজ্য, দৰৱ, দাৰু, ইত্যাদি

২) ঔৰস ঃ বীৰ্য, ৰেতঃ, আনন্দপ্ৰভাৱ, লেৰ, বীজ, ৰেতস, শুক্ৰ



Apurba Kakati & CHINMAY KAKATI





Post Id: DABP001320