বাক্সা জিলাঃ এই জিলাখন বড়োলেণ্ড আঞ্চলিক স্বায়ত্তশাসিত জিলা পৰিষদৰ (বি টি এ ডি)ৰ অন্তৰ্ভুক্ত। এই জিলাখন কৃষিকৰ্মৰ বাবে উন্নতমানৰ। এই জিলাত ধান, মাহ, সৰিয়হ আৰু শাক পাচলি প্ৰচুৰ পৰিমাণে উৎপাদন হয়। ইয়াৰ হাবিত অধিক মূল্যৱান উদ্ভিদ পোৱা যায়। এই জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণৰ সু-ব্য়ৱস্থা আছে। এই উদ্যায়নখন অতিকৈ ধুনীয়া। এই জিলাৰ ককিলাবাৰী নামৰ এখন ঠাইত কৃষিপাম আছে। ককিলাবাৰীত এখন সংৰক্ষণিত বনাঞ্চল আছে। এই জিলাৰ নাগ্ৰীজুলি আৰু ফাটেমাবাদত চাহ বাগিচা আছে।
বাক্সা জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ এই জিলাত প্ৰথম উপায়ুক্ত জনৰ নাম আছিল ডঃ আনোৱাৰুদ্দিন চৌধুৰী। এই নামটো ঠেক পথ বুজোৱা ভূটানী শব্দ "বাংছা" শব্দৰ পৰা অহা বুলি কয়। ভূটানৰ ৰজা বা সৰ্বসাধাৰণ লোকে এই অঞ্চলৰ পাহাৰ-ভৈয়ামৰ মাজেৰে অহা-যোৱা কৰিছিল বাবে এই ঠাইৰ নাম বাক্সা হ'ল।
বাক্সা জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে ভূটান ৰাজ্য় অন্তৰ্গত, পূবে ওদালগুৰি জিলা অৱস্থিত, দক্ষিণে বৰপেটা জিলা, নলবাৰী আৰু কামৰূপ (গ্ৰাম্য়) জিলা অন্তৰ্ভুক্ত আৰু পশ্চিমে চিৰাং জিলা অন্তৰ্গত।
বাক্সা জিলাৰ মাটিকালিঃ এই জিলাৰ ১৯৬১.০৮ বৰ্গ কিল'মিটাৰ মাটিকালি।
বাক্সা জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৯,৫৩,৭৭৭ জন।
বাক্সা জিলাৰ সদৰ ঠাইঃ মুছলপুৰ এই জিলাৰ সদৰ ঠাই।
বাক্সা জিলাৰ মহকুমাঃ তামুলপুৰ, শালবাৰী, মুছলপুৰ। ১৩ টা ৰাজহ চক্ৰত এই মহকুমা কেইটাক বিভক্ত কৰি দিয়া হৈছে।
বাক্সা জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ প্ৰধান উপনৈসমূহ হৈছে- পাগলাদিয়া, বৰলীয়া, পুঠিমাৰী, পহুমাৰা, বুঢ়াদিয়া, বেঁকী।
বাক্সা জিলাৰ ৰাষ্ট্ৰীয় পথঃ এই জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে এই জিলাৰ বৰমা উন্নয়ন খণ্ডক চুই গৈছে।
বাক্সা জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ
Type: Sri Chinmay Kakati.