Barpeta District


Join Facebook Group

Join Telegram Group



বৰপেটা জিলাঃ অসমৰ প্ৰশাসনিক জিলাবোৰৰ ভিতৰত এখন উল্লেখযোগ্য জিলা হৈছে বৰপেটা জিলা। জিলাখনৰ কাৰ্যালয়সমূহ বৰপেটাতে অন্তৰ্ভুক্ত। বৰপেটা জিলাই অসমৰ মুঠ ৩২৪৫ বৰ্গ কিল'মিটাৰ অঞ্চল আগুৰি আছে।


বৰপেটা জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ বৰপেটা জিলাখন আগতে খাল-বিল পিটনিৰে ভৰপূৰ আছিল। ঠাইখনৰ বেছি অংশত পিটনি থকাৰ কাৰণে, বৰপিট আছিল। এই 'বৰপিটৰ' পৰাই জিলাখনৰ নাম বৰপেটা হ'ল। 'বৰ' শব্দৰ অৰ্থ হ'ল ডাঙৰ আৰু 'পেটা' শব্দৰ অৰ্থ হৈছে পুখুৰী। গতিকে 'বৰপেটা' শব্দৰ অৰ্থ হৈছে- ডাঙৰ পুখুৰী।


বৰপেটা জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰে বাক্সা জিলা অন্তৰ্গত, পূব দিশে নলবাৰী জিলা, দক্ষিণে কামৰূপ গ্ৰাম্য আৰু গোৱালপাৰা জিলা অৱস্থিত আৰু পশ্চিমে বঙাইগাওঁ জিলা অন্তৰ্গত।


 বৰপেটা জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ ঠাই হৈছে বৰপেটা।


বৰপেটা জিলাৰ মহকুমাঃ সৰুক্ষেত্ৰী, বজালী, সৰভোগ, কলগাছিয়া, বৰপেটা।


বৰপেটা জিলাৰ মাটিকালিঃ ২,৬৪৫.১০ বৰ্গ কিল'মিটাৰ এই জিলাৰ মাটিকালি।


বৰপেটা জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে- ১৬,৯৩,১৯০  জন।


বৰপেটা জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰ নদীয়ে্ই হৈছে এই জিলাৰ প্ৰধান নদী।


বৰপেটা জিলাৰ প্ৰধান উপনৈঃ কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ, চাউলখোৱা, পল্লা, নখান্দা, পহুমাৰাই হৈছে বৰপেটা জিলাৰ প্ৰধান উপনৈ।


বৰপেটা জিলাৰ পাহাৰঃ চিলাটিং, বাঘবৰ।



বৰপেটা জিলাৰ বিলঃ গোমি, বৰডোবা, গৰৈমাৰী, চিকণচৰা, লচঙা, গৰাবিল, কাপলা, বহুৱা।


বৰপেটা জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত স্থলপথ, জলপথ, আৰু ৰে'লপথৰ সু-ব্য়ৱস্থা আছে।


 বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰপেটা জিলাৰ সুমাজেৰে পাৰ হৈ গৈছে। এই পথে পাটছাৰকুছি, ভৱানীপুৰ, সৰভোগ, পাঠশালা, হাউলী এই ঠাইবোৰক সংযোগ কৰিছে।


বৰপেটা জিলাৰ ৰে'ল ষ্টেছনঃ সৰভোগ, সৰুপেটা, ৰোড, বৰপেটা, পাঠাশালাই এই জিলাৰ ৰে'ল ষ্টেছন।


বৰপেটা জিলাৰ প্ৰধান শস্য়ঃ ধান, মাহ, কুঁহিয়াৰ, মৰাপাট, সৰিয়হ আদিয়ে এই জিলাৰ প্ৰধান শস্য়।


বৰপেটা জিলাৰ প্ৰধান ঠাইঃ (ক) বৰপেটাঃ এই জিলাৰ সদৰ ঠাই। শিক্ষাৰ লগতে বেহা-বেপাৰৰু কেন্দ্ৰ। ইয়াৰ ওচৰৰে পাটবাউসী নাৰ ঠাইত মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীদামোদৰদেৱৰ সত্ৰ আছে। সুন্দৰীদিয়া আৰু বৰপেটাট শ্ৰীশ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা সত্ৰৰ লগতে কীৰ্তনঘৰো আছে। ইয়াত এসময়ত হাতী দাঁতৰ অলংকাৰ তৈয়াৰ কৰা হৈছিল। প্ৰখ্যাত মাধৱ চৌধুৰীদেৱৰ মহাবিদ্যালয়, নতুনকৈ স্থাপন কৰা বৰপেটা চিকিৎসামহাবিদ্যালয়কে ধৰি অন্যান্য শিক্ষা প্ৰতিষ্ঠান ইয়াত অন্তৰ্ভুক্ত।

(খ) সৰ্থেবাৰীঃ এখন প্ৰসিদ্ধ আৰু ডাঙৰ গাওঁ। স। এই নগৰখন কাঁহ-পিটলৰ বাচন-বৰ্তনৰ বাবে প্ৰখ্যাত। 

(গ) বৰপেটা ৰোডঃ এই ঠাইখন ব্যৱসায়ৰ কেনদ্ৰস্থল অন্তৰ্ভুক্ত।

(ঘ) পাঠশালাঃ এই ঠাইখন এখন উন্নতমানৰ নগৰ। ইয়াত শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছে।

(ঙ) বহৰিঃ হৰিৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু ব্য়ৱসায়-বাণিজ্য়ৰ বাবে খ্যাতিমান এই ঠাই।

(চ) ভৱানীপুৰঃ এই ঠাইত গোপাল আতাৰ থান আৰু সত্ৰ অৱস্থিত।


অন্যান্য উল্লেখযোগ্য স্থানসমূহঃ চেঙা, সৰভোগ, জনিয়া, বাঘমৰা, পাটছাৰকুছি, বাঘবৰ, কলগাছিয়া, বাঘমৰা ইত্যাদি।


বৰপেটা জিলাৰ সত্ৰসমূহঃ


পাটবাউসী সত্ৰঃ এই সত্ৰখনক মহাপূৰুষ শ্ৰী মন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। পাটবাউসী সত্ৰ খন বৰপেটা চহৰখনৰ পৰা ২ কিল'মিটাৰ নিলগত অন্তৰ্গত। পাটবাউসী সত্ৰখনৰ পৰাই মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সংস্কৃতিৰ প্ৰচাৰ কৰিছিল। এই সত্ৰখনতে তেওঁ ১৮ বছৰ জীৱন কটাই কীৰ্তন-ঘোষা ৰচনা কৰাৰ উপৰিও ২০ টা বৰগীত ৰচনা কৰিছিল বুলি জনা যায়। মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে- শ্ৰী মাধৱদেৱ, শ্ৰীদামোদৰদেৱ আৰু শ্ৰীহৰিদেৱে। বৰ্তমান এই সত্ৰখনত মহাপূৰুষ সকলে ব্য়ৱহাৰ কৰা কিছুমান সাঁচিপাত, আচবাব এতিয়াওঁ সংৰক্ষণ হৈ আছে।

                                                  পাটবাউসী সত্ৰ


গণককুছি সত্ৰঃ বৰপেটা জিলাৰ ভিতৰতে এই সত্ৰখন অন্তৰ্গত। এই সত্ৰখনৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰীমাধৱদেৱ। এই সত্ৰখন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰ বাবে মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰৰ মাটি কিনিছিল ১০ গ্ৰাম সোণৰ বিনিময়ত। এই সত্ৰখনৰ সত্ৰাধিকাৰ হিচাপে শ্ৰীমাধৱদেৱক মনোনীত কৰে। ১৮ বছৰ কাল শ্ৰীমাধৱদেৱে এই সত্ৰৰ সত্ৰাধিকাৰ হৈ আছিল। 


জনীয়া সত্ৰঃ বৰপেটা জিলাৰ বৰপেটা নগৰৰ পৰা ৮ কিল'মিটাৰ দূৰত্বত জনীয়া পথত এই সত্ৰখন অৱস্থিত বাবে ইয়াৰ নাম জনীয়া সত্ৰ। এই সত্ৰখন মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই স্থাপন কৰিছিল। এই সত্ৰখনত মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱে বহুতো ভক্তিমূলক গীত ৰচনা কৰিছিল


সুন্দৰীদিয়া সত্ৰঃ শ্ৰীমাধৱদৱে গণককুছি সত্ৰখন এৰাৰ পিছত এই সুন্দৰীদিয়া সত্ৰখন প্ৰতিষ্ঠা কৰে। শ্ৰীমথুৰা দাস বুঢ়া আতা বৰপেটা সত্ৰৰ প্ৰথম জন সত্ৰাধিকাৰে প্ৰথমতে এই সুন্দৰীদিয়া সত্ৰখনতেই শ্ৰীমাধৱদেৱৰ শৰণ লৈছিল। 


বৰপেটা সত্ৰঃ  বৰপেটা সত্ৰখন শ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰি ইয়াতেই ৮ বহছৰ আছিল। এই সত্ৰখনতেই তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক এই সত্ৰখনৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে মনোনীত কৰে। বহু ভক্ত এই সত্ৰখনলৈ আহি নিজৰ জাতি ত্য়াগ কৰি বৈষ্ণৱ ধৰ্মক গ্ৰহণ কৰি এক এক ঐক্য় আৰু মিলাপ্ৰীতিৰ সমাজ গঢ়ি  তুলিছিল।


বাৰাদী সত্ৰঃ বাৰাদি সত্ৰখন বৰপেটা জিলাৰ পৰা ২ কিল'মিটাৰ আঁতৰত অৱস্থিত। এই সত্ৰখনৰ প্ৰতিষ্ঠাপক শ্ৰীমাধৱদেৱে অতি কম দিনৰ বাবে এই সত্ৰখনত আছিল। এই সত্ৰখন মাধৱদেৱৰ প্ৰথমখন সত্ৰ। এই সত্ৰখনৰ পালন কৰা প্ৰধান উৎসৱ হৈছে ফাকুৱা।


কনৰা সত্ৰঃ এই সত্ৰখন বৰপেটা নগৰৰ পৰা প্ৰায় ১৬ কিল'মিটাৰ নিলগত আছে। এই সত্ৰখনৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা। বানপানীয়ে এই সত্ৰখন বহুত ক্ষতিগ্ৰস্ত কৰে। যাৰ বাবে এই সত্ৰৰ বাসিন্দাসকলে বনকুছি আৰু গজিয়ৈ লৈ গুচি যায়।


মইনবাৰী সত্ৰঃ এই মইনবাৰী সত্ৰখন সৰভোগত অন্তৰ্গত। এই সত্ৰখন নাৰায়ণ দাস ঠাকুৰ আতাই পঞ্চদশ শতিকাৰ শেষ সময়ছোৱাত প্ৰতিষ্ঠা কৰিছিল।

                                                             মইনবাৰী সত্ৰ


 বৰপেটা জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নামঃ

  ১) বাঘবৰ । ( Baghbor )

 ২) বজালী । ( Bajali )

 ৩) বৰনগৰ । ( Barnagar )

 ৪) বৰপেটা । ( Barpeta )

 ৫) চেঙা । ( Chenga )

 ৬) জলাহ । ( Jalah )

 ৭) কলগাচিয়া । ( Kalgachia )

 ৮) সৰ্থেবাৰী । ( Sarthebari )

 ৯) সৰুপেটা । ( Sarupeta )


Read More