চৰাইদেউ জিলাঃ চৰাইদেউ জিলাখন ২০১৫ চনত ১৫ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চাৰিটা মহকুমাক লৈ প্ৰতিষ্ঠা কৰিছিল।


চৰাইদেউ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ চৰাইদেউ নামৰ উৎপত্তি চে-ৰাই-ডয় ৰ পৰা অহা বুলি কোৱা হয়।


চৰাইদেউ জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে ডিব্ৰুগড় জিলা অন্তৰ্গত, দক্ষিণে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ অন্তৰ্ভুক্ত, পূৱে ডিব্ৰুগড় জিলা আৰুন পস্চিমে শিৱসাগৰ জিলা অৱস্থিত।


চৰাইগেউ জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে  ৯৩৬.০৬ বৰ্গ কিল'মিটাৰ।


চৰাইদেউ জিলাৰ সদৰ স্থানঃ এই জিলাৰ সদৰ ঠাই হৈছে সোণাৰী।


চৰাইদেউ জিলাৰ মহকুমাঃ চৰাইদেউ।


চৰাইদেউ জিলাৰ প্ৰধান নদীঃ  এই জিলাৰ প্ৰধান নদী হৈছে- দিচাং, চফ্ৰাই, টিফুক, দৰিকা, টিয়ক ইত্য়াদিয়ে এই জিলাৰ প্ৰধান নদী।


চৰাইদেউ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ ইয়াত ৰে'লপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।


চৰাইদেউ জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৩৭ নং ৰাষ্ট্ৰীয় পথ এই জিলাৰ উত্তৰ-পশ্চিম অংশইদি পাৰ হা গৈছে।


চৰাইদেউ জিলাৰ ৰে'ল ষ্টেছনসমূহঃ মৰণহাট, লংপতীয়া সাপেখাতী, চপেণ, বৰহাট, চফ্ৰাই, ভজো, বৰুৱানগৰেই এই জিলাৰ ৰে'ল ষ্টেছন।


চৰাইদেউ জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ, চাহপাত ইত্ছাদিৰ খেতি উৎপাদন কৰা হয়। 


চৰাইদেউ জিলাৰ পৰ্ষটন স্থলঃ এই জিলাৰ ভৰ্মণ কৰিবলগীয়া স্থান হৈছে- আহোম ৰাজ পৰিয়ালৰ মৈদান।


চৰাৈইদেউ জিলাৰ প্ৰধান শিল্প উদ্য়োগঃ চাহপাত উৎপাদনৰ প্ৰধান উদ্য়োগ আৰু খনিজতেল উদঘাটন আছে।


চৰাইদেউ জিলাৰ অন্য়ান্য়ঃ এই জিলাৰ কাষেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু সম্পূৰ্ণ জিলাখন জুৰি পোৱা পূৱা-পশ্চিমাকৈ ধোদৰ আলি পাৰ হৈ গৈছে।


ধোদৰ আলিঃ আহোম ৰজাৰ শাসনৰ সময়ছোৱাত অভিয়ন কৰি কামৰ পৰা সাৰি থকা একাংশ গোসাঁই আৰু ভকতক বন্দী কৰি স্থাপন কৰা ঐতিহাসিক এই ধোদৰ আলি। ইতিহাসৰ দ্বাৰা জনা যায় যে ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত এই ধোদৰ আলি স্থাপন কাৰ হৈছিল। ৬শ বছৰ আহোম শাসনকালত কাম কৰিবলৈ এলাহ কৰা কিছুসংখ্য়ক ধোদলোকে নিজ হাতৰ দ্বাৰা ধোদৰ আলি স্থাপন কৰিছিল। ধোদৰ দ্বাৰাই নিৰ্মাণ কৰা আলি বাবে এই আলিটোৰ নাম ধোদৰ আলি ৰখা হয়।


 চৰাইদেউ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ 

ম'হমাৰা ।

সাপেখাতী ।

সোণাৰী ।