Dima Hasau  ডিমা হাচাও

Join Our Facebook Group

Join Our Telegram Group


ডিমা হাচাও জিলাঃ ঐতিহাসিকভাৱে ডিমাচা-কচাৰীসকলৰ বাসস্থান ব্ৰিটিছসকলৰ ৰাজত্ব কৰা সময়ত নগাওঁ জিলাৰ অন্তৰ্গত এটাা মহকুমা। এই জিলাৰ পূৰণি নাম আছিল উত্তৰ কাছাৰৰ পাৰ্বত্য় জিলা। ১৯৭০ চনত এই জিলাখনক পূৰ্ণ জিলাৰ মৰ্যাদা  দিয়া হৈছিল।


 ডিমা হাচাও জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ এটা সময়ত এই অঞ্চলত ডিমাচা-কচাৰীলোকসকলে বসবাস কৰাৰ বাবে এই জিলাৰ নাম ডিমা হাচাও হ'ল।


ডিমা হাচাও জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে কাৰ্বি আংলং আৰু হোজাই জিলা অন্তৰ্গত, পূৱে কাৰ্বি আংলং জিলা, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য় অন্তৰ্গত, দক্ষিণে কাছাৰ জিলা আৰু পশ্চিমে মেঘালয় ৰাজ্য় আৰু কাৰ্বি আংলং জিলা অৱস্থিত।


ডিমা হাচাও জিলাৰ প্ৰধান পাহাৰঃ বৰাইল পাহাৰ এই জিলাৰ মাজভাগত অৱস্থিত।


ডিমা হাচাও জিলাৰ সদৰ ঠাইঃ হাফলং হৈছে এই জিলাৰ সদৰ ঠাই।


ডিমা হাচাও জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত স্থলপথ আৰু ৰে'লপথত সুবিধা আছে।


ডিমা হাচাও জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা তিনিটা হৈছে মাইবং, হাফলং আৰু দিয়ুংব্ৰা।

ডিমা হাচাও জিলাৰ জনসংখ্য়াঃ ২.১৩,৫২৯ জন লোক এই জিলাৰ জনসংখ্য়া।


ডিমা হাচাও জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৪,৮৮৮ বৰ্গ কিল'মিটাৰ।


ডিমা হাচাও জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত গোধান, মাটিকঁঠাল, কপাহ, ৰবৰ, সুমথিৰা ইত্য়াদিৰ খেতি উৎপাদন কৰা হয়।


ডিমা হাচাও জিলাৰ মটৰ পথঃ এই জিলাৰ মাজেদি ছিলং-হাফলং-শিলচৰ  পাৰ হৈ গৈছে।


ডিমা হাচাও জিলাৰ প্ৰধান উপনৈঃ লাংটিং, মাহুৰ, জিনাম, কপিলী, দিয়ুং।


ডিমা হাচও জিলাৰ ৰে'ল ষ্টেছনঃ মাইলং দিছা, মাহুৰ, দাউতুহাজা, হাতীখলি, হাৰাংগাজাও, মাইবং, হাফলং, লাংটিং।


ডিমা হাচাও জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ উপনদীসমূহ হ'ল- দিয়ুং, কপিলী, জাতিংগা, মাহুৰ, জিনাম, লাংটিং।

ডিমা হাচাও জিলাৰ প্ৰধান ঠাইঃ (ক) হাফলংঃ জিলাাৰ সদৰ স্থান। এই ঠাইৰ জলবায়ু স্বাস্থ্যৰ বাবে ভাল। ই হৈছে অসমৰ এখন পৰ্যতনস্থলী। এই অঞ্চল বেহা-বেপাৰ আৰু শি৭াৰ ক্ষেত্ৰত উন্নত।

(খ) মাইবংঃ এই অঞ্চলত আগতে কচাৰী ৰজাৰ ৰাজধানী আছিল। এই অঞ্চলৰ পৰা কাঠ আৰু কপাহ ৰপ্তানি কৰি পঠিয়াই দিয়া হৈছিল।

(গ) মাহুৰঃ ইয়াত এটা ৰে'ল ষ্টেছন আছে। এই অঞ্চলত অসমৰ আটাইতকৈ দীঘল ৰে'লপথৰ সুৰংগ আছে।

(ঘ) জাতিংগাঃ  এই ঠাইত এটা পক্ষী নীৰিক্ষণ কেন্দ্ৰ অৱস্থিত। এটা ফলৰ সংসাধন আৰু সংৰক্ষণ কেন্দ্ৰ অন্তৰ্গত। এই অঞ্চলত প্ৰত্য়েক বছৰে  বিদেশৰ পৰা প্ৰায়বোৰ চৰাইৰ ভ্ৰমণ ঘটে।

(ঙ) উমৰাংচুঃ এই অঞ্চলত কপিলী জলবিদ্য়ুৎ কেন্দ্ৰ অন্তৰ্গত। এই অঞ্চলত চূণশিলৰ আকৰ অৰ্থাৎ চূণসিল পোৱা যায়।

ডিমা হাচাও জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় ঠাইঃ এই জিলাৰ উল্লেখোগ্য় ঠাইসমূহৰ নাম হ'ল- হাতীখলি, লাইচাং, গৰমপানী, গুণজং, হাৰাংগাজাও, মালাংৰো, দিকিল, মাইলংদিছা, লোবাং, দেৰেব্ৰা ইত্য়াদি।

ডিমা হাচাও জিলাৰ জনগোষ্ঠীঃ এই জিলাখন কেইবাটাও জনগোষ্ঠীৰ বাসস্থান। এই জিলাত মুঠ ১০ টা জনগোষ্ঠীয়ে বসবাস কৰি আছে। ২০০১ চনৰ লোকপিয়ল দ্বাৰা জানিব পৰা যায় যে এই জিলাৰ অনূসুচিত জনজাতিৰ লোকৰ হাৰ হৈছে ৬৮.৩% লোক। 

ডিমা হাচাও জিলাৰ দৰ্শনীয় স্থলঃ 

ডিমা হাচাও জিলাৰ হাফলংঃ ডিমা হাচাও জিলাৰ সদৰ স্থান হৈছে হাফলং। এই ঠাইখন হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। ডিমা হাচাও জিলাৰ এইখন অতি বিখ্য়াত।

                                                                    হাফলং


ডিমা হাচাও জিলাৰ জাতিংগাঃ এই জাতিংগা নামৰ ঠাইখন ডিমা হাচাও জিলাৰ সদৰ স্থান হাফলংৰ পৰা ৯ কিল'মিটাৰ নিলগত অন্তৰ্গত। এই ঠাইত অতীতত চৰাইৰ সৈতে জড়িত এটা ৰহস্য়মূলক ঘটনা থকা বুলি ভৱা কৰা হয়। ইংৰাজী আগষ্টৰ মাহৰ পৰা নবেম্বৰ মাহলৈ এই অঞ্চলত বিভিন্ন ধৰণৰ চৰাইবোৰৰ মৃত্য়ু হয়। এই অঞ্চলৰ স্থানীয় বাসিন্দাসকলে দীঘল লাখুটিট প্ৰখৰ পোহৰ বান্ধি ৰাখি থয়। যাৰ ফলত চৰাইবোৰে এই প্ৰখৰ পোহৰ দেখি উৰি আহে আৰু লাখুটিৰ আঘাতত মৃত্য়ু বৰণ কৰে। 

                                                              জাতিংগা



ডিমা হাচাও জিলাৰ পানীমূৰঃ পানীপূৰ হৈছে কপিলী নৈৰ এটা সুন্দৰ জলপ্ৰপাত। এই জলপ্ৰপাতটো হাফলং ঠাইৰ পৰা ১২০ কিল'মিটাৰ নিলগত অন্তৰ্গত।

                                                          পানীমূৰ

ডিমা হাচাও জিলাৰ মাইবংঃ মাইবং ঠাইখন হাফলঙৰ পৰা ৫৩ কিল'মিটাৰ নিলগত মাহুৰ নৈখনৰ পাৰত অন্তৰ্গত এখন ঠাই। পূৰণি দিনত ডিমাছা সকলৰ ৰাজধানী এই অঞ্চলত আছিল বুলি জনা যায়। এই ঠাইতে কছাৰী ৰজাৰ দিনত প্ৰতিষ্ঠা কৰি থোৱা মন্দিৰৰ কিছু ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়।


                                                                 মাইবং
   

ডিমা হাচাও জিলাৰ উমৰাংছঃ এই অঞ্চলটো ডিমা হাচাও জিলাৰ সদৰ স্থান হাফলংৰ পৰা ১২৩ কিল'মিটৰ আঁতৰত অন্তৰ্গত। 




ডিমা হাচাও জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ