গোৱালপাৰা জিলাঃ গোৱালপাৰা হৈছে অসম ৰাজ্য়ৰ এখন প্ৰশাসনিক কেন্দ্ৰিক জিলা। পূৰণি গোৱালপাৰা জিলাক ১৯৮৩ চনত তিনিটা ভাগত ভাগ কৰা হয়।
গোৱালপাৰা জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ পূৰণি ইতিহাস মতে 'গোৱালিটিপ্পিকা' শব্দটোৰ পৰা গোৱালপাৰা নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়।
গোৱালপাৰা জিলাৰ চাৰিসীমাঃ গোৱালপাৰা জিলাৰ উত্তৰ দিশে ধুবুৰী জিলা, বঙাইগাওঁ জিলা, কামৰূপ আৰু বৰপেটা জিলা অৱস্থিত। পূবে কামৰূপে জিলা অন্তৰ্গত, দক্ষিণে মেঘালয় ৰাজ্য অন্তৰ্ভুক্ত আৰু পশ্চিমে ধুবুৰী জিলা আছে।
গোৱালপাৰা জিলাৰ সদৰ ঠাইঃ গোৱালপাৰা জিলাৰ সদৰ ঠাই হৈছে গোৱালপাৰা।
গোৱালপাৰা জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা লক্ষীপুৰ আৰু গোৱালপাৰা।
গোৱালপাৰা জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ১৮২৪ বৰ্গ কিল'মিটাৰ।
গোৱালপাৰা জিলাৰ জনসংখ্যাঃ এই জিলাৰ মুঠ জনসংখ্যা হৈছে ১০,০৮,৯৫৯ জনৱ।
গোৱালপাৰা জিলাৰ প্ৰধান নদীঃ এই জিলাৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।
গোৱালপাৰা জিলাৰ উপনৈঃ এই জিলাৰ প্ৰধান উপনৈ হৈছে- দুধনৈ, কৃষ্ণাই, জিনাৰি, দেওশিলা, জিঞ্জিৰাম।
গোৱালপাৰা জিলাৰ পাহাৰঃ শ্ৰীসূৰ্য, পাগলাৰটেক, ৰাক্ষসিনী, পঞ্চৰত্ন, টুক্ৰেশ্বৰী।
গোৱালপাৰা জিলাৰ বিলঃ নলগা, উৰপদ।
গোৱালপাৰা জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫১ নং ৰাষ্ট্ৰীয় পথ গৈছে। এই পথে ধূপধৰা, ৰংজুলি, দুধনৈ, কৃষ্ণাই, আগিয়া, গোৱালপাৰা, কাশীখাগৰা আদি ঠাই সংযোগ কৰিছে। ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথ ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং নৰনাৰায়ণ সেতুৰে আহি গোৱালপাৰা জিলাৰ শ'লমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছেগৈ।
গোৱালপাৰা জিলাৰ ৰে'ল ষ্টেছনঃ ধূপধৰা, দৰংগিৰি, আমজেঙা, গোৱালপাৰা, দুধনৈ, কৃষ্ণাই পঞ্চৰত্ন, ভালুকডুবিয়েই হৈছে গোৱালপাৰা জিলাৰ ৰে'ল ষ্টেছন।
গোৱালপাৰা জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ধান, মাহ, সৰিয়হ, কল, মৰাপাট, মাটিকঁঠাল, কঁঠাল, কমলা টেঙা আদি উৎপন্ন কৰা হয়।
গোৱালপাৰা জিলাৰ প্ৰধান ঠাইঃ (ক) গোৱালপাৰাঃ এই জিলাৰ সদৰ ঠাই। শিক্ষাৰ লগতে ব্য়ৱসায়-বাণিজ্যৰো কেন্দ্ৰস্থল।
(খ) মৰনৈঃ এই ঠাইত অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় অৱস্থিত।
(গ) দুধনৈঃ ৰাভা-হাছং স্বায়ত্ত পৰিষদৰ সদৰ ঠাই। ইয়াত বুনিয়দী প্ৰশিক্ষণ কেনদ্ৰস্থল অন্তৰ্গত।
গোৱালপাৰা জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ