Golaghat গোলাঘাট 

Join Our Facebook Group

Join Our Telegram Group


গোলাঘাট জিলাঃ অসম ৰাজ্য়ৰ ৩৩খন জিলাৰ ভিতৰত এক অন্য়তম জিলা হৈছে গোলাঘাট। গোলাঘাট জিলা হৈছে ৪ টা মহকুমা লৈ গঠিত। 


গোলাঘাট জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ যেতিয়া ব্ৰিটিছসকলৰ অসমলৈ আগমণ ঘটিছিল তেতিয়া গোলাঘাট জিলাৰ ধনশিৰি নদীৰ ঘাটত দোকান প্ৰতিষ্ঠা কৰিছিল। সেই দোকানবোৰক গোলা নামেৰে জনা গৈছিল। গোলাৰ নামৰ পৰা গোলাঘাট নামৰ উৎপত্তি হোৱা বুলি জনা যায়।


গোলাঘাট জিলাৰ চাৰিসীমাঃ গোলাঘাট জিলাৰ উত্তৰে বিশ্বনাথ আৰু মাজুলী জিলা অৱস্থিত, পূব দিশে যোৰহাট জিলা আৰু নাগালেণ্ড ৰাজ্য় অন্তৰ্গত, দক্ষিণে নাগালেণ্ড ৰাজ্য় আৰু পশ্চিম দিশে পূব কাৰ্বি আংলং জিলা অন্তৰ্ভুক্ত।


গোলাগাট জিলাৰ সদৰ ঠাইঃ গোলাঘাটেই হৈছে গোলাঘাট জিলাৰ সদৰ ঠাই।


গোলাঘাট জিলাৰ মহকুমাঃ গোলাঘাট জিলাৰ মহকুমাকেইটাৰ নাম হৈছে- বোকাখাট, ধনশিৰি, গোলাঘাট আৰু মেৰাপানী।


গোলাঘাট জিলাৰ মাটিকালিঃ গোলাঘাট জিলাৰ মাটিকালি হৈছে ৩,৫৪০.৭০ বৰ্গ কিল'মিটাৰ।


গোলাঘাট জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১০,৫৮,৬৭৪ জন।


গোলাঘাট জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰই হৈছে এই জিলাৰ প্ৰধান নদী।


গোলাঘাট জিলাৰ প্ৰধান উপনৈঃ কাকডোঙা, দৈয়াং, গেলাবিল, ধনশিৰি, ৰেংমা, ডিফলু, ঘিলাধাৰী, নামবৰ ইত্য়াদিয়ে গোলাঘাট জিলাৰ প্ৰধান উপনৈ।


গোলাঘাট জিলাৰ গৰম পানীৰ উঁহঃ এই জিলাৰ নামবৰ উপনৈত ফটাশিল নামেৰে এটা জলপ্ৰপাত আছে।তাৰ ওচৰতে গৰম পানী নামৰ এটা গন্ধকযুক্ত ঔষণি গুণ থকা পানীৰ উঁহ আছে।


গোলাাঘাট জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাৰ স্থলপথ আৰু ৰে'লপথ দুই প্ৰকাৰৰ যাতায়ত ব্য়ৱস্থা আছে।


গোলাঘাট জিলাৰ ৰে'ল ষ্টেছনসমূহঃ এই জিলাত ফৰকাটিং জংচন অন্তৰ্গত। গোলাঘাট জিলাৰ অন্য় ষ্টেচনসমূহ হ'ল- খুমটাই, সৰুপথাৰ, কমাৰবন্ধা, নাওজান, ৱাটিং, বৰপথাৰ, গোলাঘাট, জামুগুৰি ইত্য়াদি।


গোলাঘাট জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গোলাঘাট জিলাৰ পূবা-পশ্চিমাদে সোমাজেৰে গৈছে। ৩৯ নং ৰাষ্ট্ৰীয় পথে নুমলীগড়ৰ পৰা গোলাঘাট, বোকতাজান হৈ ডিমাপুৰ, কহিমা, ইম্ফল আদি পাইছেগৈ।


গোলাঘাট জিলাৰ অৰণ্যঃ এই জিলাত এখড়গীয়া গড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান অন্তৰ্ভুক্ত। এই জিলাৰ সংৰক্ষিত বনাঞ্চল হৈছে নামবৰ।


গোলাঘাট জিলাৰ প্ৰধান শস্য়ঃ ধান, মাহ, সৰিয়হ, চাহ, কুঁহিয়াৰ ইত্য়াদি।


গোলাঘাট জিলাৰ প্ৰাকৃতিক সম্পদঃ দৈয়াং, নামবৰ আদি হাবিত মূল্য়ৱান কাঠ আৰু বনৰীয়া প্ৰাণী পোৱা যায়। কাজিৰঙা অভয়াৰণ্য়ত পৃথিৱী প্ৰখ্যাত এটা খড়গযুক্ত গড় পোৱা যায়।


গোলাঘাট জিলাৰ উদ্যোগঃ এই জিলাৰ নুমলীগড়ত এটা তেল শোধনাগাৰ আছে। বৰুৱা বামুণ গাৱঁত এটা চেনি কল আছে।


গোলাঘাট জিলাৰ প্ৰধান ঠাইঃ (ক) গোলাঘাটঃ এই জিলাৰ সদৰ স্থান। কে'বাখনো মহাবিদ্য়ালয়, আইন মহাবিদ্য়ালয়, শিক্ষক প্ৰশিক্ষণ মহাবিদ্য়ালয়, মহিলাৰ পলিটেকনিক বিদ্য়ালয় এই নগৰতে অন্তৰ্গত। বিখ্য়াত প্ৰকৃতিবিদ ৰবীন বেনাৰ্জীৰ 'প্ৰকৃতিৰ বুৰঞ্জীৰ যাদুঘ এই ঠাইতে অৱস্থিত।

(খ) দেৰগাওঁঃ এই ঠাইত আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্য়ালয় অন্তৰ্গত। ইয়াৰে ওচৰৰ নেঘেৰীটিঙ নামৰ ঠাইত এটা বিখ্যাত শিৱমন্দিৰ অৱস্থিত।

(গ) সৰুপথাৰঃ এই ঠাই ধনশিৰি মহকুমাৰ সদৰ ঠাই। এই ঠাই গোলাঘাট জিলাৰ এখন প্ৰধান বাণিজ্য় কেন্দ্ৰ আৰু অসমৰ অন্য়তম  ধান উৎপাদন কেন্দ্ৰস্থল।

(ঘ) বোকাখাটঃ এই ঠাই মহকুমাৰ সদৰ স্থান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান আৰু নুমলীগড় তে শোধনাগাৰ এই মহকুমাতে অৱস্থিত।


গোলাঘাট জিলাৰ অন্যান্য় উল্লেখযোগ্য় স্থানঃ খুমটাই, দৈয়াং-টেঙানি, কমাৰবন্ধা, লেতেকুজান, মেৰাপানী, নেঘেৰিটিং।


গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানঃ কাজিৰঙা হৈছে গোলাঘাট জিলাৰ এখন  প্ৰখ্যাত উদ্য়ান। এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা প্ৰায় দুই তৃতীয়াংশ বাসস্থান বুলি কোৱা হয়। কাজিৰঙা হৈছে দেশ বিদেশৰ লোকসকলৰ আকৰ্ষণৰ উদ্য়ান। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান


গোলাঘাট জিলাৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰঃ এই বীৰাংগনা সাধনী কলাক্ষেত্ৰ চুতীয়া ৰাজ্য়ৰ ৰাণী বীৰাংগনা সতী সাধনীৰ স্মৃতিত গোলাঘাট জিলাৰ মইনাপাৰাত প্ৰতিষ্ঠা কৰা হৈছিল। 

                          বীৰাংগনা সাধনী কলাক্ষেত্ৰ


গোলাঘাট জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ 

বোকাখাট ।

দেৰগাওঁ ।

খোমটাই ।

মৰঙী।