Kamrup Metra কামৰূপ মহানগৰ
Join Our Facebook group


কামৰূপ মহানগৰ জিলাঃ
কামৰূপ অসমৰ সকলোতকৈ অধিক জনসংখ্য়া থকা জিলা। অসম চৰকাৰে এই কামৰূপ জিলাখনক ২০০৩ চনত দুটা ভাগত ভাগ কৰি দিছিল। 'কামৰূপ গ্ৰাম্য জিলা' আৰু 'কামৰূপ মহানগৰ জিলা'।     


কামৰূপ মহানগৰ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ  পূৰণি আখ্যানৰ দ্বাৰা জনা যায় যে মহাদেৱৰ পত্নী পাৰ্বতীৰ মৃত্যুত মহাদেৱ শোকত ভাঙি পৰিছিল আৰু অৱশেষত কঠোৰ ধ্যান কৰিছিল। এই ধ্যান ভংগ কৰিবলৈ দেৱতাসকলে কামদেৱক পঠিয়ালে। কামদেৱে মহাদেৱৰ ধ্যান ভংগ কৰিলে আৰু মহাদেৱে খঙতে তেওঁক ভষ্ম কৰি পেলালে কিন্তু কামদেৱৰ পত্নী ৰতিদেৱীৰ অলেশ প্ৰাৰ্থনাত শিৱই কামদেৱক জীৱন পুনৰ দান দিলে বাবে এই জিলাৰ নাম কামৰূপ হ'ল আৰু পিছলৈ ইয়াত বিভিন্ন নগৰবোৰ স্থাপিত হ'ল বাবে এই ঠাইৰ নাম কামৰূপ মহানগৰ হ'ল।

কামৰূপ মহানগৰ জিলাৰ চাৰিসীমাঃ এই জ্লাৰ উত্তৰ পিনে কামৰূপ গ্ৰাম্য় জিলা, মৰিগাওঁ জিলা আৰু দৰং জিলা অৱস্থিত, পূবে মৰিগাওঁ জিলা অন্তৰ্ভুক্ত, দক্ষিণে মেঘালয় ৰাজ্য় অন্তৰ্গত আৰু পশ্চিমে কামৰূপ গ্ৰাম্য জিলা অৱস্থিত।

কামৰূপ মহানগৰ জিলাৰ সদৰ ঠাইঃ গুৱাহাটী মহানগৰেই হৈছে কামৰূপ মহানগৰ জিলাৰ সদৰ ঠাই।

কামৰূপ মহানগৰ জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ১,১৫০.১১৩৩ বৰ্গ কিল'মিটাৰ।

কামৰূপ মহানগৰ জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১২,৬০,৪১৯ জন।

কামৰূপ মহানগৰ জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰই হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।

কামৰূপ মহানগৰ জিলাৰ উপনৈঃ বাহিনী, ডিগাৰু, বশিষ্ঠ, মৰা, ভৰলু, ইত্যাদিয়ে কামৰূপ মহানগৰ জিলাৰ উপনৈ।

কামৰূপ মহানগৰ জিলাৰ প্ৰধান বিলঃ চান্দডুবি, চলচলা, দীপৰ, খামৰাং, কুকুৰমৰা, সতাদলা আদি।

কামৰূপ মহানগৰ জিলাৰ তীৰ্থস্থানসমূহঃ কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, উগ্ৰতাৰা, নৱগ্ৰহ, লংকেশ্বৰ, বশিষ্ঠাশ্ৰম, শুক্ৰেশ্বৰ, দৌল-গোবিন্দই এই জিলাৰ তীৰ্থস্থান।
.
কামৰূপমহানগৰ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত চাৰি প্ৰকাৰৰ যাতায়তৰ ব্য়ৱস্থা আছে। যেনে- স্তলপথ, জলপথ, ৰে'লপথ আৰু বিমাণ পথ।

কামৰূপ মহানগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথঃ এই জিলাৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে গৈছে।

কামৰূপ মহানগৰ জিলাৰ ৰে'লপথঃ  এই জিলাৰ মাজেৰে উত্তৰ-পূব সীমান্ত ৰে'লপথ   গৈছে।


কামৰূপ মহানগৰ জিলাৰ ৰে'ল ষ্টেছনসমূহঃ গুৱাহাটী, ঠাকুৰকুছি, পানীখাইতি, কামাখ্যা (জংছন), নাৰেংগী, ডিগাৰু, বৰাহু, পাণবাৰী, বৰাহু, তেঁতেলীয়া, ক্ষেত্ৰী, আজাৰা।

কামৰূপ মহানগৰ জিলাৰ বিমান ঘাটিঃ অসমত থকা একমাত্ৰ  আন্তঃৰাাষ্ট্ৰীয় বিমান বন্দৰ 'লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ' বৰঝাৰত অন্তৰ্ভুক্ত।

কামৰূপ মহানগৰ জিলাৰ জলপথঃ এই জিলাত আভ্যন্তৰীণ জলপথৰ সু-ব্যৱস্থা আছে। নদী বন্দৰ- পাণ্ডু।

কামৰূপ মহানগৰ জিলাৰ প্ৰধান  ঠাইঃ (ক) জালুকবাৰীঃ এই ঠাইতে উচ্চ শিক্ষাৰ গুৱাহাটী বিশ্ববিদ্য়ালয় অন্তৰ্ভুক্ত। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় অন্তৰ্গত, সংস্কৃত মহাবিদ্যালয় অৱস্থিত, আয়ুৰ্বেদিক মহাবিদ্যালয় আদি আছে।

(খ) গুৱাহাটীঃ গুৱাহাটী হৈছে কামৰূপ মহানগৰ জিলাৰ এখন বিখ্যাত নগৰ। ইয়াত এখন মেডিকেল ক'লেজ আছে, দুখন অভিযান্ত্ৰিক প্ৰতিষ্ঠান কেন্দ্ৰ আছে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো উচ্চ শিক্ষাৰ প্ৰতিষ্টান কেন্দ্ৰ কটন কলেজকে ধৰি ভাললেমান চৰকাৰী-বেচৰকাৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান অৱস্থিত। উচ্চ ন্যায়্যালয়, উত্তৰ-পূব সীমান্ত ৰে'লপথৰ সদৰ কাৰ্যাল্যয় অন্তৰ্ভুক্ত, অসম ৰাজ্য়িক চিৰায়াখানা, ৰাজ্য়িক সংগ্ৰহালয়, দূৰদৰ্শন কেন্দ্ৰ, অনাতাঁৰ কেন্দ্ৰৰ প্ৰতিষ্ঠান, তাৰকাগৃহ আদি গুৱাহাটী মহানগৰত অৱস্থিত। ইয়াতে মহাপূৰুষ শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ, জ্যোতি চিত্ৰবন, ৰাজ্যিক সাংস্কৃতিক প্ৰকল্পৰ নিচিনা অসমবাসীৰ আদৰণীয় সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠান অন্তৰ্গত। দুই খলপীয়া শৰাইঘাট দলং খনে ব্ৰহ্মপুত্ৰৰ দুই পাৰক সংযোগ কৰিছে। গুৱাহাটীত অসম বিধানসভাৰ ভৱন, ৰাজ্যিক সচিবালয় আৰু বহুত গুৰুত্বপূৰ্ণ চৰকাৰী-বেচৰকাৰী মূখ্য কাৰ্যালয় অন্তৰ্ভুক্ত। গুৱাহাটীত বহুকেইখন ভ্ৰমণমূলক তীৰ্থস্থান অৱস্থিত। ভাৰতৰ প্ৰখ্যাত কামাখ্যা মন্দিৰৰ উপৰি উমানন্দ মন্দিৰ, নৱগ্ৰহ, বশিষ্ঠাশ্ৰম, ছত্ৰাকৰ, বালাজী মন্দিৰ, উগ্ৰতাৰা, দেৱালয়  আদি বিভন্ন প্ৰখ্যাত তীৰ্থস্থান এই মহানগৰতেই অৱস্থিত।

(গ) উত্তৰ গুৱাহাটীঃ এই ঠাইত ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান(আই আই টি), দৌলগোবিন্দ মন্দিৰ, আউনীআটি সত্ৰ, দীৰ্ঘেশ্বৰী মন্দিৰ আদি অন্তৰ্গত।

কামৰূপ মহানগৰ জিলাৰ ভূগোলঃ এই জিলাৰ প্ৰশাসনকেন্দ্ৰিক কেন্দ্ৰটো গুৱাহাটী মহানগৰত অন্তৰ্গত। 


কামৰূপ মহানগৰ জিলাৰ উল্লেখযোগ্য় স্থানঃ


শৰাইঘাটৰ যুদ্ধঃ ১৬৭১ চনত আহো আৰু মোগলসকলৰ মাজত এই যুদ্ধ হৈছিল। এই যুদ্ধ ব্ৰহ্মপুত্ৰ নদীৰ  শৰাইঘাট দলঙত হোৱাৰ বাবে ইয়াক শৰাইঘাটৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধ চিৰযুগমীয়া হৈ আছে।  আহোমৰ সৈন্য়সকল মোগলৰ সন্য়সকতকৈ দুৰ্বল আছিল যদিও অৱশেষত মোগলসকল আহোমসকলৰ আগত হাৰ মানিব লগা হৈছিল। আহোমসকলৰ সেনাপতি বীৰ লাচিত বৰফুকনৰ বাবে আহোমসকল জয়ী হৈছিল।

 মা কামাখ্যা মন্দিৰঃ পূৰণি আখ্যানৰ পৰা জানিব পাৰি যে মহাদেৱপ পত্নী সতীৰ মৃত্য়ুত দেওঁৰ শৰীৰটো কাটি পেলাওতে সতীৰ যোনীভাগ নিলাচল পাহাৰত পৰাৰ বাবে তাত কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা হৈছিল। অম্বুবাচী নামৰ মেলা এখন এই মন্দিৰত প্ৰতি বছৰে উদযাপান কৰা হয়। 

উমানন্দ মন্দিৰঃ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অন্তৰ্গত এই নদীদ্বীপটো পৃথিৱীৰ ভিতৰত সবাতোকৈ সৰু নদীদ্বীপ। এই নদীদ্বীপটো দৰ্শন কৰিবলা হাজাৰ হাজাৰ মানুহ আহে। শিৱৰাত্ৰি মহোৎসৱৰ সময়ত এই মন্দিৰলৈ হাজাৰ হাজাৰ ভকত আৰু পৰ্যতক আহে।
 

 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী মহানগৰ পাঞ্জাবাৰী নামৰ ঠাইত অৱস্থিত। ই টা বিখ্যাত পৰ্যতনস্থলী। ইয়ালৈ বিভিন্ন ঠাইৰ মানুহৰ আগমণ ঘটে। 

শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ
                                                শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ


 শুক্ৰেশ্বৰ মন্দিৰঃ এই শুক্ৰেশ্বৰ মন্দিৰটো ১৭৪৪ চনত প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰিছিল।ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ প্ৰান্তত এই শুক্ৰেশ্বৰ মন্দিৰটো অন্তৰ্গত।

            শুক্ৰেশ্বৰ দেৱালয়
                          শুক্ৰেশ্বৰ মন্দিৰ

 বশিষ্ট আশ্ৰমঃ গুৱাহাটী মহানগৰৰ সন্ধ্যাচল পাহাৰত এই বশিষ্ট আশ্ৰম অন্তৰ্ভুক্ত। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বশিষ্ট আশ্ৰম প্ৰতিষ্ঠা কৰিছিল।

                                                 বশিষ্ট আশ্ৰম



কামৰূপ মহানগৰ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ 
 



 

Collector: Sri Chinmay Kakati AND Apurba Kakati