Nalbari নলবাৰী 

Join Our Facebook Group

Join Our Telegram Group


নলবাৰী জিলাঃ  নলবাৰী হৈছে অসমৰ এখন প্ৰশাসনকেন্দ্ৰিক উল্লেখযোগ্য় জিলা।  আগতে এই জিলাক কামৰূপ জিলাৰ মহকুমা হিচাপে জনা যায়। নলবাৰীক ১৯৮৫ চনত এখন জিলা ৰূপে ঘোষণা কৰি দিয়া হয়।


নলবাৰী জিলাৰ নামৰ উৎপত্তিঃ আগতে এই ঠাইত খাগৰি, বিৰিণা, নল আদি বিভিন্ন উদ্ভিদেৰে ভৰপুৰ থকাৰ বাবে এই জিলাখনৰ নাম নলবাৰী হয়।


নলবাৰী জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে বাক্সা জিলা, পূবে কামৰূপ জিলা (গ্ৰাম্য়) , দক্ষিণে কামৰূপ জিলা (মেত্ৰ) আৰু পশ্চিম দিশে বৰপেটা জিলা অৱস্থিত।


নলবাৰী জিলাৰ মাটিকালিঃ নলবাৰী জিলাৰ মাটিকালি হৈছে ১,০০৪.৮৩ বৰ্গ কিল'মিটাৰ।


নলবাৰী জিলাৰ জনসংখ্য়াঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ৭,৬৯,৯৯১ জন লোক এই জিলাৰ মুঠ জনসংখ্যা।

নলবাৰী জিলাৰ সদৰ ঠাইঃ নলবাৰী।


নলবাৰী জিলাৰ মহকুমাঃ নলবাৰী, মুকালমুৱা আৰু টিহুৱে এই জিলাৰ মহকুমা।


নলবাৰী জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰই হৈছে এই জিলাৰ প্ৰধান নদী।


নলবাৰী জিলাৰ উপনৈঃ পাগলাদিয়া, বৰলীয়া, বুঢ়াদিয়া আৰু টিহু।


নলবাৰী জিলাৰ প্ৰধান বিলঃ দীঘেলি, গৰজান, বৰবিল, ঘগায়ে এই জিলাৰ প্ৰধান বিল।


নলবাৰী জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰে'লপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।


নলবাৰী জিলাৰ প্ৰধান ৰে'লপথঃ উত্তৰ-পূব সীমান্ত ৰে'লপথ।



নলবাৰী জিলাৰ ৰে'ল ষ্টেছনসমূহঃ নলবাৰী, টিহু, কৈঠালকুছি, ঘগ্ৰাপাৰ।


নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ এই জিলাৰ মাজেৰে গৈছে। এই পতে, বৰমা, নলবাৰী, ঘগ্ৰাপাৰ আদি ঠাইক সংযোগ কৰিছে।


নলবাৰী জিলাৰ প্ৰধান শস্য়ঃ ধান, মাহ, সৰিয়হ, মৰাপাট আদিয়ে এই জিলাৰ প্ৰধান শস্য।


নলবাৰী জিলাৰ প্ৰধান ঠাইঃ (ক) নলবাৰীঃ নলবাৰী জিলাৰ সদৰ ঠাই। এই জিলাৰ উচ্চ শিক্ষা আৰু বেহা-বেপাৰৰ কেনদ্ৰস্থল। এই ঠাইত এখন সংস্কৃত ভাষাৰ মহাবিদ্যালয় আছে।


(খ) টিহুঃ এই ঠাইত যথেষ্ট পৰিমাণে ধান খেতি উৎপাদন কৰা হয়। ইয়াৰে ওচৰৰ নাথকুছিত পলিষ্টাৰ সূতাৰ উদ্যোগ প্ৰতিষ্ঠান কেন্দ্ৰ অন্তৰ্ভুক্ত।


নলবাৰী জিলাৰ অন্যান্য উল্লেখযোগ্য় স্থানসমূহঃ মৰোৱা, বিজুলীঘাট, নাথকুছি, চামতা, ধমধমা, সানেকুছি, মুকালমুৱা, কমাৰকুছি, মাখিবাহা, জাগাৰা ইত্যাদিয়ে এই জিলাৰ উল্লেখযোগ্য় স্থান। 


নলবাৰী জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ