Sibasagr  শিৱসাগৰ 

Join Our Facebook Group

Join Our Telegram Group


শিৱসাগৰ জিলাঃ এই জিলাতে বিভিন্ন ঐতিহ্য়পূৰ্ণ  কীৰ্তিচিহ্ন  আছে। এই জিলা আহোমসকলৰ দিনতে প্ৰতিষ্ঠা কৰা হয়। 


শিৱসাগৰ জিলাৰ নামৰ উপত্তিৰ কাৰণঃ আহোম স্বৰ্গদেউ শিৱসিংহৰ নামত খন্দোৱা শিৱসাগৰ পুখুৰীত পাৰত স্থাপন কৰা বাবে এই জিলাৰ নাম শিৱসাগৰ হ'ল। 


শিৱসাগৰ জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে মাজুলী আৰু ডিব্ৰুগড় জিলা অৱস্থিত, পূবে ডিব্ৰুগড় আৰু চৰাইদেউ জিলা অন্তৰ্গত, দক্ষিণে নাগালেণ্ড ৰাজ্য় আৰু পশ্চিমে যোৰহাট জিলা অৱস্থিত।


সিৱসাগৰ জিলাৰ সদৰ ঠাইঃ শিৱসাগৰেই হৈছে শিৱসাগৰ জিলাৰ সদৰ ঠাই। 


শিৱসাগৰ জিলাৰ মহকুমাঃ শিৱসাগৰ জিলাৰ মবকুমা দুটাৰ নাম হৈছে নাজিৰা আৰু শিৱসাগৰ।


শিৱসাগৰ জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হাছৈ ১৭২৯ বৰ্গকিল'মিটাৰ।


শিৱসাগৰ জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১১,৫০,২৫৩ জন।


শিৱসাগৰ জিলাৰ প্ৰধান নদীঃ এই জিলাৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।


শিৱসাগৰ জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ প্ৰধান উপনৈসমূহ হৈছে নামদাং, দিখৌ, ডিমৌ, দিচাং, দৰিকা আদিয়ে শিৱসাগৰ জিলাৰ প্ৰধান উপনৈ।


শিৱসাগৰ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত স্থলপথ আৰু জলপথৰ সু-ব্য়ৱস্থা আছে।

শিৱসাগৰ জিলাৰ ৰে'ল ষ্টেছনসমূহঃ মাউত গাওঁ, মেজেংগা, নামতি আলি, শিমলুগুৰি (জংচন), শিৱসাগৰ, আণগুৰি, খাৰাহাট ইত্য়াদিয়ে এই জিলাৰ ৰে'ল ষ্টেছন।


শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় পথঃ এই জিলাত ৩৭ নং ৰাষ্ট্ৰীয় পথ অন্তৰ্গত।


শিৱসাগৰ জিলাৰ প্ৰধান শস্য়ঃ এই জিলাৰ প্ৰধান শস্য় হৈছে ধান, মাহ, সৰিয়হ, চাহপাত, কুঁহুিয়াৰ ইত্য়াদি।


শিৱসাগৰ জিলাৰ পূৰণি কীৰ্তিচিহ্নঃ এই জিলাত বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্ন আছে আৰু এই কীৰ্তিচিহ্নবোৰ বৰ্তমানেও বিখ্যাত হৈ আছে। ইয়াত থকা কীৰ্তিচিহ্নবোৰ হ'ল-  শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী, শিৱদৌ, বিষ্ণুদৌল, দেৱীদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ইত্যাদি।


শিৱসাগৰ জিলাৰ প্ৰাকৃতিক সম্পঃ এই জিলাত খাৰুৱাতেল আৰু কয়লা পোৱা যায়।


শিৱসাগৰ জিলাৰ প্ৰধান ঠাইঃ (ক) নাজিৰাঃ ইয়াত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ প্ৰধান কাৰ্যাল্য়য় আছে।


(খ) গড়গাওঁঃ ইয়াতে আহোম ৰজাৰ দিনত প্ৰতিষ্ঠা কৰা শিৱসাগৰল ঐতিহাসিক কীৰ্তিচিহ্ন কাৰেংঘৰ আছে। গড়গাওঁৰ মহাবিদ্যালয়খন ইয়াতে অৱস্থিত।

(গ) শিমলুগুৰিঃ ইয়াতে ৰে'লৰ জংচন এটা আছে আৰু ব্যৱসায়ৰ কেন্দ্ৰ অৱস্থিত।

(ঘ) ৰুদ্ৰসাগৰ, গেলেকী আৰু লাকুৱাঃ এই ঠাইত তেলৰ পুং আছে।

(ঙ) নামদাং নৈৰ পাৰত শিলৰ সাঁকো আছে।


শিৱসাগৰ জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় ঠাইঃ দিচাংমুখ, নিতাইপুখুৰী, গৌৰীসাগৰ, দিখৌমুখ, আমগুৰি ইত্যাদি।



শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্নসমূহঃ 


 কাৰেংঘৰঃ আহোম স্বৰ্গদেউসকলৰ  প্ৰতিষ্ঠা কৰা এটা ৰাজমহল সদৃশ পিৰামিড। স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটো ১৫৪০ চনত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। শিৱসাগৰ জিলাৰ পৰা ১৫ কিল'মিটাৰ পূবত গঁড়গাওঁ নামৰ ঠাইখন অন্তৰ্গত। চুক্লেংমুঙৰ পিছত এই কাৰেংঘৰটোক নিৰ্মাণ কৰিবলৈ প্ৰমত্ত সিংহই ইটা ব্য়ৱহাৰ কৰিছিল। এই কাংঘৰটো বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ১৭৫২ চনৰ। সেইকাৰণে তাৰপাছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই কাৰংঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এটা সময়ত এই কাৰেংঘটো সম্পূৰ্ণ হৈ পৰিছিল আৰু বৰ্তমান ই অসম বিখ্যাত হৈ আছে। 


কাৰেং ঘৰ
                                                  কাৰেংঘৰ


 তলাতল ঘৰঃ  তলাতল ঘৰ হৈছে আহোম স্বৰ্গদেউসকলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা ৰাজমহল।ই হৈছে অসমবাসীৰ বাবে এটা প্ৰখ্যাত নিদৰ্শন। তলাতল ঘৰ আহোম ৰাজ্য়ৰ কীৰ্তিচিহ্নবোৰৰ ভিৰত সবাতোকৈ ডাঙৰ আৰু প্ৰখ্য়াত কীৰ্তিচিহ্ন।


তলাতল ঘৰ
                                           তলাতল ঘৰ


 শিৱদৌলঃ এই শিৱদৌলটো শিৱসাগৰ পুখুৰীৰ পাৰত নিৰ্মাণ কৰা হৈছিল।  শিৱসিংহৰ প্ৰথম পত্নী ফুলেশ্বৰী কুঁৱৰীৰ মৃত্য়ুত তেওঁৰ বিবাহিতা ভগ্নীক বিবাহ কৰাই তেওঁক কুৱঁৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এই কুঁৱৰীগৰাকীৰ আদেশমতে সোণৰ কলচীৰ সৈতে শিৱদৌল প্ৰতিষ্টা কৰিছিল। এই দৌলটো ভাৰতৰ সবাতোকৈ ঐতিহাসিক মন্দিৰবোৰৰ ভিতৰত ওখ।

শিৱদৌল
                                        শিৱদৌল


 জয়দৌলঃ মাতৃ জয়মতী ল'ৰাৰাজা আৰু চাউদাংৰ হাতত মৃত্য়ুবৰণ কৰাৰ বাবে পুত্ৰ ৰুদ্ৰসিংহই তেওঁৰ স্মৃতিত জয়মাতীক মৃত্য়ু দিয়া জেৰেঙা পথাৰত জয়দৌল আৰু জয়সাগৰ পুখুৰী স্থাপন কৰিছিল।

 

                                            জয়দৌল


ৰংঘৰঃ ৰংঘৰ হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক কীৰ্তিচিহ্ন। এই ৰংঘৰতে অতীতল আহোম ৰজাৰ পৰিয়াল-বৰ্গই ৰঙালী বিহুৰ সময়ত পালন কৰা ম'হ, যুজ, কুঁকুৰী যুজ, শেন যুঁজ ইত্য়াদি বিভিন্ন মনোৰঞ্জনৰ খেল উপভোগ কৰি আনন্দ লাভ কৰিছিল। এছিয়াৰ ভিৰত প্ৰথমটো পেভিলিয়ন হিচাপে অসমৰ এই ৰংঘৰটো বিখ্য়াত।

ৰংঘৰ
ৰংঘৰ

নামদাঙৰ শিলৰ সাঁকোঃ এই শাকোখন অসমৰ এখন ইতিহাসপ্ৰখ্যাত দলং। এই দলংখন সিৱসাগৰ জিলাৰ নদী দিখৌনৈৰ উপনৈ নামদাং নদীৰ ওপৰতে অন্তৰ্গত। আহোম ৰজা ৰুদ্ৰসিংহৰ ৰাজত্বকালত বংগদেশৰ কাৰিকৰ হতুৱাই ১৭০৩ চনত নামদাঙৰ শিলৰ শাকো নিৰ্মাণ কৰা হৈছিল।

        

নামদাঙৰ শিলৰ শাকো
                                      নামদাঙৰ শিলৰ  সাঁকো


শিৱসাগৰ জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ 

 ডিমৌ।

 আমগুৰি।

 শিৱসাগৰ।

 ম'হমৰা।

 নাজিৰা।

Type: Sri Chinmay Kakati.