তেজপুৰ জিলাঃ তেজপুৰ হৈছে এখন ঐতিহাসিক জিলা। এই জিলাত অগ্নিগড়, মহাভৈৰৱ মন্দিৰ নিচিনা বহুতো ঐতিহাসিক কীৰ্তিচিহ্ন আছে। 


তেজপুৰ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ পৌৰাণিক আখ্য়ান মতে এই অ়ঞ্চলত বাণ নামৰ এজন অসুৰ ৰজাই ৰাজত্ব কৰিছিল। ৰজাজন শিৱৰ পৰম ভক্ত আছিল। ৰজাজনৰ এগৰাকী কন্য়া আছিল আৰু তাইৰ নাম আছিল ঊষা। ঊষা পৰম সুন্দৰী আছিল আৰু তাইৰ সুন্দৰতাই জগত জিলিকাইছিল। সেইদেখি সকলো তাইৰ প্ৰেমত পৰিছিল। তাইৰ সুৰক্ষাৰ বাবে পিতৃ বাণ ৰজাই অগ্নিগড় সজাই তাত  অজস্ৰ পহৰীক ৰাখি চাৰিওদিশে জুই জ্বলাই ঊষাক সুৰক্ষিত কৰি ৰাখিছিল। এদিন ঊষাই  সপোনত এজন দেখিবলৈ ধুনীয়া যুৱকক দেখা পাইছিল। তাৰ পাছত ঊষাৰ সেই পৰম সুন্দৰ যুৱকজনৰ প্ৰতি প্ৰেম জাগিছিল। ঊষাৰ এগৰাকী সখী আছিল। তাইৰ নাম আছিল চিত্ৰলেখা। যিয়ে মানুহৰ নাম শুনিয়ে চিত্ৰ অংকণ কৰিব পাৰিছিল। ঊষাই তাইৰ মনৰ কথা সখী চিত্ৰলেখাক ক'লে চিত্ৰলেখাই তাই কোৱাৰ দৰে সেই যুৱকজনৰ চিত্ৰ অংকণ কৰি দিয়ে। দৰাচলতে এই পৰম সুন্দৰ যুৱকজন আছিল ভগৱান শ্ৰী কৃষ্ণৰ নাতি অনিৰুদ্ধ। সুংসুত্ৰ বিচাৰি ঊষা আৰু চিত্ৰলেখাই পালে যে বাণ ৰজা আৰু ভগৱান শ্ৰী কৃষ্ণ আছিল এজন আনজনৰ পৰম শত্ৰু। চিত্ৰলেখাৰ দ্বাৰাই ঊষা আৰু অনিৰুদ্ধই এজনে আনজনক লগ পালে আৰু অনিৰুদ্ধৰো ঊষাৰ প্ৰতি প্ৰেম জাগি উঠে। তাৰ পাছত  চিত্ৰলেখাই ঊষা আৰু অনিৰুদ্ধক গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আৱদ্ধ কৰাই দিয়ে। এই কথা গম পায় বাণ ৰজাৰ চুলিৰ আগ ৰঙা হৈ পৰে আৰু তাৰ পাছতেই তেওঁ অনিৰুদ্ধক বন্দি কৰি ৰাখে। নিজৰ নাতিক উদ্ধাৰ কৰিবলৈ আহি ভগৱান শ্ৰী কৃষ্ণ আৰু বানৰ মাজত মহাৰণৰ সৃষ্টি হয়। এই যুদ্ধত মহাদেৱে বাণ ৰজাৰ পক্ষ লৈ শ্ৰী কৃষ্ণৰ সৈতে যুদ্ধ কৰে। এই যুদ্ধকে মহাভাৰতত হৰি-হৰৰ যুদ্ধ নামেৰে জনা যায়।  এই যুদ্ধত গোটেই ত্ৰি-জগত কঁপি গৈছিল, হাজাৰ-হাজৰ লোক নিহত হৈছিল। তাৰ পাছত মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত মহাদেৱৰ পত্নী পাৰ্বতীৰ লগতে পৃথিৱীৰ ঋষি-মুনি, দেৱ-দেৱতাসকল সোমাই পৰিছিল। আৰু এই যুদ্ধ ভাঙিবলৈ চেষ্টা কৰিছিল। অৱশেষত এই যুদ্ধ ভংগ হ'ল। কিন্তু এই যুদ্ধত বহু হাজাৰ লোকৰ মৃত্য়ু হৈ তেওঁলোকৰ তেজেই গোটেই ঠাইখন ৰাঙলি হৈ পৰিছিল। তেজেৰে ভৰপুৰ হৈ থকাৰ বাবে এই ঠাইৰ নাম পিছলৈ তেজপুৰ হয়। 


তেজপুৰ জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে অৰুণাচল প্ৰদেশ অন্তৰ্গত, পূবে লখিমপুৰ জিলা অৱস্থিত, পশ্চিমে দৰং আৰু ওদালগুৰি জিলা অন্তৰ্গত আৰু দক্ষিণে গোলাঘাট, নগাওঁ আৰু মৰিগাওঁ জিলা অন্তৰ্গত।


তেজপুৰ জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৫,৩২২.৯৮ বৰ্গ কিল'মিটাৰ।


তেজপুৰ জিলা জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১৯,২৫,৯৭৫ জন লোক।


তেজপুৰ জিলাৰ প্ৰধান নদীঃ তেজপুৰ জিলাৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।


তেজপুৰ জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা দুটা হৈছে মাজুলী আৰু তেজপুৰ।


তেজপুৰ জিলাৰ বিষয়ে প্ৰধান উপনদীসমূহ হৈছেঃ বেলশিৰি, বৰদিকৰাই, সোণাই-ৰূপাই, জিয়া গাভৰু, ওপৰ দিকৰাই, পাঁচনৈ ইত্য়াদি।


তেজপুৰ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত স্থলপথ, ৰে'লপথ আৰু বিমাণ পথৰ সুব্যৱস্থা আছে।


তেজপুৰ জিলাৰ  ৰাষ্ট্ৰীয় পথঃ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো পূব পশ্চিমককৈ এই জিলাৰ সোমাজেৰে পাৰ হৈ গৈছে।


তেজপুৰ জিলাৰ বিমাণ পথঃ এই জিলাৰ শালনি বিমান কোঠ। অসামৰিক চিকিৎসা সেৱাৰ উপৰিও বায়ু সেনা আৰু সৈন্য়বাহিনীয়ে ব্য়ৱহাৰ কৰি থকা এটা প্ৰধান বিমান ঘাটি।


তেজপুৰ জিলাৰ প্ৰধান শস্য়ঃ jধান, মাহ, কুঁহিয়াৰ, সৰিয়হ, চাহপাতৰ খেতি উৎপাদন কৰা হয় এই জিলাত। 


তেজপুৰ জিলাৰ ৰে'ল ষ্টেছনসমূহঃ ৰঙাপৰা (জংচন), ডেকাৰগাওঁ, ঢেকীয়াজুলি, ভালুকপং, জামুগুৰি, বালিপাৰা, মিছানাৰী, চাাৰিদুৱাৰ, গামনি ইত্য়াদি।


তেজপুৰ জিলাৰ প্ৰধান ঠাইঃ (ক) তেজপুৰঃ এই জিলাৰ সদৰ স্থান। ইয়াৰ পূৰণা নাম শোণিতপুৰ। ই পূৰণি দিনত বাণ ৰজাৰ ৰাজধানী আছিল। 

(খ) চাৰিদুৱাৰঃ এই ঠাইত ভাৰতৰ সৈন্য়বাহিনীৰ বৃহৎ শিবিৰ অৱস্থিত।

(গ) মিছামাৰীঃ এটা ৰে'ল ষ্টেছন। 

(ঘ) শিঙৰীঃ চাহপাত উৎপাদন কৰা কেন্দ্ৰ।

(ঙ) ৰঙাপৰাঃ ই এটা ৰে'ল জংচন। ব্য়ৱসায়ৰ বিশিষ্ঠ ঠাই।


তেজপুৰ জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় ঠাইঃ ব্ৰহ্মাজান, ঞেকীয়াজুলি, বেদেতি, ৰৌমাৰী, বালিপাৰা, জামুগুৰি ইত্য়াদিয়ে এই জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় ঠাই।


অগ্নিগড়ঃ এই অগ্নিগড়টো বাণ ৰজাই তেওঁৰ জীৱৰী ঊষাৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিছিল আৰু তাত চাৰিউদিশে জুই জ্বলাই দিছিল। বৰ্তমানো এই অগ্নিগড়টো সুন্দৰ হৈ আছে। 

                                                                অগ্নিগড়

মহাভৈৰৱ মন্দিৰঃ তেজপুৰ জিলাৰ উত্তৰ প্ৰান্তত এই মহাভৈৰৱ মন্দিৰটো অন্তৰ্গত। এই মন্দিৰটোট মহাদেৱক পূজা কৰা হয়। পূৰণি আখ্যানৰ পৰা জানিব পৰা যায় যে শিৱভক্ত বাণাসুৰে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল।

মহাভৈৰৱ মন্দিৰ

          

চিত্ৰলেখা উদ্য়ানঃ তেজপুৰ জিলাৰ অৱস্থিত এই উদ্য়ান খন বাণ ৰজাৰ জীৱৰী ঊষাৰ সখী চিত্ৰলেখা যিয়ে মানুহৰ নাম শুনিয়েই চিত্ৰ অংকণ কৰিব পাৰি তেওঁৰ নামত এই উদ্য়ানখন খোলা হৈছে। এই উদ্য়ানখন অতি মনোমোহা তাৰোপৰি এই উদ্য়ানখনত বুদ্ধদেৱৰ মূৰ্তি, দশাৱতাৰ মূৰ্তি আদি কীৰ্তিচিহ্ন আছে। 

                               চিত্ৰলেখা উদ্যান

তেজপুৰ জিলাৰ কলিয়া ভোমোৰ সেতুঃ অসমৰ তেজপুৰ আৰু নগাওঁ জিলাৰ মাজপ্ৰৈান্তত অন্তৰ্গত এই দলংখন চাবলৈ হাজাৰ হাজাৰ লোক আহে। এই দলং খন প্ৰতিষঅঠআ কৰা হৈছিল ১৯৭৮ চনত। ইতিহাসত কলিয়া ভোমোৰা দলং নিৰ্মাণৰ এক কাহিনী থকা বুলি জানিব পৰা যায়। হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাতৃয়ে আহোমসকলৰ বিৰুদ্ধে যোদ্ধ ষোষণা কৰিছিল। এই যুদ্ধক দমন কৰিছিল আহোম ৰাজ্য়ৰ সেনাপতি বৰফুকন কলিয়াভোমোৰাই। এই আহোম সেনাপতি জনে প্ৰথমে কলিয়াবৰত ব্ৰহ্মপুত্ৰ নদীৰ দুয়োদিশে শিলৰ খুঁটাৰে সেতু নিৰ্মাণ কৰিছিল। তেওঁৰ নামেৰে এই দলং খনৰ নাম কলিয়া ভোমোৰা ৰখা হয়।

কলিয়াভোমোৰা দলং

 

তেজপুৰ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ 

বিশ্বনাথ ।

চাৰিদুৱাৰ ।

ঢ়েকীয়াজুলি ।

গঢ়পুৰ ।

হিলাম ।

ন দুৱাৰ ।

Type: Sri Chinmay Kakati.