ওদালগুৰি জিলাঃ অসম ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত এখন উল্লেখযোগ্য় জিলা হৈছে ওদালগুৰি। বড়োলেণ্ড সায়ত্ত্বশাসিত জিলাপৰিষদৰ অন্তৰ্ভুক্ত ওদালগুৰি জিলা। 


ওদালগুৰি জিলাৰ উৎপত্তিৰ কাৰণঃ পূৰণি আখ্যানমতে এই ঠাইত এজোপা প্ৰকাণ্ড ওদাল গছ আছিল আৰু তাৰ গুৰিত চাৰিওফালে এখন বজাৰ হৈছিল। সেইদৰেই ওদালগুৰি নামৰ উৎপত্তি হয়।       আন এক কথা মতে, 'উদ্দালক' নামৰ ঋষি এজনে এটা সময়ত এই ঠাইতে আশ্ৰম পাতি বসবাস কৰিছিল সেয়ে পিছত এই ঠাইৰ নাম উদ্দালগুৰি হয় আৰু তাৰ পাছত ওদালগুৰিলৈ পৰিণত হয়।


ওদালগুৰি জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে ভূটান ৰাষ্ট্ৰ আৰু অৰুণাচল প্ৰদেশ অন্তৰ্গত, পূবে তেজপুৰ জিলা, দক্ষিণে দৰং আৰু কামৰূপ গ্ৰাম্য় জিলা আৰু পশ্চিমে বাক্সা জিলা।


ওদালগুৰি জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ ঠাই হৈছে ওদালগুৰি।


ওদালগুৰি জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা দুটা হৈছে ভেৰগাওঁ আৰু ওদালগুৰি।


ওদালগুৰি জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ১,৬৭৩.৯৩ বৰ্গ কিল'মিটাৰ।


ওদালগুৰি জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৮,৩২,৭৬৯ জন। 


ওদালগুৰি জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ উপনৈসমূহ হৈছে- নোৱানৈ, পাঁচনৈ, দিপীলা, মৰা ধনশিৰি, ধনশিৰি।


ওদালগুৰি জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ

ঢেকীয়াজুলী।

হৰিশিঙা।

কলাইগাওঁ।

খইৰাবাৰী।

মাজবাট।

মঙলদৈ।

পাথুৰিঘাট।