ৰবার্ট ক্লাইবৰ দ্বিতীয়টো প্রশাসন ( ১৭৬৫-৬৭ ) ভাৰতত কোম্পানিৰ শাসনৰ এটা উল্লেখযােগ্য সময় আছিল । এইছােৱা সময়ত ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ৰাজশক্তি ৰূপে আইনগত স্বীকৃতি পাইছিল । মােগল সম্রাট ছাহ আলমে ( ১৭৫৯-১৮০৬ ) ক্লাইবৰ লগত এলাহাবাদ চুক্তি ( ১৭৬৫ ) সম্পন্ন কৰাৰ ফলস্বৰূপে কোম্পানিয়ে বংগ , বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰিছিল । সম্রাটে কোম্পানিক দেৱানী অর্থাৎ ৰাজহ সংগ্ৰহ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্ব প্রদানৰ যােগেদি বংগত দ্বৈতশাসন প্ৰৱৰ্তন ( ১৭৬৫ ) কৰিছিল । এই ব্যৱস্থাৰ যােগেদি এফালে কোম্পানিৰ ক্ষমতা দুগুণে বৃদ্ধি হৈছিল আৰু আনফালে সম্রাটৰ তলতীয়া নবাবগৰাকী হৈছিল নামমাত্র সামৰিক প্রশাসক ( নিজামত ) । 

           ক্লাইবৰ পৰৱর্তী গৱৰ্ণৰসকলেও মােগল শাসকৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব খটুৱাবলৈ যত্নপৰ হৈছিল । ওৱাৰেণ হেষ্টিংছৰ কাৰ্যকালত ( ১৭৭৪-৮৫ ) ইষ্ট ইণ্ডিয়া কোম্পানি ভাৰতৰ একমাত্র শক্তিৰূপে পৰিগণিত হৈছিল । তেওঁ মােগল সম্রাটৰ তলতীয়া নবাবসকলক স্বাধীনতা ঘােষণা কৰিবলৈ উদগনি যােগাইছিল । হেষ্টিংছে প্রথমবাৰৰ বাবে নিজকে মােগল সম্রাটৰ লগত সমমৰ্য্যাদাৰ দাবী তুলিছিল । পলাচী যুদ্ধৰ পিছত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনৰ প্ৰথমছােৱা সময়ৰ ভিতৰত কলিকতা , বােম্বাই আৰু মাদ্রাজ কোম্পানিৰ ঘাই শাসন কেন্দ্র হিচাপে পৰিগণিত হৈছিল । কেন্দ্র কেইটাৰ সর্বোচ্চ শাসকগৰাকীক প্রেছিডেণ্টৰ বিষয়বাব দিয়া হৈছিল । প্রেছিডেণ্টৰ তলতীয়া শাসনযন্ত্রটোক ‘ প্রেছিডেন্সি ’ নামে জনাজাত হৈছিল । ১৭৭৩ খ্রীষ্টাব্দত ব্রিটিছ চৰকাৰে নিয়ন্ত্রণকাৰী আইন ( Regulating Act ) ৰ যােগেদি বংগ প্রেছিডেন্সিৰ গৱৰ্ণৰজনক ‘ গৱৰ্ণৰ জেনেৰেল ’ উপাধিৰে স্বীকৃতি প্রদান কৰি বােম্বে আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল । এই ব্যৱস্থাটোৰ যােগেদি সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্রীয় শাসনৰ সূচনা হৈছিল । ১৭৮৪ খ্রীষ্টাব্দত পিটৰ ভাৰত আইনে ( Pitts India Act , 1784 ) ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল । এই আইনৰ যােগেদি কোম্পানিয়ে ভাৰতবর্ষ শাসন কৰিছিল ; আনহাতে কোম্পানি পৰিচালিত হৈছিল বৃটেইনৰ গৃহ চৰকাৰৰ যােগেদি । ১৮৩৩ আৰু ১৮৫৩ খ্রীষ্টাব্দত ব্রিটিছ সংসদে বিধিবদ্ধ কৰা দুখন চনদৰ যােগেদি ব্রিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্রীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল ।